চোতাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
অসমীয়া গাওঁ এখনৰ এটা ঘৰৰ চোতাল
ইংলণ্ডৰ চোতাল

চোতাল হৈছে মানুহৰ ঘৰৰ আগফালে বা পাচফালে থকা মুকলি ঠাই।[1] সংস্কৃত: चत्वाल् মূলৰ পৰা চোতাল শব্দটো নিষ্পন্ন হৈছে। বিদেশতো মানুহে ঘৰত চোতাল ৰখা দেখা যায়। চোতালখনত সাধাৰণতে ঘাঁহ-বন নাথাকে ঘৰৰ আগফালে থকা চোতালক আগচোতাল আৰু পাচফালৰখনক পাচ চোতাল বুলি কয়। আগচোতালখন সাধাৰণতে সকলোৱে দেখা পায় যদিও অনেকে পাচফালৰ চোতালখন আবুৰ কৰি ৰাখে।

অসমীয়া সংস্কৃতিত চোতাল[সম্পাদনা কৰক]

জাতি, বৰ্ণ নিৰ্বিশেষে অসমৰ প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰমুখৰ চোতালখন এক অবিচ্ছেদ্য অংগ। বিশেষকৈ অসমৰ গাঁৱলীয়া সমাজত এখন আদৰ্শ ঘৰৰ প্ৰথম শোভা হ’ল চোতালখনক কেন্দ্ৰ কৰি গঢ়ি উঠা এক শৃংখলাবদ্ধ পৰিৱেশ। অসমৰ মানুহৰ বিভিন্ন ব্যৱহাৰিক কাৰ্যাৱলী, উৎসৱ-পাৰ্বন, ধৰ্মীয় কৃত্য সম্পাদনৰ বাবে চোতালখন অপৰিহাৰ্য। এই থলীতে ককা-আইতাই শিশুক সাধু কয়, আজৰি পৰত সুখ-দুখৰ ভাৱ বিনিময় কৰে, দৈনন্দিন কাৰ্যাৱলী আৰু ভবিষ্যতৰ কাৰ্যপন্থা সম্বন্ধে নানান গুৰুত্বপূৰ্ণ আলোচনাৰ সূত্ৰপাত হয়। সৰু-সুৰা অপৰাধৰ গোচৰ নিষ্পত্তি হয়। কৃষি-কৰ্মৰ সৈতে জড়িত বিভিন্ন সঁজুলিৰ নিৰ্মাণ আৰু মেৰামতি হয়। কৃষকে ধান, মাহ, সৰিয়হৰ বীজ উলিয়ায় এই চোতালখনতে। ই শিশুসকলৰ গীত-মাত আৰু খেল-ধেমালি পৰিৱেশনৰ থলী। অসমীয়া নাৰীৰ লখিমী শাল তাঁত-শালক কেন্দ্ৰ কৰি বিভিন্ন কুটিৰ শিল্প গঢ়ি উঠে এই চোতালখনতে। জনজাতিসকলৰ তাঁত-শাল চাং ঘৰৰ ওপৰত হ’লেও ইয়াৰ লগত সম্পৰ্কিত ব-তোলা, বাটি কঢ়া, মহুৰা ফুৰোৱা আদি কামবোৰ চোতালখনতে সম্পন্ন হয়। আমাৰ সমাজত প্ৰতিঘৰতে কাউৰী পুৱাতে শুই উঠি চোতালখন সৰাটো এক অতীজৰে পৰা চলি অহা পৰম্পৰা। এই চোতালৰ দাঁতিতে এজোপা শেৱালি ফুল আৰু একোণত তুলসী পুলি ৰুই অথবা কাষতে থকা গোঁসাই ঘৰত সন্ধিয়া এগছি বন্তি জ্বলোৱাটো অসমীয়া লোকাচাৰৰ এক পৰম্পৰা। অসমীয়া সমাজৰ জন্ম-মৃত্যু, বিবাহ সংক্ৰান্তিয় আৰু নানা ধৰ্মীয় সংস্কাৰ এই চোতালতে সম্পন্ন কৰা হয়। নৱ জাতকৰ সূৰ্য দেখুওৱা উৎসৱ, নামনিৰ গণনি উৎসৱ, বিবাহ, হুচৰী, বিহু, মৃতকৰ শ্মশান যাত্ৰাৰ প্ৰাককৰ্ম, মৃতকৰ দহা কাজ, গৰখীয়া সকাম, বাৰ্ষিক এঘৰীয়া ভাওনা, ভঙুৱা সকাম আৰু বহুবোৰ পূজা-পাৰ্বনৰ কৃত্য চোতালখনতে সম্পন্ন হয়। অসমীয়া মানুহৰ ঘৰৰ পাছফালে থকা চোতালখনক পাছচোতাল বোলে। তাত ঘৰৰ গৃহিণীসকলৰ ৰন্ধন কাৰ্যৰ লগত সংযুক্ত তথা নিত্য প্ৰয়োজনীয় কামবোৰ সম্পাদনা কৰা হয়। তাতে থাকে লাউ-জিকাৰ হেদালি আৰু হাঁহ-কুকুৰাৰ গড়াল। অসমীয়া সমাজত চোতালে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।[2]

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. http://xobdo.org/dic/index.php#চোতাল
  2. অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনা- ড॰ পৰমানন্দ ৰাজবংশী, ড॰ নাৰায়ন দাস (পৃষ্ঠা- ২৫)