ছংখং পূজা
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
'ছংখং পূজা অসমৰ তিৱা জনগোষ্ঠীৰ লোকসকলে পালন কৰা কৃষিকাৰ্যৰ লগত জড়িত এক পূজা। ছংখং কাৰ্যই হাবি ভাঙি খেতিকৰা কাৰ্যক সূচায়। পাহাৰ ভৈয়াম উভয়তে বসবাস কৰা পূজাক ছংখং পূজা কৰাতো বাধ্যতামূলক।
বিৱৰণ
[সম্পাদনা কৰক]ছংখং পূজা অনুষ্ঠিত হয় দুটি পৰ্বতত। প্ৰাৰম্ভিক পৰ্ব আৰু এটা মূল পৰ্ব। প্ৰাৰম্ভিক পৰ্বত তিৱা সমাজৰ বিষয়ববীয়াৰ নিৰ্দেশমতে ডেকাচাংৰ বিষয়াই ডেকাসকলৰ সৈতে পূজাৰস্থলী চাফচিকুণ কৰি নিৰ্মাণ কৰে। বিষয়ববীয়াসকলে পূজাৰ বেদী নিৰ্মাণ কৰি ১১০জোপা তৰাগছৰ পাত আৰু ৭ডাল বাঁহৰ লেকেচি পুতি দিয়ে। আৰাধ্য দেৱতা মহাদেৱৰ বেদীৰ ওচৰত মদ,চাউল,ৰূপৰ আঙঠি, কণী আদি ৰখা হয়। আঙঠিৰ ওপৰত থকা কণী ভাঙি খেতি বাতিৰ বাবে মংগল চায় আৰু ভৱিষ্যতবাণী কৰে। কুকুৰা চৰাই বলি দি মঙ্গল ছোৱাৰ নিয়ম। বিষয়ববীয়াই চৰাইৰ মাংস খৰিকাৰে খুঁচি দেৱতাৰ হকে মন্ত্ৰ মাতে। উপস্থিত ৰাইজে এই মাংসৰ সৈতে মদ খায়। পূজাৰ প্ৰাৰম্ভিক পৰ্বৰ প্ৰথম সপ্তাহৰ পিছত মূল পূজা অনুষ্ঠিত হয়। সমাজৰ মূল বিষয়ববীয়া আৰু ৰাইজ পূজাস্থলিত উপস্থিত হয়। বেদী[1]ত পূজাৰ বাবে প্ৰয়োজনীয় গাহৰি, চৰাই, লাওপানী, চাউল, তামোল-পাণ আদি উপকৰণসমূহ প্ৰস্তুত কৰা হয়। প্ৰয়োজন অনুসৰি দেৱতালৈ পূজাসামগ্ৰী আগবাঢ়োৱা হয়। সমাজৰ মূলজনে শস্যদেৱতাক মন্ত্ৰেৰে স্তুতি কৰে। পূজাত কুকুৰা চৰাই বলি দিয়া হয়। পূজা চলি থকা সময়তেই ৰাইজে লাওপানী খাই থাকে। পূজা সমাপ্তিৰ পিছত ৰাইজে দুটি ভাগত বিভক্ত হৈ ভোজ-ভাত খায়। ভোজ-ভাতৰ অন্তত ডেকাচাংৰ মুৰব্বীৰ অনুমতি মতে খ্ৰাম, থোৰাং লাংখন আদি নি পূজাস্থলীত বাদ্য বজায়। বাদ্যৰ চেৱে চেৱে মালবাৰী লৈ যুৱকসকলে নৃত্য কৰে। বেদীৰ চাৰিওফালে ঘূৰি ঘূৰি খেতি বাতি কৰা ভংগিমাৰে তিৱা ডেকাসকলে নৃত্য কৰে। এই নৃত্যই কৃষিকাৰ্যৰ আৰম্ভণিৰ শুভসময়ক সূচায়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ ">ড॰ নাৰায়ণ দাস, পৰমানন্দ ৰাজবংশী (২০১৪). অসমৰ সংস্কৃতি কোষ. জ্যোতি প্ৰকাশন. পৃষ্ঠা. পৃষ্ঠা-২৩০,২৩১. ISBN 978-93-81485-73-6.