ছলমান আখতাৰ
| ছলমান আখতাৰ | |
|---|---|
| জন্ম | ৩১ জুলাই, ১৯৪৬ (৭৯ বছৰ) লক্ষ্ণৌ, ইউনাটেড প্ৰভিঞ্চ, বৃটিছ শাসিত ভাৰত |
| পেচা | |
| সন্তান | কবীৰ আখতাৰ (পুত্ৰ) |
| আত্মীয়-স্বজন | জাভেদ আখতাৰ (ভাতৃ) ফাৰহান আখতাৰ (ভতিজা) জয়া আখতাৰ (ভতিজী) |
ছলমান আখতাৰ (ইংৰাজী: Salman Akhtar; জন্ম: ৩১ জুলাই, ১৯৪৬) আমেৰিকা যুক্তৰাষ্ট্ৰত অনুশীলনৰত এজন ভাৰতীয়-আমেৰিকান মনোবিশ্লেষক[1] তেওঁ ফিলাডেলফিয়া জেফাৰছন মেডিকেল কলেজৰ মনোচিকিৎসা আৰু মানৱ আচৰণৰ এগৰাকী লেখক আৰু প্ৰাধ্যাপক।
জীৱনী
[সম্পাদনা কৰক]ছলমান আখতাৰৰ জন্ম হৈছিল উত্তৰ প্ৰদেশৰ খাইৰাবাদত বলীউড চলচ্চিত্ৰৰ গীতিকাৰ আৰু উৰ্দু কবি জান নিসাৰ আখতাৰ আৰু শিক্ষয়িত্ৰী তথা লেখিকা ছাফিয়া আখতাৰৰ ঘৰত। তেওঁৰ ককাদেউতাক মুজাটাৰ খাইৰাবাদী আছিল এজন কবি। আনহাতে, তেওঁৰ প্ৰপিতামহ ফজল-ই-হক খাইৰাবাদী আছিল ইছলামিক অধ্যয়ন আৰু ধৰ্মশাস্ত্ৰৰ পণ্ডিত আৰু ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা লোক। তেওঁ প্ৰবীণ কবি তথা চলচ্চিত্ৰ গীতিকাৰ জাভেদ আখতাৰ ভাতৃ আৰু অভিনেত্ৰী তথা সামাজিক কৰ্মী শাবানা আজমীৰ দেৱৰেক। তেওঁৰ পুত্ৰ কবীৰ আখতাৰ আমেৰিকান টেলিভিছনৰ এজন পৰিচালক আৰু এমি মনোনীত সম্পাদক।
শিক্ষা আৰু কৰ্মজীৱন
[সম্পাদনা কৰক]ভাৰতৰ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ চিকিৎসা বিদ্যালয়ৰ (জে. এন. এম. চি.) পৰা এম.বি.বি.এচ. ডিগ্ৰী লাভ কৰাৰ পিছত ছলমান আখতাৰে দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মৌলানা আজাদ চিকিৎসা মহাবিদ্যালয়ৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।[2] তেওঁ প্ৰখ্যাত মনোৰোগ বিশষেজ্ঞ এন. এন. উইগ-ৰ অধীনত পিজিআইএমইআৰ চণ্ডীগড়ৰ পৰা মনোৰোগ বিজ্ঞানত স্নাতকোত্তৰ চিকিৎসা শিক্ষা সম্পূৰ্ণ কৰিছিল।[3] এই সময়ছোৱাসময়ছোৱাতে তেওঁ A phenomenological analysis of symptoms in obsessive-compulsive neurosis শীৰ্ষক এটি বিখ্যাত প্ৰবন্ধ লিখিছিল।[4] ১৯৭৩ চনত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায় আৰু ১৯৭৬ চনত ভাৰ্জিনিয়া চিকিৎসা কেন্দ্ৰ বিশ্ববিদ্যালয়ত মানসিক চিকিৎসাৰ প্ৰশিক্ষণ পুনৰাবৃত্তি কৰে। ১৯৮৬ চনত তেওঁ ফিলাডেলফিয়া চাইকোএনালাইটিক ইনষ্টিটিউটৰ পৰা মনোবিশ্লেষণৰ প্ৰশিক্ষণ লাভ কৰে।
বৰ্তমান তেওঁ জেফাৰছন মেডিকেল কলেজৰ মনোচিকিৎসা আৰু মানৱ আচৰণৰ প্ৰাধ্যাপক আৰু জেফাৰচন বিশ্ববিদ্যালয় চিকিৎসালয়ৰ মনোচিকিৎসক লগতে ফিলাডেলফিয়াৰ মনোবিশ্লেষণ কেন্দ্ৰৰ প্ৰশিক্ষণ আৰু নিৰীক্ষণ বিশ্লেষক। তেওঁ International Journal of Psychoanalysis আৰু Journal of the American Psychoanalytic Association-ৰ সম্পাদনা সমিতিত কাৰ্যনিৰ্বাহ কৰি আছে। চলন্ত আখতাৰে এশখন শৈক্ষিক গ্ৰন্থকে ধৰি তিনিশৰো অধিক গ্ৰন্থ ৰচনা, সম্পাদনা বা সম্পাদনাত সহযোগিতা কৰিছে। তেওঁ International Journal of Psychoanalysis-ৰ চলচ্চিত্ৰ পৰ্যালোচনা সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে, আৰু বৰ্তমান International Journal of Applied Psychoanalytic Studies-ৰ গ্ৰন্থ পৰ্যালোচনা সম্পাদক হিচাপে সেৱা আগবঢ়াই আছে। তেওঁৰ সাতখন কবিতা সংকলন প্ৰকাশ হৈছে আৰু ফিলাডেলফিয়াৰ ইণ্টাৰ-এক্ট থিয়েটাৰ কোম্পানীত স্কলাৰ-ইন-ৰেচিডেন্স হিচাপে কাম কৰিছে।
নিৰ্বাচিত প্ৰকাশনসমূহ
[সম্পাদনা কৰক]- আখতাৰ, ছলমান (1999). Immigration and Identity. Jason Aronson.
- আখতাৰ, ছলমান (2007). Listening to Others. Jason Aronson.
- আখতাৰ, ছলমান (2009). Comprehensive Dictionary of Psychoanalysis. Routledge.
- আখতাৰ, ছলমান (2012). Psychoanalytic Listening. Routledge.
- আখতাৰ, ছলমান (2014). Source of Suffering. Routledge.
- আখতাৰ, ছলমান (2021). Tales of Transformation: A Life in Psychotherapy and Psychoanalysis. Phoenix Publishing House.
- আখতাৰ, ছলমান (2022). In Leaps and Bounds: Psychic Development and its Facilitation in Treatment. Phoenix Publishing House.
তথ্যসূত্ৰসমূহ
[সম্পাদনা কৰক]- ↑ Hellinga, Gerben; van Luyn, J B; Dalewijk, Henk-Jan (2000). Personalities: Master Clinicians Confront the Treatment of Borderline Personality Disorders. Uitgeverij Boom. পৃষ্ঠা. 26. ISBN 90-5352-551-3. https://books.google.com/books?id=4SyNJkffx8MC&q=%22Salman+Akhtar%22&pg=PA25.
- ↑ "Akhtar, Salman - Thomas Jefferson University - Thomas Jefferson University". Archived from the original on 2021-07-29. https://web.archive.org/web/20210729092319/https://www.jefferson.edu/university/jmc/departments/psychiatry/faculty/akhtar.html। আহৰণ কৰা হৈছে: 2024-09-21.
- ↑ Prof. N.N. Wig : Pioneer, Conscientious Researcher, and a Multi-faceted Personality. (2005). Mens sana monographs, 3(2), 3–6.
- ↑ Akhtar, S., Wig, N., Varma, V., Pcrshad, D., & Verma, S. (1975). A Phenomenological Analysis of Symptoms in Obsessive-Compulsive Neurosis. British Journal of Psychiatry, 127(4), 342-348. doi:10.1192/bjp.127.4.342