সমললৈ যাওক

ছাতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ছাতি (ইংৰাজী: Umbrella) ৰ’দ আৰু বৰষুণৰ পৰা ৰক্ষা পাবলৈ কাপোৰ, প্লাষ্টিক আদিৰে তৈয়াৰ কৰা এক আহিলা৷ [1]পৃথিৱীৰ সকলো ঠাইতে ছাতি ব্যৱহাৰ কৰা হয়, কাৰণ ই মানুহৰ ’সুবিধাজনক জীৱন যাপন’ৰ বাবে আৱশ্যকীয় সম্পদ৷

ছাতিৰ ইতিহাস বহু পুৰণি৷ সংস্কৃত “ছত্ৰ’’ শব্দৰ পৰা অসমীয়া ছাতি শব্দটো অহিছে৷ ছত্ৰ বা ছাতি পুৰণিকালত সম্ভ্ৰান্ত মানুহেহে ব্যৱহাৰ কৰিছিল৷ চীন, জাপান, কোৰিয়া আদি দেশৰ ৰজাসকলে ছাতি ব্যৱহাৰ কৰিছিল আৰু তেতিয়া ই ৰাজকীয় প্ৰতীক হিচাপে গণ্য কৰা হৈছিল৷ ইজিপ্ত আৰু ফ্ৰান্সৰ মানুহে parasol নামৰ এক বিশেষ ধৰণৰ আহিলা ৰ’দৰ পৰা বাচিবলৈ ব্যৱহাৰ কৰিছিল৷ বৰষুণ বা ৰ’দে পোৰাৰ পৰা এজন ব্যক্তিক ৰক্ষা কৰিবলৈ ছাতি বা ’পেৰাচল’ তৈয়াৰ কৰা হৈছিল। বৰষুণৰ পৰা নিজকে ৰক্ষা কৰাৰ সময়ত পৰম্পৰাগতভাৱে ছাতি শব্দটো ব্যৱহাৰ কৰা হয়, সূৰ্য্যৰ পোহৰৰ পৰা নিজকে ৰক্ষা কৰাৰ সময়ত পেৰাছল ব্যৱহাৰ কৰা হৈছিল, যদিও এই শব্দবোৰ ইটো আনটোৰ পৰিপূৰক৷ পাৰ্থক্যটো হ’ল কেৱল চালিৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীৰ৷ কিছুমান পেৰাছল পানী নোসোমাব পৰা নহয়, আৰু কিছুমান ছাতি স্বচ্ছ। ছাতিৰ চালি কাপোৰৰ বা নমনীয় প্লাষ্টিকৰ হ’ব পাৰে।[2] ছাতিৰ আৱিষ্কাৰ আনুমানিক ৩০০০ বছৰ আগতেই হোৱা বুলি কোৱা হয় যদিও ছাতি সাধাৰণ মানুহৰ ব্যৱহাৰ্য বস্তু নাছিল৷ ই আছিল আভিজাত্যৰ প্ৰতীক; সেয়ে ৰজা, মহাৰজা, ৰজাঘৰীয়া লোক আৰু জমিদাৰ শ্ৰেণীৰ লোকেহে ছাতি ব্যৱহাৰ কৰিছিল৷[3] ওঠৰ শতিকাৰ পৰাহে পশ্চিমীয়া দেশবোৰত লাহে লাহে সাধাৰণ মানুহে ছাতি ব্যৱহাৰ কৰিবলৈ ধৰে৷ হিন্দু ধৰ্মৰ পুৰণি পুথিবোৰত বিষ্ণুৰ দশ অৱতাৰৰ এটা বামন অৱতাৰত বামনৰ কাল্পনিক ছবিত ছাতিৰ প্ৰয়োগ কৰালৈ চাই ভাৰতত ইয়াৰ প্ৰয়োগ বহু আগৰে পৰা আছিল বুলি অনুমান কৰা হয়৷ শংকৰদেৱ আৰু তেওঁৰ সমসাময়িক কবিসকলৰ কবিতাতো ’ছত্ৰ’ শব্দৰ প্ৰয়োগ দেখা যায়৷ “পৰিচাসকলে, ঠাকুৰৰ মাথে, শ্বেতছত্ৰ ধৰি যায়৷’’[4] পুৰণি কালত ৰজা-মহাৰজাসকলক “ছত্ৰভঙ্গ যোগ’’ বুলি জ্যোতিষীসকলে দেশৰ সাম্ভাৱ্য বিপদৰ বিষয়ে আগজাননী দিছিল৷ আহোমৰ বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ ছত্ৰভঙ্গ যোগৰ কথা ইতিহাসত লিপিৱদ্ধ আছে৷[5]

ছাতিৰ প্ৰকাৰ

[সম্পাদনা কৰক]

ছাতি আৰু পেৰাছল মূলতঃ ব্যক্তিগত ব্যৱহাৰৰ বাবে আকাৰত হাতেৰে ধৰিব পৰা বহনযোগ্য আহিলা। হাতেৰে বৈ নিব পৰা আটাইতকৈ ডাঙৰ ছাতিবোৰ হ’ল গলফৰ ছাতি। ছাতিক দুটা ভাগত ভাগ কৰিব পাৰি; সম্পূৰ্ণ ভাঙিব পৰা ছাতি, য’ত চালিটোক সমৰ্থন কৰা ধাতুৰ খুঁটাটো পিছুৱাই যায়, যাৰ ফলত ছাতিটো হেণ্ডবেগত সোমাব পৰাকৈ সৰু হৈ পৰে, আৰু ভাঙিব নোৱাৰা ছাতি, য’ত সহায়ক খুঁটাটো পিছুৱাই যাব নোৱাৰে আৰু কেৱল চালিখনহে কোঁচাই পেলাব পাৰি। হাতেৰে চলোৱা ছাতি আৰু স্প্ৰিং লোড কৰা স্বয়ংক্ৰিয় ছাতিৰ মাজত আন এটা প্ৰভেদ আছে, স্বয়ংক্ৰিয় ছাতি, যিবোৰ বুটাম টিপিলেই স্প্ৰিং খোল খাই ছাতিবোৰ মেল খাই যায়। হাতেৰে ধৰিব পৰা ছাতিৰ এক ধৰণৰ হেণ্ডেল থাকে যিটো কাঠ, প্লাষ্টিকৰ চিলিণ্ডাৰ বা বেঁকা "ক্ৰুক" হেণ্ডেল (বেতৰ হেণ্ডেলৰ দৰে)ৰ পৰা তৈয়াৰ কৰিব পাৰি। ছাতিসমূহ বিভিন্ন মূল্য আৰু মানদণ্ডৰ পৰিসৰত উপলব্ধ, ৰেহাইৰ দোকানত বিক্ৰী কৰা সস্তা, সামান্য মানদণ্ডৰ মডেলৰ পৰা আৰম্ভ কৰি দামী, মিহিকৈ নিৰ্মিত, ডিজাইনাৰৰ লেবেলযুক্ত মডেললৈকে। কেইবাজনো লোকৰ বাবে সূৰ্য্য বন্ধ কৰিব পৰা ডাঙৰ ’পেৰাছল’বোৰ প্ৰায়ে স্থিৰ বা অৰ্ধ-স্থিৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হয়, পেটিঅ' টেবুল বা অন্যান্য বাগিচাৰ আচবাবৰ সৈতে ব্যৱহাৰ কৰা হয়, বা ৰ'দঘাই বিলৰ পাৰত ছাঁ ল’বলৈ ব্যৱহাৰ কৰা হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "ছাতি". http://www.xobdo.org/dic/%E0%A6%9B%E0%A6%BE%E0%A6%A4%E0%A6%BF। আহৰণ কৰা হৈছে: 30 September 2022. 
  2. "En-tout-cas". https://www.merriam-webster.com/dictionary/en-tout-cas। আহৰণ কৰা হৈছে: 2018-07-13. 
  3. The Berg companion to fashion. Valerie Steele. প্ৰকাশক London. 2018. ISBN 978-1-4742-6471-6. OCLC 1101075054. https://www.worldcat.org/oclc/1101075054. 
  4. কন্দলি, শ্ৰীধৰ (১৯৫০). কীৰ্ত্তন-ঘোষা. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৪৬৩. ISBN 81-7373-110-5. 
  5. গোহাঞি বৰুৱা, পদ্মনাথ (২০১৭). অসম বুৰঞ্জী. এ বি টি পাব্লিকেশ্বন. পৃষ্ঠা. ১১০.