ছানস্ক্ৰীণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ছানস্ক্ৰীণ, বা ছানব্লক বা ছান ক্ৰীম হৈছে ছালৰ বাবে ৰ'দৰ পৰা সুৰক্ষা দিয়া ছালত ঘহা সামগ্ৰী যিয়ে ৰ’দৰ পুৰণি আৰু অতি গুৰুত্বপূৰ্ণভাৱে ছালকৰ্কট ৰোগ প্ৰতিৰোধ কৰে। ছানস্ক্ৰীণ লোচন, স্প্ৰে', জেল, ফেন, টুকুৰা (Stick), পাউদাৰ আৰু অন্যান্য ছালত ঘহিব পৰা সামগ্ৰীৰ ৰূপত পোৱা যায়।[1] ছানস্ক্ৰীণ সাধাৰনতে কাপোৰৰ, ছানগ্লাছ, টুপী, বিশেষ ৰ’দৰ সুৰক্ষামূলক কাপোৰ, আৰু অন্যান্য ধৰণৰ ফটোপ্ৰটেকচন (যেনে ছাতি) আদিটো ব্যৱহাৰ হয়।আমেৰিকান কেন্সাৰ ছ'চাইটিৰ দৰে চিকিৎসা সংস্থাই ছানস্ক্ৰীণ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে কাৰণ ই স্ক্ৱামাছ চেল কাৰ্চিনোমা প্ৰতিৰোধত সহায় কৰে।[2]ছানস্ক্ৰীণৰ নিয়মীয়া ব্যৱহাৰেও মেলানোমাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে।[3] ইউভি পোহৰৰ সকলো সম্ভাৱ্য ক্ষতিৰ পৰা ফলপ্ৰসূভাৱে সুৰক্ষা দিবলৈ বহল বৰ্ণালীৰ ছানস্ক্ৰীণ (ইউভিএ আৰু ইউভিবি বিকিৰণ দুয়োটাকে সামৰি লোৱা) ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া হয়।[4]

প্ৰকাৰ[সম্পাদনা কৰক]

ছানস্ক্ৰীনত থকা সক্ৰিয় উপাদান(সমূহ)ৰ প্ৰকাৰ অনুসৰি ইয়াক তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি:

খনিজ ছানস্ক্ৰীণ[সম্পাদনা কৰক]

খনিজ ছানস্ক্ৰীণ বা ভৌতিক ছানস্ক্ৰীণত সক্ৰিয় উপাদান হিচাপে কেৱল অজৈৱ যৌগ (জিংক অক্সাইড বা টাইটানিয়াম ডাই অক্সাইড) ব্যৱহাৰ কৰে। এই উপাদানসমূহে মূলতঃ অতি বেঙুনীয়া পোহৰ শোষণ কৰি কাম কৰে যদিও প্ৰতিফলন আৰু বিবৰ্তনো কৰে।[5]

ৰাসায়নিক ছানস্ক্ৰীণ[সম্পাদনা কৰক]

ৰাসায়নিক ছানস্ক্ৰীণত জৈৱিক অণুক সক্ৰিয় উপাদান হিচাপে ব্যৱহাৰ কৰে। এই সামগ্ৰীসমূহক কেতিয়াবা পেট্ৰ'কেমিকেল ছানস্ক্ৰীণ বুলিও কোৱা হয় কাৰণ সক্ৰিয় জৈৱিক অণুসমূহ সাধাৰণতে পেট্ৰলিয়ামৰ পৰা আহৰণ কৰা বিল্ডিং ব্লকৰ পৰা আৰম্ভ কৰি সংশ্লেষণ কৰা হয়।[6] ৰাসায়নিক ছানস্ক্ৰীণ উপাদানসমূহেও প্ৰধানকৈ অতি বেঙুনীয়া পোহৰক শোষণ কৰি কাম কৰে। বহু বছৰ ধৰি কিছু জৈৱিক অতি বেঙুনীয়া শোষকৰ ওপৰত ইয়াৰ বিষক্ৰিয়াৰ মূল্যায়নৰ বাবে পৰীক্ষা নিৰীক্ষা চলি আছে আৰু ইয়াৰে কেইটামানক জলজ জীৱ আৰু পৰিৱেশৰ ওপৰত পৰা প্ৰভাৱৰ বাবে হাৱাই আৰু থাইলেণ্ড আদি ঠাইত নিষিদ্ধ কৰা হৈছে।[7]

হাইব্ৰিড ছানস্ক্ৰীণ[সম্পাদনা কৰক]

হাইব্ৰিড ছানস্ক্ৰীণত জৈৱিক আৰু অজৈৱিক অতি বেঙুনীয়া চেকনিৰ সংমিশ্ৰণ থাকে।

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "WHIPPED FORMULATIONS WITH DESIRED SENSORY IMPACT". Canada Patent Data Base. Archived from the original.
  2. "Skin Cancer - Skin Cancer Facts - Common Skin Cancer Types". www.cancer.org. Archived from the original
  3. Sunscreens and Photoprotection at eMedicine
  4. "Questions and Answers: FDA announces new requirements for over-the-counter (OTC) sunscreen products marketed in the U.S."Food and Drug Administration
  5. Cole, Curtis; Shyr, Thomas; Ou‐Yang, Hao (October 2, 2015). "Metal oxide sunscreens protect skin by absorption, not by reflection or scattering". Photodermatology, Photoimmunology & Photomedicine. 32 (1): 5–10. doi:10.1111/phpp.12214. ISSN 0905-4383. PMID 26431814. S2CID 20695063
  6. Dinardo J, Downs C (April 2021). "Failure to Protect: Do Sunscreens Prevent Skin Cancer in Humans?". ResearchGate.
  7. Chatzigianni M, Pavlou P, Siamidi A, Vlachou M, Varvaresou A, Papageorgiou S (November 2022). "Environmental impacts due to the use of sunscreen products: a mini-review". Ecotoxicology. 31 (9): 1331–1345. doi:10.1007/s10646-022-02592-w. PMC 9652235. PMID 36173495