ছান্নি ইয়াকুমা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ছান্নি ইয়াকুমা, যাক কেতিয়াবা দাহা আতা ছান্নিয়াচ বুলিও জনা যায়, সিংহলীসকলৰ পৰম্পৰাগত ভূত-প্ৰেত বিতাৰণৰ অনুষ্ঠান। এই অনুষ্ঠানত ১৮টা মুখা পিন্ধা নৃত্য থাকে, প্ৰতিটো নৃত্যত মানুহক আক্ৰান্ত কৰা কোনো বিশেষ ৰোগ বা ৰোগৰ চিত্ৰণ কৰা হয়। এই ১৮টা নৃত্য হৈছে শ্ৰীলংকাৰ তিনিটা মূল নৃত্যৰ ভিতৰত অন্যতম পহাথাৰতা বা নিম্ন দেশীয় নৃত্যৰ প্ৰধান নৃত্য।[1][2] এই অনুষ্ঠানত ৰোগীক প্ৰভাৱিত কৰা বুলি ভবা প্ৰতাত্মাবোৰক মাতি অনা হয় আৰু তাৰ পিছত মানুহক অশান্তি নিদিবলৈ কোৱা হয় আৰু সেই ঠাইৰ পৰা নিৰ্বাসিত কৰা হয়।[3]

মহা কোলা মুখা

উৎপত্তি[সম্পাদনা কৰক]

বিশ্বাস কৰা হৈছিল যে, মানুহৰ অসুখ অসুৰৰ কুদৃষ্টিৰ ফলত হয়; এই বিশ্বাস আৰু আচাৰ-ব্যৱহাৰৰ শিপা প্ৰাগঐতিহাসিক সময়ৰ পৰাই থাকিব পাৰে।[4][5] লোককথা অনুসৰি ছান্নী ইয়াকুমাত যি ১৮টা দানৱৰ চিত্ৰণ কৰা হৈছে, তেওঁলোকৰ উৎপত্তি বুদ্ধৰ সময়ত হৈছিল। কাহিনীটোত কোৱা হৈছে যে, বৈশালীৰ লিচ্ছবীৰ ৰজাই নিজৰ ৰাণীক ব্যভিচাৰ কৰা বুলি সন্দেহ কৰি হত্যা কৰিছিল। কিন্তু বধ কৰাৰ সময়ত তেওঁৰ সন্তান জন্ম হয় আৰু তেওঁৰ সন্তান কোলা ছানিয়া হৈ পৰে, যি "মাকৰ মৃতদেহ খাই" ডাঙৰ হয়। কোলা ছান্নী অসুৰে নিজৰ পিতৃ ৰজাৰ প্ৰতিশোধ ল’বলৈ নগৰখন ধ্বংস কৰে। তেওঁ আঠাইশটা বিষৰ গোট(অসুৰ) সৃষ্টি কৰি সেইবোৰক মোহিত কৰি দানৱলৈ ৰূপান্তৰিত কৰে, যিয়ে পিছলৈ তেওঁক নগৰ ধ্বংস কৰাত সহায় কৰিছিল।[6] তেওঁলোকে ৰজাক হত্যা কৰিছিল আৰু চহৰখনত অসুৰবোৰে বিধ্বংসী ৰূপ ধাৰণ কৰিছিল; দৈনিক "হাজাৰ হাজাৰ লোকক হত্যা কৰি খাইছিল।" অৱশেষত বুদ্ধই সিহঁতক বশ কৰিছিল আৰু মানুহৰ ক্ষতি কৰা বন্ধ কৰিবলৈ সন্মত কৰিছিল।[7] এই দানৱবোৰৰ প্ৰতিটোৱেই মানুহক ৰোগৰ ৰূপত আক্ৰমণ কৰে বুলি বিশ্বাস কৰা হয়,[8] আৰু ছান্নি ইয়াকুমাৰ অনুষ্ঠানে এই দানৱবোৰক মাতি আনি নিয়ন্ত্ৰণলৈ আনে আৰু পিছত দানৱ জগতলৈ ঘূৰাই পঠিয়ায়।[7] যদিও এই অনুষ্ঠান কেতিয়াৰ পৰা আৰম্ভ হৈছিল সেয়া স্পষ্ট নহয়, শ্ৰীলংকাৰ দক্ষিণ আৰু পশ্চিম অঞ্চলত ই প্ৰাচীন কালৰে পৰা পালিত হৈ আহিছে।[9]

আচাৰ-নীতি[সম্পাদনা কৰক]

এই আচাৰ-অনুষ্ঠানৰ নাম সিংহলী শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে ৰোগ বা অসুস্থতা; ইয়াকুমা অৰ্থাৎ অসুৰৰ অনুষ্ঠান,.[8] শ্ৰীলংকাৰ সংস্কৃতিত ভূত-প্ৰেত নিৰ্বাসনৰ এই অনুষ্ঠানক টোভিল বুলি জনা যায়। ছানি ইয়াকুমা সম্ভৱতঃ দেশৰ ভিতৰতে আটাইতকৈ পৰিচিত ভূত-প্ৰেত নিৰ্বাসনৰ পুৰণি অনুষ্ঠান।[10] ই বৌদ্ধ ধৰ্মীয় আৰু লোকবিশ্বাসৰ আত্মা সম্পৰ্কীয় বিশ্বাসৰ মিশ্ৰণ।[11][12] ৰোগ নিৰাময়ৰ অনুষ্ঠান কৰাৰ আগতে ইয়াকডুৰা নামেৰে জনাজাত মুখ্য পৰিৱেশকে ৰোগীজন কোনো দানৱৰ দ্বাৰা আক্ৰান্ত হৈছে নে নাই সেইটো নিৰ্ণয় কৰে আৰু সাধাৰণতে গধূলিৰ পৰা ৰাতিপুৱালৈকে কোনো শুভ দিন আৰু সময়ৰ বাবে এই অনুষ্ঠানৰ সময় নিৰ্ধাৰণ কৰে।[13] এডুৰা বা ইয়াকডুৰা হৈছে শ্বেমান হিলাৰ আৰু সাধাৰণতে এজন মাছমৰীয়া, ঢোলবাদক বা কৃষক।[5][14] ইয়াৰ দুটা মূল পৰ্ব আছে, ক্ৰমে “আতা পালিয়া’’ আৰু “দাহা আতা ছান্নিয়া’’।[15] নৃত্যশিল্পীসকলে ৰঙীন সাজ-পোছাক আৰু মুখা পিন্ধে আৰু ছন্দময় ঢোলৰ স্পন্দনৰ সৈতে দ্ৰুত আৰু জটিল নৃত্যৰ পদ সঞ্চালনা কৰি ঘূৰণীয়াকৈ নৃত্য পৰিৱেশন কৰে।[16] মঞ্চত ঢোলবাদক আৰু দানৱৰ মাজত যথেষ্ট কৌতুকপূৰ্ণ আৰু কিছু অশ্লীল সংলাপ উদ্ধৃত হয়, যাৰ দ্বাৰা দানৱটোক অপমান কৰা হয়।[15][17]

আতা পালিয়া[সম্পাদনা কৰক]

এই অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত থকা আঠটা নৃত্যক আতা পলিয়া বুলি কোৱা হয়। নৃত্য আৰম্ভ হোৱাৰ আগতে ইয়াকাদুৰে অসুৰৰ বাবে অলপ প্ৰসাদ প্ৰস্তুত কৰে, যিবোৰ ৰোগীয়ে তেওঁলোকক আগবঢ়াই দিব। আতা পালিয়াত ৰোগীক আশীৰ্বাদ দিয়া আঠজন পালিৰ চিত্ৰ অংকন কৰা হৈছে। সেইসকল হ’ল, সুনিয়ান যক্ষনিয়া যি ৰূপহী তিৰোতা, গৰ্ভৱতী মহিলা আৰু কেঁচুৱা কঢ়িয়াই নিয়া মহিলাৰ ৰূপত তিনিবাৰকৈ দেখা দিয়া কন্যা এগৰাকী আছে। ইয়াৰ পিছত মাৰুৱা(মৃত্যু)ৰ দেৱতা আৰু আন অসুৰ কালু ইয়াকা, বাথ কুমাৰ আৰু কালু কুমাৰৰ লগতে আন পালিবোৰ যেনে আংগুৰু দুম্মালা পলিয়া, কালাস্পলিয়া আৰু চালুপলিয়া বুলি জনা যায়।[18]

দাহা আতা পালিয়া[সম্পাদনা কৰক]

যদিও দহা আতা ছান্নিয়া ছান্নী ইয়াকুমাৰ অংশ, তথাপি এই নামটো কেতিয়াবা গোটেই অনুষ্ঠানটোক বুজাবলৈ ব্যৱহাৰ কৰা হয়। এই মঞ্চত ছান্নি অসুৰবোৰে ইজনৰ পিছত সিজনকৈ আবিৰ্ভাৱ ঘটায়। উন্মাদ নৃত্যত মঞ্চত প্ৰৱেশ কৰি প্ৰথমে ভয়ংকৰ যেন লগা দানৱবোৰক তাৰ পিছত অভিনয়ৰ জৰিয়তে কৌতুক চৰিত্ৰ হিচাপে দেখুওৱা হয়, তেওঁলোকক অপমান কৰা হয় আৰু বিভিন্ন কাম কৰিবলৈ বাধ্য কৰা হয়। কোলা ছান্নী দানৱে শেষত প্ৰৱেশ কৰে, যাক অবৌদ্ধ দানৱ হিচাপে চিত্ৰিত কৰা হৈছে। শেষত তেওঁক বুদ্ধৰ অনুমতি লৈ মানুহৰ পৰা প্ৰসাদ গ্ৰহণ কৰিবলৈ বাধ্য কৰা হয় আৰু তেওঁলোকক অশান্তি দিয়া বন্ধ কৰিবলৈ সন্মত হয়।[19] শেষত মাস্ক আঁতৰোৱাৰ পিছত নৃত্যশিল্পীগৰাকীয়ে ৰোগীৰ আগত উপস্থিত হয়।[20] যদিও ইয়াত মাত্ৰ আঠাইশটা দানৱ আছে, তথাপিও ঠাইভেদে বিভিন্ন ধৰণৰ ছানি মুখা আছে।[12]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "Traditional Dances of Sri Lanka". Info.lk. Archived from the original on 2010-01-11. https://web.archive.org/web/20100111075403/http://www.info.lk/srilanka/srilankaculture/srilankatraditionaldancing.htm। আহৰণ কৰা হৈছে: 2009-09-21. 
  2. The Last of the Devil Dancers
  3. https://www.youtube.com/watch?v=O2gcuUUCaZg
  4. Hussein, Asiff. "Pallemalala discovery throws new light on Lanka's pre-historic culture". The Sunday Observer. http://www.lankalibrary.com/geo/palle1.html. 
  5. 5.0 5.1 Pate, Alan. "The yakun natima - devil dance ritual of Sri Lanka". lankalibrary. http://www.lankalibrary.com/rit/yakun%20natuma.html. [সংযোগবিহীন উৎস]
  6. Schechner and Appel (1990), p. 126
  7. 7.0 7.1 Obeyesekere (1990), p. 192
  8. 8.0 8.1 Claus, Diamond and Mills (2003), p. 133
  9. Seneviratne, Vidushi (2003-02-16). "A burst of Daha Ata Sanniya". The Sunday Times. http://sundaytimes.lk/030216/plus/12.html. 
  10. Bailey, Mark S; de Silva; H Janaka (2006-12-23). "Sri Lankan sanni masks: an ancient classification of disease". BMJ খণ্ড 333 (7582): 1327–1328. doi:10.1136/bmj.39055.445417.BE. PMID 17185730. PMC 1761180. http://www.bmj.com/cgi/content/full/333/7582/1327। আহৰণ কৰা হৈছে: 2009-09-21. 
  11. Schechner and Appel (1990), p. 124
  12. 12.0 12.1 Macdonald and Fyfe (1996), p. 38
  13. Gunasekara, Naomi (2002-09-22). "Unmasking a craft". The Sunday Times. http://sundaytimes.lk/020922/plus/10.html. 
  14. "18 masks, 18 illnesses – and the master of them all". kulturhistorisk museum. https://www.khm.uio.no/tema/utstillingsarkiv/masker/english/sanni_18_masker.html. 
  15. 15.0 15.1 Moore and Myerhoff (1977), p. 108
  16. Moore and Myerhoff (1977), p. 102
  17. Moore and Myerhoff (1977), p. 109
  18. Amarasekara, Janani (2007-02-04). "Daha Ata Sanniya: How it's performed". The Sunday Observer. 
  19. Schechner and Appel (1990), p. 125
  20. Claus, Diamond and Mills (2003), p. 134