সমললৈ যাওক

ছালগে হান্সদা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছালগে হান্সদা
জন্ম ১৯৮৯ (বয়স ৩৬৩৭)
পেচা লেখিকা, অধ্যাপিকা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ধৰণ কবিতা, চুটিগল্প
উল্লেখনীয় কৰ্মৰাজি জনম দিশোম উজাৰোগ কানা
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমী যুৱপুৰাস্কৰ

ছালগে হান্সদা (ইংৰাজী: Salge Hansdah) এগৰাকী চাঁ‌ওতালি মূলৰ ভাৰতীয় সাহিত্যিক। তেওঁ চাঁ‌ওতালি ভাষাত লিখা-মেলা কৰে। ২০২২ চনত জনম দিশোম উজাৰোগ কানা (ইংৰাজী: Birthplace becoming deserted) উপন্যাসৰ বাবে তেওঁ সাহিত্য অকাডেমী যুৱপুৰাস্কৰ লাভ কৰে।[1][2][3]

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৮৯ চনৰ ২৩ অক্টোবৰত প্ৰয়াত গালুৰাম হান্সদাৰ ঔৰসত আৰু সীতা হান্সদাৰ গৰ্ভত তেওঁ জন্মগ্ৰহণ কৰে। পৰিয়ালটোত তেওঁ কনিষ্ঠ কন্যা। তেওঁৰ এজন ভাতৃ আৰু চাৰিগৰাকী ভগ্নী আছে। বাৰিগোডা কমিউনিটি স্কুলত প্ৰাথমিক শিক্ষা সমাপ্ত কৰাৰ পিছত হাইস্কুল শিক্ষাৰ বাবে তেওঁ ইণ্টাৰ গোবিন্দপুৰ ৰাজেন্দ্ৰ ইণ্টাৰ কলেজত পঢ়িছিল, তাৰ পিছত কাৰণ্ডিৰ এল বি এছ এম কলেজৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে। ঘাটশিলা কলেজৰ পৰা চাঁ‌ওতালি ভাষাত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ লগতে নেট পৰীক্ষাৰ বাবেও যোগ্যতা অৰ্জন কৰে।[4] পিছলৈ ছালজেয়ে চাঁ‌ওতালি ভাষাত বি.এড শিক্ষা গ্ৰহণ কৰে।[2][5]

কেৰিয়াৰ

[সম্পাদনা কৰক]

বৰ্তমান ছালগে হান্সদাই চাকুলীয়াৰ এছ আৰ কে এম ডিগ্ৰী কলেজত সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত। কেইবাটাও সামাজিক আৰু সাহিত্যিক সংগঠনৰ সৈতে সক্ৰিয়ভাৱে জড়িত। তেওঁ সৰ্বভাৰতীয় চাঁ‌ওতালি লেখক সন্থাৰ সহকাৰী সম্পাদিকা আৰু কৰণ্ডিহ জাহেৰ থানৰ আজীৱন সদস্য।[2]

লেখাৰ কেৰিয়াৰ

[সম্পাদনা কৰক]

২০১৫–১৬ চনৰ সময়চোৱাৰে পৰা ছালগেয়ে কবিতা লিখিবলৈ আৰম্ভ কৰিছিল। ২০১৮ চনত তেওঁ জন্মস্থান নিৰ্জন হৈ পৰাৰ বিষয়ে লিখি জনম দিশোম উজাৰোগ কানা কিতাপখন প্ৰকাশ কৰে। পদ্মশ্ৰী দময়ন্তী বেশ্ৰাই ২০২১ চনৰ অক্টোবৰ মাহত বৰিপাদাত এই গ্ৰন্থখন উন্মোচন কৰিছিল। গ্ৰন্থখনত ছালগেয়ে আন্তৰিকতাৰে তেওঁৰ মতামত প্ৰকাশ কৰি বৰিগোডাৰ মাটিৰ মালিকসকলে কেনেকৈ মালিকীস্বত্ব হেৰুৱাই গৃহহীন হৈ পৰিছে, যাৰ ফলত তেওঁলোকৰ অস্তিত্বৰ কেনেকৈ অন্তৰ্ধান হৈছে সেই বিষয়ে লিখিছে। ইয়াৰোপৰি তেওঁ চুটিগল্প লিখাৰ ক্ষেত্ৰতো ৰুচি ৰাখে।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Sahitya Akademi Yuva Puraskar for Jamshedpur, Hazaribag writers". The Times of India. 2022-08-26. ISSN 0971-8257. https://timesofindia.indiatimes.com/city/ranchi/sahitya-akademi-yuva-puraskar-for-jamshedpur-hbag-writers/articleshow/93789056.cms.
  2. 1 2 3 4 "Sahitya Akademi Award: संताली उपन्यास के लिए सालगे हांसदा को मिलेगा पुरस्कार". Prabhat Khabar. 2022-08-25. https://www.prabhatkhabar.com/state/jharkhand/jamshedpur/salge-hansda-selected-for-sahitya-akademi-award-2022 আহৰণ কৰা হৈছে: 2024-02-23.
  3. "Akademi award for two young Jharkhand writers" (en ভাষাত). www.telegraphindia.com. https://www.telegraphindia.com/india/akademi-award-for-two-young-jharkhand-writers/cid/1883080 আহৰণ কৰা হৈছে: 2024-02-23.
  4. "सालगे हांसदा ने घाटशिला महाविद्यालय को किया गौरवान्वित" (hi ভাষাত). Hindustan. https://www.livehindustan.com/jharkhand/ghatsila/story-salge-hansda-made-ghatshila-college-proud-6988891.html আহৰণ কৰা হৈছে: 2024-02-23.
  5. The Indian Tribal (2022-09-13). "Sahitya Akademi Yuva Puraskar To Tribal Woman For Maiden Novel - The Indian Tribal" (en-US ভাষাত). https://theindiantribal.com/2022/09/13/achievers-women-jharkhand-india-salge-hansda-the-sahitya-akademi-yuva-puraskar-winner-from-jharkhand/,%20https://theindiantribal.com/2022/09/13/achievers-women-jharkhand-india-salge-hansda-the-sahitya-akademi-yuva-puraskar-winner-from-jharkhand/ আহৰণ কৰা হৈছে: 2022-11-29.