সমললৈ যাওক

ছালু নিগম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শালু নিগম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান
  • দিল্লী বিশ্ববিদ্যালয়
  • জামিয়া মিলিয়া ইছলামিয়া
পেচা ওকালতি
জনা যায়
  • মহিলাৰ অধিকাৰৰ হকে মাত মতা
  • শালু নিগম বনাম আঞ্চলিক পাছপোৰ্ট বিষয়া

ছালু নিগম (ইংৰাজী: Shalu Nigam) এগৰাকী ভাৰতীয় উকীল, নাৰীবাদী আইন বিশেষজ্ঞ আৰু লেখিকা। ছালু নিগম বনাম আঞ্চলিক পাছপ'ৰ্ট বিষয়া গোচৰৰ গোচৰীয়া পক্ষ আছিল। এই গোচৰ মৰ্মেই ২০১৬ চনৰ ১৭ মে’ত দেউতাকৰ নামৰ অবিহনেও পাছপোৰ্ট জাৰী কৰিব পাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।[1]

শিক্ষা আৰু কৰ্মজীৱন

[সম্পাদনা কৰক]

নিগম দিল্লী বিশ্ববিদ্যালয়ৰ লেডী আৰউইন কলেজৰ স্নাতক। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এল.এল.বি, আৰু জামিয়া মিলিয়া ইছলামিয়াৰ পৰা ছোচিয়েল ৱৰ্কত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। জামিয়া মিলিয়াৰ পৰা ছোচিয়েল ৱৰ্কত তেওঁ ডক্টৰেটো লাভ কৰে। তেওঁৰ গৱেষণাৰ বিষয় আছিল “গ্ৰাহক সুৰক্ষা আইন,১৯৮৬ৰ বিশেষ উল্লেখেৰে চিকিৎসকৰ সৈতে ৰোগীৰ সম্পৰ্ক সলনি কৰা”[2]


তেওঁ পিপলছ ইউনিয়ন ফৰ চিভিল লিবাৰ্টিজ, (PUCLO) দিল্লীৰ সৈতেও জড়িত আৰু সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে। ইয়াৰ পূৰ্বে তেওঁ নতুন দিল্লীৰ ইণ্ডিয়ান ছোচিয়েল ইন্সটিটিউত আইনী সাক্ষৰতা, লিংগ সংবেদনশীলতা, আইনী সজাগতা, আইনী গৱেষণা, পেৰা লিগেল প্ৰশিক্ষণ, মানৱ অধিকাৰ, কাৰাগাৰ সংস্কাৰ, আইনী সাহায্যৰ প্ৰশিক্ষণৰ লগতে আইনী মডিউল প্ৰস্তুত কৰা আদি ক্ষেত্ৰত কাম কৰিছিল। ইয়াৰ উপৰি প্ৰশিক্ষণ হাতপুথি, পুস্তিকা আৰু অন্যান্য প্ৰশিক্ষণ সামগ্ৰী আদি প্ৰস্তুতিতো জড়িত হৈ আছিল।[3][4]

ঘৰুৱা হিংসাৰ ভূক্তভোগী মহিলাসকলৰ বাবে আইনী আৰু অন্যান্য সুৰক্ষা, বেটাৰড উইমেন চিণ্ড্ৰম, আত্মৰক্ষাৰ অধিকাৰ, মহিলাৰ অধিকাৰৰ সৈতে জড়িত বিষয়সমূহ, বৈবাহিক ধৰ্ষণ আইন, সম্পত্তিৰ অধিকাৰ, জাতি আৰু নাৰীৰ মৰ্যাদা, ক'ভিড-১৯ যুগত নাৰীৰ বিৰুদ্ধে বৰ্দ্ধিত হিংসা আদিত নিগমৰ বিশেষজ্ঞতাৰ উল্লেখ কৰা হয়। ভাৰতৰ শিক্ষাৰ হকে মাতমতাৰ বাবেও তেওঁক উল্লেখ কৰা হয়। উকীলৰ সাজ-পোছাক, ভেকচিন সমতা, শাসন-ব্যৱস্থাৰ স্বচ্ছতাৰ বাবে কৰা কামৰ বাবেও তেওঁ জনাজাত।[5][6]

ছালু নিগম বনাম আঞ্চলিক পাছপোৰ্ট বিষয়া

[সম্পাদনা কৰক]

১৯৯৭ চনৰ ২৪ আগষ্টত জন্মগ্ৰহণ কৰা কন্যাৰ নিগমে প্ৰতিপালন কৰিছিল। কাৰণ ছোৱালীজনীৰ জৈৱিক পিতৃৰ সৈতে তেওঁৰ বিবাহ-বিচ্ছেদ হৈছিল আৰু জীয়েকক একমাত্ৰ ছোৱালী হোৱাৰ অপৰাধতে দেউতাকে স্বীকাৰ কৰি লোৱা নাছিল। ২০০৫ আৰু ২০১১ চনত নিগমে দেউতাৰ নাম নিদিয়াকৈ কন্যাৰ বাবে পাছপ'ৰ্ট লাভ কৰিবলৈ সক্ষম হয় যদিও পৰৱৰ্তী নবীকৰণৰ সময়ত কম্পিউটাৰ এপ্লিকেচনৰ বাবে পাছপোৰ্টত দেউতাকৰ নামৰ প্ৰয়োজন হয়। নিগমে জীয়েকৰ নাম আৰু পৰিচয় নিৰ্ণয় কৰাৰ অধিকাৰ খৰ্ব কৰাৰ ভিত্তিত দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ তৰে। নিগমে আদালতত দৃঢ়তাৰে জীয়েকক কৰা প্ৰত্যাখ্যান কৰা বাবেই দেউতাকৰ নাম পাছপোৰ্টত লিখিব বিচৰা নাই।[7][8]


আঞ্চলিক পাছপ'ৰ্ট কাৰ্যালয়ৰ অধিবক্তাই যুক্তি দিয়ে যে পাছপোৰ্ট কাৰ্যালয়ৰ নিয়মমতে বিবাহ-বিচ্ছেদ হ’লেও মাক-দেউতাকৰ নাম আঁতৰোৱাটো নিষিদ্ধ।লগতে যুক্তি দিয়ে যে মাক-দেউতাকৰ সৈতে সন্তানৰ সম্পৰ্ক নাইকীয়া কৰাটো একমাত্ৰ তুলি লোৱা সন্তানৰ ক্ষেত্ৰতহে প্ৰযোজ্য। দত্তক লোৱাৰ বাবেহে হ'ব পাৰে বুলি এটা প্ৰতিষ্ঠিত আইনী নীতি।[9] আদালতে দেউতাকৰ নাম অন্তৰ্ভুক্ত কৰাৰ কোনো আইনী প্ৰয়োজনীয়তা বিচাৰি নাপালে আৰু দেউতাকৰ নামৰ প্ৰয়োজন নোহোৱাকৈ পাছপ'ৰ্ট জাৰি কৰিব পৰাকৈ কম্পিউটাৰ চফ্ট ৱেৰ সলনি কৰিবলৈ নিৰ্দেশ দিয়ে। ২০১৬ চনৰ ১৭ মে’ৰ আদালতৰ ৰায়ত এইটোও উল্লেখ কৰা হৈছে যে “অবিবাহিত মাতৃ, যৌনকৰ্মী, প্ৰতিনিধি মাতৃ, ধৰ্ষণৰ পৰা ৰক্ষা পোৱা নাৰী, দেউতাকৰ দ্বাৰা পৰিত্যক্ত সন্তান, আইভিএফ প্ৰযুক্তিৰ জৰিয়তে জন্ম হোৱা সন্তান আদি বিভিন্ন কাৰণত একক পিতৃ-মাতৃৰ পৰিয়াল বৃদ্ধি পোৱাৰ বাবেও এই আদালতে ন্যায়িক সিদ্ধান্ত লয়।”[10]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Shalu Nigam & Anr vs The Regional Passport Officer & ... on 17 May, 2016". indiankanoon.org. https://indiankanoon.org/doc/156343614/. 
  2. Shalu Nigam, Jamia Millia Islamia (2001). "Changing doctor patient relationship with special reference to the consumer protection act,1986.". http://203.190.132.18:8080/cgi-bin/koha/opac-detail.pl?biblionumber=100749&query_desc=su%3A%22Social%20work%20-%20Thesis%22। আহৰণ কৰা হৈছে: 18 November 2021. [সংযোগবিহীন উৎস]
  3. TCN News (2 February 2021). "FIR against Mandeep Punia attack on freedom of press: PUCL". Two Circles. https://twocircles.net/2021feb02/440824.html. 
  4. Nigam Shalu, (2008) (April 2008). Legal Literacy: A Tool for Empowerment. Social Action Vol. 58 No. 2 pp. 216-226. https://papers.ssrn.com/sol3/papers.cfm?abstract_id=2976377। আহৰণ কৰা হৈছে: 24 October 2021. 
  5. Sangiovanni Paola, (August 2021). "Worldwide: Are Patents To Blame For Scarcity Of Vaccines?". mondaq.com. https://www.mondaq.com/unitedstates/patent/1107174/are-patents-to-blame-for-scarcity-of-vaccines। আহৰণ কৰা হৈছে: 13 September 2021. 
  6. Cañizares Espada, Manuela and Muñoz Colomina, Clara Isabel and Pérez Estébanez, Raquel and Urquía Grande, Elena, January 2021. "Transparency and Accessibility in Municipalities: The Case of Social Services in Spain". UCM.ES. https://eprints.ucm.es/id/eprint/65219/। আহৰণ কৰা হৈছে: 24 August 2021. 
  7. "Requirement of father's name of applicant not mandatory for issuing passport, mother's name sufficient". SCC Online. 20 May 2016. https://www.scconline.com/blog/post/tag/legal-necessity/. 
  8. "Mother's name sufficient for passport: HC". The Indian Express. PTI. 21 May 2016. https://indianexpress.com/article/india/india-news-india/mothers-name-sufficient-for-passport-hc-2812494/. 
  9. Garg, Abhinav (21 May 2016). "Father's name not needed for passport, Delhi HC says". Times of India. https://timesofindia.indiatimes.com/city/delhi/for-passport-mothers-name-sufficient-in-some-cases-hc/articleshow/52367832.cms. 
  10. Mandal, Saptarshi (2019). "Biology, Intention, Labour: Understanding Legal Recognition of Single Motherhood in India". Socio-Legal Rev. খণ্ড 15 (131): 147–149. https://www.academia.edu/43132964। আহৰণ কৰা হৈছে: 25 July 2021. [সংযোগবিহীন উৎস]