ছিদ্দিক আলি
ছিদ্দিক আলি (ইংৰাজী: Siddique Ali) ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী সংগ্ৰামী৷ জন্ম দৰং জিলাৰ ৰইনাকুছি মৌজাৰ মুছলিমঘোকাত৷ তেওঁ অসহযোগ আন্দোলনত যোগ দি দুবছৰ সশ্ৰম কাৰাদণ্ড ভোগ কৰিছিল৷[1] তেওঁৰ জন্ম ১৮৮৮ চনত, মঙলদৈত৷ দেউতাকৰ নাম কেৰকেৰীয়া মোল্লা আৰু মাকৰ নাম কুঠিবিবি৷ মজলীয়া স্কুল উত্তীৰ্ণ হৈয়েই, স্বাধীনতা আন্দোলনত যোগ দিয়াৰ আগলৈ তেওঁ শিক্ষকতা কৰিছিল কাৰণে সমাজত তেওঁ ছিদ্দিক আলি মাষ্টাৰ বুলি জনাজাত আছিল৷ [2]
কৰ্মজীৱন
[সম্পাদনা কৰক]মজলীয়া স্কুলৰ শিক্ষা শেষ কৰি ছিদ্দিক আলিয়ে পাথৰিঘাট এম ভি স্কুলত শিক্ষকতা কৰে৷ তাৰপৰাই তেওঁ যোৰহাটৰ নৰ্মাল স্কুলৰ পৰা নৰ্মাল ট্ৰেইনিং পাছ কৰি পাথৰিঘাট চাটগাৰী এম ভি স্কুললৈ যায়৷ তাৰপৰা পদোন্নতিসহ প্ৰধান শিক্ষকৰূপে শোণিতপুৰৰ বেৱেৰীয়া এম ভি স্কলুলৈ যায়৷[2]
ৰাজনৈতিক জীৱন
[সম্পাদনা কৰক]প্ৰধান শিক্ষক হৈ থকা সময়তে ভাৰতৰ স্বাধীনতা আন্দোলনে গা কৰি উঠাত তেওঁ দেশপ্ৰেমৰ তাড়নাত চাকৰি ত্যাগ কৰি আন্দোলনত জঁপিয়াই পৰে৷ তেওঁৰ একান্ত সহযোগী আছিল জেহিৰুদ্দিন আহমেদ৷[1] মহাত্মা গান্ধী অসমলৈ আহি দেশভক্ত তৰুণৰাম ফুকনৰ ঘৰত বাহৰ পাতোঁতে ছিদ্দিক আলিয়ে গৈ দেখা কৰিছিল আৰু বিদেশী বস্ত্ৰ দাহনত নিজৰ গাৰ কাপোৰ খুলি জুইত জাপি দিছিল৷ তাৰপৰা ঘূৰি আহি অন্যান্য ভলণ্টিয়াৰসকলৰ সৈতে ঘূৰি গাঁৱে গাঁৱে বিদেশী বস্ত্ৰ জ্বলাই ফুৰিছিল৷ ১৯২৪ চনত পুলিচে তেওঁক গ্ৰেপ্তাৰ কৰি তেজপুৰ জেললৈ পঠিয়ায় আৰু দুবছৰ সশ্ৰম কাৰাদণ্ড বিহে৷ ১৯২৬ চনত মুক্তি পাই তেওঁ মঙলদৈত সহযোগী জেহিৰুদ্দিনৰ সৈতে “স্বদেশী দোকান’’ নামে এখনি কিতাপৰ দোকান খোলে৷ এওঁলোকই মঙলদৈৰ প্ৰথম কিতাপৰ ব্যৱসায়ী৷ ১৯৩৫-৩৬ চনত তেওঁ মঙলদৈ টাউন কমিটীৰ চেয়াৰমেন হৈছিল৷[2]
সাহিত্য-কৃতি
[সম্পাদনা কৰক]ছিদ্দিক আলিয়ে “শান্তি সমাচাৰ’’ নামৰ এখন কবিতা পুথি আৰু নতুন সাধু, গল্পৰ পুথি, ন-পাটীগণিত আৰু লগতে “কিমে চাদাত’’ নামৰ বঙলা পুথি “সৌভাগ্য পৰশমণি’’ নামেৰে অসমীয়াত অনুবাদ কৰিছিল৷[2]
মৃত্যু
[সম্পাদনা কৰক]১৯৫৩ চনৰ ছেপ্তেম্বৰ মাহত ছিদ্দিক আলিৰ মৃত্যু হয়৷[2]