ছিয়েৰা লিয়নৰ নাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছিয়েৰা লিয়নত সুখী মহিলা

ছিয়েৰা লিয়ন, আনুষ্ঠানিকভাৱে ছিয়েৰা লিয়ন ৰিপাব্লিক, পশ্চিম আফ্ৰিকাৰ এখন সাংবিধানিক গণৰাজ্য।[1] ১৭৯২ চনত প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা ছিয়েৰা লিয়নৰ মহিলাসকলে জাতিটোৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক উন্নয়নত গুৰুতৰ প্ৰভাৱ পেলাইছে।

ছিয়েৰা লিয়নৰ মহিলাসকলে চৰম লিংগ বৈষম্যৰ সন্মুখীন হয়।[2]তেওঁলোকে উচ্চ মাত্ৰাৰ দৰিদ্ৰতা, হিংসা আৰু বৰ্জনৰ সন্মুখীন হয়।[2] তথাপিও তেওঁলোকে শিক্ষা ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, বিদ্যালয় আৰু মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছে, কিছুমান যেনে: হান্না বেংকা-ককাৰে তেওঁৰ অৱদানৰ বাবে মূৰ্তি স্থাপন কৰি সন্মানিত হৈছে[3] আৰু লতি হাইড-ফৰ্ষ্টাৰ, প্ৰথম মহিলা ফৌৰা বে কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি ছিয়েৰা লিয়ন বিশ্ববিদ্যালয়ে নাগৰিক আইন বিভাগৰ ডক্টৰেট ডিগ্ৰী লাভ কৰে।[4]

গৃহযুদ্ধৰ সময়ত(১৯৯১–২০০২) অনুমান কৰা হৈছে যে ৩৩% মানৱ অধিকাৰ উলংঘা মহিলাৰ বিৰুদ্ধে সংঘটিত হৈছিল।

সত্য আৰু মিলন আয়োগৰ এক প্ৰতিবেদনত কোৱা হৈছে যে হাজাৰ হাজাৰ মহিলা আৰু ছোৱালীক ঘৰৰ পৰা অপহৰণ কৰা হৈছিল আৰু তেওঁলোক ধৰ্ষণ তথা বলপূৰ্বক গৰ্ভধাৰণকে ধৰি শাৰীৰিক, যৌন আৰু মানসিক নিৰ্যাতনৰ সন্মুখীন হৈছিল।[5]তেওঁলোকৰ বহুতেই দাসত্ব আৰু বলপূৰ্বক নৃশংসতাৰ বলি হোৱাৰ বিপৰীতে আন কিছুমানক ড্ৰাগছ, নিৰ্যাতন আৰু হত্যা কৰা হৈছিল।[5]

ছিয়েৰা লিয়নৰ যিসকল মহিলা আৰু ছোৱালীয়ে বলপূৰ্বক গৰ্ভধাৰণ সহ্য কৰিছিল আৰু তেওঁলোকৰ নিৰ্যাতনকাৰীৰ দ্বাৰা সন্তান জন্ম দিছিল, সেইসকলে সামাজিক বিচ্ছিন্নতাকে ধৰি গুৰুতৰ সামাজিক পৰিণতিৰ সন্মুখীন হৈছিল।[6]

গৃহযুদ্ধৰ সময়ত কেইবাগৰাকীও মহিলা আৰু ছোৱালী ৰিভেল্যুচনেৰী ইউনাইটেড ফ্ৰণ্ট (RUF)ৰ সৈনিক হৈছিল।[6]

যুদ্ধৰ সময়ত মহিলাসকলে সংগঠিত এটা গোটে ছিয়েৰা লিয়ন মহিলা শান্তিৰ বাবে আন্দোলন প্ৰতিষ্ঠা কৰে আৰু শান্তিপূৰ্ণ প্ৰতিবাদ ব্যৱহাৰ কৰি যুদ্ধংদেহী দলসমূহৰ মাজত শান্তিৰ মধ্যস্থতা কৰাৰ চেষ্টা কৰে।[7][8]

ছিয়েৰা লিয়নৰ মহিলাসকলৰ প্ৰজনন অধিকাৰ অতি সীমিত।[9]২০০৭ চনলৈকে মহিলা আৰু ছোৱালীক তেওঁলোকৰ সন্মতি অবিহনে তেওঁলোকৰ পৰিয়ালে বিবাহপাশত আবদ্ধ কৰিব পাৰিছিল।[33]

ছিয়েৰা লিয়নত মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক।[10][11]

ছিয়েৰা লিয়নৰ ১৬% প্ৰাপ্তবয়স্ক মহিলা আৰু ৭.৮% কিশোৰী ছোৱালীয়ে গৰ্ভনিৰোধক ব্যৱহাৰ কৰে।[11][12]

২০১৩ চনত ছিয়েৰা লিয়নত কিশোৰীৰ গৰ্ভধাৰণৰ হাৰ বিশ্বৰ ভিতৰতে ৭ম স্থানত আছিল।[9] ২০–২৪ বছৰ বয়সৰ ৩৮% ছিয়েৰা লিয়নী মহিলাই ১৮ বছৰ বয়সৰ আগতেই প্ৰথম সন্তান জন্ম দিছিল।[11][13] কিশোৰী গৰ্ভাৱস্থা ছিয়েৰা লিয়নৰ উচ্চ মাতৃৰ মৃত্যুৰ হাৰত এটা প্ৰধান অৰিহণা যোগোৱা কাৰক৷ কিশোৰী মাতৃসকলৰ শিশুৰ বিচনাত মৃত্যুৰ ৪০%-৬০% আশংকা থাকে। ২০ বছৰৰ ঊৰ্দ্ধৰ মাতৃৰ পৰা জন্ম হোৱা শিশুতকৈ কিশোৰী মাতৃৰ পৰা জন্ম হোৱা শিশুৰ মৃত্যু বা জন্মৰ কিছু সময়ৰ পিছতে মৃত্যুৰ সম্ভাৱনা ৫০% বেছি।[11]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Nill, Susanne (2011). Can Security Sector Reform Contribute to the Reduction of Gender-Based Violence?. GRIN. পৃষ্ঠা. 54. ISBN 978-3640917655. 
  2. 2.0 2.1 Castillejo, Clare (June 2009). "Women's Political Participation and Influence in Sierra Leone". Archived from the original on 2017-08-09. https://web.archive.org/web/20170809031110/http://fride.org/descarga/WP83_Women_political_ENG_jun09.pdf। আহৰণ কৰা হৈছে: 2018-06-18. 
  3. Hafkin, Nancy Jane (1976). Edna G. Bay. ed. Women in Africa: Studies in Social and Economic Change. Stanford University Press. পৃষ্ঠা. 218. ISBN 978-0804710114. https://archive.org/details/womeninafrica00itio. 
  4. Fyle, Magbaily C. (2005). Historical Dictionary of Sierra Leone (New সম্পাদনা). Scarecrow. পৃষ্ঠা. 71. ISBN 978-0810853393. https://archive.org/details/historicaldictio0000fyle/page/71. 
  5. 5.0 5.1 Secco, Allessandra Dal (2007). Donna Pankhurst. ed. Gendered Peace: Women's Struggles for Post-War Justice and Reconciliation (1st সম্পাদনা). Routledge. পৃষ্ঠা. 81–82. ISBN 978-0415956482. 
  6. 6.0 6.1 MacKenzie, Megan H. (2012). Female Soldiers in Sierra Leone: Sex, Security, and Post-Conflict Development. ISBN 9780814771259. https://muse.jhu.edu/book/17639। আহৰণ কৰা হৈছে: 2018-06-20. 
  7. Barnes, K. (2012). Women, Peace and Security: Translating Policy into Practice (Reprint সম্পাদনা). Routledge. পৃষ্ঠা. 126. ISBN 978-0415532495. 
  8. Brewer, John D. (2012). Peace Processes: A Sociological Approach. Polity. পৃষ্ঠা. 87. ISBN 978-0745647760. 
  9. 9.0 9.1 Edilberto Loaiza and, Mengjia Liang (2013). "Adolescent Pregnancy: A Review of the Evidence". https://www.unfpa.org/sites/default/files/pub-pdf/ADOLESCENT%20PREGNANCY_UNFPA.pdf। আহৰণ কৰা হৈছে: 2018-06-18. 
  10. Rubio-Marin, Ruth (2006). What Happened to the Women?: Gender and Reparations for Human Rights Violations. Social Science Research Council. পৃষ্ঠা. 249. ISBN 978-0979077203. https://books.google.com/books?id=Nw-STBE9k7YC&q=%22patricia+kabbah%22&pg=PA246. 
  11. 11.0 11.1 11.2 11.3 Mitchell, Hannah (2017-07-20). "Sierra Leone: teenage girls are dying from unsafe abortions and risky pregnancies". The Guardian. https://www.theguardian.com/global-development-professionals-network/2017/jul/20/teen-pregnancy-sierra-leone-involve-men. 
  12. Emmanuella Kallon, Timothy Kenney & (2017). "Sierra Leone News: UN Population Fund kicks off Family Planning Week". http://awoko.org/2017/07/05/sierra-leone-news-un-population-fund-kicks-off-family-planning-week/। আহৰণ কৰা হৈছে: 2018-06-18. 
  13. UNICEF, Report (2014). "Statistical Profile on Female Genital Mutilation". unicef.org. https://data.unicef.org/wp-content/uploads/country_profiles/Sierra%20Leone/FGMC_SLE.pdf। আহৰণ কৰা হৈছে: 2018-06-18.