সমললৈ যাওক

ছিল্ক ৰোড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছিল্ক ৰোড
Map of Eurasia with drawn lines for overland routes
ছিল্ক ৰোডৰ প্ৰধান বাট
পথ তথ্য
সময়কাল প্ৰায় ১১৪ খ্ৰীষ্টপূৰ্বৰ পৰা ১৪৫০ দশকলৈ
আধিকাৰিক নাম ছিল্ক ৰোড: চাং'আন-তিয়ানচানৰ ৰুট নেটৱৰ্ক
ধৰণ সাংস্কৃতিক
চৰ্ত ii, iii, iv, vi
নিৰ্ধাৰিত ২০১৪ (৩৮তম বিশ্ব ঐতিহ্যবাহী কমিটি)
প্ৰসংগ  সংখ্যা 1442
Region এছিয়া-পেচিফিক

ছিল্ক ৰোড (丝绸之路) খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ পৰা খ্ৰীষ্টপূৰ্ব ১৮ শতিকালৈকে এছিয়াৰ উপমহাদেশীয় অঞ্চল সমূহৰ পূব আৰু পশ্চিম দিশক সংযোগ কৰা বাণিজ্য পথৰ এক নেটৱৰ্ক আছিল আৰু বৰ্তমানো এই পথৰ অস্তিত্ব বৰ্তী আছে। এছিয়াৰ এই অঞ্চল সমূহৰ মাজত অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু ধৰ্মীয় বাৰ্তালাপৰ ই এক কেন্দ্ৰবিন্দু স্বৰূপ আছিল।[1][2][3] "দ্য ছিল্ক ৰোড"-এ সাধাৰণতে কিছুমান স্থল পথক বুজায়, কিন্তু ই পূব এছিয়া আৰু দক্ষিণ-পূব এছিয়াক দক্ষিণ এছিয়া, পাৰ্চিয়া, আৰৱ উপদ্বীপ, নিকট পূৱ, পূব আফ্ৰিকা আৰু দক্ষিণ ইউৰোপৰ সৈতে সংযোগ কৰা সাগৰীয় পথসমূহকো বুজাব পাৰে।

চীনৰ হান ৰাজবংশৰ সময়ত (২০৭ খ্ৰীষ্টপূৰ্ব-২২০ খ্ৰীষ্টপূৰ্ব) আৰম্ভ হৈ ছিল্কৰোড সমীপৱৰ্তী অঞ্চল সমূহৰ সৈতে কৰা ৰেচমৰ লাভজনক ব্যৱসায়ৰ পৰাই ছিল্ক ৰোড নামটোৰ উৎপত্তি বুলি কোৱা হয়। খ্ৰীষ্টপূৰ্ব প্ৰায় ১১৪ত, হান ৰাজবংশই ছিল্ক ৰোড বাণিজ্য পথৰ মধ্য এছিয়াৰ শাখাবোৰ সম্প্ৰসাৰিত কৰিছিল। এই সম্প্ৰসাৰণৰ আংশিক নেতৃত্ব চীনৰ সাম্ৰাজ্যিক দূত ঝাং কিয়ানৰ অভিযান আৰু অন্বেষণৰ দ্বাৰাও সম্পাদিত হৈছিল আৰু আংশিকভাৱে বহুকেইটা সামৰিক বিজয়ৰ জৰিয়তে সু-নিশ্চিত কৰা হৈছিল।[4] চীনাসকলে তেওঁলোকে ব্যৱসায় কৰা সামগ্ৰীৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছিল; তেওঁলোকে বাণিজ্য পথৰ সুৰক্ষাৰ বাবে চীনৰ মহাপ্ৰাচীৰৰো সম্প্ৰসাৰণ ঘটাইছিল।[5]

২০১৪ চনৰ জুন মাহত ইউনেস্কোৱে ছিল্ক ৰোডৰ চাং'আন-তিয়ানছান কৰিডৰক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে মনোনীত কৰে। ইয়াৰে ভাৰতীয় অংশটো অস্থায়ী স্থানৰ তালিকাত আছে।

নাম আৰু সমালোচনা

[সম্পাদনা কৰক]

ৰেচমৰ লাভজনক ব্যৱসায়ৰ পৰাই ছিল্ক ৰোড নামটোৰ প্ৰচলন হৈছে। প্ৰথমে চীনত বিকশিত হোৱা এই ব্যৱসায় [6][7] আৰু বাণিজ্য পথবোৰক এক বিস্তৃত আন্তঃমহাদেশীয় নেটৱৰ্কৰ সৈতে সংযোগ কৰাৰ এক মুখ্য কাৰণ স্বৰূপেই ছিল্ক ৰোড নামটোৱে বিকাশ লাভ কৰে। [8][9] ই জাৰ্মান শব্দ Seidenstraße (আক্ষৰিক ভাৱে "ছিল্ক ৰোড") পৰা উদ্ভৱ হয় আৰু ১৮৭৭ চনত ফাৰ্ডিনাণ্ড ভন ৰিচথোফেনৰ দ্বাৰা প্ৰথম বাৰৰ বাবে ব্যৱহৃত হয়। তেওঁ ১৮৬৮ চনৰ পৰা ১৮৭২ চনৰ ভিতৰত চীনলৈ সাতটা অভিযান চলাইছিল। [10][9][11][12][13] অৱশ্যে, এই শব্দটো নিজেই কেইবা দশক আগৰে পৰা ব্যৱহাৰ হৈ আহিছে।[14] বিকল্প অনুবাদ "ৰেচম পথ" অভিধাটোৱো মাজে মাজে ব্যৱহাৰ কৰা হয়। [12] যদিও এই শব্দটোৱে ঊনবিংশ শতিকাত ভূমুকি মাৰিছিল, তথাপিও বিংশ শতিকাৰ আগলৈকে ই শিক্ষা জগতত ব্যাপক গ্ৰহণযোগ্যতা বা জনসাধাৰণৰ মাজত জনপ্ৰিয়তা লাভ কৰা নাছিল। [12] ১৯৩৮ চনত চুইডিছ ভূগোলবিদ স্বেন হেদিনে দ্য ছিল্ক ৰোড শীৰ্ষক প্ৰথমখন কিতাপ লিখি উলিয়াইছিল। [12]

'ছিল্ক ৰোড' শব্দটোৰ ব্যৱহাৰ ইয়াৰ সমালোচকসকলৰ অবিহনে সম্পূৰ্ণ নহয়। উদাহৰণ স্বৰূপে, ৱাৰউইক বলে দাবী কৰে যে চীনৰ সৈতে ৰেচম বাণিজ্যতকৈ ভাৰত আৰু আৰৱৰ সৈতে সামুদ্ৰিক পথেৰে চলা মচলা বাণিজ্য ৰোমান সাম্ৰাজ্যৰ অৰ্থনীতিৰ বাবে বহুত বেছি লাভজনক আছিল। এই ব্যৱসায় সাগৰীয় পথত বেছিভাগ ভাৰতৰ মাজেৰে আৰু স্থলত চগডিয়ানৰ দৰে অসংখ্য মধ্যস্থতাকাৰীয়ে পৰিচালনা কৰিছিল। [15] সমগ্ৰ বিষয়টোক আধুনিক শিক্ষাৰ "পৌৰাণিক কাহিনী" বুলি অভিহিত কৰিবলৈ গৈ বলে যুক্তি দিয়ে যে মঙ্গোল সাম্ৰাজ্যৰ সময়লৈকে পূব এছিয়াৰ পৰা পশ্চিমলৈ কোনো সুসংগত স্থলপথেৰে চলা বাণিজ্য ব্যৱস্থা নাছিল আৰু সামগ্ৰীৰ মুক্ত চলাচলো প্ৰচলিত নাছিল। [16] তেওঁ উল্লেখ কৰে যে মাৰ্কো পোলো আৰু এডৱাৰ্ড গিবনৰ দৰে পূব-পশ্চিম বাণিজ্যৰ বিষয়ে আলোচনা কৰা পৰম্পৰাগত লেখকসকলে কেতিয়াও কোনো পথক বিশেষভাৱে "ছিল্ক" বুলি নাম দিয়া নাছিল। [12]

খোটান (জিনজিয়াং)ৰ পৰা পূৱ চীনলৈকে ছিল্ক ৰোডৰ দক্ষিণ অংশবোৰ প্ৰথমে ৰেচমৰ বাবে ব্যৱহাৰ হোৱা নাছিল। ইয়াক ব্যৱহাৰ কৰা হৈছিল 'জেড'ৰ বাবে। খ্ৰীষ্টপূৰ্ব ৫০০০ লৈকে আৰু বৰ্তমানো এই একেই উদ্দেশ্যৰ বাবে ব্যৱহাৰ হৈ আছে। ৰেচম বাণিজ্যৰ প্ৰকৃতি বৃহৎ আৰু ভৌগোলিকভাৱে বহল নহ'লে "জেড ৰোড" শব্দটো "ছিল্ক ৰোড"তকৈ অধিক উপযুক্ত হ'লহেঁতেন বুলি বহুতে মত পোষণ কৰে; এই শব্দটো বৰ্তমান চীন দেশত ব্যৱহাৰ হৈ আছে।[17]

শৈল্পিক প্ৰভাৱ

[সম্পাদনা কৰক]
বায়ু দেৱতাৰ আইকনোগ্ৰাফিকেল বিৱৰ্তন। বাওঁফালে: দ্বিতীয় শতিকাৰ হাড্ডাৰ গ্ৰীক বায়ু দেৱতা। মধ্যত: কিজিল, টাৰিম অৱবাহিকাৰ সপ্তম শতিকাৰ বায়ু দেৱতা। সোঁফালে: জাপানী বায়ু দেৱতা ফুজিন, সপ্তদশ শতিকা।

ছিল্ক ৰোডৰ জৰিয়তে, বিশেষকৈ মধ্য এছিয়াৰ মাজৰ অঞ্চল সমূহত বিভিন্ন শৈল্পিক প্ৰভাৱ পৰে। এই সমূহৰ ভিতৰত হেলেনিষ্টিক, ইৰানী, ভাৰতীয় আৰু চীনা প্ৰভাৱৰ এক আন্তঃমিশ্ৰণ পৰিলক্ষিত হয়। গ্ৰেকো-বৌদ্ধ কলা এই আদান-প্ৰদানৰ আটাইতকৈ উজ্জ্বল প্ৰতিনিধিত্বকাৰি উদাহৰণ। ৰেচম শিল্পয়ো কলাক এক ৰূপকে প্ৰতিনিধিত্ব কৰিছিল। এই কলাই এক ধৰ্মীয় প্ৰতীক হিচাপে কাম কৰিছিল। গুৰুত্বপূৰ্ণভাৱে ৰেচম পথৰ সৈতে বাণিজ্যৰ বাবে ৰেচম কাপোৰত মোহৰ মাৰি ইয়াক মুদ্ৰা হিচাপে ব্যৱহাৰ কৰা হৈছিল। [18]

এই শৈল্পিক প্ৰভাৱবোৰ বৌদ্ধ ধৰ্মৰ বিকাশত পৰিলক্ষিত হয়। উদাহৰণ স্বৰূপে, কুষাণ যুগত বুদ্ধক প্ৰথমে মানুহ হিচাপে দেখুওৱা হৈছিল। বহুতো পণ্ডিতে ইয়াৰ কাৰণ গ্ৰীক প্ৰভাৱ বুলি দাবী কৰিছিল। গ্ৰীক আৰু ভাৰতীয় উপাদানৰ মিশ্ৰণ চীনৰ পৰৱৰ্তী বৌদ্ধ কলা আৰু ৰেচম পথেৰে সংযুক্ত সমগ্ৰ দেশ সমূহত পোৱা যায়।[19]

কলাৰ উৎপাদনত বহুতো ধৰণৰ সামগ্ৰী আছিল যিবোৰৰ ব্যৱসায় কৰা হৈছিল পূবৰ পৰা পশ্চিমলৈ ৰেচম পথৰ দাঁতিত। এটা সাধাৰণ সামগ্ৰী, লেপিচ লাজুলি, সোণালী দাগথকা এটা নীলা শিল আছিল, যাক গুৰি কৰাৰ পিছত ৰং হিচাপে ব্যৱহাৰ কৰা হৈছিল।[20]

স্বীকৃতি

[সম্পাদনা কৰক]

২২ জুন ২০১৪ তাৰিখে, ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাই (ইউনেস্কো) ২০১৪ চনৰ বিশ্ব ঐতিহ্য সন্মিলনত ছিল্ক ৰোডক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে নামকৰণ কৰে। ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাই ১৯৯৩ চনৰ পৰা শান্তি আৰু বুজাবুজি বৃদ্ধিৰ নিৰ্ধাৰিত লক্ষ্যৰে পথটোত বহনক্ষম আন্তঃৰাষ্ট্ৰীয় পৰ্যটন বিকাশৰ বাবে কাম কৰি আহিছে।[21]

ছিল্ক ৰোড ইউনেস্কো বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে পৰিগণিত হোৱাৰ স্মৃতিত, চীন ৰাষ্ট্ৰীয় ৰেচম সংগ্ৰহালয়ে ১৯-২৫ জুন ২০২০ তাৰিখে "ছিল্ক ৰোড সপ্তাহ" অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে।[22]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Miho Museum News (Shiga, Japan) Volume 23 (March 2009). "Eurasian winds toward Silla". http://www.miho.or.jp/english/member/shangrila/tpshan23.htm. 
  2. Gan, Fuxi (2009). Ancient Glass Research Along the Silk Road. Shanghai Institute of Optics and Fine Mechanics, Chinese Academy of Sciences (Ancient Glass Research along the Silk Road, World Scientific সম্পাদনা). পৃষ্ঠা. 41. ISBN 978-981-283-356-3. https://books.google.com/books?id=MJhpDQAAQBAJ&pg=PA1. 
  3. Elisseeff, Vadime (2001). The Silk Roads: Highways of Culture and Commerce. UNESCO Publishing / Berghahn Books. ISBN 978-92-3-103652-1. 
  4. Boulnois, Luce (2005). Silk Road: Monks, Warriors & Merchants. প্ৰকাশক Hong Kong: Odyssey Books. পৃষ্ঠা. 66. ISBN 978-962-217-721-5. https://archive.org/details/silkroad00luce/page/66. 
  5. Xinru, Liu (2010). The Silk Road in World History New York: Oxford University Press, p. 11.
  6. Miha Museum (Shiga, Japan), Sping Special Exhibition (14 March 2009). "Eurasian winds toward Silla". http://www.miho.or.jp/english/member/shangrila/tpshan23.htm. 
  7. "The Horses of the Steppe: The Mongolian Horse and the Blood-Sweating Stallions | Silk Road in Rare Books". dsr.nii.ac.jp. http://dsr.nii.ac.jp/rarebook/02/index.html.en। আহৰণ কৰা হৈছে: 23 February 2017. 
  8. Waugh (2007), p. 4.
  9. 9.0 9.1 Eliseeff (2009). "Approaches Old and New to the Silk Roads". The Silk Roads: Highways of Culture and Commerce. Berghahn Books. পৃষ্ঠা. 1–2. আই.এচ.বি.এন. 978-92-3-103652-1, 1-57181-221-0, 1-57181-222-9
  10. See:
  11. Waugh, Daniel. (2007). "Richthofen's "Silk Roads": Toward the Archaeology of a Concept." The Silk Road. Volume 5, Number 1, Summer 2007, p. 4.
  12. 12.0 12.1 12.2 12.3 12.4 Warwick Ball (2016), Rome in the East: Transformation of an Empire, 2nd edition, London & New York: Routledge, আই.এচ.বি.এন. 978-0-415-72078-6, p. 156
  13. Mertens, Matthias. "Did Richthofen Really Coin 'the Silk Road'?". The Silk Road. https://edspace.american.edu/silkroadjournal/wp-content/uploads/sites/984/2020/02/2-Mertens-Did-Richthofen-Really-Coin-the-Silk-Road.pdf. 
  14. Warwick Ball (2016), Rome in the East: Transformation of an Empire, 2nd edition, London & New York: Routledge, আই.এচ.বি.এন. 978-0-415-72078-6, p. 155.
  15. Warwick Ball (2016), Rome in the East: Transformation of an Empire, 2nd edition, London & New York: Routledge, আই.এচ.বি.এন. 978-0-415-72078-6, pp. 154–56.
  16. Warwick Ball (2016), Rome in the East: Transformation of an Empire, 2nd edition, London & New York: Routledge, আই.এচ.বি.এন. 978-0-415-72078-6, pp. 155–56.
  17. Wood, Frances (September 2004). The Silk Road: Two Thousand Years in the Heart of Asia. University of California Press. পৃষ্ঠা. 26. ISBN 978-0-520-24340-8. https://books.google.com/books?id=zvoCv3h2QCsC&pg=PA26। আহৰণ কৰা হৈছে: 7 March 2019. 
  18. Xinru, Liu,The Silk Road in World History (New York: Oxford University Press, 2010), 21.
  19. Foltz, Richard C. (1999). Religions of the Silk Road: Overland Trade and Cultural Exchange from Antiquity to the Fifteenth Century. প্ৰকাশক New York: St Martin's Press. পৃষ্ঠা. 45. 
  20. "The Silk Road and Beyond: Travel, Trade, and Transformation". Art Institute of Chicago website. http://www.artic.edu/aic/exhibitions/silkroad/themes.html। আহৰণ কৰা হৈছে: 15 November 2016. 
  21. "Objectives". Archived from the original on 15 March 2013. https://web.archive.org/web/20130315103354/http://silkroad.unwto.org/en/content/objectives। আহৰণ কৰা হৈছে: 24 November 2021. 
  22. "Announcement about the Silk Road Week, 19-25 June 2020-China Silk Museum". http://www.chinasilkmuseum.com/xwdtIR/info_84.aspx?itemid=27701.