জনপ্ৰিয় ইতিহাস
জনপ্ৰিয় ইতিহাস (ইংৰাজী: Popular History) হৈছে এক বহল ধাৰাৰ ইতিহাস ৰচনা যিয়ে জনপ্ৰিয় দৃষ্টিভংগী গ্ৰহণ কৰে, বহল পাঠকক লক্ষ্য কৰি লয়, আৰু সাধাৰণতে বিদ্বান বিশ্লেষণতকৈ আখ্যান, ব্যক্তিত্ব আৰু প্ৰাঞ্জল বিশদতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই শব্দটো পেছাদাৰী শৈক্ষিক বা বিদ্বান ইতিহাস লিখাৰ বিপৰীতে ব্যৱহাৰ কৰা হয় যিটো সাধাৰণতে অধিক বিশেষজ্ঞ আৰু কাৰিকৰী আৰু, সেয়েহে, সাধাৰণ পাঠকৰ বাবে কম সুলভ।
ধাৰণাসমূহ
[সম্পাদনা কৰক]জনপ্ৰিয় ইতিহাসক একধৰণৰ "নৈতিক বিজ্ঞান" হিচাপে প্ৰক্ষেপিত কৰা হৈছে। যিয়ে অতীতক কেৱল নিজৰ স্বাৰ্থৰ বাবেই নহয়, ইতিহাসে কেনেকৈ নৈতিকভাৱে দায়বদ্ধ হৈ বৰ্তমানক সহজ কৰি তুলিব পাৰে তাৰ ওপৰতো আলোকপাত কৰে।[1] একাংশই ইয়াক এনে লেখকৰ দ্বাৰা উৎপাদিত ইতিহাস হিচাপে লয় যিসকলে বিজ্ঞানৰ ভাষাক সাধাৰণ দৈনন্দিন ভাষালৈ অনুবাদ কৰিব পৰাকৈ দক্ষ। তেওঁলোকৰ আলোচনাও সহজবোধ্য।[2]
কিছুসংখ্যক পণ্ডিতে জনপ্ৰিয় ইতিহাসৰ বিকাশৰ কাৰণ হিচাপে বেনছন লছিং, ডেভিদ পে, আৰু মেৰী বোথাম হাউইটৰ দৰে লেখক-পৰিৱৰ্তিত ইতিহাসবিদৰ ক্ৰমবৰ্ধমান হাৰটোকেই দিব খোজে। কাৰণ তেওঁলোকে ঐতিহাসিক পৰিঘটনাসমূহ "ভাল শৈলীৰে" লিখিছিল আৰু প্ৰকাশকৰ বাবেও অধিক আকৰ্ষণীয় কৰি তুলিছিল।[1]
জনপ্ৰিয় ইতিহাসবিদ
[সম্পাদনা কৰক]কিছুসংখ্যক জনপ্ৰিয় ইতিহাসবিদৰ শৈক্ষিক সংযোগ নাই। আনহাতে কিছুসংখ্যক শিক্ষাবিদ, বা প্ৰাক্তন শিক্ষাবিদ, যিসকলে (এজন লেখকৰ মতে) "শৈক্ষিক ক্ষেত্ৰখনৰ পৰা কেনেবাকৈ বিমূৰ্ত হৈ সাংস্কৃতিক মন্তব্যকাৰী হৈ পৰিছে।" [3] হয়তো ইতিহাসত এটা প্ৰাৰম্ভিক ডিগ্ৰী লোৱাৰ পাছত একাংশই সাংবাদিক হিচাপে কাম কৰিছিল। জনপ্ৰিয় ইতিহাসবিদসকল ৰাষ্ট্ৰীয়ভাৱে বিখ্যাত বা বেষ্ট-চেলাৰ লেখক হ'ব পাৰে আৰু "ৰাজহুৱা ইতিহাসবিদ" হিচাপে নিজৰ ভূমিকাত বিশেষ ৰাজনৈতিক দৃষ্টিভংগীৰ স্বাৰ্থ পূৰণ কৰিব পাৰে বা নকৰিবও পাৰে। "আনুষ্ঠানিক ইতিহাস" আৰু "অনুমোদিত জীৱনী"ৰ বহু লেখকে বিশেষ প্ৰতিষ্ঠান বা ৰাজহুৱা ব্যক্তিৰ স্বাৰ্থ পূৰণ কৰা জনপ্ৰিয় ইতিহাসবিদ হিচাপে যোগ্যতা অৰ্জন কৰিব পাৰে।
জনপ্ৰিয় ইতিহাসবিদসকলে শেহতীয়া বছৰবোৰত শৈক্ষিক প্ৰকাশনত আধিপত্য বিস্তাৰ কৰা বিশ্ববিদ্যালয়ৰ প্ৰেছবোৰৰ পৰিৱৰ্তে সাধাৰণ প্ৰকাশকৰ "সাধাৰণ তালিকা"ত অন্তৰ্ভুক্ত হোৱাৰ লক্ষ্য ৰাখে। ক্ৰমান্বয়ে জনপ্ৰিয় ইতিহাসবিদসকলক টেলিভিছনৰ জগতলৈও লৈ যোৱা হৈছে। কিতাপ বা তথ্য-চিত্ৰৰ লগত তেওঁলোকে সহযোগিতামূলক অনুষ্ঠানত অংশ লোৱাটোও এইসমূহ পৰিৱৰ্তনৰ এটা বিশিষ্ট।
উদাহৰণ
[সম্পাদনা কৰক]শৈক্ষিক
[সম্পাদনা কৰক]শৈক্ষিক সম্পৰ্ক থকা আমেৰিকাৰ জনপ্ৰিয় ইতিহাসবিদসকলৰ শেহতীয়া উদাহৰণসমূহৰ ভিতৰত আছে ডেনিয়েল জে বুৰ্ষ্টিন, ষ্টিফেন ই এম্ব্ৰ’জ, ডৰিছ কেয়াৰ্নছ গুডউইন আৰু প’লিন মাইয়াৰ।
ব্ৰিটিছৰ জনপ্ৰিয় ইতিহাসবিদসকলৰ শেহতীয়া উদাহৰণ: নিয়াল ফাৰ্গুচন, মেৰী বিয়াৰ্ড, ক্ৰিষ্টোফাৰ হিবাৰ্ট, টম হলণ্ড, চাইমন চেবাগ মণ্টেফিঅ’ৰ, চাইমন শ্বামা, এৰিক হবছবাম, পল জনছন, ই. পি. থম্পছন, এ. জে. পি. টেইলৰ (টেলিভিছনত ইতিহাসৰ পথ প্ৰদৰ্শক) আৰু ক্ৰিষ্টোফাৰ হিল।[4]
অশৈক্ষিক
[সম্পাদনা কৰক]আমেৰিকাৰ ৱালটাৰ লৰ্ড, ব্ৰুচ কেটন, ডেন কাৰ্লিন, শ্বেলবী ফুট, ডেভিড মেকঁকালো, মেক্স কাটলাৰ, ৰন কাটলাৰ, আৰু বাৰ্বাৰা ডব্লিউ টাচমেন,জন জুলিয়াছ নৰ্ৱিচ, চাৰ্লছ এলেন, তাৰিক আলী আদি।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Pfitzer, Gregory M. (2008). Popular History and the Literary Marketplace, 1840-1920. প্ৰকাশক Amherst and Boston: University of Massachusetts Press. পৃষ্ঠা. 40, 41. ISBN 978-1-55849-625-5.
- ↑ Korte, Barbara; Paletschek, Sylvia (2014-03-31). Popular History Now and Then: International Perspectives. প্ৰকাশক Bielefeld: transcript Verlag. পৃষ্ঠা. 17. ISBN 978-3-8376-2007-8.
- ↑ De Groot, Jerome (2009), Consuming History: Historians and Heritage in Contemporary Popular Culture, Routledge, pg 15.
- ↑ Heinen, Sandra; Sommer, Roy (2009-09-04). Narratology in the Age of Cross-Disciplinary Narrative Research. প্ৰকাশক Berlin: Walter de Gruyter. পৃষ্ঠা. 228. ISBN 978-3-11-022242-5.