জন্ম নিয়ন্ত্ৰণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জন্ম নিয়ন্ত্ৰণ
Package of birth control pills
জন্ম নিয়ন্ত্ৰণ বড়িৰ পেকেট
অন্য নাম গৰ্ভনিৰোধক, উৰ্বৰতা নিয়ন্ত্ৰক
MeSH D003267

জন্ম নিয়ন্ত্ৰণ বা গৰ্ভনিৰোধক বা উৰ্বৰতা নিয়ন্ত্ৰণ (ইংৰাজী: Birth control) হৈছে গৰ্ভধাৰণ প্ৰতিৰোধ কৰা পদ্ধতি বা সঁজুলি।[1] প্ৰাচীন কালৰ পৰা জন্ম নিয়ন্ত্ৰণ প্ৰচলিত হৈ আহিছে, কিন্তু জন্ম নিয়ন্ত্ৰণৰ কাৰ্যকৰী আৰু সুৰক্ষিত পদ্ধতি কেৱল বিংশ শতিকাত হে উপলব্ধ হৈছিল।[2] সঠিক পৰিকল্পনাৰে উপলব্ধ জন্ম নিয়ন্ত্ৰণ কৰাক পৰিয়াল পৰিকল্পনা বুলি কোৱা হয়।[3][4] কিছুমান সমাজত জন্ম নিয়ন্ত্ৰণৰ অনুশীলন সীমিত বা অনুমোদিত নহয় কিয়নো তেওঁলোকে ইয়াক নৈতিক, ধৰ্মীয় বা ৰাজনৈতিকভাৱে অবাঞ্ছিত বুলি বিবেচনা কৰে।[2] বিশ্ব স্বাস্থ্য সংস্থা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই নিৰ্দিষ্ট চিকিৎসা স্থিতি থকা মহিলাসকলৰ মাজত জন্ম নিয়ন্ত্ৰণ পদ্ধতিৰ সুৰক্ষাৰ ওপৰত নিৰ্দেশনা প্ৰদান কৰে।[5][6] জন্ম নিয়ন্ত্ৰণৰ আটাইতকৈ কাৰ্যকৰী পদ্ধতিবোৰ হৈছে পুৰুষৰ ভেচেকটমীৰ জৰিয়তে বন্ধ্যাকৰণ আৰু মহিলাৰ টিউবেল লিগেচন (tubal ligation), অন্তঃজৰায়ু সঁজুলি (Intrautarine device, আই.ইউ.ডি.), আৰু ৰোপণযোগ্য জন্ম নিয়ন্ত্ৰণ। ইয়াৰ উপৰিও কেইবাটাও হৰমন-আধাৰিত পদ্ধতি আছে যাৰ ভিতৰত আছে খোৱা বড়ি, পেত্চ, যোনিৰ আঙঠি, আৰু বেজী।[7] কম কাৰ্যকৰী পদ্ধতিৰ ভিতৰত আছে কণ্ডম, জন্ম নিয়ন্ত্ৰণ বড়ি, গৰ্ভনিৰোধক স্পঞ্জ আৰু প্ৰজনন সজাগতা পদ্ধতি। আটাইতকৈ কম কাৰ্যকৰী পদ্ধতি হৈছে পুৰুষৰ বীৰ্যস্খলনৰ আগতে অপসাৰন কৰা।[7] বন্ধ্যাকৰণ যদিও অত্যন্ত কাৰ্যকৰী, সাধাৰণতে ই অপৰিৱৰ্তনীয়। অৰ্থাৎ পূৰ্ববৰ্তী অৱস্থালৈ পুনৰ পৰিবৰ্তন কৰিব নোৱাৰি; আন সকলো পদ্ধতি বন্ধ কৰাৰ লগে লগে পূৰ্ববৰ্তী অৱস্থালৈ পুনৰ ঘূৰি আহে।[7]

সুৰক্ষিত যৌন অভ্যাস, যেনে কণ্ডম ব্যৱহাৰে, যৌন সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে।[8] জন্ম নিয়ন্ত্ৰণৰ অন্যান্য পদ্ধতিবোৰে যৌন সংক্ৰমিত ৰোগৰ পৰা সুৰক্ষা নিদিয়ে।[9] কিছুমান জৰুৰীকালীন জন্ম নিয়ন্ত্ৰণ পদ্ধতি আছে যি গৰ্ভধাৰণ প্ৰতিহত কৰিব পাৰে যদিহে অসুৰক্ষিত যৌন সম্ভোগৰ ৭২ ৰ পৰা ১২০ ঘণ্টাৰ ভিতৰত ব্যৱহাৰ কৰা হয়।[10][11]কিছুমানে যুক্তি দিয়ে যে যৌন সম্ভোগ নকৰাটোও জন্ম নিয়ন্ত্ৰণৰ এক প্ৰকাৰ, কিন্তু যৌন শিক্ষাৰ আৰু জন্ম নিয়ন্ত্ৰণৰ শিক্ষা প্ৰদান নকৰি কেৱল যৌন সম্ভোগ নকৰিবলৈ শিক্ষা দিয়াটো লাভজনক নহয়। যৌন শিক্ষাৰ অবিহনে কিশোৰী বয়সত গৰ্ভধাৰণ(কৈশোৰ গৰ্ভাৱস্থা)ৰ ঘটনা বৃদ্ধি হ'ব পাৰে বুলি গৱেষণাত পোৱা গৈছে।[12][13]

পদ্ধতি[সম্পাদনা কৰক]

অবাঞ্ছিত গৰ্ভধাৰণ কেনেদৰে প্ৰতিৰোধ কৰিব লাগে তাৰ ভিডিঅ' ব্যাখ্যা
ব্যৱহাৰৰ প্ৰথম বছৰত গৰ্ভধাৰণৰ সম্ভাৱনা[14][15]
পদ্ধতি আদৰ্শ ব্যৱহাৰ যথাৰ্থ ব্যৱহাৰ
কোনো জন্ম নিয়ন্ত্ৰণ নাই ৮৫% ৮৫%
সমাবেশ বড়ি ৯% ০.৩%
কেৱল প্ৰজেষ্টিন পিল ১৩% ১.১%
বন্ধ্যাকৰণ (মহিলা) ০.৫% ০.৫%
বন্ধ্যাকৰণ (পুৰুষ) ০.১৫% ০.১%
কণ্ডম (মহিলা) ২১% ৫%
কণ্ডম (পুৰুষ) ১৮% ২%
কপাৰ আইইউডি ০.৮% ০.৬%
হৰমোন আইইউডি ০.২% ০.২%
পেত্চ ৯% ০.৩%
যোনিৰ আঙুঠি ৯% ০.৩%
ডিপো প্ৰোভেৰা ৬% ০.২%
ইমপ্লাণ্ট ০.০৫% ০.০৫%
ডায়েফ্ৰাম আৰু স্পাৰ্মিচাইড ১২% ৬%
প্ৰজনন সজাগতা ২৪% ০.৪–৫%
প্ৰতিসাৰণ ২২% ৪%
স্তন্যদান বাধা পদ্ধতি
(৬ মাহৰ বিফলতাৰ হাৰ)
০–৭.৫%[16] <২%[17]

হৰমন সম্পৰ্কীয় গৰ্ভনিৰোধক[সম্পাদনা কৰক]

হৰ্মোণৰ দ্বাৰা ডিম্বস্ফোটন আৰু গৰ্ভধাৰণ দমন কৰিব পাৰি। এইবোৰ বিভিন্ন প্ৰকাৰৰ পোৱা যায়, যাৰ ভিতৰত আছে খোৱা ঔষধ, ছালৰ তলত স্থাপন কৰা ইম্প্লাণ্ট, বেজী, পেত্চ, আই.ইউ.ডি. আৰু যোনিৰ আঙুঠি। এইবোৰ বৰ্তমান কেৱল মহিলাসকলে ব্যৱহাৰ কৰিবলৈ উপলব্ধ।[18]

প্ৰতিবন্ধক[সম্পাদনা কৰক]

প্ৰতিবন্ধকতা বা বাধা সৃষ্টি কৰা গৰ্ভনিৰোধক পদ্ধতিয়ে শাৰীৰিকভাৱে শুক্ৰাণুক জৰায়ুত প্ৰৱেশ প্ৰতিৰোধ কৰি গৰ্ভধাৰণ বাধাৰ সৃষ্টি কৰে।[19] ইয়াৰ ভিতৰত আছে পুৰুষকণ্ডম, মহিলাৰ কণ্ডম, ছাৰ্ভিকেল টুপী, ডায়েফ্ৰাম, স্পাৰ্মিচাইড আৰু গৰ্ভনিৰোধক স্পঞ্জ ইত্যাদি।[19] বিশ্বব্যাপী, কণ্ডম হৈছে জন্ম নিয়ন্ত্ৰণৰ সবাতোকৈ প্ৰচলিত পদ্ধতি।[20]পুৰুষৰ কণ্ডম এজন পুৰুষে যৌন সম্ভোগৰ সময়ত ব্যৱহাৰ কৰিলে সঙ্গীৰ শৰীৰত শুক্ৰাণু প্ৰবেশত বাধাৰ সৃষ্টি হয়। মহিলাৰ কণ্ডমও বজাৰত উপলব্ধ, প্ৰায়ে নাইট্ৰিল, লেটেক্স বা পলিইউৰেথেনেৰে তৈয়াৰ কৰা হয়।[21] তথাপিও পুৰুষৰ কণ্ডম সস্তা, ব্যৱহাৰ কৰিবলৈ সহজ, আৰু ইয়াৰ নেতিবাচক প্ৰভাৱ কম।[22]

বন্ধ্যাকৰণ[সম্পাদনা কৰক]

আচৰণগত বা ব্যৱহাৰিক[সম্পাদনা কৰক]

বিশেষ জনসংখ্যা[সম্পাদনা কৰক]

প্ৰচলন আৰু প্ৰভাৱ[সম্পাদনা কৰক]


তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Definition of Birth control". MedicineNet. Archived from the original on August 6, 2012. https://web.archive.org/web/20120806234913/http://www.medterms.com/script/main/art.asp?articlekey=53351। আহৰণ কৰা হৈছে: August 9, 2012. 
  2. 2.0 2.1 "Fertility control: contraception, sterilization, and abortion". The Johns Hopkins manual of gynecology and obstetrics (4th সম্পাদনা). প্ৰকাশক Philadelphia: Wolters Kluwer Health/Lippincott Williams & Wilkins. 2010. পৃষ্ঠা. 382–395. ISBN 978-1-60547-433-5. https://books.google.com/books?id=4Sg5sXyiBvkC&pg=PR232. 
  3. Oxford English Dictionary. Oxford University Press. 2012. http://www.oed.com/view/Entry/19395. 
  4. World Health Organization (WHO). "Family planning". Health topics. World Health Organization (WHO). https://www.who.int/topics/family_planning/en/। আহৰণ কৰা হৈছে: March 28, 2016. 
  5. Medical eligibility criteria for contraceptive use.. World Health Organization. Reproductive Health and Research,, World Health Organization (Fifth সম্পাদনা). প্ৰকাশক Geneva, Switzerland. 2015. ISBN 978-92-4-154915-8. OCLC 932048744. 
  6. "U.S. Medical Eligibility Criteria for Contraceptive Use, 2016" (en-us ভাষাত). MMWR. Recommendations and Reports খণ্ড 65 (3): 1–103. July 2016. doi:10.15585/mmwr.rr6503a1. PMID 27467196. https://www.cdc.gov/mmwr/volumes/65/rr/rr6503a1.htm. 
  7. 7.0 7.1 7.2 World Health Organization Department of Reproductive Health and Research (2011). Family planning: A global handbook for providers: Evidence-based guidance developed through worldwide collaboration (Rev. and Updated সম্পাদনা). প্ৰকাশক Geneva: WHO and Center for Communication Programs. ISBN 978-0-9788563-7-3. http://www.fphandbook.org/sites/default/files/hb_english_2012.pdf. 
  8. "We have the evidence to enhance adolescent sexual and reproductive health--do we have the will?". Adolescent Medicine খণ্ড 22 (3): 521–43, xii. December 2011. PMID 22423463. 
  9. "The effectiveness of group-based comprehensive risk-reduction and abstinence education interventions to prevent or reduce the risk of adolescent pregnancy, human immunodeficiency virus, and sexually transmitted infections: two systematic reviews for the Guide to Community Preventive Services". American Journal of Preventive Medicine খণ্ড 42 (3): 272–94. March 2012. doi:10.1016/j.amepre.2011.11.006. PMID 22341164. http://www.ajpmonline.org/article/S0749-3797(11)00906-8/abstract. 
  10. "Nowadays which emergency contraception? Comparison between past and present: latest news in terms of clinical efficacy, side effects and contraindications". Gynecological Endocrinology খণ্ড 28 (10): 758–63. October 2012. doi:10.3109/09513590.2012.662546. PMID 22390259. 
  11. Selected practice recommendations for contraceptive use (2nd সম্পাদনা). প্ৰকাশক Geneva: World Health Organization. 2004. পৃষ্ঠা. 13. ISBN 978-92-4-156284-3. https://books.google.com/books?id=77hFLypBfHYC&pg=RA2-PA16. 
  12. "Interventions to reduce unintended pregnancies among adolescents: systematic review of randomised controlled trials". BMJ খণ্ড 324 (7351): 1426. June 2002. doi:10.1136/bmj.324.7351.1426. PMID 12065267. 
  13. "Government support for abstinence-only-until-marriage education". Clinical Pharmacology and Therapeutics খণ্ড 84 (6): 746–8. December 2008. doi:10.1038/clpt.2008.188. PMID 18923389. http://www.nature.com/clpt/journal/v84/n6/full/clpt2008188a.html. 
  14. "Contraceptive failure in the United States". Contraception খণ্ড 83 (5): 397–404. May 2011. doi:10.1016/j.contraception.2011.01.021. PMID 21477680. 
    "Contraceptive efficacy". Contraceptive technology (20th revised সম্পাদনা). প্ৰকাশক New York: Ardent Media. 2011. পৃষ্ঠা. 779–863. ISBN 978-1-59708-004-0. ISSN 0091-9721. OCLC 781956734. 
  15. Division Of Reproductive Health, National Center for Chronic Disease Prevention Health Promotion (June 2013). "U.S. Selected Practice Recommendations for Contraceptive Use, 2013: adapted from the World Health Organization selected practice recommendations for contraceptive use, 2nd edition". MMWR. Recommendations and Reports খণ্ড 62 (RR-05): 1–60. PMID 23784109. https://www.cdc.gov/mmwr/preview/mmwrhtml/rr6205a1.htm. 
  16. "Lactational amenorrhoea method for family planning". The Cochrane Database of Systematic Reviews (10): CD001329. October 2015. doi:10.1002/14651858.CD001329.pub2. PMID 26457821. 
  17. "An approach to the postpartum office visit". American Family Physician খণ্ড 72 (12): 2491–6. December 2005. PMID 16370405. 
  18. "The male pill? Bring it on". The Guardian. December 6, 2013. https://www.theguardian.com/commentisfree/2013/dec/06/male-contraceptive-pill-bring-it-on. 
  19. 19.0 19.1 Adolescent health care : a practical guide (5th সম্পাদনা). প্ৰকাশক Philadelphia: Lippincott Williams & Wilkins. 2008. পৃষ্ঠা. 624. ISBN 978-0-7817-9256-1. https://books.google.com/books?id=XIzo5uo3XIQC&pg=PA624. 
  20. Chaudhuri (2007). Practice Of Fertility Control: A Comprehensive Manual (7th সম্পাদনা). Elsevier India. পৃষ্ঠা. 88. ISBN 978-81-312-1150-2. https://books.google.com/books?id=pzanxKlcU74C&pg=PA88. 
  21. Facts for life (4th সম্পাদনা). প্ৰকাশক New York: United Nations Children's Fund. 2010. পৃষ্ঠা. 141. ISBN 978-92-806-4466-1. https://books.google.com/books?id=GAFgWda-2NMC&pg=PA141. 
  22. Nonprescription product therapeutics (2nd সম্পাদনা). প্ৰকাশক Philadelphia: Lippincott Williams & Wilkins. 2005. পৃষ্ঠা. 414. ISBN 978-0-7817-3498-1. https://books.google.com/books?id=XU1sMK1djVAC&pg=PA414.