সমললৈ যাওক

জন জাম্পাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


জন জাম্পাৰ

জাম্পাৰ, ২০২৪ চনত
জন্ম জন মাইকেল জাম্পাৰ
১৯৮৫ (বয়স ৩৮–৩৯)[1]
লিটল ৰক, আৰকানছাছ, U.S.[1]
ক্ষেত্ৰ কৃত্ৰিম বুদ্ধিমত্তা
মেচিন লাৰ্নিঙ
কৰ্মস্থান গুগল
ডিপমাইণ্ড
ডক্তৰেল পৰামৰ্শদাতা টবিন ছছনিক
কাৰ্ল ফ্ৰীড
জনা যায় আলফাফল্ড
উল্লেখনীয় বঁটা [নেচাৰৰ ১০(২০২১)]
ফাউণ্ডেছন ফ্ৰণ্টিয়াৰচ অব নলেজ এৱাৰ্ড (২০২২)
জৈৱনিক বিজ্ঞানত বেকথ্ৰ পুৰস্কাৰ (২০২৩)
ৰসায়ন বিজ্ঞানত ন'বেল বঁটা (২০২৪)

জন মাইকেল জাম্পাৰ (জন্ম ১৯৮৫)[1] এজন আমেৰিকান ৰসায়নবিদ আৰু কম্পিউটাৰ বিজ্ঞানী। বৰ্তমান তেওঁ গুগল ডিপমাইণ্ডত সঞ্চালক হিচাপে কাম কৰি আছে।[2][3] জাম্পাৰ আৰু তেওঁৰ সহযোগীসকলে আলফাফ'ল্ড নামে এটা কৃত্ৰিম বুদ্ধিমত্তা প্ৰতিমান (মডেল) তৈয়াৰ কৰিছে যি এমিনো এচিড অনুক্ৰমৰ পৰা প্ৰটিনৰ গঠন সম্পৰ্কে উচ্চ সঠিকতাৰে পূৰ্বাভাস দিব পাৰে।[4] জাম্পাৰে কয় যে আলফাফ'ল্ডৰ দলটোৱে এনেকুৱা ১০ কোটি প্ৰটিন গঠনৰ নক্সা মুকলি কৰাৰ পৰিকল্পনা কৰিছে।[5]


বৈজ্ঞানিক আলোচনী নেচাৰে ২০২১ চনত নেচাৰৰ ১০ জনৰ বাৰ্ষিক তালিকাত জাম্পাৰক বিজ্ঞানৰ দহজন "গুৰুত্বপূৰ্ণ ব্যক্তি"ৰ অন্যতম হিচাপে অন্তৰ্ভুক্ত কৰিছিল।[4][6] প্ৰটিনৰ গঠনৰ ভৱিষ্যদ্বাণীৰ বাবে জাম্পাৰ আৰু ডেমিছ হাছাবিছক ২০২৪ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটাৰ আধা অংশ প্ৰদান কৰা হয়[7][8]

জাম্পাৰে ২০০৭ চনত ভাণ্ডাৰবিল্ট বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান আৰু গণিত বিষয়ত মেজৰ সহ স্নাতক ডিগ্ৰী লাভ কৰে।[9] ২০১০ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা মাৰ্শ্বেল বৃত্তি লৈ তাত্ত্বিক ঘনীভূত বস্তুৰ পদাৰ্থ বিজ্ঞানত এম ফিল,[10] ২০১২ চনত চিকাগো বিশ্ববিদ্যালয়ৰ পৰা তাত্ত্বিক ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী আৰু ২০১৭ চনত চিকাগো বিশ্ববিদ্যালয়ৰ পৰা তাত্ত্বিক ৰসায়ন বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰে।[11] চিকাগো বিশ্ববিদ্যালয়ত তেওঁৰ গৱেষণা উপদেষ্টা আছিল টবিন ছছনিক আৰু কাৰ্ল ফ্ৰীড।[12]

কৰ্মজীৱন

[সম্পাদনা কৰক]

জাম্পাৰৰ গৱেষণাই প্ৰটিনৰ গঠনৰ ভৱিষ্যদ্বাণী কৰিব পৰা এলগৰিদমৰ সন্ধান কৰে।[2]

এই ছবিখনে আলফাফল্ডৰ চূড়ান্ত উৎপাদনক প্ৰতিনিধিত্ব কৰে আৰু ই ইয়াৰ ফলাফলসমূহ CASP প্ৰতিযোগিতাত অন্যান্য প্ৰতিযোগীসকলৰ সৈতে তুলনা কৰে।

আলফাফল্ড [13] হৈছে গুগলৰ মূল কোম্পানী আলফাবেট ইনকৰ্পৰেশ্যনে অধিগ্ৰহণ কৰা ডিপমাইণ্ডৰ জাম্পাৰ আৰু তেওঁৰ দলটোৱে বিকশিত কৰা এটা গভীৰ শিক্ষণ এলগৰিদম। ই প্ৰটিনৰ গঠনৰ ভৱিষ্যদ্বাণী কৰা এটা কৃত্ৰিম বুদ্ধিমত্তা প্ৰগ্ৰেম।

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

২০২০ চনৰ নৱেম্বৰ মাহত আলফাফল্ডক ১৪ সংখ্যক প্ৰটিনৰ গঠনৰ পূৰ্বানুমানৰ সমালোচনাত্মক মূল্যাংকন (ক্ৰিটিকেল এচেছমেণ্ট অৱ ষ্ট্ৰাকচাৰ প্ৰেডিকচন, চমুতে CASP) প্ৰতিযোগিতাৰ বিজয়ী হিচাপে নিৰ্বাচিত কৰা হয়।[14][15][16] এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাই এলগৰিদমৰ মান নিৰ্ধাৰণ কৰি প্ৰটিনৰ ত্ৰিমাত্ৰিক গঠন সৰ্বোত্তমভাৱে ভৱিষ্যদ্বাণী কৰিব পৰা এলগৰিদম চিনাক্ত কৰে।

আলফাফল্ডে CASPৰ গ্ল’বেল ডিষ্টেন্স টেষ্ট (GDT)ত প্ৰায় দুই তৃতীয়াংশ প্ৰটিনৰ বাবে ৯০ৰ ওপৰত স্ক’ৰ কৰি অন্যান্য এলগৰিদমসমূহক চেৰ পেলাই প্ৰতিযোগিতাত জয়লাভ কৰে। এই পৰীক্ষাত এটা গণনামূলক প্ৰগ্ৰেমে ভৱিষ্যদ্বাণী কৰা গঠনটো লেব পৰীক্ষাত নিৰ্ধাৰিত গঠনৰ সৈতে থকা সামঞ্জস্যৰ মাত্ৰা জোখা হয়, সম্পূৰ্ণ মিল হ'লে স্কৰ হয় ১০০।[17][18]


২০২১ চনত জাম্পাৰক "জীৱবিজ্ঞান আৰু বায়মেডিচিন" শাখাত বিবিভিএ ফাউণ্ডেশ্যন ফ্ৰণ্টিয়াৰ্ছ অৱ নোলেজ বঁটাৰে সন্মানিত কৰা হয়।[19] ২০২২ চনত জাম্পাৰে জৈৱ চিকিৎসা বিজ্ঞানৰ উইলি বঁটা[20] আৰু ২০২৩ চনৰ বাবে প্ৰটিনৰ গঠন সঠিকভাবে ভবিষ্যদ্বাণী কৰিবলৈ সক্ষম আলফাফ'ল্ড বিকশিত কৰাৰ বাবে লাইফ চাইন্সৰ ব্ৰেকথ্ৰু বঁটা লাভ কৰে।[21] ২০২৩ চনত তেওঁক মৌলিক চিকিৎসা সম্পৰ্কীয় গৱেষণাৰ বাবে কানাডা গেইৰ্ডনাৰ আন্তঃৰাষ্ট্ৰীয় বঁটা[22] আৰু এলবাৰ্ট লেস্কাৰ বঁটা প্ৰদান কৰা হয়।[23]


২০২৪ চনত জাম্পাৰ আৰু ডেমিছ হাছাবিছক প্ৰটিনৰ গঠন সম্পৰ্কে কৰা ভৱিষ্যদ্বাণীৰ বাবে ৰসায়ন বিজ্ঞানৰ নোবেল বঁটাৰ আধা অংশ প্ৰদান কৰা হয়, আন আধা অংশ গণনামূলক প্ৰটিন ডিজাইনৰ বাবে ডেভিদ বেকাৰৰ হাতলৈ গৈছিল।[7][8]



তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "John M. Jumper: Facts". Nobel Prize Outreach ABThe Nobel Prize. 2024. https://www.nobelprize.org/prizes/chemistry/2024/jumper/facts/। আহৰণ কৰা হৈছে: October 9, 2024. 
  2. 2.0 2.1 সাঁচ:Google scholar id
  3. Eisenstein, Michael (2021). "Artificial intelligence powers protein-folding predictions". Nature (Springer Nature) খণ্ড 599 (7886): 706–708. doi:10.1038/d41586-021-03499-y. https://www.nature.com/articles/d41586-021-03499-y। আহৰণ কৰা হৈছে: December 24, 2021. 
  4. 4.0 4.1 Maxmen, Amy (2021). "Nature's 10: John Jumper: Protein predictor". Nature (Springer Nature) খণ্ড 600 (7890): 591–604. doi:10.1038/d41586-021-03621-0. PMID 34912110. 
  5. Browne, Grace (2021). "DeepMind's AI has finally shown how useful it can be". wired.com. https://www.wired.co.uk/article/deepmind-protein-folding-database। আহৰণ কৰা হৈছে: December 24, 2021. 
  6. সাঁচ:Linkedin
  7. 7.0 7.1 "The Nobel Prize in Chemistry 2024". Nobel Media AB. https://www.nobelprize.org/prizes/chemistry/2024/summary/। আহৰণ কৰা হৈছে: October 9, 2024. 
  8. 8.0 8.1 "Press release: The Nobel Prize in Chemistry 2024" (en-US ভাষাত). NobelPrize.org. https://www.nobelprize.org/prizes/chemistry/2024/press-release/। আহৰণ কৰা হৈছে: October 9, 2024. 
  9. Doster, Stephen. "John Jumper, developer of AlphaFold, to present an Apex Lecture on August 30" (en-US ভাষাত). Vanderbilt University. https://medschool.vanderbilt.edu/basic-sciences/2023/08/08/john-jumper-developer-of-alphafold-to-present-an-apex-lecture-on-august-30/। আহৰণ কৰা হৈছে: October 9, 2024. 
  10. "University of Cambridge alumni awarded 2024 Nobel Prize in Chemistry | University of Cambridge" (en ভাষাত). www.cam.ac.uk. October 9, 2024. https://www.cam.ac.uk/research/news/university-of-cambridge-alumni-awarded-2024-nobel-prize-in-chemistry। আহৰণ কৰা হৈছে: October 9, 2024. 
  11. "UChicago alum John Jumper shares Nobel Prize for model to predict protein structures | University of Chicago News" (en ভাষাত). news.uchicago.edu. October 9, 2024. https://news.uchicago.edu/story/uchicago-alum-john-jumper-shares-nobel-prize-model-predicting-protein-structures। আহৰণ কৰা হৈছে: October 9, 2024. 
  12. Jumper, John Michael (2017). New methods using rigorous machine learning for coarse-grained protein folding and dynamics (PhD thesis). University of Chicago. doi:10.6082/M1BZ647N. সাঁচ:ProQuest. OCLC 1237239279. https://knowledge.uchicago.edu/record/229. 
  13. "AlphaFold". Deepmind. https://deepmind.com/research/case-studies/alphafold। আহৰণ কৰা হৈছে: November 30, 2020. 
  14. "AlphaFold: a solution to a 50-year-old grand challenge in biology". Deepmind. November 30, 2020. https://deepmind.com/blog/article/alphafold-a-solution-to-a-50-year-old-grand-challenge-in-biology। আহৰণ কৰা হৈছে: November 30, 2020. 
  15. Sample, Ian (December 2, 2018). "Google's DeepMind predicts 3D shapes of proteins". The Guardian. https://www.theguardian.com/science/2018/dec/02/google-deepminds-ai-program-alphafold-predicts-3d-shapes-of-proteins. 
  16. Shead, Sam (November 30, 2020). "DeepMind solves 50-year-old 'grand challenge' with protein folding A.I." (en ভাষাত). https://www.cnbc.com/2020/11/30/deepmind-solves-protein-folding-grand-challenge-with-alphafold-ai.html. 
  17. "DeepMind's protein-folding AI has solved a 50-year-old grand challenge of biology" (en ভাষাত). MIT Technology Review. https://www.technologyreview.com/2020/11/30/1012712/deepmind-protein-folding-ai-solved-biology-science-drugs-disease/। আহৰণ কৰা হৈছে: November 30, 2020. 
  18. Robert F. Service, 'The game has changed.' AI triumphs at solving protein structures, Science, November 30, 2020
  19. "BBVA Foundation Frontiers of Knowledge Award 2022". frontiersofknowledgeawards-fbbva.es. https://www.frontiersofknowledgeawards-fbbva.es. 
  20. "Wiley Prize 2022". wiley.com. https://www.wiley.com//WileyCDA/Section/id-390059.html. 
  21. "Breakthrough Prizes 2023". breakthroughprize.org. https://breakthroughprize.org/News/73। আহৰণ কৰা হৈছে: September 22, 2022. 
  22. Foundation, The Gairdner (March 30, 2023). "2023 Canada Gairdner Award Winners Announced" (en ভাষাত). The Gairdner Foundation. https://www.gairdner.org/resource-hub/2023-canada-gairdner-award-winners-announced। আহৰণ কৰা হৈছে: October 9, 2024. 
  23. Admin, Lasker. "AlphaFold—for predicting protein structures" (en-US ভাষাত). Lasker Foundation. https://laskerfoundation.org/winners/alphafold-a-technology-for-predicting-protein-structures/। আহৰণ কৰা হৈছে: October 9, 2024.