জবামণি টুডু

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জবামণি টুডু (ইংৰাজী: Jabamani Tudu), জন্ম: ১০ এপ্ৰিল, ২০০০চন; এগৰাকী ভাৰতীয় মহিলা ফুটবলাৰ, যিয়ে কিকষ্টাৰ্ট আৰু ভাৰতীয় মহিলা জাতীয় ফুটবল দলৰ ডিফেণ্ডাৰ হিচাপে খেলে। খেল জীৱনৰ আদি ছোৱা সময়ত আন বহু পৰিয়ালৰ দৰে টুডুৰ পিতৃ-মাতৃয়েও তেওঁক ল’ৰাৰ খেল বুলি পৰিচিত ফুটবল খেলত আশংকা প্ৰকাশ কৰিছিল যদিও তেওঁ খেলত দক্ষতাৰে আগুৱাই গৈছে৷[1]

আদি জীৱন[সম্পাদনা কৰক]

ওড়িশাৰ ময়ূৰভঞ্জ জিলাত জন্মগ্ৰহণ কৰা টুডু ওড়িশা স্প’ৰ্টছ হোষ্টেলৰ এক অংশ আছিল। তেওঁ যুৱ আৰু জ্যেষ্ঠ ফুটবল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছে।[2] তেওঁ ওড়িশাৰ হৈ যুৱ আৰু জ্যেষ্ঠ উভয়তে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাতে খেলিছে।[3] ওড়িশাৰ ফুটবলাৰ টুডুই ৰাইজিং ষ্টুডেণ্ট ক্লাব, এফসি কোহলাপুৰ চিটিৰ পৰা খেলিছে৷[4]

খেলজীৱন[সম্পাদনা কৰক]

২০১৫ চনৰ এ এফ চিৰ ১৬ বছৰ অনুৰ্ধ চেম্পিয়নশ্বিপৰ কোৱালিফায়াৰৰ সময়ত টুডুৱে ১৬ বছৰ অনুৰ্ধ পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।[5] ২০১৬ চনৰ ডিচেম্বৰ মাহত টুডুক ২০১৬ চনৰ এছ এ এফ এফ মহিলা চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় ছিনিয়ৰ দললৈ নিৰ্বাচিত কৰা হয়।[6] ২০১৭ চনৰ ২ জানুৱাৰীত নেপালৰ বিৰুদ্ধে ছেমি ফাইনেল খেলত দলটোৰ হৈ জয়যাত্ৰাৰ সূচনা কৰে। ভাৰতে ৩-১ গ'লত জয়লাভ কৰা খেলখনত তেওঁ ডালিমা ছিব্বাৰৰ বিকল্প হিচাপে খেলপথাৰত নামিছিল।[7] ১৫ বছৰ বয়সত তেওঁ খেল জীৱনত অভিষক ঘটায়।[8]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "জবামণি". https://timesofindia.indiatimes.com/sports/football/jabamani-doesnt-worry-about-wholl-marry-her/articleshow/67977994.cms। আহৰণ কৰা হৈছে: 11 March 2024. 
  2. "ECoR, Sports Hostel script easy victories". Orissa Post. 6 July 2015. http://www.orissapost.com/ecor-sports-hostel-script-easy-victories/. 
  3. "National women's football: Manipur, Odisha post victory". The Hindu. 29 November 2013. http://www.thehindu.com/news/national/other-states/national-womens-football-manipur-odisha-post-victory/article5404667.ece. 
  4. "টুডু". https://www.herzindagi.com/inspiration/national-women-football-team-ranks-high-chances-for-qualifying-fifa-article-167802। আহৰণ কৰা হৈছে: 11 March 2024. 
  5. "INDIA GIRLS TOY WITH HAPLESS UAE COUNTERPARTS". The All India Football Federation. 21 October 2014. https://www.the-aiff.com/stateassociation_newsdetails.htm?id=6015. 
  6. "WOMEN'S FINAL 20-MEMBER SQUAD ANNOUNCED TODAY". The All India Football Federation. 22 December 2016. https://www.the-aiff.com/news-center-details.htm?id=7726. 
  7. "Odia Footballer In National Women’s Team For South Asian Games". Odisha Bytes. 29 November 2019. https://odishabytes.com/odia-footballer-in-national-womens-team-for-south-asian-games/. 
  8. "Jabamani Tudu, 15-year old". Indian Football (Twitter). https://twitter.com/IndianFootball/status/815864955287126016.