জবা মূৰ্মু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জবা মূৰ্মু
জন্ম জামছেদপুৰ, ঝাৰখণ্ড,ভাৰত
পেচা লেখক, সাহিত্যিক
ভাষা চাঁওতালি
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ধৰণ শিশু সাহিত্য
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা

জবা মূৰ্মু (ইংৰাজী: Joba Murmu) চাওঁতালি সাহিত্যৰ ৰচনাৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় লেখিকা আৰু সাহিত্যিক চাওঁতালি ভাষাৰ সাহিত্যলৈ আগবঢ়োৱা ভাষা অৱদানৰ বাবে ২০১৭ চনৰ ১৪ নৱেম্বৰত তেওঁ সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা লাভ কৰিছিল।[1]

পেছা[সম্পাদনা কৰক]

জবা মুৰ্মু এগৰাকী চাঁওতালি লেখক আৰু চাঁওতালি সম্প্ৰদায়ৰ পৰিচিত মুখ। তেওঁ ২০১৭ বৰ্ষৰ সাহিত্য অকাডেমি, নতুন দিল্লীৰ শিশু সাহিত্য বঁটা বিজয়ী। ঝাৰখণ্ডৰ জামছেদপুৰত শ্ৰী চি আৰ মাঝি আৰু প্ৰয়াত বাহা মূৰ্মুৰ বাসগৃহতেই মূৰ্মুৰ জন্ম হৈছিল। শৈশৱত তেওঁ প্ৰায়ে উপন্যাস আৰু গল্পৰ এগৰাকী তীক্ষ্ণ পঢ়ুৱৈ আছিল, যিয়ে তেওঁক নিজৰ বাবেও লিখিবলৈ উৎসাহিত কৰিছিল। কলেজত পঢ়ি থকাৰ সময়তে তেওঁৰ নাটকৰ প্ৰতি আগ্ৰহ বৃদ্ধি পায় য'ত তেখেতে তেওঁৰ জীৱনসংগী শ্ৰীমান পিতাম্বৰ মাঝিক লগ পায়, যি ২০১২ চনত সাহিত্য অকাডেমিৰ বিজয়ীও। স্নাতক ডিগ্ৰী সমাপ্ত কৰাৰ পিছত তেওঁ চাঁওতালি আৰু হিন্দী ভাষাত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰে। এগৰাকী আইনৰ স্নাতকো তেখেত। তেওঁৰ নামেৰে কেইবাখনো গ্ৰন্থ আছে যেনে বাহা উমূল কবিতাৰ সংকলন, বেউৰা (চুটিগল্প), প্ৰেমচান্দা সৰেছ কাহানী ক (অনুবাদ)আৰু অনান্য। ২০১৭ চনত তেওঁ অলন বাহা নামৰ চুটিগল্প সংকলনৰ বাবে সাহিত্য অকাডেমিৰ বঁটা লাভ কৰিছিল।[2] তেখেতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ এখন বিখ্যাত গ্ৰন্থ গীতাঞ্জলি চাঁওতালি ভাষালৈ অনুবাদ কৰিছিল। মূৰ্মুক ২০১৬ চনত সদৌ ভাৰত চাওঁতালি লেখক সংস্থাৰ পৰা আৰ আৰ কিস্কু ৰাপাজ অনুবাদ বঁটা প্ৰদান কৰা হৈছিল। ইয়াৰ উপৰিও তেওঁ আন বহুতো বঁটা যেনে ২০১২ চনত পণ্ডিত ৰঘুনাথ মূৰ্মু বঁটা আৰু ২০২০ চনত ৰবীন্দ্ৰনাথ ঠাকুৰ বঁটা লাভ কৰিছিল।[3]

বৰ্তমান তেখেত এখন বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত।[4] দীৰ্ঘদিনীয়া কেৰিয়াৰত তেওঁ গীতিকাৰ, চিত্ৰনাট্যকাৰ আৰু এখন চাঁওতালি ছবিৰ পৰিচালক হিচাপেও কাম কৰি আহিছে। তেওঁ জামছেদপুৰৰ অল ইণ্ডিয়া ৰেডিঅ'ত বহুসংখ্যক লোকগীত গোৱাৰ সুযোগ লাভ কৰিছে।[5]

লিখিত কৰ্ম[সম্পাদনা কৰক]

চাঁওতালি‌ ভাষাত তেওঁ ইতিমধ্যে বহুতো গল্প ৰচনা কৰিছে। তেওঁৰ চুটি গল্পৰ কিতাপ 'ওলোন বাহা'ক সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা, ২০১৭ প্ৰদান কৰা হৈছিল।[6]

ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতাঞ্জলি আৰু প্ৰেমচান্দৰ গল্পসমূহো তেওঁ চাঁওতালি ভাষালৈ অনুবাদ কৰিছিল।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]