জয় দৌল
জয় দৌল শ্ৰীকেশৱৰায় বিষ্ণু দৌল | |
---|---|
জয় দৌল | |
ভূ-স্থানাংক | 26°57′20″N 94°37′27″E / 26.9555°N 94.6242°E |
স্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | শিৱসাগৰ |
স্থাপত্য আৰু সংস্কৃতি | |
মুখ্য দেৱ/ দেৱী | শ্ৰীকেশৱৰায় বিষ্ণু |
স্থাপত্য শৈলী | নীলাচল স্থাপত্যশৈলী |
ইতিহাস | |
নিৰ্মাণকাল (বৰ্তমান গৃহ) |
১৬৯৮ |
প্ৰতিস্থাপক | স্বৰ্গদেউ ৰুদ্ৰ সিংহ |
জয় দৌল ১৬৯৮ চনত আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰ সিংহয়ে (১৬৯৬–১৭১৪) মাতৃ জয়মতীৰ সন্মান আৰু স্মৃতিত নিৰ্মাণ কৰিছিল। [1] এই মন্দিৰটো ইটা আৰু শিলৰ দ্বাৰা নিৰ্মিত।[2] দৌলৰ দেৱালত স্বৰ্গীয় গন্ধৰ্ব আৰু অপ্সৰাৰ প্ৰতিচ্ছবি আৰু সেই সময়ৰ সামাজিক জীৱনক প্ৰতিনিধিত্ব কৰা ভাস্কৰ্য যেনে পূৰ্বৰ আহোম স্বৰ্গদেউসকলৰ ক্ৰীড়া আৰু প্ৰিয় খেলা-ধূলা আদিৰে সজাই তোলা হৈছে। ইয়াত স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ ঘোঁৰাত উঠি থকা এটা মূৰ্তি খোদিত আছে। জয় দৌল জয়সাগৰ পুখুৰীৰ পাৰত অৱস্থিত। জয়সাগৰ পুখুৰীৰ পাৰত জয় দৌল, শিৱ দৌল, দেৱী ঘৰ (দেৱী দৌল বুলিও জনা যায়), ঘনশ্যাম দৌল অৱস্থিত।[3][4] ইয়াক জয়সাগৰৰ বৰদৌল বুলিও জনা যায়।
ইতিহাস
[সম্পাদনা কৰক]১৬৯৭ চনৰ ডিচেম্বৰ মাহত স্বৰ্গদেউ ৰুদ্ৰ সিংহয়ে ৪৫ দিনৰ অন্তত ৰংপুৰৰ ৰাজধানীত জয়সাগৰ পুখুৰীৰ খনন সম্পূৰ্ণ কৰিছিল। ১৬৯৮ চনৰ মাৰ্চ/এপ্ৰিল মাহৰ আশে-পাশে মহাজনসকলৰ এখন সভা অনুষ্ঠিত কৰি ৩ মাহ খনন কৰাৰ পিছত পুখুৰীটো পৱিত্ৰ কৰা হয় আৰু ইয়াৰ নাম জয়সাগৰ ৰখা হয়। এই জয়সাগৰ পুখুৰীৰ পৰা ৰংপুৰৰ তলাতল ঘৰলৈ পানী যোগান ধৰা হৈছিল আৰু ইয়াৰ দৈঘ্য ২ কিলোমিটাৰমান আছিল। ৰাজকীয়ভাৱে খন্দোৱা যিবিলাক পুখুৰী ১০০(এশ)জন বৈদিক পুৰোহিতক আনি ধন-সোণ, দান-দক্ষিণা দি উৎসৰ্গা কৰোৱাইছিল সেই পুখুৰীবিলাকে সাগৰ আখ্যা পাইছিল। যিবিলাক পুখুৰী এশতকৈ কম বৈদিক ব্ৰাহ্মণ আনি উৎসৰ্গা কৰোৱাইছিল সেইবিলাকে পুখুৰী আখ্যা পাইছিল। তাৰ পৰৱৰ্তী বছৰত ৰুদ্ৰ সিংহয়ে বিষ্ণু, শিৱ, দুৰ্গা আৰু সূৰ্য্যৰ বাবে উৎসৰ্গিত জয়সাগৰ পুখুৰীৰ পাৰত মন্দিৰ নিৰ্মাণ কৰে। কিছুমান বুৰঞ্জীত কোৱা হৈছে যে ৰুদ্ৰ সিংহয়ে মাতৃৰ নাম জয়মতীক স্মৰণ কৰি এই সাগৰ সদৃশ পুখুৰীটো নিৰ্মাণ কৰিছিল। কথিত আছে যে ৰুদ্ৰসিংহই তেওঁৰ মাতৃ সতী জয়মতীৰ স্মৃতিত এটা সোণৰ প্ৰতিমা সজাইছিল। পুখুৰীটোৰ পাৰৰ সৈতে মাটিকালি ৩১৮ একৰ আৰু পানীৰে আৱৰা এলেকা ১৫৫ একৰ। ইয়াৰ জলপৃষ্ঠ১৪ ফুট দ'। প্ৰতি বছৰে ইয়ালৈ বিভিন্ন পৰিভ্ৰমী চৰাইৰ আহে। ই এছিয়াৰ আটাইতকৈ ডাঙৰ মানৱসৃষ্ট পুখুৰী।
স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত তেওঁ পৰ্বতীয়া গোসাঁইৰ বাবে ইয়াৰ পাৰত থকাৰ ব্যৱস্থা কৰিছিল। স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহীসকলে অন্ধ চাৰিং ৰজাৰ পুত্ৰক জয়সাগৰৰ পশ্চিম পাৰত সমাধিস্থ কৰিছিল। ১৮০৬ চনত স্বৰ্গদেউ কমলেশ্বৰ সিংহ জয়সাগৰৰ মন্দিৰ পৰিদৰ্শন কৰিছিল।[5]
শিৱ দৌল
[সম্পাদনা কৰক]স্বৰ্গদেউ ৰুদ্ৰ সিংহই ১৬৯৯ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা শিৱ দৌল আৰু দেৱী দৌল ক্ৰমে জয়সাগৰ পুখুৰীৰ উত্তৰ আৰু পশ্চিম পাৰত অৱস্থিত। জয়সাগৰত অৱস্থিত শিৱ দৌলক বৈদ্যনাথ শিৱ দৌল বুলিও জনা যায়। শিৱ মন্দিৰটো বৰ্গক্ষেত্ৰৰ বেদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল। মূল মন্দিৰৰ উচ্চতা ১৬.৮৫ মিটাৰ। ইয়াৰ মূল শিখৰৰ চাৰিওফালে চাৰিটা উপ শিখৰ আছে। দৌলৰ দেৱালত ভগৱান শিৱৰ বিভিন্ন দিশক প্ৰতিনিধিত্ব কৰা মূৰ্তিৰ ভাস্কৰ্য আছে।[6] মন্দিৰৰ চৌপাশ ইটাৰ দুৰ্গেৰে সুৰক্ষিত। ইয়াক মাজৰ দৌল বুলিও জনা যায়।
দেৱী দৌল
[সম্পাদনা কৰক]জয়সাগৰৰ দেৱী দৌলক দেৱীঘৰ বা দেৱালয় বুলিও জনা যায়। দেৱী দৌল পুখুৰীৰ উত্তৰ-পশ্চিম কোণত অৱস্থিত। এই দেৱীঘৰটো দেৱী দুৰ্গা পূজাৰ বাবে নিৰ্মাণ কৰা হৈছিল। জয়সাগৰৰ দেৱী দৌল আয়তাকাৰ বেদীৰ ওপৰত নিৰ্মিত এটা সাধাৰণ ইটাৰ নিৰ্মিত দুচালিৰ মন্দিৰ। একে ধৰণৰ মুখমণ্ডপে মন্দিৰত প্ৰৱেশৰ সুবিধা প্ৰদান কৰে। মূল মন্দিৰৰ দেৱালত দেৱীৰ বিভিন্ন ৰূপক প্ৰতিনিধিত্ব কৰা বিভিন্ন ভাস্কৰ্য আছে।
জয়দৌলৰ দক্ষিণ পাৰত অৱস্থিত পঁকী ঘৰটো ভোগ ঘৰ। এই মন্দিৰসমূহৰ উপৰিও জয়সাগৰ পুখুৰীৰ দক্ষিণ-পশ্চিম পাৰত ইটাৰ দ্বাৰা নিৰ্মিত এটা সৰু মন্দিৰ আছে। সাধাৰণতে ঘনশ্যাম দৌল বা নাতি-গোঁসাই মন্দিৰ বুলি জনা যায়।[7]
অৱস্থান
[সম্পাদনা কৰক]জয় দৌল শিৱসাগৰ চহৰৰ পৰা প্ৰায় ৪ কিঃমিঃ নিলগত অৱস্থিত। ইয়াৰ নিকটৱৰ্তী ৰে'ল ষ্টেচন হৈছে শিৱসাগৰ টাউন ৰে'ল ষ্টেচন। ই যোৰহাট বিমানবন্দৰৰ পৰা প্ৰায় ৬০ কিঃমিঃ দূৰত্বত অৱস্থিত। শিৱসাগৰ চহৰৰ পৰা জয়সাগৰলৈ যাতায়তৰ সু-ব্যৱস্থা আছে।
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ Sibsagar. পৃষ্ঠা. 48.
- ↑ "Assam". Vikaspedia. https://vikaspedia.in/education/childrens-corner/places-to-visit/must-see-monuments-in-india/assam.
- ↑ "Joysagar Sivasagar". Tour my India. https://www.tourmyindia.com/states/assam/joysagar.html.
- ↑ "Joysagar tank and temple, Sibsagar". Native Planet. https://www.nativeplanet.com/sibsagar/attractions/joysagar-tank-temples/#overview.
- ↑ Nityananda Gogoi, Geography of Medieval Assam. পৃষ্ঠা. 180.
- ↑ Sibsagar by Biswas, S. S., 1938–. পৃষ্ঠা. 48–49. https://archive.org/details/sibsagar00bisw/page/48/mode/2up.
- ↑ Sibsagar by Biswas, S. S.. পৃষ্ঠা. 49. https://archive.org/details/sibsagar00bisw/page/48/mode/2up.