জাতি লাউ
জাতি লাউ | |
---|---|
জাতি লাউ | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Cucurbitales |
পৰিয়াল: | Cucurbitaceae |
গণ: | Lagenaria |
প্ৰজাতি: | L. siceraria |
বৈজ্ঞানিক নাম | |
Lagenaria siceraria (Molina) Standl. | |
সমাৰ্থক | |
|
জাতি লাউ বা পানী লাউ (বৈজ্ঞানিক নাম: Lagenaria vulgaris) এবিধ লতা জাতীয় উদ্ভিদ।[1] ইয়াৰ ফল পাচলি হিচাপে খোৱা হয়।
বিৱৰণ
[সম্পাদনা কৰক]জাত অনুযায়ী জাতি লাউৰ আকৃতি দীঘলীয়া বা ঘুৰণীয়া হয়। লতাজোপাৰ ঠাৰিবিলাক কোমল চানেকীয়াকৈ মঙহাল হয়। উপৰিভাগে সেউজীয়া ৰং ধাৰণ কৰে। ঠাৰিত চুটি চুটি নোম থকা দেখা যায়। লতাৰ গাঁঠিয়ে গাঁঠিয়ে পোখা মেকি ঠাল-ঠেঙুলি ধৰে। ইয়াৰ পাতবোৰ খহটা হয়, উপৰিভাগত চুটি চুটি শুৱৰ আৱিৰ্ভাৱ হয়। আহল-বহল পাতখিলাৰ গুৰিৰ পৰা তিনিডাল তিনিডালকৈ সিৰ আৰু শাখাসিৰৰ উৎপত্তি হয়।[1]
জাতি লাউৰ লতাত অলপ ডাঙৰ আকাৰৰ হালধীয়া ফুল ফুলে। এই ফুলবোৰ পুৰঠ হ'লে মঙহাল ফল ধৰে। ফলবোৰ তললৈ ওলমি থাকে নাইবা হেঁদালিৰ ওপৰতে পথালি-পথালিকৈ পৰি থাকে।
ব্যৱহাৰ
[সম্পাদনা কৰক]জাতি লাউৰ ফলবোৰ কুমলীয়া অৱস্থাত তৰকাৰি কৰি খোৱ হয়। বুঢ়া জাতি লাউৰ খোলাটো পানী ৰখা পাত্ৰ হিচাপেও ব্যৱহাৰ কৰা দেখা যায়। অসমৰ জনজাতীয় লোকসকলে দেশী মদ খাবৰ বাবেও এই লাউৰ খোলা ব্যৱহাৰ কৰে।[1]