জানকী বাঈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জানকী বাঈ

ষ্টুডিঅ’ত ৰেকৰ্ডিং কৰি থকা মুহূৰ্তত জানকী বাঈ
জন্ম ১৯৮০
বাৰাণসী, ব্ৰিটিছ ভাৰত
মৃত্যু ১৯৩৪
এলাহাবাদ, ব্ৰিটিছ ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কণ্ঠশিল্পী
পিতৃ-মাতৃ শিৱবালকৰাম (পিতৃ)
মানকী (মাতৃ)

জানকী বাঈ এলাহাবাদী (ইংৰাজী: Janki Bai Allahabadi; ১৮৮০-১৯৩৪)[1][2] এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কণ্ঠশিল্পী আছিল। দেহত ছাপন্নটা চুৰিৰ আঘাত থকাৰ বাবে তেওঁক ছপন্নছুৰি[3] নামেৰে জনা যায়। কুৰি শতিকাৰ প্ৰথমভাগৰ সৰ্বোচ্চ পাৰিশ্ৰমিক পোৱা কণ্ঠশিল্পীৰ তেওঁ অন্যতম।[2]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৮৮০ চনত জানকীয়ে বাৰাণসীত জন্মগ্ৰহণ কৰিছিল। দেউতাক শিৱবালকৰাম আৰু মাক মানকী। জানকীৰ আৰু দুগৰাকী ভনীয়েক আৰু এজন ভায়েক আছিল। দেউতাক শিৱবালকৰামৰ গাখীৰৰ ব্যৱসায় আৰু মিঠাইৰ দোকান আছিল। এক প্ৰকাৰ সচ্ছল অৱস্থাতেই তেওঁ দিন কটাইছিল। সৰুৰে পৰাই সংগীতৰ প্ৰতি তেওঁ আসক্ত আছিল। শিৱবালক আছিল এজন মল্লযুঁজাৰু। এদিন ৰাতিপুৱাই গংগাৰ পাৰৰ আখৰাত অনুশীলন কৰি থাকোঁতে এগৰাকী মহিলাই গংগাত জাপ দি আত্মহত্যাৰ চেষ্টা কৰা দেখি শিৱবালকে তেওঁক বচায় আৰু মহিলাগৰাকীক ঘৰলৈ লৈ আহে। কিছুদিন পিছত শিৱবালকে লক্ষ্মী নামৰ এই মানুহগৰাকীক দ্বিতীয় পত্নী হিচাপে গ্ৰহণ কৰে। তাৰপৰাই আৰম্ভ হয় প্ৰথম পত্নী মানকীৰ ওপৰত অত্যাচাৰ। এদিন লক্ষ্মী ঘৰৰ সোণ গহনা আদি লৈ ঘৰৰ পৰা পলাই যায় আৰু ৰহস্যময়ভাবে শিৱবালকো নিৰুদ্দেশ হয়। উপাৰ্জন নাইকিয়া হৈ যোৱাত পৰিয়ালটোৰ নাজল-নাথল অৱস্থা হয় আৰু তেনে অৱস্থাত পাৰ্বতী নামৰ মানুহ এজনীৰ প্ৰৰোচিত কৰি জানকী আৰু মাক মানকীক এলাহাবাদৰ নিষিদ্ধ পল্লীলৈ লৈ যায়।[1]

এলাহাবাদত আৰম্ভ হয় জানকীৰ শাস্ত্ৰীয় সংগীতৰ শিক্ষা। তাত তেওঁ কৈদল মহাৰাজৰ ওচৰত সংগীতৰ তালিম লয়। তেওঁৰ আন এজন গুৰু আছিল লক্ষ্ণৌ আৰু গোৱালিয়ৰৰ প্ৰখ্যাত সংগীতজ্ঞ হসসু খান। লগতে চলি থাকে ইংৰাজী, ফাৰ্চী আৰু সংস্কৃত ভাষা শিক্ষা।[1] জানকীবাইক ১২ বছৰ বয়সতে ৰঘূনন্দন নামৰ এজন চিপাহীয়ে চাপন্নবাৰ চুৰিৰে আঘাত কৰি মৃত্যু হোৱা বুলি এৰি থৈ পলাই গৈছিল। ভাগ্যক্ৰমে বহু দিন হাস্পাতালত থকাৰ পিছত জানকী লাহেলাহে সুস্থ হৈছিল। ৰঘূনন্দনে তেওঁক কিয় চুৰিকাঘাট কৰিছিল, সেই সম্পৰ্কে কেইটামান মুখ বাগৰা কাহিনী আছে যদিও নিৰ্দিষ্ট তথ্য-প্ৰমাণ নাই। চুৰিৰ খোচত তেওঁৰ তেওঁৰ দেহ বিকৃত হৈ গৈছিল আৰু চাপ্পনচুৰি[3] নামেৰে তেওঁ জনাজাত হৈছিল।[2][1]

কৰ্মজীৱন[সম্পাদনা কৰক]

তালিম শেষ হোৱাৰ পিছত বিভিন্ন আসৰত তেওঁ গান গাবলৈ আৰম্ভ কৰে। তেওঁ চকুত পৰে সংগীতজ্ঞ ৰামচন্দ্ৰ দাসৰ। তেওঁৰ সৌজন্যতে জানকীয়ে প্ৰতিষ্ঠা লাভ কৰে। দেশৰ বিভিন্ন প্ৰান্তৰৰ পৰা তেওঁলৈ আমন্ত্ৰণ আহিবলৈ ধৰে। সেই সময়ৰ সমকালীন শাস্ত্ৰীয় কণ্ঠশিল্পীসকলৰ দৰে তেওঁ নাকী কণ্ঠেৰে গান গোৱা নাছিল আৰু এই বৈশিষ্ট্যটোৱে তেওঁক জনপ্ৰিয়তা আনি দিছিল। সমকালীন কণ্ঠশিল্পী গৌহৰ জানৰ সৈতে তেওঁৰ ভাল বন্ধুত্ব আছিল। সেই সময়ত শাস্ত্ৰীয় সংগীতৰ মহিলা শিল্পীসকলে সাধাৰণতে ইগৰাকীৰ সৈতে আনগৰাকীয়ে দ্বন্দ্বত লিপ্ত থকাৰ বিপৰীতে গৌহৰৰ সৈতে তেওঁৰ বন্ধুত্ব এটা উদাহৰণ হৈছিল। ১৯১১ চনত পঞ্চম জৰ্জৰ ভাৰত আগমন উপলক্ষে দিল্লী দৰবাৰত দুয়ো একেলগে অনুষ্ঠান পৰিবেশন কৰিছিল।[1]

১৯০৭ চনত গ্ৰামফোন কোম্পানীয়ে জানকী বাইৰ প্ৰথম ৰেকৰ্ড মুকলি কৰে। সেই সময়ত তেওঁৰ ২২টা গানৰ ৰেকৰ্ড প্ৰকাশ হৈছিল আৰু সেইবোৰে অভূতপূৰ্ব জনপ্ৰিয়তা পাইছিল। এই ৰেকৰ্ডিঙৰ বাবে তেওঁ পাৰিশ্ৰমিক পাইছিল ৯০০টকা। ১৯১০ চনত আকৌ তেওঁৰ ২২টা গানৰ ৰেকৰ্ড মুক্তি পায়। এইবাৰ তেওঁ পাৰিশ্ৰমিক লৈছিল ১৮০০টকা। একো একোটা বৈঠকৰ বাবে তেওঁৰ পাৰিশ্ৰমিক পিছলৈ ৫০০০ টকালৈ বৃদ্ধি পাইছিল। গ্ৰামফোন কোম্পানীৰ প্ৰতিদ্বন্দ্বীৰূপে ভাৰতীয় বজাৰত প্ৰবেশ কৰে ফৰাচী কোম্পানী কেথে। এই কোম্পানীটোৰ পৰাও তেওঁৰ কিছু ৰেকৰ্ড মুক্তি পায়। সেই সময়ত ৰেকৰ্ড তৈয়াৰ কৰা কোম্পানীবোৰে কণ্ঠশিল্পীৰ সৈতে চুক্তি কৰি লয়, যাতে অন্য কোম্পানীত তেওঁ গাব নোৱাৰে। কিন্তু জানকীবায়ে কোনো কোম্পানীৰ সৈতে চুক্তিত আবদ্ধ হোৱা নাছিল। ১৯২৮ চনত আধুনিক প্ৰযুক্তিত জানকী বাইৰ গীত বাণীবদ্ধ কৰা হয়। সেই সময়ৰ ৰীতি অনুসৰি গানৰ শেষত তেওঁ ঘোষণা কৰিছিল, “মাই নেম ইজ জানকীবাই ইলাহাবাদী।”[1]

উৰ্দু ভাষাক জানকীৰ দক্ষতা আছিল অপৰিসীম। উৰ্দুত তেওঁ কবিতাও লিখিছিল আৰু দিৱান-এ-জানকী নামেৰে সংকলন এখন প্ৰকাশ পাইছিল। [1]

পৰৱৰ্তী জীৱন[সম্পাদনা কৰক]

জানকী বাই যেতিয়া খ্যাতিৰ তুংগত, তেতিয়াই তেওঁৰ বিয়া হৈছিল এলাহাবাদৰ এজন আইনজীৱী আব্দুল হকৰ সৈতে। কিন্ত এই সম্পৰ্ক বেছি দিন নিটিকিল। গোটেই জীৱন তেওঁ দৰিদ্ৰ আৰু আৰ্তজনৰ সেৱা কৰি গৈছিল। বহু মন্দিৰ আৰু মছজিদলৈও দান-বৰঙণি আগবঢ়াইছিল। গঢ়ি তুলিছিল জানকীবাই ট্ৰাষ্ট। সেই ট্ৰাষ্ট আজিও চলি আছে। জীৱনৰ শেষ সময়ত তেওঁ প্ৰায় নিসংগ জীৱন কটাইছিল। ১৯৩৪ চনত তেওঁৰ মৃত্যু হয়। এলাহাবাদৰে এখন কবৰস্থানত তেওঁক কবৰ দিয়া হয়।[1]

তথ্যউৎস[সম্পাদনা কৰক]