জাপানীজ এন্‌কেফেলাইটিছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জাপানিজ এনকেফেলাইটিছ
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল
আই.চি.ডি.-10 A83.0
আই.চি.ডি.-9 062.0
ডিজিজেছ ডে'টাবে'ছ 7036
ইমেডিচিন med/3158
MeSH D004672
জাপানীজ এন্‌কেফেলাইটিছ
Virus classification
Group: Group IV ((+)ssRNA)
পৰিয়াল: Flaviviridae
গণ: Flavivirus
প্ৰজাতি: জাপানিজ এনকেফেলাইটিছ ভাইৰাছ

জাপানিজ এনকেফেলাইটিছ (ইংৰাজী: Japanese encephalitis)মহৰ দ্বাৰা সংক্ৰমিত এটা প্ৰাণীজনিত ৰোগ (Zoonotic disease)। কিউলিছিন মহে এই ৰোগ বিয়পায়। এই ৰোগৰ কাৰক ভাইৰাছ বিধৰ নাম হ’ল জাপানিজ এনকেফেলাইটিছ ভাইৰাছ। প্ৰথমে জাপানত চিনাক্ত হৈছিল বাবে এই ৰোগক জাপানিজ এনকেফেলাইটিছ বুলি নামকৰণ কৰা হৈছিল।[1] এই ভাইৰাছবিধ ভাইৰাছৰ 'Flaviviridae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ ভাইৰাছ৷

পোহনীয়া গাহৰি আৰু বনৰীয়া বগলীজাতীয় চৰাই (herons)ৰ দেহত এই ৰোগৰ বীজাণু সঞ্চিত (reservoir) হৈ থাকে৷ কিউলেক্স মহৰ দুটা প্ৰধান প্ৰজাতি 'Culex tritaeniorhynchus' আৰু 'Culex vishnui'ৰ দ্বাৰা মানুহলৈ বিয়পে৷ এই ৰোগবিধ দক্ষিণ-পূব এছিয়া আৰু পূব এছিয়াত সচৰাচৰ হোৱা দেখা যায়

ৰোগৰ লক্ষণ[সম্পাদনা কৰক]

জাপানিজ এনকেফেলাইটিছ ৰোগ সংক্ৰমণৰ পিছত ৫-১৫ দিনলৈ সুপ্ত ৰূপত থাকিব পাৰে৷ সাধাৰণতে প্ৰতি ২৫০ সংক্ৰমিত ৰোগীৰ এজনহে আক্ৰান্ত হয়৷

এই ৰোগৰ প্ৰধান লক্ষণ জ্বৰ আৰু মূৰৰ বিষ৷ এই লক্ষণসমূহ ১-৬ দিন পৰ্য্যন্ত থাকিব পাৰে৷ ৰোগৰ অগ্ৰগতিৰ লগে লগে অন্যন্য লক্ষণ যেনে ডিঙিৰ জড়তা (neck rigidity), আভোক, ওজন হ্ৰাস (cachexia), দেহৰ কোনো অংশৰ অসাৰতা (hemiparesis) আৰু দেহৰ উষ্ণতা ৩৮–৪১ °C (১০০.৪–১০৫.৮ °F) পৰ্যন্ত বৃদ্ধি পোৱা আদি লক্ষণে দেখা দিয়ে৷ শেষ অৱস্থাত মানসিক অনগ্ৰসৰতা (Mental retardation) দেখা দি ক'মা অৱস্থালৈকো যাব পাৰে৷

এই ৰোগত মৃত্যুৰ হাৰ ভিন্ন হয় যদিও শিশুৰ ক্ষেত্ৰত মৃত্যুৰ সম্ভাৱনা অধিক বুলি জনা যায়৷[উদ্ধৃতিৰ প্ৰয়োজন]

জন্তুৰ ক্ষেত্ৰত প্ৰধান লক্ষণ হ'ল, গাহৰিৰ সন্তানহীনতা (infertility) , গৰ্ভপাত (abortion), জ্বৰ আৰু আলস্যভাব৷ [2]

নিবাৰণ[সম্পাদনা কৰক]

জাপানিজ এনকেফেলাইটিছৰ টীকাকৰণে আজীৱন এই ৰোগ হোৱাৰ পৰা নিবাৰণ কৰিব পাৰে৷ বৰ্তমান এই ৰোগৰ ব্যৱহৃত টীকাসমূহ হ'ল- SA14-14-2, IC51 (অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত JESPECT আৰু অন্য সকলো ঠাইত IXIARO নামেৰে বাণিজ্যিকভাৱে প্ৰচলিত) আৰু ChimeriVax-JE ( IMOJEV নামেৰে বজাৰত উপলব্ধ)[3]

১৯৩০ ৰ দশকত জাপানত ফৰ্মেলিনৰ দ্বাৰা নিস্ক্ৰিয় কৰা নিগনিৰ মগজুৰ পৰা উৎপাদন কৰা টীকাবিধ ১৯৬০ আৰু ১৯৮০ ৰ দশকত ক্ৰমান্বয়ে টাইৱান আৰু থাইলেণ্ডত প্ৰচলন কৰা হৈছিল৷ এই টীকাৰ বহুল ব্যৱহাৰে জাপান, কোৰিয়া, টাইৱান আৰু ছিংগাপুৰত জাপানিজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণ কৰি ৰাখিছে৷ জীৱন্ত নিগনিৰ দেহত উৎপাদন কৰা টীকাৰ অত্যাধিক মূল্যৰ বাবে দুখীয়া দেশসমূহে এতিয়াও নিয়মিত টীকাকৰণ প্ৰক্ৰিয়াত এই ৰোগৰ টীকাবিধ অন্তৰ্ভুক্ত কৰিব পৰা হোৱা নাই৷ [4]

চিকিৎসা[সম্পাদনা কৰক]

জাপানিজ এনকেফেলাইটিছ ৰোগৰ কোনো নিৰ্দিষ্ট (specific) চিকিৎসা নাই৷ এই ৰোগত সচৰাচৰ সহায়কাৰী চিকিৎসা (supportive) হে কৰা হয়৷ [5] এই ৰোগ এজন ৰোগীৰ পৰা অন্য সুস্থ লোকলৈ নিবিয়পে৷[উদ্ধৃতিৰ প্ৰয়োজন]

মহামাৰী বিজ্ঞান (Epidemiology)[সম্পাদনা কৰক]

সমগ্ৰ এছিয়াত বাৰ্ষিক প্ৰায় ৭০,০০০ লোক জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোৱা যায়৷[6] ইয়াৰ ভিতৰত এই ৰোগত মৃত্যুবৰণ কৰা ৰোগীৰ হাৰ প্ৰায় ০.৩%-৬০%৷ অনগ্ৰসৰ অঞ্চলত এই ৰোগ সংক্ৰমিত হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি৷

অতীতত জাপানিজ এনকেফেলাইটিছ ৰোগৰ সংহাৰী ৰূপৰ পিছত বৰ্তমান টীকাকৰণৰ যোগেদি ইয়াক নিয়ন্ত্ৰণলৈ আনিব পৰা দেশসমূহ হৈছে- চীন, কোৰিয়া, জাপান, টাইৱান আৰু থাইলেণ্ড৷ অন্যন্য দেশসমূহ যেনে ভিয়েটনাম, কম্বোডিয়া, ম্যানমাৰ, ভাৰত, নেপাল আৰু মালয়েছিয়াত বৰ্তমানেও এই ৰোগৰ সংক্ৰমণ হৈ থকা দেখা যায়৷

মানুহ, গৰু আৰু ঘোঁৰা এই ৰোগৰ সংক্ৰমণৰ অন্তিম পোষক (dead-end hosts )৷ গাহৰিৰ দেহত এই ৰোগৰ বীজাণুৰ দ্ৰুত বৃদ্ধি ঘটে আৰু সেয়েহে গাহৰিয়ে এই ৰোগ বিয়পোৱাত এক প্ৰধান ভূমিকা পালন কৰে৷ অৱশ্যে জাপানিজ এনকেফেলাইটিছ ভাইৰাছৰ প্ৰাকৃতিক পোষক (natural hosts) মানুহৰ পৰিৱৰ্ত্তে বনৰীয়া চৰাইহে বাবে এই ৰোগ সম্পূৰ্ণৰূপে নিৰ্মূল কৰা সম্ভৱ নহয় বুলি জনা যায়৷[7]

বিৱৰ্তন[সম্পাদনা কৰক]

এই ভাইৰাছ ১৫০০ ৰ দশকত ইণ্ডোনেছিয়া-মালয়েছিয়াত কোনো ভাইৰাছৰ বিৱৰ্তনৰ ফলত উৎপত্তি হৈছে বুলি ধাৰণা কৰা হয়৷ পৰৱৰ্ত্তীকালত ই পাঁচবিধ ভিন্ন জিন'টাইপলৈ বিৱৰ্ত্তিত হৈ এছিয়া মহাদেশত বিয়পি পৰে৷ [8]

ভাইৰ'লজি[সম্পাদনা কৰক]

জাপানিজ এনকেফেলাইটিছ ভাইৰাছ 'flavivirus' গোটৰ এটা ভাইৰাছ আৰু ই ৱেষ্ট নীল ভাইৰাছ (West Nile virus) তথা ছেইন্ট লুইছ এনকেফেলাইটিছ (St. Louis encephalitis) ভাইৰাছৰ ওচৰ সম্পৰ্কীয়৷ [9][10]

জাপানিজ এনকেফেলাইটিছ মানুহৰ চেৰামত এন্টিবডিৰ চিনাক্তকৰণ আৰু cerebrospinal fluid (IgM capture ELISA) দ্বাৰা ধৰা পেলোৱা হয়৷ [11]

তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. Solomon, T. (2006). "Control of Japanese encephalitis - within our grasp?". New England Journal of Medicine খণ্ড 355 (9): 869-71. doi:10.1056/NEJMp058263. PMID 16943399. 
  2. Japanese Encephalitis Virus reviewed and published by WikiVet, accessed 11 October 2011.
  3. Schiøler KL, Samuel M, Wai KL (2007). "Vaccines for preventing Japanese encephalitis". Cochrane Database Syst Rev (3): CD004263. doi:10.1002/14651858.CD004263.pub2. PMID 17636750. 
  4. Solomon, T. (2006). "Control of Japanese encephalitis - within our grasp?". New England Journal of Medicine খণ্ড 355 (9): 869-71. doi:10.1056/NEJMp058263. PMID 16943399. 
  5. Solomon T, Dung NM, Kneen R, Gainsborough M, Vaughn DW, Khanh VT (2000). "Japanese encephalitis". Journal of Neurology Neurosurgery and Psychiatry খণ্ড 68 (9): 405-15. doi:10.1136/jnnp.68.4.405. 
  6. Campbell GL, Hills SL, Fischer M, Jacobson JA, Hoke CH, Hombach JM, Marfin AA, Solomon T, Tsai TF, Tsu VD, Ginsburg AS (November 2011). "Estimmated global incidence of Japanese encephalitis: a systematic review". Bull World Health Organ খণ্ড 89 (10): 766-74. doi:10.2471/BLT.10.085233. PMID 3209971. 
  7. Ghosh D, Basu A (September 2009). Brooker, Simon. ed. "Japanese encephalitis-a pathological and clinical perspective". PLoS Negl Trop Dis খণ্ড 3 (9): e437. doi:10.1371/journal.pntd.0000437. PMID 19787040. PMC 2745699. http://dx.plos.org/10.1371/journal.pntd.0000437. 
  8. Mohammed MA, Galbraith SE, Radford AD, Dove W, Takasaki T, Kurane I, Solomon T (July 2011). "Molecular phylogenetic and evolutionary analyses of Muar strain of Japanese encephalitis virus reveal it is the missing fifth genotype". Infect Genet Evol খণ্ড 11 (5): 855–62. doi:10.1016/j.meegid.2011.01.020. PMID 21352956. 
  9. He B (March 2006). "Viruses, endoplasmic reticulum stress, and interferon responses". Cell Death Differ. খণ্ড 13 (3): 393–403. doi:10.1038/sj.cdd.4401833. PMID 16397582. http://www.nature.com/cdd/journal/v13/n3/full/4401833a.html. 
  10. Su HL, Liao CL, Lin YL (May 2002). "Japanese encephalitis virus infection initiates endoplasmic reticulum stress and an unfolded protein response". J. Virol. খণ্ড 76 (9): 4162–71. doi:10.1128/JVI.76.9.4162-4171.2002. PMID 11932381. PMC 155064. http://jvi.asm.org/cgi/content/full/76/9/4162. 
  11. Shrivastva A, Tripathi NK, Parida M, Dash PK, Jana AM, Lakshmana Rao PV (2008). "Comparison of a dipstick enzyme-linked immunosorbent assay with commercial assays for detection of Japanese encephalitis virus-specific IgM antibodies". J Postgrad Med খণ্ড 54 (3): 181–5. doi:10.4103/0022-3859.40959. PMID 18626163. http://www.jpgmonline.com/article.asp?issn=0022-3859;year=2008;volume=54;issue=3;spage=181;epage=185;aulast=Shrivastva. 

লগতে চাওক[সম্পাদনা কৰক]

  • Clark, Michael; Kumar, Parveen J. (2002). Clinical Medicine (5th সম্পাদনা). প্ৰকাশক London: W B Saunders. ISBN 0-7020-2579-8. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]