জামদানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পৰম্পৰাগত জামদানী বস্ত্ৰ
জামদানী শাৰী প্ৰসিদ্ধ সোণাৰগড় চহৰ
দেশবাংলাদেশ
ক্ষেত্ৰপ্ৰম্পৰাগত হস্তশিল্প
প্ৰসংগ৮৭৯
অঞ্চলএছিয়া
শিলালিপিৰ ইতিহাস
শিলালিপি২০১৩ (৮ম session)


জামদানী (ইংৰাজী: Jamdani) হৈছে বাংলাদেশৰ নাৰায়ণগঞ্জ জিলাৰ শীতলখোৱা নদীৰ পাৰৰ দক্ষিণ ৰূপসীত যুগ যুগৰে পৰা উৎপাদিত এবিধ মিহি মছলিন বস্ত্ৰ। ঐতিহাসিক জামদানী বস্ত্ৰৰ উৎপাদনক প্ৰতিশ্ৰুতিসম্পন্ন মোগল সম্ৰাটসকলে সাম্ৰাজ্যবাদী ক্ষমতাৰ দ্বাৰা পৃষ্ঠপোষকতা কৰিছিল। কালক্ৰমত ব্ৰিটিছ ঔপনিৱেশিকতাবাদৰ অধীনত ক্ষীপ্ৰগতিত ঔদ্যোগিকভাৱে নিৰ্মিত বস্ত্ৰশিল্পৰ অনুকূল ঔপনিৱেশিক আমদানি নীতিৰ বাবে বাঙালী জামদানী আৰু মছলিন উদ্যোগ হ্ৰাস পায়। অতি সম্প্ৰতি শেহতীয়া বছৰবোৰত বাংলাদেশত জামদানী উৎপাদন পুনৰুজ্জীৱিত হৈ পৰিছে। সাধাৰণতে কপাহ আৰু সোণালী সূতাৰ মিশ্ৰণ ব্যৱহাৰ কৰি জামদানী বোৱা হয়। ২০১৩ চনত জামদানী বোৱাৰ পৰম্পৰাগত কলাক ইউনেস্ক’ৰ দ্বাৰা মানৱসৃষ্ট অস্পষ্ট সাংস্কৃতিক ঐতিহ্য হিচাপে ঘোষণা কৰা হয়। [1][2][3] ২০১৬ চনত বাংলাদেশৰ জামদানীয়ে ভৌগোলিক সংকেত (GI Tag) লাভ কৰে।[4]

ব্যুৎপত্তিবিজ্ঞান[সম্পাদনা কৰক]

বংগ অঞ্চলৰ বহুতো প্ৰাচীন বস্ত্ৰ বয়ন কেন্দ্ৰৰ ভিতৰত অন্যতম ঢাকা চহৰৰ নামেৰে জামদানীক প্ৰথমে ঢাকাই নামেৰে জনা গৈছিল।[5] মোগল সাম্ৰাজ্যত সেই সময়ত পাৰ্চী শব্দ “জামদানী’’ জনপ্ৰিয় হৈ পৰে, যিহেতু পাৰ্চী মোগলৰ ৰাজকীয় ভাষা আছিল। জামদানীক জনপ্ৰিয়ভাৱে ঢাকাই জামদানী বা সৰলভাৱে ঢাকাই বুলি জনা যায়। ইয়াৰ উদ্যোগ হিচাপে বিকাশিত জামদানীৰ আটাইতকৈ পুৰণি নমুনা বাংলাদেশৰ ঢাকাত পোৱা যায়।

উৎপত্তি[সম্পাদনা কৰক]

মছলিনৰ ভাৰতীয় উৎপত্তিৰ প্ৰাৰম্ভিক তথ্যৰ উল্লেখ ইৰিথ্ৰিয়ান সাগৰৰ পেৰিপ্লাছ নামৰ কিতাপখনত আৰু আৰবী, চীনা আৰু ইটালীৰ ভ্ৰমণকাৰী আৰু ব্যৱসায়ীসকলৰ বিৱৰণীসমূহত পোৱা যায়। জামদানী হৈছে কপাহৰ পৰা তৈয়াৰী সূতাৰ হাতৰ তাঁতশালত বোৱা কাপোৰ, যাক ঐতিহাসিকভাৱে মছলিন বুলি কোৱা হৈছিল। জামদানী বয়ন পৰম্পৰা বাংলা মূলৰ। ই হাতৰ তাঁতশালত বোৱা অন্যতম সময় খৰচী আৰু শ্ৰমসাধ্য প্ৰকাৰ,[6] আৰু ইয়াক মছলিনৰ উন্নত প্ৰজাতিবোৰৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়, আৰু বাংলাদেশী শিপিনীসকলৰ আটাইতকৈ বেছি কলাত্মক বয়নশিল্প হিচাপে গণ্য কৰা হয়। পৰম্পৰাগতভাৱে ঢাকাৰ চাৰিওফালে বোৱা আৰু তাঁতশালৰ ব্ৰকেডত সৃষ্টি কৰা জামদানী কৌশলপূৰ্ণ সূচীকৰ্মৰে সমৃদ্ধ। ১৯ শতিকাৰ শেষৰ ফালে টি এন মুখাৰ্জীয়ে এই কাপোৰখনক জামদানী মছলিন বুলি উল্লেখ কৰিছিল।

বয়ন[সম্পাদনা কৰক]

পৰম্পৰাগত জামদানী বয়ন

আকৃতিৰে হওক বা ফুলৰে হওক, জামদানী হৈছে কপাহৰ সূতাৰে বোৱা কাপোৰ। এইটো পৰিপূৰক বাণীসূতা বোৱা কৌশল, য’ত ভাঁজ লোৱা সূতাবোৰ একেলগে ধৰি ৰাখি গুণগত মানৰ উপৰি কলাত্মক মটিফবোৰ ওপৰঞ্চি বাণীসূতাৰ দ্বাৰা সৃষ্টি কৰা হয়। উপযুক্ত বাণীয়ে এখন মিহি, উজ্জ্বল কাপোৰ সৃষ্টি কৰে আনহাতে ডাঠ সূতাৰ সৈতে পৰিপূৰক বাণীয়ে ইয়াত জটিল আৰ্হিসমূহ যোগ কৰে। প্ৰতিটো পৰিপূৰক বাণীসূতা বা ফুলৰ সূতা হাতেৰে পৃথকে পৃথকে যোগ কৰা হয়, সূতাৰ পৃথক মহুৰা ব্যৱহাৰ কৰি মিহি বাঁহৰ লাঠিৰে বাণীৰ সূতাবোৰ তাঁতত আন্তঃসংলগ্ন কৰা হয়। ফলত বিভিন্ন জটিল আৰ্হিৰ মিশ্ৰণ ঘটে যিবোৰ দৃশ্যমান কাপোৰৰ পৃষ্ঠত ওপঙি থকা যেন লাগে। কাপোৰৰ ওপৰত আৰ্হিটো স্কেচ বা ৰূপৰেখা কৰা নহয়, বৰঞ্চ গ্ৰাফ পেপাৰত অংকন কৰি বৈ থকা কাপোৰৰ ভাঁজৰ তলত ৰখা হয়। জামদানী হৈছে এটা মিহি মছলিন কাপোৰ যাৰ ওপৰত তাঁতশালত সৌন্দৰ্যবৰ্ধক আকৃতি বোৱা হয়, সাধাৰণতে ধূসৰ আৰু বগা ৰঙৰ। এই কামত প্ৰায়ে কপাহ আৰু সোণৰ সূতাৰ মিশ্ৰণ ব্যৱহাৰ কৰা হৈছিল।

বিভিন্ন ধৰণৰ জামদানী[সম্পাদনা কৰক]

যদিও বেছিভাগেই শাড়ীৰ বাবে ব্যৱহাৰ কৰা হয়, জামদানী স্কাৰ্ফ আৰু ৰুমাল তৈয়াৰ বাবেও ব্যৱহাৰ কৰা হয়। জামদানী বংগৰ প্ৰাচীন কাপোৰ নিৰ্মাণ কৌশল(সম্ভৱতঃ ২০০০ বছৰ পুৰণি)ৰ সৈতে ১৪ শতিকাৰ পৰা বঙালী মুছলমানসকলে উৎপাদন কৰা মছলিন কাপোৰৰ সংমিশ্ৰণ বুলি বিশ্বাস কৰা হয়। জামদানী ঢাকাৰ তাঁতশালৰ আটাইতকৈ দামী সামগ্ৰী যিহেতু ইয়াৰ বাবে আটাইতকৈ দীঘলীয়া আৰু নিষ্ঠাসহকাৰে কাম কৰাৰ প্ৰয়োজন হয়। জামদানী আৰ্হি বেছিভাগেই জ্যামিতিক, উদ্ভিদ আৰু ফুলৰ ডিজাইন আৰু এইবোৰ হাজাৰ হাজাৰ বছৰৰ আগতে উৎপত্তি হোৱা বুলি কোৱা হয়। নিষ্ঠাসহকাৰে কৰা কষ্টকৰ পদ্ধতিৰ বাবে কেৱল অভিজাত আৰু ৰাজকীয় পৰিয়ালেহে এনে বিলাসী সামগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল।

যুগ সাপেক্ষ পৰিৱৰ্তন[সম্পাদনা কৰক]

জামদানী কেতিয়া তাঁতশালৰ পছ-লতাৰ আৰ্হিৰে সজোৱা হ’ল আমি সঠিকভাৱে নাজানো। কিন্তু এইটো নিশ্চিত যে মোগল যুগত, সম্ভৱতঃ সম্ৰাট আকবৰ (১৫৫৬–১৬০৫) বা সম্ৰাট জাহাংগীৰ (১৬০৫–১৬২৭)ৰ ৰাজত্বকালত, আকৃতিযুক্ত বা ফুলৰ মছলিন জামদানী নামেৰে জনাজাত হ’ল। জন ফৰ্বছ ৱাটছনে ভাৰতীয় জনসাধাৰণৰ বস্ত্ৰ নিৰ্মাণ আৰু সাজ-পোছাক শীৰ্ষক গ্ৰন্থত কৈছে যে আকৃতিযুক্ত মছলিনক ইয়াৰ জটিল ডিজাইনৰ বাবে সদায় ঢাকাৰ তাঁতশালৰ আটাইতকৈ ব্যয়বহুল উৎপাদন বুলি গণ্য কৰা হৈছিল।[7] ১৭৭৬ চনত এটা টুকুৰাৰ মূল্য ৫৬ লিব্ৰা বুলি লিপিবদ্ধ কৰা হৈছিল। [8]

অৱনতি আৰু পতন[সম্পাদনা কৰক]

১৯ শতিকাৰ মাজভাগৰ পৰা ক্ৰমান্বয়ে জামদানী শিল্পৰ অৱনতি ঘটিছিল। এই অৱনতিত কেইবাটাও কাৰকে অৰিহণা যোগাইছিল। পৰৱৰ্তী সময়ত ইউৰোপৰ পৰা নিম্নমানৰ, কিন্তু সস্তীয়া সূতাৰ আমদানিৰ ফলত এই অৱনতিৰ সূচনা হ’ল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ভাৰতত মোগল ক্ষমতাৰ অৱনতি ঘটাত, জামদানীৰ উৎপাদকসকলে তেওঁলোকৰ আটাইতকৈ প্ৰভাৱশালী পৃষ্ঠপোষকতা হেৰুৱাই পেলালে। এসময়ত জামদানী উদ্যোগৰ বাবে বিখ্যাত মধুৰাপুৰ আৰু জংগলবাৰী, (দুয়োখন কিশোৰগঞ্জ জিলাৰ)ৰ দৰে গাঁওবোৰ ক্ৰমান্বয়ে বিস্মৃতিৰ গৰ্ভলৈ সোমাই গ’ল।

সমস্যা[সম্পাদনা কৰক]

জামদানী শাড়ী বিক্ৰী কেন্দ্ৰ, সোণাৰগাঁও, বাংলাদেশ

এখন ৰাষ্ট্ৰীয় দৈনিক কাকতৰ মতে, এজন জ্যেষ্ঠ তাঁতী বা ওস্তাদে প্ৰতিমাহে প্ৰায় ২৫০০ৰ পৰা ৩০০০ টকা উপাৰ্জন কৰে। জুনিয়ৰ শিপিনীসকলে বহুত কম পায়, প্ৰায় ১৬০০ টকা। ফলত বহু শিপিনীয়ে নিজৰ সন্তানক এই বৃত্তিটোলৈ অহাটো নিবিচাৰে, তেওঁলোকে তাতকৈ অধিক লাভজনক সাজ-পাৰৰ উদ্যোগটোক পছন্দ কৰে। চৰকাৰৰ লগতে অন্যান্য সংগঠনে বৰ্তমান ঢাকাই জামদানীৰ পুৰণি গৌৰৱক পুনৰুজ্জীৱিত কৰাৰ চেষ্টা চলাইছে। মধ্যভোগীসকলক এৰাই চলাৰ প্ৰয়াসত তেওঁলোকে শিপিনীসকলৰ সৈতে প্ৰত্যক্ষ যোগাযোগ স্থাপনৰ চেষ্টা চলাইছে। ঢাকাৰ সমীপত স্থাপন কৰা হৈছে এখন জামদানী পল্লী বা গাঁও। বাংলাদেশৰ কুটীৰ উদ্যোগৰ অন্যতম পুৰণি কুটীৰ শিল্প জামদানী এসময়ত মৃত্যুমুখত পৰা ব্যৱসায় আছিল। ৰেডিয়েণ্ট ইনষ্টিটিউট অৱ ডিজাইন, শান্তো মাৰিয়াম ইউনিভাৰ্চিটি অৱ ক্ৰিয়েটিভ টেকন’লজি, নেচনেল ইনষ্টিটিউট অৱ ডিজাইন আদিৰ দৰে সংস্থাই ডিজাইনাৰসকলক বৰ্তমান নতুন জামদানী ডিজাইন তৈয়াৰ কৰাত সহায় কৰি আছে। জামদানী আভিজাত্যৰ প্ৰতীক। গুণগত মানৰ জামদানী শাড়ীৰ বাবে বছৰি ইয়াৰ চাহিদা বহু পৰিমাণে বৃদ্ধি পাইছে।

ভৌগোলিক সংকেত[সম্পাদনা কৰক]

২০১৬ চনত বাংলাদেশে জামদানী শাৰীৰ ভৌগোলিক সংকেত (GI Tag) মৰ্যাদা লাভ কৰিছিল।[4] ই আছিল যিকোনো বাংলাদেশী সামগ্ৰীক দিয়া প্ৰথমটো জি আই মৰ্যাদা।

পুনৰুজ্জীৱিতৰ প্ৰচেষ্টা[সম্পাদনা কৰক]

আনহাতে বৰ্তমানৰ সমস্যা যেনে সস্তীয়া আৰু অধিক লাভজনক কাপোৰৰ প্ৰতিযোগিতাৰ লগতে শিপিনীৰ বাবে উপযুক্ত পাৰিতোষিকৰ অভাৱৰ বাবে জামদানীৰ কলা হ্ৰাস পাইছে। অৱশ্যে শেহতীয়াকৈ কেইটামান উৎসাহজনক লক্ষণ দেখা গৈছে। উদাহৰণস্বৰূপে, ভাৰত চৰকাৰে জামদানী শাড়ীৰ ওজা শিপিনি, পশ্চিম বংগৰ বীৰেণ কুমাৰ বছাকক দেশৰ চতুৰ্থ উচ্চ অসামৰিক বঁটা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে। বীৰেণ কুমাৰ বছাকক প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ কামৰ বাবে পোৱা বঁটা আৰু স্বীকৃতিক বংগৰ জামদানী সম্প্ৰদায়ৰ ভৱিষ্যতৰ বাবে শুভ লক্ষণ বুলিও প্ৰশংসা কৰে।[9] বাংলাদেশৰ ৰাষ্ট্ৰীয় শিল্প পৰিষদৰ সহযোগত চন্দ্ৰ শেখৰ সাহাই “কিউৰেটৰ জামদানী ফেষ্টিভেল অৱ ৱেয়াৰেবল আৰ্ট’’ৰ দৰে প্ৰদৰ্শনী এখন ২০২৩ চনৰ জুলাই মাহত বাংলাদেশত অনুষ্ঠিত কৰিছিল যাতে বহনক্ষমভাৱে উৎপাদিত আৰু হাতেৰে বোৱা জামদানী শাড়ীসমূহৰ প্ৰদৰ্শন কৰা হয়।[10] তদুপৰি, ডিজাইনাৰ টাৰিনা সেনৰ “TARINA’’ৰ দৰে ব্ৰেণ্ডে সমসাময়িক সাজ-পোছাক তৈয়াৰ কৰি জামদানীৰ পৰম্পৰাগত শিল্পকলা সংৰক্ষণৰ প্ৰয়াস কৰিছে। “TARINA’’ৰ দৰে ব্ৰেণ্ডৰ লেবেলে আধুনিক আৰু পৰম্পৰাগত ডিজাইনৰ সামঞ্জস্য উপস্থাপন কৰা আকৰ্ষণীয় কাপোৰ সৃষ্টি কৰি নৱ প্ৰজন্মৰে গঠিত নতুন বজাৰত উপনীত হৈ পশ্চিম বংগ আৰু ওড়িশাৰ জামদানি শিপিনীসকলক সহায় কৰিবলৈ চেষ্টা কৰিছে।[11]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "jamdani". britannica.com. http://www.britannica.com/EBchecked/topic/299805/jamdani। আহৰণ কৰা হৈছে: 2013-12-04. 
  2. "Jamdani recognised as intangible cultural heritage by Unesco". The Daily Star. http://www.thedailystar.net/beta2/news/jamdani-recognised-as-intangible-cultural-heritage-by-unesco/। আহৰণ কৰা হৈছে: 2013-12-04. 
  3. "Traditional art of Jamdani weaving". UNESCO Culture Sector. http://www.unesco.org/culture/ich/index.php?lg=en&pg=00011&RL=00879। আহৰণ কৰা হৈছে: 2013-12-04. 
  4. 4.0 4.1 "Jamdani Sari gets GI registration certificate". The Daily Star. https://www.thedailystar.net/country/jamdani-sari-gets-gi-registration-certificate-1316203. 
  5. "Dhakais in danger". Lifestyle. The Daily Star. Archived from the original on 2021-06-08. https://web.archive.org/web/20210608090248/http://archive.thedailystar.net/lifestyle/2009/04/04/centre.htm। আহৰণ কৰা হৈছে: 2012-06-28. 
  6. Mahapatra, N. N. (2016). Sarees of India. Woodhead Publishing India PVT. Limited. পৃষ্ঠা. 72. ISBN 9789385059698. 
  7. Glassie, Henry; Mahmud, Firoz (2007). Living Traditions. Cultural Survey of Bangladesh Series-II. প্ৰকাশক Dhaka: Asiatic Society of Bangladesh. পৃষ্ঠা. 351. OCLC 930683574. 
  8. Watson, John Forbes (1866) (en ভাষাত). The Textile Manufactures and the Costumes of the People of India. India Office. পৃষ্ঠা. 79. https://books.google.com/books?id=KAxCAQAAMAAJ&q=Textile+Manufactures+and+Costumes+of+the+people+of+India. 
  9. "Ache Din for Jamdani community: Weaver Biren Kumar Basak gets Modi sari gift with Padma Shri". The Indian Express. 2021-11-08. https://indianexpress.com/article/lifestyle/art-and-culture/ache-din-jamdani-community-weaver-biren-kumar-basak-modi-sari-gift-padma-shri-7621080/. 
  10. "Jamdani Exposition in the City". The Daily Star. 2023-07-20. https://www.thedailystar.net/news/bangladesh/news/jamdani-exposition-the-city-3376891. 
  11. "Tarina to hold jamdani exhibition at Artix fair in Delhi". Fashion Network. 2023-08-22. https://in.fashionnetwork.com/news/Tarina-to-hold-jamdani-exhibition-at-artix-fair-in-delhi,1545483.html.