জামবাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জামবাৰী অসমৰ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত বনগাঁও মৌজাৰ এখন অন্যতম গাঁও৷ জামবাৰীত এছিয়াৰ প্ৰথমটো বাঁহ উদ্যোগ স্থাপন কৰা হৈছে৷ মামণি ৰয়ছম গোস্বামীৰ উপৰি পুৰুষে আমৰাঙাত বসতি স্থাপন কৰাৰ পূৰ্বে জামবাৰীত বসবাস কৰিছিল৷ জামবাৰীত তেওঁলোকৰ উপৰি পুৰুষৰ সত্ৰ জামবাৰী সত্ৰৰ নিশ্চিহ্ন ৰূপ বৰ্তমানেও বিদ্যমান৷ এই সত্ৰৰ বৰ্তমান ৰূপ গোপীনাথ আশ্ৰিত গোঁসাইঘৰত প্ৰতি বছৰে মাঘ মাহৰ অমাৱশ্যা তিথিত ঐতিহাসিক পৰম্পৰাগত সভা অনুষ্ঠিত হয়৷ 'দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা' উপন্যাসতো জামবাৰীৰ কথা উল্লেখ কৰা হৈছে৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]