জাৰ্মান শ্বেফাৰ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জাৰ্মান শ্বেফাৰ্ড (ইংৰাজী: German Shepherd) হৈছে জাৰ্মানীত উৎপন্ন হোৱা মধ্যমৰ পৰা ডাঙৰ আকাৰৰ কৰ্মৰত কুকুৰৰ এটা প্ৰজাতি। এফ চি আইৰ মতে, প্ৰজাতিটোৰ ইংৰাজী ভাষাৰ নাম জাৰ্মান শ্বেফৰ্ড। প্ৰথম বিশ্বযুদ্ধৰ পিছৰ পৰা ১৯৭৭ চনলৈকে ইউ কেত "এলচেটিয়ান উল্ফ ডগ" হিচাপে জনাজাত এই প্ৰজাতিটো আনুষ্ঠানিকভাৱে নাম জাৰ্মান শ্বেফৰ্ডলৈ সলনি কৰা হৈছিল। [1] বাহ্যিকভাৱে ইয়াৰ নেকড়ে বাঘৰ লেখিয়া চেহেৰা স্বত্বেও, জাৰ্মান শ্বেফৰ্ড হৈছে এক তুলনামূলকভাৱে আধুনিক প্ৰজাতিৰ কুকুৰ, যাৰ উৎপত্তি হৈছিল ১৮৯৯ চনত।

জাৰ্মান শ্বেফৰ্ড কুকুৰ মূলতঃ ভেড়া পালনৰ বাবে বিকশিত কৰা হৈছিল। কিন্তু সেই সময়ৰ পৰা, তেওঁলোকৰ শক্তি, বুদ্ধিমত্তা, প্ৰশিক্ষণযোগ্যতা আৰু আজ্ঞাকাৰীতাৰ বাবে, বিশ্বজুৰি জাৰ্মান শ্বেফৰ্ডসকল প্ৰায়ে বিভিন্ন প্ৰকাৰৰ কামৰ বাবে পছন্দৰ প্ৰজাতি হৈ পৰে। উদাহৰন স্বৰুপে বিকলাঙ্গতাৰ সহায়, অনুসন্ধান আৰু উদ্ধাৰ, আৰক্ষী আৰু সামৰিক ভূমিকা, অভিনয় ইত্যাদি। জাৰ্মান শ্বেফৰ্ড হৈছে আমেৰিকান কেনেল ক্লাবৰ দ্বাৰা দ্বিতীয় সৰ্বাধিক পঞ্জীভুক্ত প্ৰজাতি[2] আৰু ব্ৰিটেইনৰ কেনেল ক্লাবৰ দ্বাৰা সপ্তম সৰ্বাধিক পঞ্জীভুক্ত প্ৰজাতি।[3]

বিৱৰণ[সম্পাদনা কৰক]

জাৰ্মান শ্বেফাৰ্ডবোৰ মধ্যমীয়াৰ পৰা ডাঙৰ আকাৰৰ কুকুৰ।[4] মতা কুকুৰ প্ৰজাতিৰ উচ্চতা ৬০-৬৫ চেমি (২৪-২৬ ইঞ্চি) আৰু মাইকী কুকুৰৰ ৫৫-৬০ চেমি (২২-২৪ ইঞ্চি)। [5][6][7] জাৰ্মান শ্বেফৰ্ডবোৰ ওখতকৈ দীঘল বেছি হয়। তেওঁলোকৰ কপাল গম্বুজযুক্ত, দীঘল বৰ্গ-কটা মুখ আৰু শক্তিশালী হনু আৰু ক'লা নাক থাকে। চকুবোৰ মজলীয়া আকাৰৰ আৰু মুগা। কাণবোৰ ডাঙৰ আৰু থিয় হৈ থাকে, সন্মুখৰ ফালে খোলা। কিন্তু চলাচলৰ সময়ত কাণদুখন প্ৰায়ে পিছলৈ হালি যায়। জাৰ্মান শ্বেফৰ্ডৰ ডিঙি দীঘল হয়, যি দ্ৰুত গতিত চলাচল কৰাৰ সময়ত আৰু অনুসৰণ কৰোঁতে উত্তেজিত হৈ ঠিয় হৈ যায়। নেজটো নোমেৰে জোপোহা হয়। [6]

ফটো গেলেৰী[সম্পাদনা কৰক]

উৎস[সম্পাদনা কৰক]

  1. Morn (2008), পৃষ্ঠা. 20.
  2. "AKC Dog Registration Statistics". http://www.akc.org/reg/dogreg_stats.cfm. 
  3. "Top Twenty Breeds in Registration Order for the Years 2015 and 2016". The Kennel Club. https://www.thekennelclub.org.uk/media/1098176/top_20_breeds_2015_-_2016.pdf। আহৰণ কৰা হৈছে: 22 January 2018. 
  4. "Can the German Shepherd Be Saved?". ABC News. 28 October 2011. https://abcnews.go.com/International/german-shepherd-saved/story?id=14835907। আহৰণ কৰা হৈছে: 21 August 2018. 
  5. "USA German Shepherd Dog Standard". United Schutzhund Clubs of America. http://www.germanshepherddog.com/regulations/breed_standard.htm. 
  6. 6.0 6.1 "FCI Standard No 166". Australian National Kennel Council. 23 March 1991. http://www.ankc.org.au/Breed_Details.aspx?bid=143। আহৰণ কৰা হৈছে: 24 February 2013. 
  7. Breed Standard For The White German Shepherd Dog, White German Shepherd Dog Club Of America, Inc., September 1997, http://www.wgsdca.org/thebreed/breedstandard.asp