সমললৈ যাওক

জিমখানা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১৮৯০ চনত কৰাচী জিমখানা ক্লাব

জিমখানা (/ˈɪmˈkɑːnə/) ব্ৰিটিছ ঔপনিৱেশিক শাসনকালৰ এটা শব্দ যাৰ দ্বাৰা প্ৰথমে জনসমাগমস্থলক বুজোৱা হৈছিল। তাৰ পিছত শব্দটোৰ অৰ্থটো সলনি কৰি দক্ষতাভিত্তিক প্ৰতিযোগিতা অনুষ্ঠিত হোৱা ঠাইক বুজাবলৈ আৰম্ভ কৰা হয়। "জিমখানা" হৈছে এংলো-ভাৰতীয় অভিব্যক্তি, যিটো পাৰ্চী শব্দ "জামাত-খানা"ৰ পৰা উদ্ভৱ হৈছে।[1] প্ৰায়বোৰ জিমখানাৰ সৈতে একোটাকৈ "জিমখানা ক্লাব" জড়িত হৈ থাকে। আচলতে, এই উক্তিটো ব্ৰিটিছ শাসনকালত "ভদ্ৰলোকৰ ক্লাব" বুজাবলৈ উদ্ভাৱন কৰা হৈছিল।

অধিক সাধাৰণভাৱে ক’বলৈ গ’লে ভাৰতীয় উপমহাদেশকে ধৰি দক্ষিণ-পূব এছিয়া (মালয়েছিয়া, থাইলেণ্ড, বাৰ্মা, আৰু ছিংগাপুৰ) আৰু পূব আফ্ৰিকাত জিমখানাই তাত থকা সামাজিক আৰু ক্ৰীড়া ক্লাবসমূহক বুজায়।

ব্যুৎপত্তি

[সম্পাদনা কৰক]
বম্বে জিমখানা বা বম্বে জিম

জিমখানা শব্দটোৰ প্ৰথম উপাদানটো হিন্দুস্তানী ভাষাৰ শব্দ গেন্দ অৰ্থাৎ বলৰ পৰা আহিছে।[2] এই উপাদানটো ইংৰাজী শব্দ জিমনেছিয়াম আৰু জিমনাষ্টিকছৰ সংক্ষিপ্ত ৰূপ জিমৰ পৰা পৃথক। ইয়াৰ উৎপত্তিস্থল গ্ৰীক আৰু লেটিন ভাষা।[3] দ্বিতীয় উপাদানটো পাৰ্চী ভাষাৰ শব্দ খানাৰ পৰা উদ্ভৱ হৈছে। পাৰ্চী ভাষাত ইয়াৰ অৰ্থ হ'ল ঘৰ বা বাসস্থান।[4] মোগল সাম্ৰাজ্যৰ দৰবাৰী ভাষা আছিল পাৰ্চী।

লগতে চাওক

[সম্পাদনা কৰক]

লগতে পঢ়ক

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. MacMillan, Michael (1895). The Globe Trotter in India Two Hundred Years Ago: And Other Indian Studies. S. Sonnenschein & Company. পৃষ্ঠা. 91. https://archive.org/details/globetrotterinin00macmrich. 
  2. Parekh, Rauf (2021-07-05). "Origin of 'gymkhana' and 'kanjee house'" (en ভাষাত). DAWN.COM. https://www.dawn.com/news/1633210। আহৰণ কৰা হৈছে: 2021-08-03. 
  3. Oxford Dictionaries Gymnasium etymology[সংযোগবিহীন উৎস]
  4. From Loghat'nāmeh-ye Dehkhoda, Third Edition (Tehran University Press, 2006), quoted from Borhān-e Ghāte' by Mohammad Moin.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]