জীৱাণুসাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
Blue-green algae cultured in specific media. Blue-green algae can be helpful in agriculture as they have the capability to fix atmospheric nitrogen to soil. This nitrogen is helpful to the crops. Blue-green algae is used as a bio-fertilizer.

‘‘‘জীৱাণুসাৰ’’’ হ’ল মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা কিছুমান অণুজীৱ আৰু এইবোৰ বহন কৰা বাহক পদাৰ্থৰ এক মিশ্ৰণ। ইতিমধ্যে বিজ্ঞানীসকলে সাৰ যোগান ধৰিব পৰা কিছুমান অণুজীৱ চিনাক্ত কৰিছে আৰু বাহক পদাৰ্থৰ সংমিশ্ৰণৰে জীৱাণুসাৰ প্ৰস্তুত কৰিছে। অৱশ্যে শস্যভেদে জীৱাণুসাৰ বেলেগ বেলেগ । মাটিৰ টুটি অহা উৰ্বৰতা শক্তি বৃদ্ধিৰ বাবে প্ৰয়োজন হোৱা সাৰৰ চাহিদা পূৰাবলৈ এক বিকল্প উৎসৰ আৱশ্যক হৈ পৰিছে। এটা হিচাবত দেখা গৈছে যে ভাৰতবৰ্ষত ২০২০ চনত যি পৰিমাণৰ খাদ্যসামগ্ৰীৰ আৱশ্যক হ’ব সেইখিনি উৎপাদন কৰিবলৈ ২৮.৮ মিলিয়ন টন সাৰৰ প্ৰয়োজন হ’ব। আনহাতে সেই সময়লৈ দেশে কেৱল ২১.৬ মিলিয়ন টন সাৰ উৎপাদন কৰিবলৈহে সক্ষম হ’ব। অৰ্থাৎ ৭.২মিলিয়ন টন সাৰৰ ঘাটি পূৰাবলগীয়া হ’ব।[1] এই ঘাটি পূৰাবলৈ বিকল্প হিচাপে জৈৱিকসাৰৰ প্ৰয়োজন হৈ পৰিছে। তদুপৰি বৰ্তমান ৰাসায়নিক সাৰৰ মূল্য বৃদ্ধি হোৱাৰ বাবেও জীৱাণুসাৰৰ ব্যৱহাৰ ক্ৰমে বাঢ়িলৈ ধৰিছে। আনহাতে জৈৱিক কৃষিমাটিৰ উৰ্বৰতা শক্তি বৃদ্ধিৰ বাবে পচন সাৰ, সেউজ সাৰ, কেঁচুসাৰ আদিৰ লগতে জীৱাণুসাৰৰ প্ৰয়োগৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়।

জীৱাণুসাৰ কি?[সম্পাদনা কৰক]

বতাহত প্ৰায় ৭৭ শতাংশ নাইট্ৰ’জেন আছে । কিন্তু উদ্ভিদে পৰিপুষ্টিৰ বাবে এই ভাগ নাইট্ৰ’জেন পোনপটীয়াকৈ বতাহৰ পৰা আহৰণ কৰিব নোৱাৰে। মাটিত থকা কিছুমান অণুজীৱই বায়ুমণ্ডলৰ পৰা নাইইট্ৰ’জেন আহৰণ কৰি উদ্ভিদক যোগান ধৰে। সেইদৰে আন কিছুমান অণুজীৱই মাটিত অদ্ৰৱীভূত ৰূপত থকা ফছফৰাছক দ্ৰৱীভূত ৰূপলৈ পৰিৱৰ্তন কৰি গছে আহৰণ কৰিব পৰা অৱস্থালৈ আনে। এনেবোৰ অণুজীৱক বাহক পদাৰ্থৰ লগত মিহলাই জীৱাণুসাৰ প্ৰস্তুত কৰা হয়। বাহক পদাৰ্থ হিচপে কয়লা গুৰি, ছাঁই, কাঠৰ গুৰি, শুকান মাটি,বালি আদি ব্যৱহাৰ কৰা হয়।

জীৱাণুসাৰৰ প্ৰয়োজনীয়তা[সম্পাদনা কৰক]

  1. ৰাসায়নিক সাৰৰ নাটনি পূৰাবলৈ
  2. ৰাসায়নিক সাৰৰ অত্যাধিক প্ৰয়োগৰ বাবে মাটিৰ গুণাগুণ নষ্ট হোৱা ৰোধ কৰিবলৈ
  3. নাইট্ৰ’জেনযুক্ত সাৰৰ অত্যাধিক প্ৰয়োগৰ বাবে দূষিত হৈ পৰা বায়ু আৰু পানী বিপদমুক্ত কৰিবলৈ
  4. ক্ৰমবৰ্ধমান মূল্যৰ বাবে সুষম পৰিমাণত সাৰ প্ৰয়োগ কৰিবলৈ অপাৰগ হোৱা ক্ষুদ্ৰ আৰু মজলীয়া কৃষকক সকাহ দিবলৈ
  5. সাৰ কাৰখানাৰ বাবে হোৱা প্ৰদূষণ হ্ৰাস কৰিবলৈ

জীৱাণুসাৰৰ উপকাৰীতা[সম্পাদনা কৰক]

  1. শস্য বিশেষে উৎপাদন ২০-৩০% বৃদ্ধি পায়
  2. প্ৰয়োজন হোৱা নাইট্ৰ’জেন আৰু ফছফৰাছযুক্ত সাৰৰ ২৫% যোগান ধৰিব পাৰে
  3. উদ্ভিদৰ শ্ৰীবৃদ্ধিত সহায় কৰে
  4. মাটিৰ জৈৱিক প্ৰক্ৰিয়া সক্ৰিয় কৰে
  5. মাটিৰ স্বাৱাভিক উৰ্বৰতা অটুত ৰাখে
  6. খৰাং পৰিস্থিতি সুৰক্ষা দিয়াৰ লগতে মাটিত থকা কেতবোৰ বীজাণুৰ আক্ৰমণৰ পৰা উদ্ভিদক ৰক্ষা কৰে
  7. পৰিৱেশ তথা জীৱ-জন্তুৰ অনিষ্টসাধন নকৰে

জীৱাণুসাৰৰ প্ৰকাৰ[সম্পাদনা কৰক]

যোগান ধৰা মৌলৰ ওপৰত ভিত্তি কৰি জীৱাণুসাৰ প্ৰধানকৈ দুটা প্ৰকাৰত ভাগ কৰা হয়- ক) নাইট্ৰ’জেন সৰবৰাহকাৰী, খ) ফছফৰাছ দ্ৰৱীভূতকাৰী ক) নাইট্ৰ’জেন সৰবৰাহকাৰীঃ- বিজ্ঞানীসকলে কেতবোৰ অণুজীৱক বাহক পদাৰ্থৰ লগত মিহলাই সাৰ হিচাপে ব্যৱহাৰ কৰি উদ্ভিদক নাইইট্ৰ’জেন মৌল যোগান ধৰিবলৈ সক্ষম হৈছে। এই জীৱাণুকেইবিধ হ’ল- ৰাইজ’বিয়াম, এজ’স্পাইৰিলাম , এচিট’বেক্টাৰ আৰু এজ’ট’বেক্টাৰ। এই কেইবিধক ব্যৱহাৰ কৰি নাইট্ৰ’জেন সৰবৰাহকাৰী জীৱাণুসাৰ প্ৰস্তুত কৰা হয় আৰু অণুজীৱৰ নাম অনুসৰি সাৰকেইবিধক জনা যায়। খ) ফছফৰাছ দ্ৰৱীভূতকাৰীঃ- ফছফৰাছযুক্ত সাৰ প্ৰয়োগ কৰাৰ পাছত ইয়াৰ অধিকাংশই গছে আহৰণ কৰিব নোৱাৰে। এইভাগ সাৰ অদ্ৰৱীভূত ৰূপত মাটিত আৱদ্ধ হৈ থাকি যায়। কিছুমান অণুজীৱই অদ্ৰৱীভূত ৰূপত থকা এই সাৰভাগক দ্ৰৱীভূত ৰূপলৈ পৰিৱৰ্তন কৰি গছে আহৰণ কৰিব অৱস্থালৈ আনে। এনে অণুজীৱক জৈৱিকসাৰ প্ৰস্তুত কৰিবলৈ ৱ্যৱহাৰ কৰা হয়। অসমত ব্যৱহাৰ হোৱা ফছফৰাছ দ্ৰৱীভূতকাৰী সাৰবিধৰ নাম হ’ল ফছফটিকা।

জৈৱিকসাৰৰ ব্যৱহাৰ[সম্পাদনা কৰক]

ক) নাইট্ৰ’জেনৰ বাবেঃ-

  1. মাহ জাতীয় শস্যত নাইট্ৰ’জেন সাৰ যোগানৰ বাবে ৰাইজোবিয়াম
  2. মাহ জাতীয় শস্যবাদে আন শস্যত এজোস্পাইৰিলাম অথবা এজোট’বেক্টাৰ
  3. কুঁহিয়াৰৰ বাবে কেৱল এচিট’বেক্টাৰ

খ) ফছফৰাছৰ বাবেঃ-

  1. সকলো শস্যৰ বাবে ফছফটিকা

জীৱাণুসাৰৰ প্ৰয়োগ প্ৰণালী[সম্পাদনা কৰক]

ক) বীজ শোধনঃ- দুশ গ্ৰাম ৰাইজ’বিয়াম/ এজ’স্পাইৰিলাম / এজ’ট’বেক্টাৰ আৰু ২০০ গ্ৰাম ফছফটিকা ৩০০-৪০০ লিটাৰ পানীত মিহলাই এটা মিশ্ৰণ প্ৰস্তুত কৰি তাৰ লগত ১০ কিলোগ্ৰাম বীজ এনেদৰে মিহলাব লাগে যাতে প্ৰতিটো বীজত এটা ক’লা বৰণৰ প্ৰলেপ পৰে। বীজখিনি ছাঁত শুকুৱাই যিমান পাৰি সোনকালে সিঁচিব লাগে। খ) কঠীয়া নাইবা পুলি শোধনঃ- শাক-পাচলি যেনে- ফুলকবি, বন্ধাকবি, বিলাহী, জলকীয়া, বেঙেনা আদিৰ পুলি ৰোৱাৰ আগেয়ে শিপাবোৰ জীৱাণুসাৰৰ মিশ্ৰণত ৩০-৪০ মিনিট ডুবাই ল’ব লাগে। তাৰবাবে এক কিলোগ্ৰাম এজ’ট’বেক্টাৰ আৰু এক কিলোগ্ৰাম ফছফটিকা পৰ্যাপ্ত পৰিমাণৰ পানী লগত মিহলাই জীৱাণুসাৰৰ মিশ্ৰণটো প্ৰস্তুত কৰিব লাগে। এইদৰে এক একৰ (৩.৫ বিঘা) মাটিত ৰুবলগীয়া পুলি শোধন কৰিব পৰা যায়।

ধানৰ কঠীয়া শোধন কৰিবলৈ ডৰাটোৰ এচুকত ত্ৰিভূজৰ আকাৰত এটাত ভেটা দি ল’ব লাগে। ভেটাৰ ভিতৰৰ অতিৰিক্ত পানীভাগ বাহিৰ কৰি ৰৈ যোৱা বোকাখিনিৰ লগত ২ কিলোগ্ৰাম এজ’স্পাইৰিলাম আৰু ২ কিলোগ্ৰাম ফছফটিকা মিহলাই ৰুবলগীয়া কঠীয়াৰ শিপা প্ৰায় দুঘন্টা ডুবাই থব লাগে। এইদৰে এক একৰ (৩.৫ বিঘা ) মাটিত ৰুবলগীয়া কঠীয়া শোধন কৰিব পৰা যায়।

গ) মাটি শোধনঃ- এজ’স্পাইৰিলাম / এজ’ট’বেক্টাৰৰ ৪ কিলোগ্ৰাম আৰু ফছফটিকাৰ ৪ কিলোগ্ৰাম ১০০ কিলোগ্ৰাম পচন সাৰৰ লগত মিহলাই এৰাতি থৈ বীজ সিঁচা নাইবা পুলি ৰোৱাৰ আগেয়ে পথাৰত ছটিয়াই দিব লাগে। আলুৰ ক্ষেত্ৰত ২০-৩০ দিনৰ পাছত গছত মাটি চপোৱাৰ সময়ত জীৱাণুসাৰৰ এই মিশ্ৰণটো প্ৰয়োগ কৰিব লাগে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Information for Farmers on use of Biofertilizer, Regional Biofertilizer Development Centre, Imphal, Manipur, Sept. 25, 2006

অধিক তথ্যৰ বাবে[সম্পাদনা কৰক]