সমললৈ যাওক

জুইশলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এডাল জ্বলি থকা জুইশলা

জুইশলা(ইংৰাজী: Match) জুই আৰম্ভ কৰাৰ এটা সঁজুলি। সাধাৰণতে, জুইশলাবোৰ সৰু সৰু কাঠৰ লাঠি বা কঠিন কাগজৰে তৈয়াৰ কৰা হয়। এটা মূৰত এনে এটা পদাৰ্থৰে আৱৰণ দিয়া হয় যিটো উপযুক্ত পৃষ্ঠত কাঠিডাল আঘাত কৰি সৃষ্টি কৰা ঘৰ্ষণৰ দ্বাৰা জুই জ্বলাব পৰা যায়।[1] অসমীয়াত জুইশলাক দিয়াচলাইও বোলে। ই বাংলা দিয়াশলাইৰ পৰা আহিছে। সাধাৰণতে, জুইশলা এটা বিশেষভাৱে নিৰ্মিত সৰু বাকচত লৈ ফুৰিব পৰা আৰু ইয়াৰ দ্বাৰা চাকি, চিগাৰেট, জুই আদিত যেতিয়াই তেতিয়াই নিৰাপদে অগ্নিসংযোগ কৰিব পাৰি। জুইশলাৰ ইংৰাজী প্ৰতিশব্দ “মেছ’’ মূলতঃ ফৰাচী শব্দ “মেছে’’ৰ পৰা অহা। মেছে শব্দৰ অৰ্থ মমবাতিৰ শলিতা।[2]

ইতিহাস[সম্পাদনা কৰক]

জুইশলাৰ ইতিহাস বিচাৰিলে দেখা যায়, ৫৭৭ খ্ৰীষ্টাব্দত পাইন কাঠৰ সৰু সৰু টুকুৰাত চালফাৰ প্ৰয়োগ কৰি কৰা জুই ধৰাৰ আহিলা প্ৰস্তুত কৰা হৈছিল আৰু ইয়াকে আধুনিক যুগৰ জুইশলাৰ পূৰ্বপুৰুষ হিচাপে ধৰিব পাৰি। উত্তৰ ঝু আৰু চেন আৰু নৰ্দান কী এলেকাত নিয়োজিত সামৰিক জোৱানসকলক খাদ্য প্ৰস্তুত, পোহৰ, সামগ্ৰী জ্বলোৱাত, ৰন্ধা-বঢ়া কৰা আৰু গৰম কৰাৰ বাবে প্ৰয়োজন হোৱা জুইৰ অভাৱ এনেদৰে পূৰণ কৰা হৈছিল।[3] কিন্তু আধুনিক জুইশলাৰ ইতিহাস বৰ পুৰণি নহয়। ইয়াৰ সৃষ্টি কেইবাটাও স্তৰৰ মাজেৰে হৈছিল। ১৬৬৯ চনত কম উষ্ণতাত জ্বলি উঠা ফছফৰাছ আৱিষ্কাৰেই বৰ্তমানৰ জুইশলা সৃষ্টিৰ প্ৰথম ঢাপ। ১৬৮০ চনত পদাৰ্থবিজ্ঞানী ৰবাৰ্ট চাৰ্লছে এটুকুৰা কাগজত ফছফৰাছৰ সানি তাত গন্ধক মিহলি কৰি এডাল কাঠ ঘঁহি জুই জ্বলাইছিল যদিও সেইকালত ফছফৰাছ সহজলভ্য নাছিল বাবে এই উদ্ভাৱনৰ কথা বৰকৈ জনাজাত হোৱা নাছিল। ১৮২৬ চনত ইংৰাজ ৰসায়নবিদ জন ৱাকাৰে প্ৰথম জুইশলা তৈয়াৰ কৰে।[4]জন ৱাকাৰৰ জুইশলা ’কনগ্ৰেভছ’ নামে জনা গৈছিল। ফছফৰাছৰ সলনি তেওঁ এণ্টিমনি ছালফাইড, পটাছিয়াম ক্ল’ৰেট, আঠা আৰু শৰ্কৰা লৈ তেও এই জুইশলা তৈয়াৰ কৰিছিল। কিন্তু এই কাঠিডাল এগজ দীঘল আছিল আৰু তাত জুই লাগিলে ফিৰিঙতি ওলাই ছিটিকি পৰিছিল বাবে ই বিপজ্জনক আছিল। ১৮২৯ চনত ছেমুৱেল জনছে ’লুচিফাৰ’ নামেৰে আন এটা জুইশলা তৈয়াৰ কৰিছিল যদিও ’কনগ্ৰেভছ’ত থকা অসুবিধাখিনি থকাৰ উপৰি এই জুইশলা জ্বলালে উগ্ৰ গোন্ধো বাহিৰ হৈছিল। ১৮৩০ চনত ফৰাচী ৰসায়নবিদ চাৰ্লছ চুৰিয়াই ’লুচিফাৰ’ত বগা ফছফৰাছ ব্যৱহাৰ কৰি উগ্ৰ গোন্ধ নোহোৱা কৰে। কিন্তু বগা ফছফৰাছ ব্যৱহাৰৰ ফলত ’ফছি-জ’ নামৰ এবিধ সংক্ৰামক ৰোগ চপাই আনিলে আৰু উদ্যোগটোত নিয়োজিত বহু লোক আক্ৰান্ত হ’ল। ১৮৫৫ চনত জোহান এদৱাৰ্ড লাণ্ডাষ্টৰ্মে জুইশলা বাহটোৰ বাহিৰফালে ৰঙা ফছফৰাছ লগাই আৰু কাঠিডালৰ এমূৰত দাহ্য উপাদান লগাই জুইশলা তৈয়াৰ কৰে। ১৮৮৯ চনত জোছুৱা পুছিয়ে ঘৰ্ষণ কৰা পিঠিটো বাকচৰ ভিতৰফালে ৰাখি এটা ’মেটছ বুক’ নামৰ জুইশলা বাকছ সাজে। ইয়াৰো অসুবিধা হ’ল, এবাৰ এটা কাঠি জ্বলাবলৈ আটাইবোৰ কাঠি উলিয়াই বাকচটো খালি কৰি নল’লে আটাইবোৰ কাঠি জ্বলি উঠে। ১৮৯৬ চনত ’ডাইমণ্ডছ্ মেট্চ’ কোম্পানীয়ে পুছিৰ পৰা কৃতিস্বত্ব কিনি তেওঁক কোম্পানীক নিযুক্তি দিয়ে আৰু ১৯১০ চনত এইছ, ছি, ট্ৰাষ্টে ঘৰ্ষণ কৰা ফালটো বাহিৰৰ ফালে দি বৰ্তমান ব্যৱহৃত জুইশলা বাহ তৈয়াৰ কৰে। [5]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Concise Oxford Dictionary (10 সম্পাদনা). প্ৰকাশক London: Oxford University Press. 1999. 
  2. Whiter W (1825). Etymologicon universale: or, Universal etymological dictionary. 2. p. 428.
  3. Temple, Robert (1986). The Genius of China: 3,000 Years of Science, Discovery, and Invention. New York: Simon and Schuster, Inc.. p. 98. আইএসবিএন ০-৬৭১-৬২০২৮-২.
  4. "কীভাবে আবিস্কৃত হ’লো ম্যাচেৰ কাঠি". https://roar.media/bangla/main/history/invention-of-safety-match। আহৰণ কৰা হৈছে: 15 September 2022. 
  5. তামুলী, শান্তনু (মে’ ২০১৭). "জুইশলাৰ কাহিনী". নতুন আৱিষ্কাৰ.