জুল ভাৰ্ন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুল ভাৰ্ন

১৮৮৪ চনত জুল ভাৰ্ন
জন্ম জুল গেব্ৰিয়েল ভাৰ্ন
০৮ ফেব্ৰুৱাৰী, ১৮২৮
নেণ্টিছ, ফ্ৰান্স
মৃত্যু ২৪ মাৰ্চ, ১৯০৫ (৭৭ বছৰ)
এমিয়েনছ, ফ্ৰান্স
সমাধিস্থল লা মেডেলিন সমাধিস্থল, এমিয়েনছ, ফ্ৰান্স
পেচা
  • ঔপন্যাসিক
  • কবি
  • নাট্যকাৰ
সময় ১৮৫০–১৯০৫
উল্লেখনীয় কৰ্মৰাজি
উল্লেখযোগ্য বঁটা লেজিয়ন অফ অ'নাৰ - অফিচাৰ (১৮৯২)
দাম্পত্যসংগী Honorine Anne Hébée du Fraysne de Viane (বি. ১৮৫৭)
সন্তান ৩:
এজন পুত্ৰ:
দুগৰাকী সতীয়া কন্যা

স্বাক্ষৰ

জুল গেব্ৰিয়েল ভাৰ্ন (ইংৰাজী: Jules Gabriel Verne, ফৰাচী: ʒyl gabʁijɛl vʁn; ৮ ফেব্ৰুৱাৰী ১৮২৮ – ২৪ মাৰ্চ ১৯০৫[1]) আছিল এগৰাকী ফৰাচী ঔপন্যাসিক, কবি আৰু নাট্যকাৰ। প্ৰকাশক পিয়েৰ-জুল হেটজেলৰ সৈতে সহযোগিতা কৰি তেওঁ ভয়েজেছ এক্সট্ৰাঅৰ্ডিনেয়াৰ[1] নামৰ এক অভিযানভিত্তিক উপন্যাস শৃংখলা লিখি উলিয়াইছিল। ইয়াৰ ভিতৰত আছে জাৰ্নি টু দ্য চেণ্টাৰ অৱ দ্য আৰ্থ (১৮৬৪), টুৱেণ্টি থাউজেণ্ড লীগছ আণ্ডাৰ দ্য ছীজ (১৮৭০), আৰু এৰাউণ্ড দ্য ৱৰ্ল্ড ইন এইটি ডেইজ (১৮৭২)। তেওঁৰ উপন্যাসসমূহৰ পটভূমি সাধাৰণতে ১৯ শতিকাৰ দ্বিতীয়াৰ্ধ আৰু সেই সময়ৰ প্ৰযুক্তিগত অগ্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি এইসমূহ ৰচনা কৰা হৈছে।

উপন্যাসৰ উপৰিও তেওঁ অসংখ্য নাটক, চুটিগল্প, আত্মজীৱনীমূলক ধাৰাবিৱৰণী, কবিতা আৰু গীতৰ লগতে বৈজ্ঞানিক তথা কলাত্মক সাহিত্যও ৰচনাও কৰিছিল। চলচ্চিত্ৰৰ সূচনা হোৱাৰে পৰা চলচ্চিত্ৰ আৰু টেলিভিছনৰ লগতে তেওঁৰ কৰ্মৰাজি কমিক বুক, থিয়েটাৰ, অপেৰা, সংগীত আৰু ভিডিঅ’ গেমৰ বাবেও অভিযোজিত হৈছে।

ভাৰ্নক ফ্ৰান্স আৰু ইউৰোপৰ অধিকাংশ অঞ্চলতে এজন গুৰুত্বপূৰ্ণ লেখক হিচাপে গণ্য কৰা হয়। তেওঁ পৰীক্ষামূলক সাহিত্য আৰু অতিবাস্তৱবাদৰ ওপৰত ব্যাপক প্ৰভাৱ পেলাইছে।[2] ইয়াৰ বিপৰীতে ইংৰাজী বলয়ত (ইংৰাজী ভাষী লোকৰ দেশসমূহৰ সমষ্টি) তেওঁৰ উপন্যাসসমূহ সততে অতি সংক্ষিপ্ত আৰু পৰিৱৰ্তিত ৰূপত হোৱা অনুবাদৰ বাবে তেওঁক প্ৰায়ে কল্পকাহিনী বা শিশুৰ সাহিত্যৰ লেখক বুলি অভিহিত কৰা হৈছিল। ১৯৮০ চনৰ পৰা তেওঁৰ প্ৰতি এই ভাৱধাৰাৰ পৰিৱৰ্তন ঘটে।[3]

১৯৭৯ চনৰ পৰা জুলছ ভাৰ্নে বিশ্বৰ দ্বিতীয়-সৰ্বাধিক অনূদিত হোৱা লেখকৰ স্থান অধিকাৰ কৰি আহিছে। এই তালিকাত তেওঁ আগাথা ক্ৰীষ্টি আৰু উইলিয়াম শ্বেইকছপীয়েৰৰ মাজত স্থান লাভ কৰিছে।[4] তেওঁক কেতিয়াবা "কল্পবিজ্ঞানৰ পিতৃ" বুলিও আখ্যা দিয়া হয়। এই উপাধি এইচ.জি. ৱেলছ আৰু হিউগো গেৰ্নছবেককো দিয়া হৈছে।[5]

কৰ্মৰাজি[সম্পাদনা কৰক]

ভাৰ্নৰ সবাতোকৈ উল্লেখনীয় কৰ্ম হৈছে ভয়েজেছ এক্সট্ৰাঅৰ্ডিনেয়াৰছ শৃংখলা। ইয়াত তেওঁৰ মাত্ৰ দুখন পাণ্ডুলিপি পেৰিছ ইন দ্য টুৱেণ্টিথ চেঞ্চুৰী আৰু বেকৱাৰ্ডছ টু ব্ৰিটেইনৰ (ক্ৰমে ১৯৯৪ আৰু ১৯৮৯ চনত মৰণোত্তৰভাৱে প্ৰকাশিত) বাদে সকলো উপন্যাস অন্তৰ্ভুক্ত কৰা হৈছে।[6] ভাৰ্নে বহুতো নাটক, কবিতা, গীতৰ গ্ৰন্থ আৰু চুটিগল্পৰ লগতে বিভিন্ন ধৰণৰ ৰচনা আৰু বিবিধ অকল্পকাহিনীও লিখিছিল। তেওঁৰ উপন্যাসসমূহৰ ভিতৰত এৰাউণ্ড দ্য ৱৰ্ল্ড ইন এইটি ডেইজ, জাৰ্নি টু দ্য চেণ্টাৰ অফ দ্য আৰ্থ, টুৱেণ্টি থাউজেণ্ড লীগছ আণ্ডাৰ দ্য ছীজ, দ্য মিষ্টেৰিয়াছ আইলেণ্ড, ফ্ৰম দ্য আৰ্থ টু দ্য মুন, ফাইভ ৱিকছ ইন এ বেলুন আদি প্ৰধান। ফাইভ ৱিকছ ইন এ বেলুন সন্দৰ্ভত তেওঁৰ নিজৰ ভাষাত:

মই ফাইভ উইকছ ইন এ বেলুন লিখিছিলোঁ‌, বেলুনিঙৰ কাহিনী হিচাপে নহয়, আফ্ৰিকাৰ কাহিনী হিচাপেহে। ভূগোল, ইতিহাস আৰু ভ্ৰমণৰ প্ৰতি মোৰ সদায় অতি আগ্ৰহ আছিল, আৰু আফ্ৰিকাৰ ৰোমাণ্টিক বৰ্ণনা দিব বিচাৰিছিলো। এতিয়া, মোৰ ভ্ৰমণকাৰীসকলক আফ্ৰিকাৰ মাজেৰে লৈ যোৱাৰ বাহিৰে আন কোনো উপায় নাছিল, আৰু সেইবাবেই এটা বেলুনৰ প্ৰৱৰ্তন কৰা হয়.... মই হয়তো ক’ব পাৰো যে মই উপন্যাসখন লিখাৰ সময়ত, এতিয়াৰ দৰেই, বেলুন চালনাৰ সম্ভাৱনাৰ ওপৰত মোৰ কোনো বিশ্বাস নাছিল...[7]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Evans, Arthur B. (23 April 2020). "Jules Verne: French author". In Encyclopædia Britannica, Inc.. Encyclopædia Britannica (online সম্পাদনা). https://www.britannica.com/biography/Jules-Verne। আহৰণ কৰা হৈছে: 22 September 2020. 
  2. Angenot 1973, পৃষ্ঠা. 34.
  3. Evans 2000, পৃষ্ঠা. 33.
  4. UNESCO 2013.
  5. Roberts, Adam (2000), Science Fiction, প্ৰকাশক London: Routledge, p. 48 
  6. Dehs, Margot & Har'El 2007, X.
  7. Sherard 1894, §4.