জেকী চান

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জেকী চান (ইংৰাজী: Jackie Chan); জন্মগত নাম- চান কং-চাং (ইংৰাজী: Chan Kong-sang) হংকঙৰ এগৰাকী অভিনেতা, পৰিচালক, সমৰ কলা শিল্পী আৰু ষ্টাণ্টমেন যি তেওঁৰ স্লেপষ্টিক এক্ৰ’বেটিক ফাইটিং ষ্টাইল, কমিক টাইমিং আৰু অভিনৱ ষ্টাণ্টৰ বাবে জনাজাত৷ তেওঁৰ চলচ্চিত্ৰসমূহত, তেওঁ প্ৰদৰ্শন কৰা শাৰীৰিক যুদ্ধ কলা, হাস্যৰসাত্মক ভঙ্গী আৰু ৰূপ, অগতানুগতিক অস্ত্ৰৰ ব্যৱহাৰ, আৰু ষ্টাণ্টৰ বাবে সুপৰিচিত। ষাঠিৰ দশকৰ পৰা অভিনয় কৰা জেকী চানে আজিলৈকে ১৫০ খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে৷ তেওঁ সৰ্বকালৰ আটাইতকৈ জনপ্ৰিয় একচন চলচ্চিত্ৰ তাৰকাসকলৰ মাজৰ এজন।[1]

তেওঁ পূৱ আৰু পশ্চিম গোলাৰ্ধ দুয়োটাতে এক ব্যাপক বিশ্বব্যাপী অনুসৰণ লাভ কৰা বিশ্বৰ আটাইতকৈ স্বীকৃত আৰু প্ৰভাৱশালী চলচ্চিত্ৰ ব্যক্তিত্বসকলৰ মাজৰ এজন। তেওঁ হংকং এভিনিউ অফ ষ্টাৰ্ছ আৰু হলীউড ৱাক অফ ফেম খ্যাতি লাভ কৰিছে।[2][3] তেওঁক বিভিন্ন পপ সংগীত, কাৰ্টুন, চলচ্চিত্ৰ আৰু ভিডিঅ’ গেমত উল্লেখ কৰিছে। অভিনেতাৰ উপৰিও তেওঁ এগৰাকী পপ সংগীতজ্ঞ। তেওঁ চীনত কেণ্টোপপ আৰু মেণ্ডোপপ তাৰকা হিচাপেও জনপ্ৰিয়। তেওঁ নিজে কণ্ঠদান কৰা কেইবাখনো এলবাম মুকলি কৰাৰ উপৰি তেওঁ বহুতো চলচ্চিত্ৰৰ থীম গীতত কণ্ঠ নিগৰাইছে৷ লগতে তেওঁ এগৰাকী বিশ্বব্যাপী জনাজাত সমাজসেৱক; ফৰ্বছ আলোচনীয়ে প্ৰকাশ কৰা অনুসৰি তেওঁ শীৰ্ষ ১০ জন আটাইতকৈ দাতব্য চেলিব্ৰিটিৰ ভিতৰত এজন৷[4][5] ২০০৪ চনত চলচ্চিত্ৰ পণ্ডিত এণ্ড্ৰিউ ৱিলিছে কয় যে, চান সম্ভৱতঃ “বিশ্বৰ অধিক পৰিচিত চলচ্চিত্ৰ তাৰকা” ("most recognised film star in the world")।[6] ২০১৫ চনত, ফৰ্বছে তেওঁৰ মুঠ সম্পত্তি $৩৫০ মিলিয়ন ডলাৰ বুলি অনুমান কৰিছিল, আৰু ২০১৬ চনলৈকে, তেওঁ বিশ্বৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জন কৰা অভিনেতা আছিল।[7][8]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৫৪ চনৰ ৭ এপ্ৰিল তাৰিখে চীনৰ হংকঙত জেকী চনৰ জন্ম হয়৷ জন্মৰ সময়ত তেওঁৰ নাম আছিল চান কং-চাং (ইংৰাজী: Chan Kong-sang)৷[9] তেওঁৰ পিতৃৰ নাম আছিল চাৰ্লেছ চান (ইংৰাজী: Charles Chan আৰু মাতৃ লী-লে চান (ইংৰাজী: Lee-Lee Chan)৷ তেওঁৰ পিতৃ-মাতৃ ইমানে দৰিদ্ৰ আছিল যে, তেওঁলোকে চিকিৎসকক টকা পৰিশোধ কৰিবলৈ বন্ধুবৰ্গৰ পৰা টকা ধাৰ লৈছিল।[9] তেওঁৰ পিতৃ-মাতৃয়ে চানক পাও-পাও বুলি অভিহিত কৰিছিল কিয়নো উদ্যমী শিশুটোৱে সদায় ঘূৰি ফুৰিছিল।[10] তেওঁৰ পিতৃ-মাতৃয়ে হংকঙত ফৰাচী ৰাষ্ট্ৰদূতৰ বাবে কাম কৰিছিল, আৰু চানে ভিক্টোৰিয়া পিক জিলাৰ কনচুলৰ বাসগৃহৰ চৌহদৰ ভিতৰত তেওঁৰ আৰম্ভণিৰ বছৰকেইটা অতিবাহিত কৰিছিল।[11]

চানে হংকং দ্বীপৰ নাহ-হৱা প্ৰাথমিক বিদ্যালয় (Nah-Hwa Primary School) ত পঢ়িছিল, তাত তেওঁ প্ৰথম বছৰত ফেইল কৰাৰ পিছত তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক সেইখন বিদ্যালয়ৰ পৰা প্ৰত্যাহাৰ কৰিছিল। ১৯৬০ চনত তেওঁৰ দেউতাকে আমেৰিকান দূতাবাসৰ মুখ্য ৰান্ধনী হিচাপে কাম কৰিবলৈ অষ্ট্ৰেলিয়াৰ কেনবৰালৈ যায় আৰু চানক মাষ্টাৰ য়ু জিম-য়ুয়েনৰ দ্বাৰা পৰিচালিত পিকিং অপেৰা স্কুল চাইনা ড্ৰামা একাডেমীলৈ প্ৰেৰণ কৰে।[11][12]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Why Jackie Chan is the best action star of all time". 12 October 2020. https://depauliaonline.com/50739/artslife/why-jackie-chan-is-the-best-action-star-of-all-time/. 
  2. "Jackie Chan Goes To The Oscars – ETHOZ". ETHOZ. 22 December 2016. Archived from the original on 12 January 2018. https://web.archive.org/web/20180112215126/http://www.ethozgroup.com/jackie-chan-oscars/। আহৰণ কৰা হৈছে: 8 November 2021. 
  3. "Jackie Chan Biography – life, family, children, parents, name, story, school, mother, young" (en ভাষাত). notablebiographies.com. http://www.notablebiographies.com/supp/Supplement-Ca-Fi/Chan-Jackie.html. 
  4. Jackie Chan & the business of philanthropy | Lifestyle Business | Philippine Star. Archived from the original on 2018-01-13. https://web.archive.org/web/20180113044056/http://beta.philstar.com/lifestyle/business-life/2006/07/03/345241/jackie-chan-amp-business-philanthropy। আহৰণ কৰা হৈছে: 2021-11-08. 
  5. Gluckman, Ron (22 June 2011). "Jackie Chan: Philanthropy's Hardest Working Man". Forbes. https://www.forbes.com/global/2011/0718/heroes-philanthropy-11-jackie-chan-dayne-nourse-hardest-working.html। আহৰণ কৰা হৈছে: 9 March 2014. 
  6. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; willis নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  7. Mandle, Chris. "Jackie Chan in second place in Forbes' Highest Paid Actors list after magazine includes actors working outside US movie industry", The Independent, published 4 August 2015. Retrieved 1 January 2016.
  8. "Jackie Chan is Named the Second Highest-Paid Actor in the World! – WORLD OF BUZZ". worldofbuzz.com. http://www.worldofbuzz.com/jackie-chan-named-second-highest-paid-actor-world/. 
  9. 9.0 9.1 "Biography". Jackie Chan's Website. http://jackiechan.com/biography.htm। আহৰণ কৰা হৈছে: 22 January 2021. 
  10. "Biography of Jackie Chan". Biography. Hong Kong Film.net. http://www.hkfilm.net/chanbio.htm। আহৰণ কৰা হৈছে: 28 February 2012. 
  11. 11.0 11.1 "Biography of Jackie Chan". Biography. Tiscali. http://www.talktalk.co.uk/entertainment/film/biography/artist/jackie-chan/biography/45। আহৰণ কৰা হৈছে: 28 February 2012. 
  12. "Jackie Chan Battles Illegal Wildlife Trade". Celebrity Values. Archived from the original on 13 March 2012. https://web.archive.org/web/20120313000144/http://www.celebrityvalues.com/jackie_chan.html। আহৰণ কৰা হৈছে: 28 February 2012. 
  • Boose, Thorsten; Oettel, Silke. Hongkong, meine Liebe – Ein spezieller Reiseführer. Shaker Media, 2009. আই.এচ.বি.এন. 978-3-86858-255-0 Lua error in Module:In_lang at line 40: attempt to call local 'name_from_tag' (a nil value).
  • Boose, Thorsten. Der deutsche Jackie Chan Filmführer. Shaker Media, 2008. আই.এচ.বি.এন. 978-3-86858-102-7 Lua error in Module:In_lang at line 40: attempt to call local 'name_from_tag' (a nil value).
  • Chan, Jackie, and Jeff Yang. I Am Jackie Chan: My Life in Action. New York: Ballantine Books, 1999. আই.এচ.বি.এন. 0-345-42913-3. Jackie Chan's autobiography.
  • Cooper, Richard, and Mike Leeder. 100% Jackie Chan: The Essential Companion. London: Titan Books, 2002. আই.এচ.বি.এন. 1-84023-491-1.
  • Cooper, Richard. More 100% Jackie Chan: The Essential Companion Volume 2. London: Titan Books, 2004. আই.এচ.বি.এন. 1-84023-888-7.
  • Corcoran, John. The Unauthorized Jackie Chan Encyclopedia: From Project A to Shanghai Noon and Beyond. Chicago: Contemporary Books, 2003. আই.এচ.বি.এন. 0-07-138899-0.
  • Fox, Dan. Jackie Chan. Raintree Freestyle. Chicago, Ill.: Raintree, 2006. আই.এচ.বি.এন. 1-4109-1659-6.
  • Gentry, Clyde. Jackie Chan: Inside the Dragon. Dallas, Tex.: Taylor Pub, 1997. আই.এচ.বি.এন. 0-87833-962-0.
  • Le Blanc, Michelle, and Colin Odell. The Pocket Essential Jackie Chan. Pocket essentials. Harpenden: Pocket Essentials, 2000. আই.এচ.বি.এন. 1-903047-10-2.
  • Major, Wade. Jackie Chan. New York: Metrobooks, 1999. আই.এচ.বি.এন. 1-56799-863-1.
  • Moser, Leo. Made in Hong Kong: die Filme von Jackie Chan. Berlin: Schwarzkopf & Schwarzkopf, 2000. আই.এচ.বি.এন. 3-89602-312-8. Lua error in Module:In_lang at line 40: attempt to call local 'name_from_tag' (a nil value).
  • Poolos, Jamie. Jackie Chan. Martial Arts Masters. New York: Rosen Pub. Group, 2002. আই.এচ.বি.এন. 0-8239-3518-3.
  • Rovin, Jeff, and Kathleen Tracy. The Essential Jackie Chan Sourcebook. New York: Pocket Books, 1997. আই.এচ.বি.এন. 0-671-00843-9.
  • Stone, Amy. Jackie Chan. Today's Superstars: Entertainment. Milwaukee, Wis.: Gareth Stevens Pub, 2007. আই.এচ.বি.এন. 0-8368-7648-2.
  • Witterstaetter, Renee. Dying for Action: The Life and Films of Jackie Chan. New York: Warner, 1998. আই.এচ.বি.এন. 0-446-67296-3.
  • Wong, Curtis F., and John R. Little (eds.). Jackie Chan and the Superstars of Martial Arts. The Best of Inside Kung-Fu. Lincolnwood, Ill.: McGraw-Hill, 1998. আই.এচ.বি.এন. 0-8092-2837-8.
  • Jackie Chan and Zhu Mo Never Grow Up 2018 আই.এচ.বি.এন. 978-7539981697. Jackie Chan's autobiography.
  • Berger, Christian. Der echte Jackie Chan (The real Jackie Chan). Weiz: Selbstverlag, 2019, (in German).
  • Berger, Christian. Fantastic Movie Concepts for Jackie Chan. Weiz, Austria: Self-published, 2021.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]