জেনিছ পাৰিয়েট
জেনিছ পাৰিয়েট | |
---|---|
![]() ২০১৬ চনত চণ্ডীগড় সাহিত্য উৎসৱত জেনিছ পাৰিয়েট | |
জন্ম | যোৰহাট, অসম |
পেচা | সাহিত্যিক, শিক্ষাবিদ |
ভাষা | ইংৰাজী ভাষা |
মাতৃশিক্ষায়তন | চেইণ্ট ষ্টিফেনছ কলেজ, দিল্লী |
উল্লেখনীয় কৰ্মৰাজি | বট্ছ অন লেণ্ড, চিহৰ্ছ, দা নাইন চেম্বাৰ্দ হাৰ্ট |
উল্লেখযোগ্য বঁটা | ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি যুৱ বঁটা, ২০১৩ |
জেনিছ পাৰিয়েট (ইংৰাজী: Janice Pariat) এগৰাকী ভাৰতীয় সাহিত্যিক আৰু শিক্ষাবিদ। তেওঁ অসমৰ যোৰহাটত জন্মগ্ৰহণ কৰিছিল আৰু মেঘালয়ৰ শ্বিলঙত ডাঙৰ দীঘল হৈছিল।[1][2] ৰেণ্ডম হাউচ ইণ্ডিয়া প্ৰকাশনগোষ্ঠীৰ দ্বাৰা ২০১২ চনত প্ৰকাশিত তেওঁৰ চুটি গল্পৰ প্ৰথম সংকলন 'বট্ছ অন লেণ্ড'ৰ[3] বাবে তেওঁ ইংৰাজী ভাষাৰ বাবে ২০১৩ চনৰ সাহিত্য অকাডেমি যুৱ বঁটা[4] আৰু কল্পকাহিনীৰ বাবে ২০১৩ চনত ক্ৰছৱৰ্ড বুক এৱাৰ্ড লাভ কৰিছিল।[5] ইংৰাজী ভাষাত সাহিত্য অকাডেমীৰ পৰা বঁটা লাভ কৰা পাৰিয়েট মেঘালয়ৰ প্ৰথম গৰাকী ব্যক্তি।[2]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]অসমৰ যোৰহাটত জেনিছ পাৰিয়েটৰ জন্ম হৈছিল। তেওঁ শ্বিলং আৰু অসমৰ কেইবাটাও চাহ বাগিচাৰ মাজত ডাঙৰ দীঘল হৈছিল।[1][2] তেওঁ শ্বিলঙত অৱস্থিত লৰেটো কনভেণ্ট আৰু দা অসম ভেলী স্কুলত শিক্ষা লাভ কৰিছিল।[1][6] তাৰ পিছত তেওঁ দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা ইংৰাজী সাহিত্যত স্নাতক আৰু লণ্ডন বিশ্ববিদ্যালয়ৰ স্কুল অৱ অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজৰ পৰা কলা আৰু পুৰাতত্ত্বৰ ইতিহাসত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।[1]
কৰ্মজীৱন
[সম্পাদনা কৰক]তেওঁ অনলাইন সাহিত্য আলোচনী পাইৰটাৰ সম্পাদক পদত অধিষ্ঠিত। এই আলোচনীখন তেওঁ ২০১০ চনত প্ৰতিষ্ঠা কৰিছিল।[7] তেওঁৰ লিখনি কেইবাখনো ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনীত প্ৰকাশিত হৈছে।[8] তেওঁ টাইম আউট দিল্লী, কাৰাভান[9] আৰু ইণ্টাৰনাজিওনেল আদিৰ দৰে আলোচনীত নিয়মীয়াকৈ লিখা-মেলা কৰে। [10] বৰ্তমান তেওঁ অশোকা বিশ্ববিদ্যালয়ত সৃষ্টিশীল লিখন আৰু কলাৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক পদত অধিষ্ঠিত।
শৈলী
[সম্পাদনা কৰক]'বট্ছ অন লেণ্ড' নামৰ চুটিগল্প সংকলনত তেওঁ শ্বিলং, চেৰাপুঞ্জি আৰু অসমৰ মাজত স্থাপিত পৰিত্যক্ত কাহিনীসমূহে ১৮৫০ৰ দশকৰ পৰা আৰম্ভ কৰি তিনি শতিকাৰ সময়ছোৱাত উত্তৰ-পূব ভাৰতৰ মাজেৰে পাৰ হৈ যোৱা পৰিৱৰ্তনৰ কাল্পনিক পুনৰ-কল্পনা কৰিছে।[11] স্থানীয় লোককাহিনী আৰু পৰম্পৰাক সামাজিক আৰু ৰাজনৈতিক ঘটনাৰ সৈতে একত্ৰিত কৰি জেনিছ পাৰিয়েটৰ শৈলীক যাদুকৰী বাস্তৱবাদৰ সৈতে তুলনা কৰা হৈছে।[12] জিত থাইলে তেওঁৰ কাহিনীবোৰ 'আনন্দদায়ক আৰু মৌলিক' বুলি মন্তব্য কৰিছিল।[12] তেওঁৰ গল্প সমূহত জাপানী সাহিত্যিক হাৰুকি মুৰাকামীৰ প্ৰভাৱ পৰিলক্ষিত হয়।[13]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]২০১৩ চনত তেওঁৰ চুটি গল্পৰ প্ৰথম সংকলন 'বট্ছ অন লেণ্ড'ৰ বাবে তেওঁ ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি যুৱ বঁটা[4] আৰু কল্পকাহিনী শিতানত ক্ৰছৱৰ্ড বুক এৱাৰ্ড লাভ কৰে।[14] একেখন গ্ৰন্থ ২০১৩ চনৰ শক্তি ভট্ট প্ৰথম গ্ৰন্থ পুৰস্কাৰৰ বাবেও তালিকাভুক্ত কৰা হৈছিল। [15] ২০১৩ চনৰ উদয় লাখপল আন্তৰ্জাতিক চুটি গল্প বঁটা[16][17] আৰু ২০১৩ টাটা লিটাৰেচাৰ লাইভ! প্ৰথম গ্ৰন্থ বঁটাৰ বাবে এই গ্ৰন্থখন দীঘলীয়া তালিকাভুক্ত কৰা হৈছিল।[18] দ্য হিন্দু লিটাৰেৰী প্ৰাইজ ২০১৫ চনৰ বাবে তেওঁৰ চিহৰ্ছক তালিকাভুক্ত কৰা হৈছিল।[19]
সাহিত্য কৰ্ম
[সম্পাদনা কৰক]কল্পকাহিনী
[সম্পাদনা কৰক]- 'দ্য নাইন-চেম্বাৰড হাৰ্ট, হাৰ্পাৰকলিন্স ইণ্ডিয়া, নতুন দিল্লী, ২০১৭ আই.এচ.বি.এন. 978-93-5277-379-4
- 'চিহৰ্চ: এ উপন্যাস, ৰেণ্ডম হাউচ ইণ্ডিয়া, নতুন দিল্লী, ২০১৪ আই.এচ.বি.এন. 978-8-184-00668-1
- 'বট্ছ অন লেণ্ড' চুটি গল্পৰ সংকলন, ৰেণ্ডম হাউচ ইণ্ডিয়া, নতুন দিল্লী, ২০১২
কবিতা
[সম্পাদনা কৰক]- 'দা য়েল্লো নিব মডাৰ্ণ ইংলিছ পোয়েট্ৰি বাই ইণ্ডিয়ানছ' (সুদীপ সেন, সম্পাদিত), চিমুচ হেনি চেণ্টাৰ ফৰ পোয়েট্ৰি, কুইন্স ইউনিভাৰ্চিটি বেলফাষ্ট, ২০১১
- 'কবি কলা: দ্য ভিজুৱেল পোয়েট্ৰি প্ৰজেক্ট' (মেডনেছ মানালী এড.), চিনামন টিল প্ৰিণ্ট এণ্ড পাব্লিচিং, গোৱা, ২০১০ আই.এচ.বি.এন. 978-93-80151-79-3
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 Rao Chaini, Sanjitha (15 October 2012). "A Tale Can Be Told In Many Ways" Archived 7 April 2014 at the Wayback Machine, Business World. Retrieved 30 August 2013.
- ↑ 2.0 2.1 2.2 Staff writer (31 August 2013). "Honoured, says State's 1st Sahitya awardee in English". Eastern Chronicle. Retrieved 31 August 2013.
- ↑ Narajan, Manjula (6 October 2012). "Review: Boats on Land" Archived 4 August 2013 at the Wayback Machine. Hindustan Times. Retrieved 30 August 2013.
- ↑ 4.0 4.1 Sahitya Akademi Press Release Archived 3 March 2016 at the Wayback Machine (23 August 2013). Retrieved 30 August 2013.
- ↑ "Crossword Book Award Winners 2013" Archived 19 December 2013 at the Wayback Machine (6 December 2013). Retrieved 29 December 2013.
- ↑ Singh Vasudev, Ruchi (19 March 2013). "Of Vignettes and Voices" Archived 2014-08-21 at the Wayback Machine. AVE Weekly Newsletter of The Assam Valley School. Retrieved 30 August 2013.
- ↑ Kaur, Karanjeet (26 October 2012). "Around Town" Archived 31 May 2013 at the Wayback Machine. TimeOut Delhi. Retrieved 30 August 2013.
- ↑ Shutapa, Paul (2 December 2012). "Fantastical stories from a faraway land" Archived 2016-03-15 at the Wayback Machine. The New Indian Express. Retrieved 30 August 2013.
- ↑ Pariat, Janice (1 September 2012). "Boats on Land". The Caravan. Retrieved 30 August 2013.
- ↑ Confortin, Emanuele (30 December 2012). "In edicola: Internazionale dedica un numero alla narrativa indiana". indika. Retrieved 30 August 2013.
- ↑ Staff writer (25 October 2012). "Janice talks about how the tales of Khasi and Jaitia tribes impacted her storytelling" "Boats on Land: Weaving Northeast's Real and Surreal" Archived 30 August 2013 at Archive.today. Outlook India. Retrieved on 30 August 2013.
- ↑ 12.0 12.1 Staff writer (2012). Book Review: Boats on Land Archived 2013-08-09 at the Wayback Machine. The Book Outline. Retrieved 30 August 2013.
- ↑ Staff writer (November 2012). "Boats on Land". First City. Retrieved 30 August 2013.
- ↑ "'Popular choice' ruled at book awards". Times of India. 7 December 2013. http://timesofindia.indiatimes.com/city/mumbai/Popular-choice-ruled-at-book-awards/articleshow/26984253.cms। আহৰণ কৰা হৈছে: 7 December 2013.
- ↑ Shakti Bhatt First Book Prize 2013: short list (1 September 2013). Retrieved 1 September 2013.
- ↑ Staff writer (17 April 2013). "State storyteller in Frank O’Connor Award longlist" Archived 2013-12-12 at the Wayback Machine. The Shillong Times. Retrieved 30 August 2013
- ↑ 2013 Longlist, The Frank O'Connor International Short Story Award Archived 2016-06-18 at the Wayback Machine. Retrieved 31 August 2013
- ↑ Staff writer (9 November 2013). "Longlist for the Tata Literature Live! First Book Award announced". IBN Live. Retrieved 19 November 2013
- ↑ "The Hindu Prize 2015 Shortlist". The Hindu. 31 October 2015. http://www.thehindu.com/books/literary-review/the-hindu-prize-2015-shortlist/article7813562.ece.