সমললৈ যাওক

জেলেপী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জেলেপী
অন্য নাম জিলাপী, জিলেবী, জিলবী, জিলিপি, জেলাবি, জেৰি, মুছাবক, জুলবিয়া, জ'লবিয়া, জালাবিয়া, পানী ৱালালু
প্ৰকাৰ মুখৰোচক
অঞ্চল পশ্চিম এছিয়া, ভাৰতীয় উপ-মহাদেশ, আফ্ৰিকা
পৰিবেশনৰ উষ্ণতা গৰম বা ঠাণ্ডা
মুখ্য উপাদান ময়দা আটা বা চেনিযুক্ত পিঠাগুৰি, কেশৰ, ঘি, চেনি বা মৌ
ভিন্ন প্ৰকাৰ তিল তেল, তিল, দৈ, দালচেনি, নেমু, ইলাচি, লগতে খাদ্যৰ আকৃতি সলনি হ’ব পাৰে
অনুৰূপ ব্যঞ্জন চেনা জালেবি, ইমাৰতি, শাহি জিলাপি, বামিয়হ, লোকমা, জালাবিয়েহ।

জেলেপী বা স্থানভেদে জিলাপী বা জেলেবি এবিধ মিঠা খাদ্য৷ এটা ফাৰ্চী শব্দ “জলব’’ৰ পৰা জেলেপী নামটোৰ সৃষ্টি হৈছে৷ ’জলব’ শব্দৰ অৰ্থ ঘূৰণীয়াকৈ পাক খাই যোৱা[1] ভাৰতত বিশেষকৈ পূজা বা আন উৎসৱ পাৰ্বনত জেলেপীৰ প্ৰচলন হোৱা দেখা যায়৷ ই বৰ্তমান আমাৰ সমাজত এক পৰম্পৰাগত মিঠাই হিচাপে পৰিগণিত হৈ পৰিছে৷

মিঠা খাদ্যত জেলেপীৰ ব্যৱহাৰ অতি প্ৰাচীন৷ ইৰানত ৰমজান মাহৰ ইফতাৰৰ সময়ত এইবিধ মিঠাই খোৱা হৈছিল৷ দশম শতিকাত ইবন ছায়াৰ আল-ৱাৰৰাকৰ আৰবী ভাষাত লিখা কিতাব-আল-তাবিখ গ্ৰন্থত “জালাবিয়া’’ নামে এক মিঠা খাদ্যৰ কথা উল্লেখ আছে৷ ত্ৰয়োদশ শতিকাত পাৰ্চিয়াত মুহাম্মদ বিন হাছান আল-বাগদাদীৰ এখন খাদ্য সম্বন্ধীয় গ্ৰন্থতো একে ধৰণৰ খাদ্য উল্লেখ আছে৷ বাণিজ্যিক কাৰণত ভাৰত আৰু ইৰানৰ সম্পৰ্কৰ ফলতে এইবিধ মিঠাইৰ ভাৰতলৈ আগমন হয় আৰু জেলেপী বা জেলেবি নামেৰে জনাজাত হয়৷ পঞ্চদশ শতিকাত ভাৰতৰ আনন্দোৎসৱ বা পূজা আদিত ব্যৱহৃত খাদ্য হৈ পৰে এই জেলেপী৷ ১৪৫০ চনত ৰচনা কৰা প্ৰিয়মকৰ্ণৰ্পকথা কিতাপত জেলেপী খোৱাৰ কথা বৰ্ণনা কৰা আছে৷ ষোড়শ শতিকাৰ কিতাপ ভোজনা কুতুহালা নামে খাদ্য প্ৰস্তুতকৰণ সম্বন্ধীয় কিতাপত জেলেপীৰ প্ৰস্তুত বিধি লিখা আছে৷ তদুপৰি, সংস্কৃত গ্ৰন্থ “গুন্যগুণবোধিনী’’তো জেলেপীৰ ৰন্ধন পদ্ধতিৰ বিষয়ে উল্লেখ কৰা আছে৷[2]

জেলেপীৰ প্ৰকাৰ

[সম্পাদনা কৰক]

আকাৰ, ৰং আৰু উপকৰণৰ সামান্য তাৰতম্যলৈ লক্ষ্য কৰি জেলেপীৰ কেইটামান বেলেগ বেলেগ ৰূপ দেখা যায়; যেনে, ইমাৰতি বা আমৃতি, ঝংগিৰি, জালেবা, পনীৰ জেলেপী, চানা জেলেপী, মাৱা জলেবি আদি৷

প্ৰস্তুত বিধি

[সম্পাদনা কৰক]

জেলেপীত সাধাৰণতে পাঁচটা পাক থাকে৷ এই পাঁচটা পাকক মানুহৰ জটিল মানসিকতাৰ লগত তুলনা কৰা হয় বুলি কোৱা হয়৷ আনহাতে আৰৱ দেশত প্ৰচলিত ধাৰণামতে দীঘলকৈ তৈয়াৰ কৰিলে সহজে ভাঙি যাব বুলি পাক খুৱাই সৰু কৰি তৈয়াৰ কৰা হয়৷[3] অসমতো লোককথাত “জেলেপীৰ পাক’’ বুলি এটা খণ্ডবাক্যৰ প্ৰচলন আছে৷ ই নেতিবাচক ভাৱে ব্যৱহৃত হয়৷ কোনো লোকে আচল কথা পোনে পোনে নকৈ পাকে-প্ৰকাৰে ক’লে “জেলেপীৰ পাক লগাই কোৱা বুলি কোৱা শুনা যায়৷[1] পাঁচটা পাক থকা এই জেলেপী ময়দাৰে তৈয়াৰ কৰা হয়৷ তেল বা ঘিউত ৰঙচুৱাকৈ ভাজি ঘনকৈ পগাই থোৱা চেনিৰ গৰম ৰসত ডুবাই ৰসাল কৰি কোৱাৰ উপযোগী কৰি তোলা হয়৷ ময়দা দুঘণ্টামান আগতেই পানীৰে লেপথেপীয়া কৰি সানি থৈ পিছত কাপোৰত টোপোলা বান্ধি এটা সৰু ফুটাৰে একেৰাহে ৰছী এডাল পাক খুৱাই পেলোৱাৰ দৰে গৰম তেলত পেলাই ভজা হয়৷[2] ভজা হ’লেই চেনিৰ ৰসত কিছুপৰ ডুবাই তুলি অনা হয়৷ কোনো কোনো লোকে চাউল আৰু বাকলি নথকা মাটিদাইল বা ৰহৰ দাইলৰ গুড়ি আৰু প্ৰকাৰভেদে পনীৰ, মাৱা, চানা আদিও ব্যৱহাৰ কৰে৷

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 বৰুৱা, শান্তনু কৌশিক (১-১৫ অক্টোবৰ ২০২২). "জেলেপীৰ ইটো-সিটো". প্ৰান্তিক. 
  2. 2.0 2.1 কলিতা, সঞ্জয় (অক্টোবৰ ২০২২). "পূজাৰ আকৰ্ষণ জেলেপী". আইনা. 
  3. জেলেপীত কিয় পাঁচটা পাক থাকে. https://dainikagradoot.in/blog/2022/09/23/jalebi-recipe-%E0%A6%9C%E0%A7%87%E0%A6%B2%E0%A7%87%E0%A6%AA%E0%A6%BF%E0%A6%A4-%E0%A6%95%E0%A6%BF%E0%A7%9F-%E0%A6%AA%E0%A6%BE%E0%A6%81%E0%A6%9A%E0%A6%9F%E0%A6%BE-%E0%A6%AA%E0%A6%BE%E0%A6%95-%E0%A6%A5/.