জৈৱিক ৰসায়ন
জৈৱিক ৰসায়ন হৈছে ৰসায়ন বিজ্ঞানৰ এটা উপশাখা য’ত জৈৱযৌগ আৰু জৈৱপদাৰ্থসমূহৰ ধৰ্ম,গঠন আৰু বিক্ৰিয়াসমূহৰ বিশয়ে বিজ্ঞানসন্মত অধ্যয়ন কৰা হয়৷জৈৱযৌগ আৰু জৈৱপদাৰ্থসমূহ হৈছে সেইবোৰ য’ত কাৰ্বনৰ অণুৰ উপস্থিতি আছে[1][2]৷জৈৱিক ৰসায়নত হাইড্ৰ’কাৰ্বনৰ(যিবোৰ যৌগত হাইড্ৰ’জেন আৰু কাৰ্বন থাকে) বিষয়ে আলোচনা কৰা হয়[1][3][4]৷আৰু লগতে বৃহৎ সংখ্যক যৌগ য’ত কাৰ্বনৰ বাহিৰেও আন মৌল থাকে যেনে অক্সিজেন,নাইট্ৰ’জেন,ছালফাৰ,ফছফৰাছ আৰু হেল’জেন গ্ৰুপৰ তেজস্ক্ৰিয়ভাৱে সুস্থিৰ(Radiostable) মৌলবোৰ৷কাৰ্বনৰ যোজ্যতা চাৰি৷কাৰ্বনৰ এটা পৰমাণুৱে আন পৰমাণুৰ সৈতে একবন্ধনী,দ্বিবন্ধনী,ত্ৰিবন্ধনী গঠন কৰি বিভিন্ন অণু গঠন কৰে৷লগতে ইলেক্ট্ৰনৰ স্থান সলনি কৰি বিভিন্ন সজ্জাৰ অণু গঠন কৰে৷
জৈৱযৌগসমূহে পৃথিৱীৰ সকলো জীৱৰ শৰীৰ গঠনত মূল ভূমিকা গঠন কৰে৷বিভিন্ন ঔষধ আৰু তৈলজাত সামগ্ৰীৰ মূল অংশ হৈছে জৈৱযৌগসমূহ৷জৈৱিক ৰসায়নৰ অধ্যয়নৰ কিছু অংশ জৈৱধাতৱ ৰসায়ন(Organometallic Chemistry) ,জৈৱ ৰসায়ন,ঔষধ ৰসায়ন আৰু বহুযোগী ৰসায়নৰ লগত একে হয়৷[1]
ইতিহাস[সম্পাদনা কৰক]
উণবিংশ শতিকাৰ প্ৰথম ভাগৰ পৰা শৃঙ্খলাবদ্ধভাৱে জৈৱিক ৰসায়নৰ অধ্যয়ন আৰম্ভ হয় বুলি জানিবলৈ পৰা গৈছে৷১৮১৬ চনত মাইকেল চেভ্ৰিউল(Michel Chevreul) নামৰ বিজ্ঞানীজনে বিভিন্ন চৰ্বী আৰু ক্ষাৰৰ পৰা প্ৰস্তুত কৰা চাবোন সম্পৰ্কে গৱেষণা চলাইছিল৷১৮২৮চনত ফ্ৰেইডৰিক্ ৱহলাৰে(Friedrich Wöhler) প্ৰস্ৰাৱৰ প্ৰধান অংশ ইউৰিয়া(Urea) নামৰ জৈৱযৌগবিধ এম’নিয়াম চায়ানেট(ammonium cyanate, NH4CNO)ৰ পৰা তৈয়াৰ কৰে৷যাৰ ফলত সেইসময়ত অজৈৱ যৌগৰ পৰা জৈৱ যৌগ সৃষ্টি কৰিব নোৱাৰি বুলি মানুহৰ মনত সোমাই থকা ভ্ৰান্ত ধাৰণাটো দূৰ হয়[5]৷১৮৫৬ চনত উইলিয়াম হেনৰী পাৰ্কিনে(William Henry Perkin) কুইনাইন তৈয়াৰ কৰিবলৈ চেষ্টা কৰি থাকোতে আকস্মিকভাৱে এবিধ জৈৱিক ৰঞ্জক পদাৰ্থ আৱিষ্কাৰ কৰে যিটো বৰ্তমান পাৰ্কিনৰ মউভ(Perkin’s mauve) বুলি জনা যায়[6]৷ফ্ৰেডৰিক আগষ্ট কেকুলে(Friedrich August Kekulé) আৰু আৰ্কিবাল্ড স্কট কুপাৰে (Archibald Scott Couper) ১৮৫৮ চনত সুকীয়া সুকীয়াকৈ দিয়া অণুৰ ৰাসায়নিক গঠনৰ ধাৰণা জৈৱিক ৰসায়নৰ ইতিহাসত উল্লেখযোগ্য আৱিষ্কাৰ[7]৷দুয়োজনে আগবঢ়োৱা ধাৰণামতে চতুৰ্যোজী কাৰ্বন পৰমাণুৱে ইটোৱে সিটোৰ লগত লগ লাগি কাৰ্বনৰ জালসদৃশ অণু গঠন কৰে৷উপযুক্ত ৰাসায়নিক বিক্ৰিয়াৰ সহায়ত সেই আণৱিক বান্ধনি ধৰা পেলাব পৰা যায়৷
উণবিংশ শতিকাৰ দ্বিতীয়াৰ্ধত জৈৱিক ৰসায়নৰ ওপৰত ব্যৱস্থাগত অধ্যয়ন চলাই সংশ্লেষিত নীল(Indigo) উৎপাদন কৰা হয়৷এডল্ফ ভন বেইয়াৰে(Adolf von Baeyer) উদ্ভাৱন কৰা সংশ্লেষিত নীলৰ জৰিয়তে ১৮৯৭চনৰ পৰা ১৯১৪চনৰ ভিতৰত প্ৰাকৃতিক নীলৰ উৎপাদন ১৯০০০টনৰ পৰা ১০০০ টনলৈ কমি যায়৷২০০২চনত পেট্ৰকেমিকেলচৰ পৰা ১৭০০০টন সংশ্লেষিত নীল উৎপাদন কৰা হয়৷[8]
খাৰুৱা তেলৰ আৱিষ্কাৰে জৈৱিক ৰসায়নৰ উন্নতিত অৰিহণা যোগায়৷খাৰুৱা তেলৰ পৰা বিভিন্ন যৌগ উৎপাদন কৰাৰ পৰাই পেট্ৰ’কেমিকেল ইণ্ডাষ্ট্ৰীৰ আৰম্ভণি হয়৷য’ত কৃত্ৰিম ৰবৰ,প্লাষ্টিক,আঠা আদি সফলভাৱে প্ৰস্তুত কৰা হয়৷
ধৰ্মসমূহ[সম্পাদনা কৰক]
জৈৱিক যৌগ সমূহৰ ভৌতিক ধৰ্মসমূহ গুণগত আৰু সংখ্যাগত হিচাপে ভাগ কৰা হয়৷গুণগতৰ ভিতৰত পৰে গোন্ধ,ৰঙ,দ্ৰৱণীয়তা৷সংখ্যাগতৰ ভিতৰত পৰে উতলাংক,গলনাংক আৰু প্ৰতিসৰণাংক৷
উতলাংক আৰু গলনাংক[সম্পাদনা কৰক]
জৈৱযৌগসমূহ উতলে আৰু গলে৷ইহঁতৰ উতলাংক আৰু গলনাংক অণুৰ ধ্ৰুৱতা আৰু আণৱিক ভৰৰ ওপৰত নিৰ্ভৰ কৰে৷জৈৱযৌগসমূহ ৩০০°ছেলচিয়াচ উষ্ণতাৰ ওপৰত সুস্থিৰ হৈ নাথাকে যদিও কিছুমান ব্যতিক্ৰম নথকা নহয়৷কিছুমান জৈৱযৌগ যেনে পেৰা-ডাইক্ল’ৰ’বেনজিন্(para-dichlorobenzene) পোনে পোনে ভাপ হৈ উৰি যায়৷
দ্ৰৱণীয়তা[সম্পাদনা কৰক]
প্ৰশম(Neutral) জৈৱ যৌগসমূহ জৈৱ দ্ৰাৱকতকৈ পানীত কম দ্ৰৱণীয়৷কিন্তু আয়নীভূত জৈৱ যৌগৰ লগতে হাইড্ৰ’জেন বন্ধনি থকা কম আণৱিক ভৰ বিশিষ্ট এলক’হ’ল,এমাইন(amines), কাৰ্বক্সিলিক এচিড (carboxylic acids)সমূহ এইক্ষেত্ৰত ব্যতিক্ৰম৷জৈৱিক যৌগসমূহ সাধাৰণতে জৈৱিক দ্ৰাৱকত দ্ৰৱীভূত হয়৷
গোটা অৱস্থাৰ ধৰ্মসমূহ[সম্পাদনা কৰক]
ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি আণৱিক ক্ৰিষ্টেল(molecular crystals) আৰু জৈৱিক বহুযোগী (organic polymers)সমূহৰ দৰে বিশেষ গঠনসমুহৰ ধৰ্মৰ ওপৰত গুৰুত্ব দিয়া হয়৷উদাহৰণস্বৰূপে বৈদ্যুতিক বলবিদ্যা,বৈদ্যুতিক পৰিবাহী,আলোক বৈদ্যুতিক ধৰ্মসমূহ৷
==তথ্য সংগ্ৰহ==�
- ↑ 1.0 1.1 1.2 Clayden, J.; Greeves, N. and Warren, S. (2012) Organic Chemistry. Oxford University Press. pp. 1–15.
- ↑ "What Is Organic Chemistry?". Chemical Heritage Foundation. http://www.chemheritage.org/percy-julian/activities/2b.html। আহৰণ কৰা হৈছে: 27 January 2015.
- ↑ Elschenbroich, C. (2006) Organometallics 3rd Ed., Wiley-VCH
- ↑ Morrison, Robert T.; Boyd, Robert N. and Boyd, Robert K. (1992) Organic Chemistry, 6th ed., Benjamin Cummings.
- ↑ সাঁচ:Greenwood&Earnshaw2nd
- ↑ Kiefer, D. M. (1993). "Organic Chemicals' Mauve Beginning". Chem. Eng. News খণ্ড 71: 22–23. doi:10.1021/cen-v071n032.p022.
- ↑ "August Kekulé and Archibald Scott Couper". http://www.chemheritage.org/discover/online-resources/chemistry-in-history/themes/molecular-synthesis-structure-and-bonding/kekule-and-couper.aspx। আহৰণ কৰা হৈছে: 27 January 2015.
- ↑ Steingruber, Elmar (2004) "Indigo and Indigo Colorants" in Ullmann's Encyclopedia of Industrial Chemistry, Wiley-VCH, Weinheim. doi: 10.1002/14356007.a14_149.pub2