সমললৈ যাওক

জোহানছন বিশ্লেষণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

চলচ্চিত্ৰ সমালোচক মেৰীএন জোহানছনে বিকশিত কৰা জোহানছন বিশ্লেষণে (ইংৰাজী: Johanson analysis) কল্পকাহিনীত মহিলা আৰু ছোৱালীৰ প্ৰতিনিধিত্বৰ মূল্যায়নৰ এক পদ্ধতি প্ৰদান কৰে। বিশ্লেষণে এনে এটা মাপকাঠীৰ ওপৰত সংবাদ মাধ্যমৰ মূল্যায়ন কৰে য’ত নাৰীৰ মৌলিক প্ৰতিনিধিত্ব, মহিলা সংস্থা, ক্ষমতা আৰু কৰ্তৃত্ব, পুৰুষৰ দৃষ্টিভংগী, আৰু লিংগ আৰু যৌনতাৰ বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হয়। কিকষ্টাৰ্টাৰ অভিযানৰ পুঁজিৰে ২০১৫ চনৰ জোহানছনৰ অধ্যয়নত ২০১৫ চনত মুক্তি পোৱা প্ৰতিখন ছবিৰ পৰিসংখ্যা সংকলন কৰা হৈছিল, আৰু ২০১৪ বা ২০১৫ চনত অস্কাৰৰ বাবে মনোনীত হোৱা সকলো ছবিৰ পৰিসংখ্যা সংকলন কৰা হৈছিল।

মূল্যায়ন পদ্ধতি

[সম্পাদনা কৰক]

জোহানছন বিশ্লেষণে চিনেমাত নাৰী আৰু ছোৱালীৰ চিত্ৰণৰ মূল্যায়নৰ বাবে এক পদ্ধতি প্ৰদান কৰে। যদিও এই পদ্ধতি পৰ্দাৰ বাবে বিকশিত কৰা হৈছে, তথাপিও ইয়াক কিতাপ আৰু অন্যান্য মাধ্যমতো প্ৰয়োগ কৰিব পাৰি। ইয়াত বিভিন্ন শ্ৰেণীৰ প্ৰতিনিধিত্বৰ ওপৰত ভিত্তি কৰি বিন্দু যোগ বা বিয়োগ কৰা হয়।[1]এই বিশ্লেষণে মহিলা প্ৰতিনিধিত্বৰ মাত্ৰ এটা বা দুটা দিশৰ মূল্যায়নৰ ওপৰত নিৰ্ভৰশীল পদ্ধতি, যেনেঃ বেচডেল পৰীক্ষাৰ দ্বাৰা প্ৰদান কৰা পদ্ধতিতকৈ অধিক ব্যাপক আৰু গভীৰ বিশ্লেষণ আগবঢ়ায়।[2]

এই বিশ্লেষণ মেৰীএন জোহানছনে বিকশিত কৰিছিল। তেওঁক ফ্লিকফিল'ছ'ফাৰ বুলিও কোৱা হয়। যিগৰাকী অনলাইন আৰু ছপা উভয়তে বহুতো উৎসৰ বাবে চলচ্চিত্ৰ সমালোচক।[3][4][5][6][7][8][9][10][11] চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী প্ৰভাৱশালী নাৰীবাদী কণ্ঠস্বৰ জোহানছন আছিল ২০১৯ চনৰ নাৰীবাদী চলচ্চিত্ৰ সমালোচনাৰ অৱস্থাৰ পৰ্যালোচনা কৰা "দ্য ষ্টেটাছ অৱ ফেমিনিষ্ট ফিল্ম ক্ৰিটিচিজম - এ ৰাউণ্ডআপ ৰিপ'ৰ্ট" নামৰ প্ৰবন্ধটোৰ বাবে সাক্ষাৎকাৰ লোৱা চলচ্চিত্ৰ সমালোচকৰ ভিতৰত অন্যতম। তেওঁৰ ফ্লিকফিল'ছ'ফাৰ ৱেবছাইটটো নাৰীবাদী সাহিত্য সমালোচনাৰ এক আগশাৰীৰ পৰ্যালোচনা চাইট হিচাপে সমাদৃত আৰু পৰিচিত হৈছে।[12][13] ১৯৯৭ চনৰ পৰা অবিৰতভাৱে চলি থকা ই ইণ্টাৰনেটত উপলব্ধ এক দীৰ্ঘদিনীয়া চলচ্চিত্ৰ পৰ্যালোচনাৰ ৱেবচাইট।[14] জোহানছনে ২০১৫ চনৰ বাবে উত্তৰ আমেৰিকাত ব্যাপকভাৱে মুক্তি পোৱা প্ৰতিখন চিনেমাক ৰেটিং দিছিল। ইয়াৰ লগতে ২০১৪ আৰু ২০১৫ চনত অস্কাৰৰ বাবে মনোনীত হোৱা প্ৰতিখন চিনেমাকো তেওঁ ৰেটিং দিছিল। ছোৱালী আৰু মহিলাৰ প্ৰতিনিধিত্বৰ বাবে মুক্তিৰ বিশদ বিশ্লেষণ তেওঁ প্ৰস্তুত কৰিছিল। বিশ্লেষণত লাভ কৰা স্ক’ৰৰ ভিত্তিত বছৰৰ নতুন মুক্তিৰ তালিকা এখনো প্ৰস্তুত কৰিছিল। প্ৰকল্পটোৱে কিকষ্টাৰ্টাৰ অভিযানৰ জৰিয়তে ধন লাভ কৰিছিল।[15]

পৰিসংখ্যা

[সম্পাদনা কৰক]

জোহানছনে ২০১৫ চনৰ পৰিসংখ্যা প্ৰকাশ কৰিছিল য'ত তেওঁ নায়িকাৰ উপস্থিতিয়ে চিনেমাত পেলোৱা প্ৰভাৱ সম্পৰ্কে আলোচনা কৰিছিল আৰু নিম্নোক্ত সিদ্ধান্তসমূহ গঠন কৰিছিল:[16]

১) ২০১৫ চনৰ মাত্ৰ ২২% চিনেমাতহে মহিলা নায়িকা আছিল৷

২) সমালোচকসকলে ছবি এখনক উচ্চ ৰেটিং দিয়াৰ সম্ভাৱনা অলপ বেছি যদিহে ই নাৰীক ভালদৰে প্ৰতিনিধিত্ব কৰে

৩) মহিলা নায়িকা থকা ছবিয়ে মূলসুঁতিৰ চিনেমা দৰ্শকক বাধাপ্ৰদান নকৰে

৪) মহিলাক ভালদৰে প্ৰতিনিধিত্ব কৰা চিনেমাইও প্ৰতিনিধিত্ববিহীন চিনেমাৰ দৰেই লাভজনক হোৱাৰ সম্ভাৱনা থাকে৷ সেইবোৰো ব্যৱসায়িক দিশৰ ফালৰপৰাও দৰেই কম বিপদজনক[17]

— মেৰীএন জোহানছন

তথ্যউৎস

[সম্পাদনা কৰক]
  1. Johanson, MaryAnn (2016-04-21). "Where Are the Women? rating criteria explained (updated!)" (en-US ভাষাত). FlickFilosopher.com. https://www.flickfilosopher.com/2016/04/where-are-the-women-rating-criteria-explained.html আহৰণ কৰা হৈছে: 2020-07-15.
  2. "RavenCon 13.5: The Bechdel Test vs The Johanson Analysi...". ravencon1352018a.sched.com. September 22, 2018. https://ravencon1352018a.sched.com/event/GhUY/the-bechdel-test-vs-the-johanson-analysis-vs-the-mako-mori-test আহৰণ কৰা হৈছে: July 16, 2020.
  3. "MaryAnn Johanson Movie Reviews & Previews". Rotten Tomatoes. 2020. https://www.rottentomatoes.com/critic/maryAnn-johanson/movies.
  4. Governing Committee (2000-01-01). "MaryAnn Johanson" (en-US ভাষাত). Online Film Critics Society. https://ofcs.org/maryann-johanson/ আহৰণ কৰা হৈছে: 2020-07-16.
  5. Johanson, MaryAnn (2020). "Maryann Johanson Reviews". San Antonio Current. Archived from the original on 2023-01-27. https://web.archive.org/web/20230127172623/https://www.sacurrent.com/sanantonio/ArticleArchives?section=2240582&keywords=johanson&category=&contentFeature=.
  6. Johanson, MaryAnn (2020). "BBC World Service - The Arts Hour, Which films are hotly tipped for the Oscars?" (en-GB ভাষাত). BBC. https://www.bbc.co.uk/programmes/p04m3gmn আহৰণ কৰা হৈছে: 2020-07-16.
  7. International Academy of Digital Arts and Sciences (2020). "MaryAnn Johanson" (en-US ভাষাত). https://www.iadas.net/membership/bio/maryann-johanson/5194 আহৰণ কৰা হৈছে: 2020-07-16.
  8. Bedi, Nikii (October 6, 2018). "The Arts Hour - Iranian Pop Star Gola and New Dr Who Jodie Whittaker - BBC Sounds". www.bbc.co.uk. https://www.bbc.co.uk/sounds/play/w3cswq0d.
  9. "AWFJ Presents EDA Awards @ Edinburgh International Film Festival". Alliance of Women Film Journalists. 2014. https://awfj.org/blog/2014/07/03/awfj-presents-eda-awards-at-edinburgh-international-film-festival-2014/ আহৰণ কৰা হৈছে: July 16, 2020.
  10. Johanson, MaryAnn (July 11, 2016). "From Alice Guy-Blaché to Barbara Kopple: The Pioneering Women of Documentary Film" (en-US ভাষাত). PBS - Independent Lens. https://www.pbs.org/independentlens/blog/from-alice-guy-blache-to-barbara-kopple-the-pioneering-women-of-documentary-film/ আহৰণ কৰা হৈছে: 2020-07-16.
  11. Governing Committee, Online Film Critics Society (January 1, 2000). "MaryAnn Johanson". Online Film Critics Society. https://ofcs.org/maryann-johanson/ আহৰণ কৰা হৈছে: July 16, 2020.
  12. Merin, Jennifer. "The Status of Feminist Film Criticism - A Roundup Report : Chaz's Journa| : Roger Ebert" (en ভাষাত). rogerebert.com. https://www.rogerebert.com/chazs-blog/the-status-of-feminist-film-criticism---a-roundup-report আহৰণ কৰা হৈছে: 2020-07-16.
  13. "Defining Feminist Film Criticism – MaryAnn Johanson comments" (en-US ভাষাত). Alliannce of Women Film Journalists. https://awfj.org/blog/2019/02/25/defining-feminist-film-criticism-maryann-johanson-comments/ আহৰণ কৰা হৈছে: 2020-07-16.
  14. "Spotlight, Woman of the Month : MaryAnn Johanson, FlickFilosopher.com Film Critic and Activist". Alliance of Women Film Journalists. September 2017. https://awfj.org/blog/2017/09/03/spotlight-september-2017-maryann-johanson-flickfilospher-com-creator-film-critic-awfj-member/.
  15. Johanson, MaryAnn (May 12, 2016). "Where Are the Women? (A Feminist Protest in Film Criticism)" (en ভাষাত). Kickstarter. https://www.kickstarter.com/projects/1170444626/where-are-the-women-a-feminist-protest-in-film-cri আহৰণ কৰা হৈছে: July 15, 2020.
  16. Johanson, MaryAnn (April 2016). "Where Are the Women? : Data Spreaedsheet". Google Docs. https://docs.google.com/spreadsheets/d/1Kdb4HHHfhjrDLYg-a-Nxnv8uyySzeoY5rSx86M5Fjys/edit?usp=embed_facebook.
  17. Johanson, MaryAnn (April 11, 2016). "Where Are the Women?: crunching the numbers". maryannjohanson.com. https://www.flickfilosopher.com/2016/04/where-are-the-women-crunching-the-numbers.html আহৰণ কৰা হৈছে: July 16, 2020.