জৰ্জ কেণ্টৰ
অৱয়ব
| এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
| জৰ্জ কেণ্টাৰ | |
|---|---|
| জন্ম | ১৮৪৫ চনৰ ৩ মাৰ্চৰ ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গ |
| মৃত্যু | ৰাছিয়াৰ ছেণ্ট |
| ৰাষ্ট্ৰীয়তা | ৰাছিয়ান |
| শিক্ষা | ডক্টৰেট ডিগ্ৰী |
জৰ্জ কেণ্টৰ(ইংৰাজী: George Cantor) হৈছে বিশ্বৰ এজন প্ৰসিদ্ধ গণিতজ্ঞ। তেওঁ সংখ্যা তত্ত্বৰ ক্ষেত্ৰত যথেষ্ট নতুন কথা আবিষ্কাৰ কৰিছিল আৰু গণিতৰ এক নতুন শাখা হিচাপে "সংহতি তত্ত্ব" ৰ ভেটি নিৰ্মাণ কৰিছিল।[1]
জন্ম আৰু বংশ পৰিচয়
[সম্পাদনা কৰক]১৮৪৫ চনৰ ৩ মাৰ্চত ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গত জৰ্জ কেণ্টৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম জৰ্জ ৱাল্ডেমাৰ কেণ্টৰ আৰু মাকৰ নাম মাৰিয়া আনা বোম।[2]
শিক্ষা
[সম্পাদনা কৰক]- ২০৮০ চনত ডাৰ্মষ্টাটৰ ৰিয়েল স্কুলৰ পৰা ডিষ্টিংছনসহ মেট্ৰিক পৰীক্ষা উৰ্ত্তীণ হয়।
- ১৮৬৭ চনত ডক্টৰেট থেচিছ লাভ কৰে।
চাকৰি জীৱন
[সম্পাদনা কৰক]- ১৮৬৯ চনত হাল্লে বিশ্ববিদ্যালয় নিযুক্তি হয়।
- ১৮৭২ চনত সহকাৰী অধ্যাপক পদলৈ পদন্নতি লাভ কৰে আৰু ১৮৭৯ চনত পূৰ্ণ অধ্যাপক হয়।
অৱদান
[সম্পাদনা কৰক]১৮৭৪ চনত সংহতি তত্ত্ব প্ৰখ্যাত বিষয়টোৰ ওপৰত কাম কাজ কৰে আৰু সেই চনতে অন এ প্ৰপাৰ্টি অব দি কলেকছন অব অল ৰিয়েল এলজেব্ৰিক নাম্বাৰ্ছ গৱেষণা পত্ৰ প্ৰকাশ কৰে। ১৮৯১ চনত'ডায়েগনেল আৰ্গুমেণ্ট'গৱেষণা পত্ৰ প্ৰকাশ কৰে।
সন্মান
[সম্পাদনা কৰক]১৯০৪ চনত ৰয়েল ছ'চাইটিয়ে তেওঁলোকৰ সৰ্বোচ্চ সন্মান "ছিলভেষ্টাৰ মেডেল" প্ৰদান কৰে।[3]
মৃত্যু
[সম্পাদনা কৰক]১৯১৮ চনৰ ৬ জানুৱাৰীত জাৰ্মান সাম্ৰাজ্যৰ ছাক্সনি প্ৰদেশিৰ হাল্লেত জৰ্জ কেণ্টৰৰ মৃত্যু হয়।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ বিশ্বৰ কুৰি গৰাকী মহান গণিততজ্ঞ, অভিজিত শৰ্মা বৰুৱা, প্ৰথম প্ৰকাশ: মে', ২০১৭, পৃষ্ঠা নং: ৬৪
- ↑ বিশ্বৰ কুৰি গৰাকী মহান গণিততজ্ঞ, অভিজিত শৰ্মা বৰুৱা, প্ৰথম প্ৰকাশ: মে', ২০১৭, পৃষ্ঠা নং: ৬৪
- ↑ বিশ্বৰ কুৰি গৰাকী মহান গণিততজ্ঞ, অভিজিত শৰ্মা বৰুৱা, প্ৰথম প্ৰকাশ: মে', ২০১৭, পৃষ্ঠা নং: ৬৬
- ↑ বিশ্বৰ কুৰি গৰাকী মহান গণিততজ্ঞ, অভিজিত শৰ্মা বৰুৱা, প্ৰথম প্ৰকাশ: মে', ২০১৭, পৃষ্ঠা নং: ৬৬