টাই আহোম চিত্ৰশৈলী
মধ্যযুগীয় অসমীয়া চিত্ৰশৈলীৰ এটা শৈলী টাই-আহোম শৈলী ৰূপে জনা যায়। বহিঃ ভাৰতৰপৰা ইয়ালৈ অহা এই চিত্ৰাংকন শৈলী উজনিৰ বৌদ্ধবিহাৰসমূহৰ ভিতৰতে সীমাবদ্ধ।[1] এই শৈলীত চিত্ৰিত মাত্ৰ দুখনি পুথিচিত্ৰ উদ্ধাৰ হৈছে-- ফুং চিন (১৪৭৩ খ্ৰী:) আৰু চুক-টান্তা-কিম্পং (১৫২৩ খ্ৰী:)। শেষৰখনি বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগত সংৰক্ষিত ফুং চিঙৰ লেখক আৰু চিত্ৰকৰ চাও কিয়াং শ্বেন। দ্বিতীয়খনিৰ লেখক নোজা কিং। লোহিত সীমান্তৰ বৌদ্ধবিহাৰসমূহত এতিয়াও টাই আহোম শৈলীত পুথি চিত্ৰিত হয়। আলোচিত পুথি দুখনত আহোমসকলৰ সৰগ-নৰকৰ বৰ্ণনা, নৈসৰ্গ, পূজা আৰু হীনযান বৌদ্ধ মতৰ কথা চিত্ৰিত হৈছে। পটভূমি চিত্ৰণৰ প্ৰতি অমনযোগ, পৰিপ্ৰেক্ষি গুণৰ অভাৱ, উচ্চ মৰ্যাদাসম্পন্নজনক ডাঙৰকৈ আৰু সৰুলোকসকলৰ সৰুকৈ অংকন কৰা প্ৰযত্ন, যিকোনো একাষে হালি পৰা মুৰ, বিভিন্ন মুদ্ৰাৰ সংযোগ, জোঙা দীঘলীয়া আঙুলিৰ মনোৰম চিত্ৰণ, পুতলাৰ দৰে দেহাৱয়ৱৰ ছলমান নৰ-নাৰীৰ ৰূপাংকন এই চিত্ৰশৈলীৰ কেইটিমান উল্লেখ কৰিবলগীয়া বৈশিষ্ট্য। অন্যান্য ৰঙৰ লগতে সোণালী ৰঙৰ মেলন এই চিত্ৰশৈলীৰ আন এটি উল্লেখযোগ্য বৈশিষ্ট্য়। ১৭৮২ চনত চিত্ৰিত তৃতীয়স্কন্ধ ভাগৱত্ৰ চিএৰাজিকো ড॰ দাশগুপ্তই (ৰজতানন্দ দাশগুপ্ত-২ঠা ইণ্ডিয়ান মেনুস্ক্ৰিপট পেইণ্টিং) টাই আহোম শৈলীত চিত্ৰিত বুলি উল্লেখ কৰিছে যদিও সেইখনিৰ চিত্ৰিকাৰাজি যথাৰ্থতে দৰঙী চিত্ৰশৈলীৰহে বুলিও কিছু লোকে মত প্ৰকাশ কৰে।[2]