সমললৈ যাওক

টাও টে চিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
টাও টে চিং  
লেখক লাওজে (traditionally credited)
শিৰোনাম 道德經
দেশ চীন (Zhou)
ভাষা ধ্ৰুপদী চীনা ভাষা
প্ৰকাৰ দৰ্শন
প্ৰকাশ খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকা
ইংৰাজীত
প্ৰকাশ
১৮৬৮

টাও টে চিং (ইংৰাজী: Tao Te Ching,[টোকা 1] চীনা ভাষাত: 道德经; পিন্যিন: Dàodé Jīng), বা লাও ত্‌জে/ লাও জে,[5] এখন চীনা শাস্ত্ৰীয় গ্ৰন্থ, খ্ৰীষ্টপূৰ্ব ৬থ শতিকাৰ লাওজেই লিখা বুলি জনা। এই গ্ৰন্থ কোনে লিখা, কেতিয়া লিখা আৰু কেতিয়া সংগৃহীত, সেই কথা স্পষ্ট নহয়। আতাইতকৈ পুৰণি অংশ, যাক পুৰাতাত্ত্বিক পদ্ধতিৰে প্ৰাপ্ত কৰা হৈছে, খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকাৰ, কিন্তু আধুনিক গৱেষকসকলে এই গ্ৰন্থৰ অন্য অংশ ঝুৱাংজেৰ প্ৰথম অংশৰ পাছতহে লিখা বা অন্ততঃ সংগ্ৰহ কৰা বুলি বিশ্বাস কৰে।

ঝুৱাংজেৰ সৈতে টাও টে চিং টাওবাদী দৰ্শন আৰু ধৰ্মৰ মৌলিক গ্ৰন্থ। এই গ্ৰন্থৰ প্ৰভাৱ চীনৰ অন্য দাৰ্শনিক প্ৰথাৰ ওপৰতো দেখা যায়, যেনে ন্যায়বাদ, কনফুচিয়ানবাদ আৰু বৌদ্ধ দৰ্শন, যাক চীনত প্ৰথম পৰিচয় হওঁতে টাওবাদী শব্দ আৰু ধাৰণাৰ ব্যৱহাৰেৰেই বুজা গৈছিল। অনেক শিল্পী, যেনে কবি, চিত্ৰকাৰ, হস্তাক্ষৰ-শিল্পী আৰু মালী টাও টে চিঙেৰে প্ৰভাৱিত হৈছিল। এই গ্ৰন্থৰ প্ৰভাৱ চীনৰ বাহিৰতো বিয়পি পৰিছে আৰু এই গ্ৰন্থ বিশ্বৰ আতাইতকৈ অধিক অনুবাদ হোৱা সাহিত্যৰ অন্যতম।[6]

    তথ্য সংগ্ৰহ

    [সম্পাদনা কৰক]
    1. Julien (1842), পৃষ্ঠা. ii.
    2. Chalmers (1868), p. v.
    3. Legge & al. (1891).
    4. Suzuki & al. (1913).
    5. Ellwood, Robert S. (2008). The Encyclopedia of World Religions. Infobase Publishing. পৃষ্ঠা. 262. ISBN 978-1-4381-1038-7. https://books.google.com/books?id=1pGbdI4L0qsC&pg=PA262.
    6. চান, আলান (২০১৩), "Laotze", Stanford Encyclopedia of Philosophy.
    1. Less common former romanizations include Tao-te-king,[1] Tau Tĕh King[2] and Tao Teh King.[3][4]
    উদ্ধৃতি ত্ৰুটি: <ref> টেগ্‌সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="টোকা"/> টেগ্‌ পোৱা নগ'ল