টিকেন্দ্ৰজিৎ
টিকেন্দ্ৰজিৎ সিং (২৯ ডিচেম্বৰ ১৮৫৬ – ১৩ আগষ্ট ১৮৯১) এওঁ স্বাধীন মণিপুৰ ৰাজপৰিয়ালৰ ৰাজকুমাৰ আছিল। এখেতক বীৰ টিকেন্দ্ৰজিৎ তথা কৈৰেং বুলি জনা যায়। তেওঁ মণিপুৰী সেনাবাহিনীৰ কামাণ্ডাৰ আছিল। তেওঁ ১৮৯১ চনৰ মণিপুৰ 'মহল-বিপ্লৱ'ৰ গুৰি ধৰিছিল এই বিপ্লৱৰ পৰিণতিত ব্ৰিটিছ আৰু মণিপুৰী সকলৰ মাজত যুদ্ধৰ সূচনা হয়।[1][2]
ব্ৰিটিছ-মণিপুৰ যুদ্ধ
[সম্পাদনা কৰক]১৮৮৬ চনত মহাৰজা চন্দ্ৰপ্ৰকাশৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ সুৰচন্দ্ৰ সিংহই তেওঁৰ উত্তৰাধিকাৰী গ্ৰহণ কৰে। সিংহাসনত বহা নতুন ৰজাৰ শিৰৰ মুকুট হস্তক্ষেপ কৰিবৰ বাবে আগৰ দৰেই এইবাৰো সিংহাসনত বহাৰ ক্ষমতা ৰখা কোনো কোঁৱৰৰ দ্বাৰা অভিসন্ধি ৰচা হ'ল। প্ৰথম তিনিটা প্ৰচেষ্টাক দমন কৰাৰ পিছত ১৮৯০ চনত পুনৰ চতুৰ্থ বাৰৰ বাবে ৰজাৰ দুই ভাতৃ টিকেন্দ্ৰজিৎ আৰু কূলচন্দ্ৰ সিংহৰ দ্বাৰা ৰাজমহল আক্ৰমণ কৰিলত, উপায়ন্তৰ সুৰচন্দ্ৰ সিংহই সিংহাসন এৰিবলৈ বাধ্য হয় আৰু সিংহাসন এৰি শিলচৰলৈ পলায়ন কৰে।
ৰজাৰ সৰু ভাতৃ কূলচন্দ্ৰ সিংহই পৰৱৰ্তী ৰজা হৈ ককায়েক টিকেন্দ্ৰজিৎক মণিপুৰী সৈন্যবাহিনীৰ সেনাপতি পদ প্ৰদান কৰে। দায়িত্বৰ প্ৰতি শ্ৰদ্ধাশীল টিকেন্দ্ৰজিতে মণিপুৰী সৈন্যৰ এক সবল গোট তৈয়াৰ কৰে। এইবোৰৰ মাজতে এবাৰ পুনৰ সিংহাসন অধিকাৰৰ আশাৰে সুৰচন্দ্ৰ সিংহই দূৰৈৰ পৰাই ইংৰাজৰ সহায় ভিক্ষা বিচাৰে।[3]
ইংৰাজে যুৱৰাজ কূলচন্দ্ৰ সিংহক ৰজা হিচাপে পুনৰ মান্যতা প্ৰদান আৰু টিকেন্দ্ৰজিৎক পৰিয়াল কেন্দ্ৰীক খৰিয়ালৰ মূল দোষী হিচাপে শাস্তি প্ৰদানৰ বাবে মণিপুৰলৈ ইংৰাজ সৈন্য বাহিনী পঠিয়াবলৈ আগবাঢ়ে।[3] ১৮৯১ চনৰ ২১ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ ব্ৰিটিছ প্ৰধান লৰ্ড লেন্সডাউনে যুৱৰাজ কূলচন্দ্ৰ সিংহক ৰজা পাতিবলৈ আৰু টিকেন্দ্ৰজিৎক কৰায়ত্ব কৰিবলৈ অসমৰ মুখ্য আয়ুক্ত জে. ডব্লিউ কুইণ্টনক আদেশ দিয়ে। কুইণ্টনে ১৮৯১ চনৰ ২২ মাৰ্চ তাৰিখে লগত ৪০০ সৈন্য লৈ মণিপুৰ অভিমুখে আগবাঢ়ে। তেওঁলোকে টিকেন্দ্ৰজিৎক ব্ৰিটিছ প্ৰধানৰ আদেশ অনুসৰি কৰায়ত্ব কৰাৰ বাবে সমৰ্পন কৰিবলৈ ৰজা কূলচন্দ্ৰ সিংহক আবেদন কৰে। পৰিণতিত দুয়োপক্ষৰ মাজত যুদ্ধ হয় আৰু এই যুদ্ধত কুইণ্টন সহ পাঁচ ব্ৰিটিছ বিষয়াৰ মৃত্যু হয়।
১৮৯১ চনৰ ৩১ মাৰ্চ তাৰিখে ব্ৰিটিছ চৰকাৰে মেজৰ জেনেৰেল এইসৰ তত্ত্বাৱধানত কহিমাৰ পৰা আৰু কৰ্ণেল আৰ এইস এফৰ তত্ত্বাৱধানত শিলচৰৰ পৰা তথা ব্ৰিগেডিয়েৰৰ তত্ত্বাৱধানত তমুৰ পৰা সৈন্যবাহিনীৰ তিনিটা গোট মণিপুৰৰ বিৰুদ্ধে প্ৰেৰণ কৰে। এই যুদ্ধত টিকেন্দ্ৰজিতে মণিপুৰী সৈন্যক নেতৃত্ব দিছিল। ১৮৯১ চনৰ ২৭ এপ্ৰিলৰ দিনা ব্ৰিটিছ সৈন্যই কংলা পেলেচ অধিগ্ৰহণ কৰিবলৈ সক্ষম হয়। অৱশেষত ব্ৰিটিছ সৈন্যই মণিপুৰী সৈন্য দলক পৰাস্ত কৰে তথা সুৰচন্দ্ৰক দ্বিতীয় বাৰৰ বাবে সিংহাসনত বহাবলৈ সক্ষম হয় আৰু ২৩ মে তাৰিখে টিকেন্দ্ৰজিৎক ক্ৰয়ত্ব কৰে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Ian F.W. Beckett, Victoria's Wars, Shire, আই.এচ.বি.এন. 978-0747803881, p. 62
- ↑ Bir Tikendrajit Singh – The True Patriot Of Manipur Archived 2017-08-17 at the Wayback Machine, India-north-east.com
- ↑ 3.0 3.1 Imperial Gazetteer of India, v. 17, p. 186.