ঠেঙ্গাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ঠেঙ্গাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়
প্ৰতিষ্ঠা ২০২০
অৱস্থিতি তিতাবৰ, যোৰহাট জিলা, অসম

ঠেঙ্গাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয় (ইংৰাজী: Thengal Cultural Centre & Museum) যোৰহাট জিলাতিতাবৰত অৱস্থিত এক সাংস্কৃতিক ভৱন। এইটো পৰ্যটকসকলৰ বাবে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

উদ্বোধন[সম্পাদনা কৰক]

ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা নিৰ্মিত সংগ্ৰহালয়টো ১১ ডিচেম্বৰ, ২০২০ চনত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰে। লগতে গিৰিধৰ ঠেঙাল সোঁৱৰণী প্ৰেক্ষাগৃহ উন্মোচন কৰা হয়।[1][2][3]

চমু পৰিচয়[সম্পাদনা কৰক]

এই সংগ্ৰহালয়ত ঠেঙাল কছাৰীসকলৰ লগতে অসমৰ অন্যান্য জনগোষ্ঠী সকলৰ সাংস্কৃতিক সম্ভাৰ, পৰম্পৰাগত সাজ-পোছাক, দৈনন্দিন ব্যৱহৃত সামগ্ৰী, মাছ-মৰা সঁজুলি, কৃষিক্ষেত্ৰত ব্যৱহাৰ কৰা সঁজুলি, ঠেঙাল কছাৰীসকলৰ বিহু আৰু আন সাংস্কৃতিক অনুষ্ঠানত ব্যৱহৃত সঁজুলি আদি প্ৰদৰ্শনৰ বাবে ৰখা হৈছে। সংগ্ৰহালয়ৰ লগতে নিৰ্মিত গিৰিধৰ ঠেঙাল সোঁৱৰণী প্ৰেক্ষাগৃহটো এশ পঁচাশীখন চকীযুক্ত আৰু শীত-তাপ নিয়ন্ত্ৰিত। গিৰিধৰ ঠেঙাল আছিল তিতাবৰৰ প্ৰাক্তন বিধায়ক। ইয়াত শিশুসকলৰ মনোৰঞ্জনৰ বাবেও বিভিন্ন ক্ৰীড়াৰ সাধন ৰখা হৈছে। ইয়াত এটা চেভেন ডি চিনেমা হলও নিৰ্মাণ কৰা হৈছে। ঘাইকৈ ঠেঙাল কছাৰীসকল গাঁও পাতি কেনেকৈ বাস কৰে সেয়া দৃশ্যমান ৰূপত উত্তৰ-পুৰুষৰ বাবে সাঁচি ৰখাৰ উদ্দেশ্যেৰে এই সংগ্ৰহালয়টো নিৰ্মাণ কৰা হৈছে।[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

[Thengal Museum Titabar | A Detailed Cinematic View with Drone Shots]