ডাউন চিন্দ্ৰম
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
Down syndrome | |
---|---|
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল | |
চিত্ৰ:Drill.jpg Boy with Down syndrome assembling a bookcase | |
আই.চি.ডি.-10 | Q90 |
আই.চি.ডি.-9 | 758.0 |
OMIM | 190685 |
ডিজিজেছ ডে'টাবে'ছ | 3898 |
মেডলাইন প্লাছ | 000997 |
ইমেডিচিন | ped/615 |
MeSH | D004314 |
২১ নম্বৰ ক্ৰমজম এডাল জিনত অতিৰিক্তভাৱে থকাৰ ফলত ব্যক্তিৰ কিছুমান মানসিক আৰু শাৰিৰীক লক্ষণে দেখা দিয়ে। ডাউন চিন্দ্ৰম থকা লোকৰ বিশেষ ধৰণৰ মানসিক আৰু শাৰিৰীক ভাবভংগী থকা দেখা যায়। ডাউন চিন্দ্ৰম কিছুমানৰ ক্ষেত্ৰত মৃদু আৰু কিছুমানৰ ক্ষেত্ৰত অতি তীব্ৰ হোৱা দেখা যায়। ডাউন চিন্দ্ৰম থকা লোকৰ সাধাৰণতে মানসিক আৰু শাৰীৰিক বিকাশৰ গতি কম হয়। এনে লোকৰ কিছুমান শাৰিৰীক সমস্যাও থাকে। এনে লোকৰ জন্মতে হৃদযন্ত্ৰৰ ৰোগ থাকিব পাৰে। ডিমনেছিয়া নামৰ মানসিক ৰোগ হ’ব পাৰে। কাণেৰে নুশুনা, পৰিপাক তন্ত্ৰ, চকু, থাইৰয়ড আৰু কংকালৰ সমস্যাইও দেখা দিব পাৰে।
মহিলাসকলৰ ক্ষেত্ৰত বয়স বাঢ়ি অহাৰ লগে লগে ডাউন চিন্দ্ৰম থকা সন্তান জন্ম হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ডাউন চিন্দ্ৰম নিৰাময় কৰিব নোৱাৰি। অৱ্শ্যে বহু ডাউন চিন্দ্ৰম থকা লোকে প্ৰাপ্তবয়স্ক অৱস্থাত সফল জীৱন কটোৱা দেখা যায়। এনে লোকে সাধাৰণতে বেছিদিন জীয়াই থকা দেখা যায়।
চাৰিত্ৰিক বিশেষত্ব
ডাউন চিন্দ্ৰম ক্ৰমজমৰ এটা অস্বাভাৱিক অৱস্থা। ইয়াৰ কিছুমান চাৰিত্ৰিক বিশেষত্ব দেখা যায়।
সেইবোৰ হ’ল:
• বুদ্ধিমত্তাৰ বিসংগতি: বুদ্ধিমত্তাৰ মান ব্যক্তিসাপেক্ষে পৃথক হয় যদিও সাধাৰণতে কম বা মধ্যমীয়া দেখা যায়।
• ৰেহ-ৰূপ: মুখৰ বিশেষ ধৰণৰ ৰেহ-ৰূপ, অনুন্নত মাংসপেশী (কেঁচুৱা অৱস্থাত)।
• জন্মতে বিসংগতি: ডাউন চিন্দ্ৰমসহ জন্ম লোৱা শিশুৰ বহুধৰণৰ বিসংগতি থাকিব পাৰে। এনে শিশুৰ আধাৰে হৃদযন্ত্ৰৰ বিসংগতি থকা দেখা যায়।
• পাচনগত বিকাৰ: অতি বিৰল হ’লেও, খাদ্যনলীত বাধা থকা দেখা যায়।
ডাউনচিন্দ্ৰম থকা লোকৰ কিছুমান চিকিৎসাগত অৱস্থা হোৱাৰ আশংকা বৰ্দ্ধিত ৰূপত দেখা যায়। এইবোৰ হ’ল:
• গেষ্ট্ৰচফাজিএল ৰিফ্লাক্স:পাকস্থলীৰ পৰা এচিড কন্ঠ নলীলৈ ঘুৰি আহে।
• চেলিয়েক ৰোগ: গ্লোটেন নামৰ প্ৰটিনবিধ শৰীৰে সহ্য কৰিব নোৱাৰে।
• হাইপ’থাইৰ’ডিজিম: ডাউন চিন্দ্ৰম থকা লোকৰ ১৫ শতাংশ লোকৰ থাইৰয়ড গ্ৰন্থি সক্ৰিয় নহয়। এই গ্ৰন্থি দেখিবলৈ পখিলাৰ দৰে আৰু ডিঙিৰ তলৰ ফালে থাকে। ইয়াৰ পৰা হৰমন নিঃসৰিত হয়।
• কাণ আৰু চকুৰ সমস্যা: ডাউন চিন্দ্ৰম থকা লোকৰ কাণেৰে নুশুনা বা দৃষ্টি শক্তি হ্ৰাস পোৱাৰ সম্ভাৱনা অধিক থাকে।
• তেজ কেঞ্চাৰ: ডাউন চিন্দ্ৰম থকা শিশুবোৰৰ ১ শতাংশৰ তেজৰ কোষৰ কেঞ্চাৰ হ'ব পাৰে।
• এলজাইমাৰ ৰোগ: ডাউন চিন্দ্ৰম থকা প্ৰাপ্তবয়স্ক লোকৰ এলজাইমাৰ ৰোগ হোৱাৰ আশংকা থাকে। এই ৰোগত মগজুৰ বিসংগতি হোৱাৰ ফলত লাহে লাহে স্মৃতি শক্তি লুপ্ত হৈ আহে। বিচাৰ বিবেচনাৰ শক্তি, কাম কৰাৰ সক্ষমতা লোপ পায়। ডাউন চিন্দ্ৰম থকা প্ৰাপ্তবয়স্ক লোকৰ ৫০ শতাংশৰ ৫০ বছৰ পিছত এলজাইমাৰ হোৱা দেখা যায়।
সম্ভাৱনা
৭৪০ টা নবজাতকৰ মাজত এটি শিশুৰ ডাউন চিন্দ্ৰম থকা দেখা যায়। ডাউন চিন্দ্ৰম থকা সকলো বয়সৰ মহিলাৰ সন্তানৰ ডাউন চিন্দ্ৰম হ’ব পাৰে যদিও যিমানে বয়স বাঢ়ি আহে সিমানে ডাউন চিন্দ্ৰম থকা শিশু জন্ম হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়।
ক্ৰমজমৰ পৰিৱৰ্তনবোৰ
• ত্ৰিজমী ২১: বেছিভাগ ডাউন চিন্দ্ৰম ত্ৰিজমী ২১ৰ বাবে হয়। অৰ্থাত্ মানুহৰ দেহৰ কোষত তিনিটা ২১ ক্ৰমজম থাকে। স্বাভাৱিক ক্ষেত্ৰত এযোৰ ২১ ক্ৰমজম থাকিব লাগে যদিও ২১ ক্ৰমজম এডাল বেছিকৈ থাকে। এই অতিৰিক্ত ক্ৰমজমে বিকাশত বাধা দিয়ে আৰু ফলত ডাউন চিন্দ্ৰম হয়।
• অতিৰিক্ত ২১ ক্ৰমজমৰ নকল: ডাউন চিন্দ্ৰম হোৱা সকলৰ অতি কম সংখ্যকৰ দেহৰ কিছুমান কোষতহে ক্ৰমজম ২১ৰ নকল দেখিবলৈ পোৱা যায়। এনে ধৰণৰ ৰোগ হোৱা লোকক মজাইক ডাউন চিন্দ্ৰম বোলা হয়।
• ক্ৰমজম ট্ৰঞ্চল’কেচন: ভ্ৰুণ অৱস্থাত প্ৰজনন কোষ (ডিম্বাণু, শুক্ৰাণু) তৈয়াৰ হোৱাৰ সময়ত ২১ ক্ৰমজমে আন ক্ৰমজমৰ লগত একেলগ হৈ যোৱাৰ ফলতো ডাউন চিন্দ্ৰম হ’ব পাৰে। এনে ব্যক্তিৰ দেহত স্বাভাৱিক ভাৱে ২১ ক্ৰমজম এযোৰ থাকে। ইয়াৰ উপৰিও ২১ ক্ৰমজম এডাল আন ক্ৰমজমৰ লগত লগ লাগি থাকে। এনে জিনগত পৰিবৰ্তন হোৱাটোক ট্ৰঞ্চল’কেচন ডাউন চিন্দ্ৰম বোলা হয়।
বংশগত বৈশিষ্ট্য
বেছিভাগ ডাউন চিন্দ্ৰম বংশগত নহয়।
• ত্ৰিজমী ২১ : ত্ৰিজমী ২১ৰ ক্ষেত্ৰত প্ৰজনন কোষ গঠনৰ সময়ত বেমেজালীৰ সৃষ্টি হয়। এই বিসংগতি সাধাৰণতে ডিম্বকোষত হয় যদিও কেতিয়াবা শুক্ৰকোষতো হোৱা দেখা যায়। কোষ বিভাজনৰ সময়ত ভুল হোৱাৰ বাবে প্ৰজনন কোষত অস্বাভাৱিক পৰিমাণৰ ক্ৰমজম থাকে। অৰ্থাৎ ডিম্বকোষ বা শুক্ৰ কোষত অতিৰিক্ত এডাল ২১ ক্ৰমজম থাকে। শিশু এটিৰ জন্মৰ ক্ষেত্ৰত এনে কোষ যদি অংশীদ্বাৰ হয় তেন্তে শিশুটিৰ সকলো কোষতে ২১ ক্ৰমজম এডাল বেছিকৈ থাকিব।
• মোজাইক ডাউন চিন্দ্ৰম: এইটোও বংশগত নহয়। ভ্ৰুণ অৱস্থাত কোষ বিভাজনৰ সময়ত হোৱা খেলিমেলিৰ ফলত এনে হয়। ফলত শৰীৰৰ কিছুমান কোষত স্বাভাৱিক ভাৱে ২১ ক্ৰমজম এযোৰ থাকে। কিছুমান কোষত অতিৰিক্ত ২১ ক্ৰমজম একোডাল থাকে।
• ট্ৰঞ্চল’কেচন ডাউন চিন্দ্ৰম বংশগত হ’ব পাৰে। সুস্থ মানুহ এজনৰ দেহত ২১ ক্ৰমজমযোৰ আৰু আন ক্ৰমজম পৃথককৈ সজোৱা থাকে। ইয়াক বেলেণ্চড ট্ৰঞ্চল’কেচন বোলা হয়। কাৰণ ইয়াত কোনো অতিৰিক্ত ক্ৰমজম নাথাকে। যদিও তেওঁলোকৰ ডাউন চিন্দ্ৰমৰ কোনো লক্ষণ নাথাকে, তথাপিও এনে বেলেণ্চড ট্ৰঞ্চল’কেচন লোকৰ সন্তানৰ ডাউন চিন্দ্ৰম হ’ব পাৰে।
• অতিৰিক্ত ২১ ক্ৰমজম এডাল থকাৰ বাবে ডাউন চিন্দ্ৰম হৈ ব্যক্তিৰ শাৰীৰিক আৰু মানসিক উপসৰ্গৰ সৃষ্টি হয়। এনে ৰোগীৰ কিছুমান লক্ষণ আৰু উপসৰ্গ একে হ’ব পাৰে যদিও মধ্যমীয়াৰ পৰা অতি তীব্ৰও হ’ব পাৰে। সাধাৰণতে মানসিক আৰু শাৰিৰীক বিকাশৰ গতি অতি ধীৰ হয়।
তথ্য সংগ্ৰহ
- নেচনেল ইন্সটিটিউট অৱ চাইল্ড হেল্থ এণ্ড হিউমেন ডেভেলপমেণ্ট।
বাহ্যিক সংযোগ
ৱিকিমিডিয়া কমন্সত Down syndrome সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- ডাউন চিন্দ্ৰম বিষয়ে Curlie (DMOZ)-ত থকা তথ্য
- Down's syndrome - Treatment by National Health Service