ডানাম উপত্যকা সংৰক্ষিত এলেকা
ডানাম উপত্যকা সংৰক্ষিত এলেকা (Danum Valley Conservation Area) | |
---|---|
আই.ইউ.চি.এন শ্ৰেণী Ia (কঠোৰ প্ৰকৃতি সংৰক্ষণ) | |
ডানাম উপত্যকাত ৰাতিপুৱাৰ কুঁৱলী | |
অৱস্থান | চাবাহ, মালয়েছিয়া |
নিকটতম চহৰ | লাহা ডাটু |
মাটিকালি | 438 বৰ্গ কি.মি. (169 বৰ্গ মাইল) |
প্ৰতিস্থা | ১৯৮০ |
ডানাম উপত্যকা সংৰক্ষিত এলেকা (ইংৰাজী: Danum Valley Conservation Area) হৈছে মালয়েছিয়াৰ চাবাহ (Sabah)ৰ ৪৩৮ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত হৈ থকা এক ডিপ্টেৰ’কাৰ্প (dipterocarp) অৰণ্য। এই সংৰক্ষিত এলেকাত যথেষ্ট সংখ্যক গ্রীষ্মমণ্ডলীয় উদ্ভিদ আৰু প্রাণী দেখিবলৈ পোৱা যায়। ইয়াৰ ভিতৰত বিৰল বর্নিয়ান ওৰাংওটান (Bornean orangutan), গিবন, মাউছ ডিয়েৰ, ক্লাউডেদ নাহৰফুটুকী (clouded leopard) আৰু ২৭০ টাতকৈও অধিক চৰাইৰ প্ৰজাতি উল্লেখযোগ্য। [1]
এই অঞ্চলটোৰ এটা বিশেষ বৈশিষ্ট হৈছে যে সংৰক্ষিত এলেকা মৰ্যদা পোৱাৰ আগলৈকে ইয়াত কোনো মানুহৰ বসতি নাছিল, অৰ্থাৎ চিকাৰ, কাঠ কটা আৰু অন্যান্য মানুহৰ কাৰ্যকলাপৰ অস্তিত্ব নাছিল। সেই কাৰণতে বৰ্তমান এই এলেকাৰ সংৰক্ষণ, গৱেষণা, শিক্ষা, আৰু বাসস্থান পুনৰুদ্ধাৰৰ প্ৰশিক্ষণৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিছে। এই এলেকাক বিশ্ব ঐতিহ্য স্থান (World Heritage Site) হিচাপে মনোনীত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন]
ভৌগোলিক বিৱৰণ
[সম্পাদনা কৰক]ডানাম উপত্যকা সংৰক্ষিত এলেকা নিকটতম চহৰ লাহাড ডাটু (Lahad Datu) প্ৰায় ৮২ কিলোমিটাৰ দূৰত অৱস্থিত। এই এলেকাত থকা ডানাম ভেলী ফিল্ড চেণ্টাৰ হৈছে বিজ্ঞানী আৰু শিক্ষাৰ উদ্দেশ্যে গৱেষণা প্ৰতিষ্ঠান। তাৰ লগতে ইয়াত ডিপ্টেৰ'কাৰ্প গছৰ বংশবৃদ্ধিৰ বাবে এটা প্ৰকাণ্ড নাৰ্চাৰীও আছে। তাৰোপৰি ইয়াত পৰ্যটকৰ বাবে থকাৰ ব্যৱস্থা যেনে বৰ্নিঅ' ৰেইনফৰেষ্ট লজকে ধৰি অন্যান্য লজ কিছুমান আছে। এই এলেকাৰ সাগৰপৃষ্ঠৰ পৰা সৰ্বোচ্চ উচ্চতা ১০৯৩ মিটাৰ।
প্ৰকৃতি
[সম্পাদনা কৰক]প্ৰাণীজগত
[সম্পাদনা কৰক]ডানাম উপত্যকা সংৰক্ষিত এলেকাত দেখা পোৱা বৰ্নিঅ' নিম্নভূমি বৰ্ষাৰণ্য (Borneo lowland rain forests) বহুতো আপুৰুগীয়া চৰাই আৰু স্তন্যপায়ী প্ৰাণীৰ বাসস্থান। এই এলেকাতে বিৰল মৌপিয়া চৰাইৰ প্ৰজাতি স্পেক্টেকলড ফ্লাৱাৰপেকাৰ (spectacled flowerpecker) আৱিস্কাৰ হৈছিল। ইয়াত দেখা পোৱা উল্লেখযোগ্য প্ৰাণীসমূহ হৈছে বৰ্নিঅ'ৰ ওৰাংওটান (Bornean orangutan), বৰ্নিঅ'ৰ গিবন (Müller's Bornean gibbon), বিভিন্ন প্ৰকাৰৰ হৰিণ, বনৰীয়া মেকুৰী, ভালুক, বৰ্নিঅ'ৰ গঁড় আৰু বৰ্নিঅ'ৰ পিগমী হাতী (Bornean pygmy elephant)।[2]
উদ্ভিদজগত
[সম্পাদনা কৰক]এই এলেকাত দেখা পোৱা উদ্ভিদসমূহ প্ৰধানকৈ বৰ্নিঅ' নিম্নভূমি বৰ্ষাৰণ্যৰ ডিপ্টৰ'কাৰ্প (dipterocarp) জাতীয় গছ। ঠায়ে ঠায়ে এই গছসমূহৰ উচ্চতা ৭০ মিটাৰৰ অধিক হোৱা দেখা যায়।[3] এই এলেকা থকা বৰ্নিঅ' দ্বীপত ডিপ্টেৰ'কাৰ্প উদ্ভিদৰ সৰ্বাধিক বৈচিত্ৰ্য দেখা পোৱা যায়। সমগ্ৰ বিশ্বৰ ভিতৰতে কেৱল এই দ্বীপত দেখা পোৱা এই বিৰল প্ৰজাতিসমূহ (endemic) হৈছে, Dipterocarpus acutangulus, Dipterocarpus applanatus, Dipterocarpus borneensis, Dipterocarpus caudatus, Dipterocarpus caudiferus, Dipterocarpus confertus, Dipterocarpus conformis, Dipterocarpus coriaceus, Dipterocarpus costulatus, Dipterocarpus crinitus, Dipterocarpus elongatus, Dipterocarpus eurynchus, Dipterocarpus fusiformis, Dipterocarpus geniculatus, Dipterocarpus glabrigemmatus, Dipterocarpus globosus, Dipterocarpus gracilis, Dipterocarpus grandiflorus, Dipterocarpus hasseltii, Dipterocarpus humeratus, Dipterocarpus kerrii, Dipterocarpus mundus, Dipterocarpus ochraceus, Dipterocarpus palembanicus, Dipterocarpus sarawakensis, Dipterocarpus tempehes, Dipterocarpus validus আৰু Dipterocarpus verrucosus। তাৰোপৰি ডানাম উপত্যকা সংৰক্ষিত এলেকাত মুঠ ১৫০০০ প্ৰজাতিৰ উদ্ভিদ দেখা যায়। ২০১৯ চনত এই এলেকাতে বিশ্বৰ আটাইটকৈ ওখ ক্ৰান্তীয় গছ জোপা আৱিষ্কাৰ হৈছিল। এই গছজোপাৰ প্ৰজাতি হৈছে yellow meranti (Richetia faguetiana) আৰু গছজোপাক মেনাৰা (Menara) নাম দিয়া হৈছে।[4] গছজোপাৰ উচ্চতা 97.58 মিটাৰ (320.1 ফুট)।[5]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত Danum Valley Conservation Area সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Danum Valley". Tourism Malaysia. http://www.tourism.gov.my/en/my/web-page/places/states-of-malaysia/sabah/danum-valley?page=/2। আহৰণ কৰা হৈছে: 23 May 2014.
- ↑ Schilthuizen, M. & H.A. Rutjes, 2001. Land snail diversity in a square kilometre of tropical rainforest in Sabah, Malaysian Borneo. Journal of Molluscan Ss, 67: 417-423
- ↑ "Danum Valley Field Centre". Tawau. 25 March 2014. http://www.etawau.com/PlacesInterest/DanumValleyFieldCentre.htm.
- ↑ "The world's tallest tropical tree has been discovered—and climbed—in Malaysian Borneo". National Geographic Society. 3 April 2019. https://www.nationalgeographic.com/environment/2019/04/worlds-tallest-tropical-tree-discovered-climbed-borneo/?sf210375640=1.
- ↑ Shenkin, Alexander; Chandler, Christopher et al. (2019). "The World's Tallest Tropical Tree in Three Dimensions" (English ভাষাত). Frontiers in Forests and Global Change খণ্ড 2: 32. doi:10.3389/ffgc.2019.00032. ISSN 2624-893X.