ডানেলিয়া টুলেশ্বোভা
ডানেলিয়া টুলেশ্বোভা | |
---|---|
২০২৪ চনত বাৰবজাত ডানেলিয়া | |
প্ৰাথমিক তথ্য | |
আন নাম | ডানেলিয়া, ডা নেল |
জন্ম | ১৮ জুলাই, ২০০৬ (১৮ বছৰ) আস্তানা, কাজাখস্তান |
মূল | আলমেটি, কাজাখাস্তান |
সংগীতৰ প্ৰকাৰ |
|
পেচা | গায়ক, গীতিকাৰ |
বাদ্যযন্ত্ৰ | ভকেলচ্ |
কাৰ্যকাল | ২০১৫ৰ পৰা বৰ্তমানলৈ |
ৰেকৰ্ড লেবেল |
|
ৱেবছাইট | https://www.daneliya.co |
ডানেলিয়া টুলেশ্বোভা (ইংৰাজী: Daneliya Tuleshova, কাজাখ : Данэлия Төлешова , ৰোমানিক: Danelia Töleşova), (জন্ম ১৮ জুলাই ২০০৬) [1] [2] [3] [4] [5] এগৰাকী কাজাখস্তানী গায়িকা। ২০১৮ চনত বেলাৰুছৰ মিনস্কত অনুষ্ঠিত হোৱা জুনিয়ৰ ইউৰোভিছন গীত প্ৰতিযোগিতাত কাজাখাস্তানক প্ৰতিনিধিত্ব কৰি তেওঁৰ গীত "Ózińe sen" ৰ জৰিয়তে ষষ্ঠ স্থান দখল কৰে। জুনিয়ৰ ইউৰোভিছনৰ পূৰ্বে তেওঁ দ্য ভইচ কিডছ ইউক্ৰেইনৰ চতুৰ্থ ছিজনত জয়লাভ কৰিছিল আৰু ২০১৫ চনৰ চিলড্ৰেনছ নিউ ৱেভত চূড়ান্ত প্ৰতিযোগী আছিল।২০১৯ চনত তেওঁ ডিমাছ কুডাইবাৰ্গেনৰ সৈতে নিজৰ দেশক প্ৰতিনিধিত্ব কৰি দ্য ৱৰ্ল্ডছ বেষ্টত অংশগ্ৰহণ কৰিছিল। আমেৰিকা গট টেলেণ্টৰ ১৫ নং ছিজনৰ ফাইনেলিষ্ট আছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ডানেলিয়াৰ জন্ম হৈছিল ২০০৬ চনৰ ১৮ জুলাইত কাজাখস্তানৰ ৰাজধানী আস্তানাত। [1] তেওঁৰ মাতৃৰ নাম এলেনা টুলেশ্বোভা আৰু পিতৃৰ নাম আলেকজেণ্ডাৰ টুলেশ্বোভা। দুয়ো গৰাকী কাজাখস্তানৰ অতি পুৰনি বাসিন্দা যথাক্ৰমে কাজাখ আৰু টাটাৰ পৰিয়ালৰ খিলঞ্জীয়া লোক। ডানেলিয়াৰ দুগৰাকী সৰু ভাই-ভনী আছে। [6] চাৰি বছৰ বয়সতে জিমনাষ্টিকছৰ অনুশীলনত পোৱা আঘাতৰ পৰা সুস্থ হৈ উঠা পিছত ডানেলিয়াই বলৰুম নৃত্যৰ অনুশীলন আৰম্ভ কৰে। তাৰ পিছত আলমাটিত নৃত্যৰ ক্লাছৰ লগতে একে সময়তে অভিনয় আৰু গায়কীৰ ক্লাছতো অংশ লৈছিল। ২০১৮ চনত ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতে তেওঁ ইউক্ৰেইনৰ পদাৰ্থ বিজ্ঞান আৰু গণিত লাইচিয়ামত গণিত বিষয়টোত মেধাৰ পৰিচয় দিছিল। [1] টুলেশ্বোভাৰ জন্ম আস্তানাত হৈছিল যদিও, ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত ইউটিউবত ৰখা এটা সাক্ষাৎকাৰত তেওঁৰ গৃহ চহৰ আলমাটি বুলি কৈছিল। [7]
সঙ্গীত জীৱনৰ আৰম্ভণি
[সম্পাদনা কৰক]আঠ বছৰ বয়সত ৰাছিয়াত প্ৰতি বছৰে অনুষ্ঠিত হোৱা যুৱ কলা-কুশলীৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বিখ্যাত শিশু নিউ ৱেভৰ বাছনি ৰাউণ্ড কাজাখ গায়ন প্ৰতিযোগিতা আয়াগ্লাগান আস্তানাৰ আয়োজকসকলে তেওঁক দেখা পায় আৰু গায়কীত মুগ্ধ হয়। ২০১৫ চনত ডেনেলিয়াই এই প্ৰতিযোগিতাত বিজয়ী হয় আৰু শিশুৰ নিউ ৱেভৰ ফাইনেলত প্ৰৱেশ কৰি দৰ্শক বঁটা লাভ কৰে। [1]
২০১৭–২০১৮: দ্য ভইচ কিডছ ইউক্ৰেইন আৰু জুনিয়ৰ ইউৰোভিজন
[সম্পাদনা কৰক]২০১৭ চনৰ জানুৱাৰী মাহত টুলেশ্বোভাই আন্তঃৰাষ্ট্ৰীয় গায়ন প্ৰতিযোগিতা হোপছ অৱ ইউৰোপত অংশগ্ৰহণ কৰিছিল আৰু তাত তেওঁ গ্ৰেণ্ড প্ৰাইজ লাভ কৰিছিল। সেই বছৰৰ শেষৰ ফালে তেওঁ দ্য ভইচ কিডছ ইউক্ৰেইনৰ ৪ৰ্থ ছিজনৰ বাবে অডিচন দিয়ে। ব্লাইণ্ড অডিচনৰ সময়ত তেওঁ ডেমি লোভাটোৰ গীত "ষ্টোন কল্ড" পৰিবেশন কৰে। তিনিওজন প্ৰশিক্ষক; মনাটিক, নাটালিয়া মহাইলেভস্কা আৰু ভ্ৰেমিয়া আই ষ্টেক্লোৱে ডানেলিয়াক প্ৰশংসাৰে উপচাই দি ডানেলিয়াৰ বাবে "নিজৰ নিজৰ চকী ঘূৰাইছিল "; তাই প্ৰশিক্ষক মনাটিক বাছি লৈছিল। শেষত ১০ বছৰ বয়সত আটাইকেইটা মঞ্চ পাছ কৰি গ্ৰেণ্ড ফাইনেলত স্থান লাভ কৰে। তাত "Ne tvoya viyna" গীতটো পৰিবেশন কৰি প্ৰতিযোগিতাখনৰ বিজয়ী ঘোষিত হয়। সেই সময়ত তেওঁ প্ৰথমগৰাকী অ-ইউক্ৰেইনীয় বিজয়ী আছিল। [1] কিন্তু ২০১৯ চনত জৰ্জিয়ান গায়ক অ'লেক্সাণ্ডৰ জাজাৰাশভিলীয়ে পঞ্চম চিজনৰ বিজয়ী হৈছিল। [8]
২০১৮ চনৰ মাৰ্চ মাহত মস্কোত অনুষ্ঠিত হোৱা প্ৰথম আন্তঃৰাষ্ট্ৰীয় পেছাদাৰী সংগীত প্ৰিমিয়াম ব্ৰাভো বঁটাত ডানেলিয়া টুলেশ্ব’ভাই গ্লিম্পছ ইনটু দ্য ফিউচাৰ বঁটা লাভ কৰে। বঁটা লাভ কৰাৰ পিছত ফৰাচী গায়িকা জাজ ৰ সৈতে তেওঁ "Je veux" পৰিবেশন কৰি সকলোকে আপ্লুত কৰে।[9]
২০১৮ চনৰ ২২ ছেপ্টেম্বৰত বেলাৰুছৰ মিনস্কত অনুষ্ঠিত হ'বলগীয়া জুনিয়ৰ ইউৰোভিছন গীত প্ৰতিযোগিতা ২০১৮ত কাজাখস্তানক প্ৰতিনিধিত্ব কৰিবলৈ তেওঁ টুলেশ্বোভা, আৰ্টিয়ম কুজ'মেনকোভ আৰু কামিলা ডাইৰোভাৰ দ্বাৰা লিখা আৰু ইভান লোপুখভৰ দ্বাৰা সুৰ দিয়া "Ózińe sen" গীতটোৰে নিৰ্বাচিত হয়।[10][1] ফাইনেলত তেওঁ পৰ্তুগালৰ ৰীটা লাৰাঞ্জেইৰা ৰ পিছত আৰু আলবেনিয়াৰ এফি জিকা ৰ পূৰ্বে তৃতীয় স্থান দখল কৰে।[11]তেওঁ ভোটদানৰ শেষত ১৭১ পইণ্ট, আন্তঃৰাষ্ট্ৰীয় জুৰীৰ পৰা ৬৮ পইণ্ট আৰু ৰাজহুৱা ভোটৰ পৰা ১০৩ পইণ্ট লাভ কৰি ষষ্ঠ স্থানত উপনীত হৈছিল।[1][12] "Ózińe sen" ৰ ইংৰাজী সংস্কৰণ, শিৰোনাম Seize the Time, ২০১৮ চনৰ ২১ অক্টোবৰত মুকলি কৰা হয়।[13]
২০১৯: বিশ্বৰ শ্ৰেষ্ঠ যোগ্যতা, দ্য ৱৰ্ল্ডছ বেষ্ট
[সম্পাদনা কৰক]২০১৯ চনত টুলেশ্বোভাই আমেৰিকাৰ টিভি প্ৰতিভা অনুষ্ঠান দ্য ৱৰ্ল্ডছ বেষ্ট ৰ বাবে অডিচন দিয়ে। প্ৰথমে আন্দ্ৰা ডে ই পৰিবেশন কৰা "ৰাইজ আপ" গীতটো পৰিবেশন কৰে।[14] যুদ্ধৰ ৰাউণ্ডত তেওঁ জাপানৰ মানামী ইটোক পৰাস্ত কৰি চেম্পিয়ন ৰাউণ্ডত ঊত্তীণ হোৱাৰ যোগ্যতা অৰ্জন কৰে।[15] তাত তেওঁ "ৱাট এবাউট আছ" পৰিবেশন কৰিছিল যদিও শেষত প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈ শীৰ্ষ ৮ম স্থান লাভ কৰে।[16]
২০২০: ডা নেল আৰু আমেৰিকাৰ গট টেলেণ্ট
[সম্পাদনা কৰক]২০২০ চনত আমেৰিকাৰ টেক্সাছত ডেনেলিয়াৰ কনচাৰ্ট অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু সমগ্ৰ পৃথিৱী চানি ধৰা ক’ভিড-১৯ মহামাৰী ৰ বাবে এই কাম বাতিল কৰা হয়।
২০২০ চনৰ ফেব্ৰুৱাৰী মাহত কাজাখ টিভি চেনেল গাক্কু টিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ডেনেলিয়াই ঘোষণা কৰে যে তেওঁ "ডা নেল" মঞ্চ নামেৰে এটা নতুন সংগীত প্ৰকল্প আৰম্ভ কৰিব। "Da NeL" হিচাপে তেওঁৰ প্ৰথম একক "хзчздз" (Nobody freakin' knows what the homework is) ইউটিউবত প্ৰিমিয়াৰ হয় 2020 চনৰ 4 ফেব্ৰুৱাৰী তাৰিখে, লগতে "OMG" আৰু "FIRE", প্ৰিমিয়াৰ হয় ২০২০ চনৰ ক্ৰমে মে' আৰু জুন মাহত।
জুন মাহত তেওঁ ফাউজিয়া ৰ "টিয়াৰ্ছ অৱ গোল্ড" গাই আমেৰিকা গট টেলেণ্ট ৰ বাবে অডিচন দিছিল আৰু বিচাৰক চাইমন কৱেল, ছফিয়া ভাৰ্গাৰা, হাইডি ক্লাম, আৰু হ'ৱি মেণ্ডেল ৰ পৰা "হয়" বুলি উত্তীৰ্ণ হৈছিল। ডানেলিয়া টুলেশ্ব’ভাৰ অভিনয়ক প্ৰশংসা কৰে ফাউজিয়াই কয় যে তেওঁৰ কণ্ঠ আৰু... মঞ্চৰ উপস্থিতি "আচৰিত"।[17] ১৮ আগষ্টৰ কোৱাৰ্টাৰ ফাইনেলত হেৰী ষ্টাইলছ ৰ "চাইন অৱ দ্য টাইমছ" পৰিবেশন কৰি লাইভ শ্ব'লৈ অগ্ৰগতি লাভ কৰে। অনলাইন ৰাজহুৱা ভোটৰ জৰিয়তে তেওঁ ছেমিফাইনেলত উপনিত হয়।[18] ইয়াৰ পিছতজেছি জেৰ "হু ইউ আৰ" গীতটোত কণ্ঠদান কৰে আৰু ফাইনেললৈ ঊত্তিৰ্ণ হয়।[19] চূড়ান্ত অভিনয়ৰ বাবে তেওঁ শ্বিয়াৰ "এলাইভ" গীতটো গাইছিল।[20] শীৰ্ষ ৫ম স্থানলৈ আগবাঢ়িব নোৱাৰি অবশেষত ৬ষ্ঠ স্থানত থমকিব লগা হয়।
২০২১: ৪ কৰ্ড ৰেকৰ্ডছৰ সৈতে স্বাক্ষৰ আৰু অধিক সংগীত মুক্তি
[সম্পাদনা কৰক]২০২১ চনৰ মে' মাহত পৰিবেশন কৰা এটি খবৰ অনুসৰি, ডানেলিয়া টুলেশ্বোভাক আমেৰিকান সংগীত প্ৰতিষ্ঠান ৪ কৰ্ডছ ৰেকৰ্ডছৰ ফ্লেগশ্বিপ শিল্পী হিচাপে নিৰ্বাচিত কৰা হয়, য'ত তেওঁ "লাইক ইউ ইউজড টু" শীৰ্ষক একক গীতটোৰে অভিষেক কৰে,আৰু গীতটি মুক্তিৰ কিছুদিনৰ ভিতৰতে ষ্ট্ৰীমিং প্লেটফৰ্মত ১০০লাখ তকৈ অধিক লাভ কৰে।[21]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 1.6 [junioreurovision.tv. "Daneliya Tuleshova".] Check
|url=
value (help). Retrieved 16 August 2019. Check date values in:|date=
(help) - ↑ ["Daneliya Tuleshova Official Web Site". iamdaneliya.com. Archived from the original] Check
|url=
value (help). on 19 June 2019. Retrieved 16 August 2019. Check date values in:|date=
(help) - ↑ ["Danelia Tuleshova (Kazakhstan)" (in Russian). Krasavin, Oleg (8 August 2015).] Check
|url=
value (help). Retrieved 16 August 2019. Check date values in:|date=
(help) - ↑ ["Artist Management and Booking – Daneliya Tuleshova – Biography". Keane, Ed (11 February 2019). "Artist Management and Booking – Daneliya Tuleshova – Biography".] Check
|url=
value (help). Retrieved 16 August 2019. Check date values in:|date=
(help) - ↑ ["Daneliya Tuleshova discusses her 13th Birthday (with English captions)". Tuleshova, Daneliya (17 July 2019).] Check
|url=
value (help). YouTube. Retrieved 17 August 2019. Check date values in:|date=
(help) - ↑ ["Danelia Tuleshova: "I did not have a goal to win"".X "Danelia Tuleshova: "I did not have a goal to win"".] Check
|url=
value (help). Kukaeva, Antonina (12 February 2018). on 28 July 2019. Retrieved 28 July 2019. Check date values in:|date=
(help) - ↑ "Kokumbaeva, Rauana (22 February 2019). "Danelia Tuleshova about The World's Best project, creativity and development (closed-captioned in English)". YouTube.". Retrieved 16 August 2019..
- ↑ ["Олександр Зазарашвілі – переможець шоу Голос Діти 5: біографія і відео виступів". "maximum.fm (in Ukrainian)."]. 8 July 2019. Retrieved 8 July 2019.. "Олександр Зазарашвілі – переможець шоу Голос Діти 5: біографія і відео виступів".। আহৰণ কৰা হৈছে: 17 November 2024.
- ↑ [inform.kz. ""Kazakhstani Daneliya Tuleshova receives int'l BraVo award"."]. 11 March 2018. Retrieved 22 June 2019.. inform.kz.। আহৰণ কৰা হৈছে: 17 November 2024.
- ↑ ["Kazakhstan's first Junior Eurovision candidate is Daneliya Tuleshova". "Groot, Evert (22 September 2018)."]. junioreurovision.tv.. junioreurovision.tv. Retrieved 22 June 2019.. "Kazakhstan's first Junior Eurovision candidate is Daneliya Tuleshova".। আহৰণ কৰা হৈছে: 17 November 2024.
- ↑ ["Running order of Junior Eurovision 2018 revealed". "Zwart, Josianne (19 November 2018)."]. junioreurovision.tv.. Retrieved 29 July 2019.. "Running order of Junior Eurovision 2018 revealed".। আহৰণ কৰা হৈছে: 17 November 2024.
- ↑ ["Poland: Roksana Węgiel Wins Junior Eurovision 2018". "Farren, Neil (25 November 2018)."]. Eurovoix.. Retrieved 19 June 2019.. "Poland: Roksana Węgiel Wins Junior Eurovision 2018".। আহৰণ কৰা হৈছে: 17 November 2024.
- ↑ ["Kazakhstan: Daneliya Tuleshova Releases English Version of "Ozine Sen"".Eurovoix. "Herbert, Emily (22 October 2018)."]. Retrieved 21 June 2019.. "Kazakhstan: Daneliya Tuleshova Releases English Version of "Ozine Sen"".Eurovoix.। আহৰণ কৰা হৈছে: 17 November 2024.
- ↑ 14 February 2019. Retrieved 29 July 2019. (14 February 2019. Retrieved 29 July 2019.). ""Drew Barrymore moved to tears by Daneliya Tuleshova's performance at The World's Best".".
- ↑ ["'The World's Best' Season 1 episode 4 review: Dimash leads the top 3 performances in the battle rounds". meaww.com. "Windsor, Rachel (22 February 2019)."]. Retrieved 29 July 2019.. "'The World's Best' Season 1 episode 4 review: Dimash leads the top 3 performances in the battle rounds". meaww.com.। আহৰণ কৰা হৈছে: 17 November 2024.
- ↑ [inform.kz. ""Daneliya Tuleshova fails to reach The World's Best finals"."]. 14 March 2019. Retrieved 29 July 2019.. inform.kz.। আহৰণ কৰা হৈছে: 17 November 2024.
- ↑ [Furdyk, Brent.[1], "ET Canada, 20 June 2020."]. Retrieved 17 September 2020.. Furdyk, Brent.[1],। আহৰণ কৰা হৈছে: 17 November 2024.
- ↑ [Furdyk, Brent.[1], "ET Canada,"]. 20 June 2020.. Furdyk, Brent.[1],। আহৰণ কৰা হৈছে: 17 November 2024.
- ↑ [Longmire, Becca.[3], "ET Canada, 16 September 2020."]. Retrieved 17 September 2020.. Longmire, Becca.[3],। আহৰণ কৰা হৈছে: 17 November 2024.
- ↑ [Brandle, Lars. [4], "Billboard, 22 September 2020."]. Retrieved 23 September 2020.. Brandle, Lars. [4],। আহৰণ কৰা হৈছে: 17 November 2024.
- ↑ ["America's Got Talent Season 15 Top 10 Finalist Daneliya Tuleshova Named Flagship Artist at 4 Chords Records & Debuts New Single "Like You Used To"". "PRWeb. 27 May 2021."]. Retrieved 12 September 2023.. "America's Got Talent Season 15 Top 10 Finalist Daneliya Tuleshova Named Flagship Artist at 4 Chords Records & Debuts New Single "Like You Used To"".। আহৰণ কৰা হৈছে: 17 November 2024.