ডিমেন্‌চিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ডিমেন্‌চিয়া (ইংৰাজী: Dementia) এক প্ৰকাৰৰ মানসিক ৰোগ। এনে মানসিক অৱস্থাত ভুগি থকা ব্যক্তিৰ বুদ্ধি, স্মৃতিশক্তি আৰু ব্যক্তিত্ব ক্ৰমান্বয়ে লোপ পায়।[1][2] সাধাৰণতে, বহুতো প্ৰাপ্তবয়স্ক লোক বয়সৰ লগেলগে এই ৰোগত আক্ৰান্ত হয় যদিও, এই ৰোগ মস্তিষ্ক ক্ষতিগ্ৰস্ত বা আঘাত হ'লেও হʼব পাৰে।[3]

লক্ষণবোৰ কেইবাটাও পৰ্যায়ত ধাৰাবাহিকভাৱে হোৱা দেখা যায়।[4] যেতিয়া এজন ব্যক্তিৰ বয়সবৃদ্ধিৰ ফলত সচৰাচৰ হোৱা মানসিক কাৰ্যকলাপ আৰু স্মৃতিশক্তিৰ পৰিৱৰ্তন প্ৰয়োজনকৈ অধিক হ্ৰাস পায়, তেতিয়া ডিমেন্‌চিয়া ৰোগ নিৰ্ণয় হয়।[5] স্মৃতিশক্তি, চিন্তা আৰু আচৰণৰ বিকাৰ ক্ৰমান্বয়ে বাঢ়ি যোৱাৰ ফলত এজন ব্যক্তিৰ দৈনন্দিন কাৰ্যকলাপ সম্পাদন আৰু সম্পাদন কৰাৰ সামৰ্থ্য নেতিবাচকভাৱে প্ৰভাৱিত হয়। স্মৃতিশক্তিৰ দুৰ্বলতা আৰু চিন্তাৰ প্ৰকাৰত ব্যাঘাতৰ উপৰিও, আন লক্ষণবোৰৰ ভিতৰত আছে আৱেগিক সমস্যা, ভাষাৰ ব্যৱহাৰত অসুবিধা, আৰু অনুপ্ৰেৰণা হ্ৰাস।[6]

৬৫ বছৰ বয়সৰ আগতে ডিমেন্‌চিয়া আৰম্ভ হোৱা কম দেখা যায় যদিও কিছুমান লোকৰ আগতীয়াকৈ ডিমেন্‌চিয়াৰ লক্ষণে দেখা দিব পাৰে। কিয় এনে হয় সেই বিষয়ে সামান্য গৱেষণাহে হৈছে। আগতীয়াকৈ আৰম্ভ হোৱা ডিমেনচিয়াক আৰলী অনছেট ডিমেন্‌চিয়া (ই.ও.ডি.) বা "প্ৰেচেনাইল ডিমেনচিয়া" বুলি কোৱা হয়। [7] জিনৰ পৰিৱৰ্তন ফলতো এই ৰোগ বহু তৰুণ বয়সত, প্ৰায় 45 বছৰ বয়সত বিকাশ হʼব পাৰে। ইয়াক আগতীয়াকৈ আৰম্ভ হোৱা আলঝেইমাৰ বুলি কোৱা হয়। [8] বিশ্বব্যাপী ২০১৫ চনত ডিমেনচিয়াৰ ব্যয় ৮১৮ বিলিয়ন আমেৰিকান ডলাৰ ৰখা হৈছিল। স্মৃতিশক্তি হ্ৰাস হোৱাৰ বাবে, এই লোকসকলক প্ৰায়ে কঠোৰ ভাৱে নিয়ন্ত্ৰণ কৰি ৰখা হয়। তেওঁলোকক প্ৰায়ে শাৰীৰিক বা ৰাসায়নিক উপায়েৰে প্ৰয়োজনতকৈ অধিক পৰিমাণে সংযত কৰি ৰখা হয়। যাৰ ফলত মানৱ অধিকাৰৰ সমস্যা উত্থাপন হোৱা দেখা যায়। প্ৰভাৱিত লোকসকলৰ বিৰুদ্ধে সামাজিক কলঙ্ক সচৰাচৰ দেখা যায়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Donald Venes. Taber's Cyclopedic Medical Dictionary. 21st Edition. F. A. Davis Company, 2009. pg 599-600[12]
  2. Solomon, Andrew E. Budson, Paul R. (২০১১)। Memory loss : a practical guide for clinicians। [Edinburgh?]: Elsevier Saunders। আইএসবিএন 9781416035978।
  3. "Dementia" (en ভাষাত). www.who.int. https://www.who.int/news-room/fact-sheets/detail/dementia। আহৰণ কৰা হৈছে: 7 November 2020. 
  4. Bathini P, Brai E, Auber LA (November 2019). "Olfactory dysfunction in the pathophysiological continuum of dementia" (PDF). Ageing Research Reviews. 55: 100956. doi:10.1016/j.arr.2019.100956. PMID 31479764. S2CID 201742825.
  5. Budson, Andrew; Solomon, Paul (2011). Memory loss : a practical guide for clinicians. প্ৰকাশক [Edinburgh?]: Elsevier Saunders. ISBN 978-1-4160-3597-8. https://books.google.com/books?id=48HAK0HOF6cC&pg=PR10. 
  6. Masters, Colin L.; Bateman, Randall; Blennow, Kaj; Rowe, Christopher C.; Sperling, Reisa A.; Cummings, Jeffrey L. (2015-10-15). "Alzheimer's disease". Nature Reviews Disease Primers. 1: 15056. doi:10.1038/nrdp.2015.56. PMID 27188934. S2CID 20844163
  7. Vieira, Renata Teles; Caixeta, Leonardo; Machado, Sergio; Silva, Adriana Cardoso; Nardi, Antonio Egidio; Arias-Carrión, Oscar; Carta, Mauro Giovanni (2013-06-14). "Epidemiology of early-onset dementia: a review of the literature". Clinical Practice and Epidemiology in Mental Health : CP & EMH. 9: 88–95. doi:10.2174/1745017901309010088. ISSN 1745-0179. PMC 3715758. PMID 23878613.
  8. Masters, Colin L.; Bateman, Randall; Blennow, Kaj; Rowe, Christopher C.; Sperling, Reisa A.; Cummings, Jeffrey L. (2015-10-15). "Alzheimer's disease". Nature Reviews Disease Primers. 1: 15056. doi:10.1038/nrdp.2015.56. PMID 27188934. S2CID 20844163.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

বৰ্গীকৰণ
বাহ্যিক সমল