সমললৈ যাওক

ডেকা চাং

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ডেকা চাং কিছুমান জনজাতিৰ বিয়া নকৰা ডেকাবিলাক থকা চাং-ঘৰ।[1] পাহাৰীয়া আৰু বানপানীৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চলৰ জনজাতি সকলে সাধাৰণতে মাটিৰ পৰা ওখকৈ চাং ঘৰত বাস কৰে। পৃথিৱীৰ বিভিন্ন ঠাইৰ জনজাতীয় গাওঁসমূহত ডেকা চাং দেখা যায়। ডেকা-গাভৰুসকলে গাঁৱৰ আকস্মিক দুৰ্ঘটনা, শত্ৰুৰ বিপক্ষে হ’ব পৰা যুদ্ধ, বনৰীয়া হিংস্ৰ জন্তুৰ আক্ৰমণ প্ৰতিহত কৰা আদি কামৰ বাবে প্ৰতিমুহূৰ্ততে সাজু হ’ব পৰাকৈ নিজৰ ঘৰত নাথাকি এটা উমৈহতীয়া ঘৰত থাকে৷ ডেকা চাং সমূহত গাঁৱৰ ডেকা সকলে পহৰা দিয়ে। ডেকা চাং বা গাভৰু চাংবোৰ আমোদ-প্ৰমোদ আৰু সামাজিক শিক্ষালাভৰ কেন্দ্ৰ৷ জনজাতিসকলৰ ডেকা চাঙে আধুনিক যুগৰ ক্লাৱঘৰৰ আংশিক কাম সম্পন্ন কৰে৷[2] ডেকা চাঙত পুৰণি চামে নতুন চামক জীৱন ধাৰণ সম্পৰ্কীয় শিক্ষা প্ৰদান কৰে। ডেকা চাং জীৱন যাপনত প্ৰয়োজনীয় সা-সামগ্ৰী নিৰ্মাণ, বিভিন্ন কৌশলৰ শিক্ষা ইত্যাদিৰ লগতে সাহিত্য-সংগীত চৰ্চাৰ ঠাই। ডেকা চাং যিদৰে ডেকাসকলৰ বাবে সাংসাৰিক শিক্ষাৰ আখৰাথলী ঠিক তেনেদৰে গাভৰু চাং গাভৰুসকলৰ বাবে শিক্ষা-দীক্ষা, হস্তশিল্প আৰু সাংসাৰিক জ্ঞানৰ পঢ়াশালিস্বৰূপ।[3] উত্তৰ পূৰ্বাঞ্চলৰ জনজাতি সকলৰ বাবে ডেকা চাং অতি পৱিত্ৰ অনুষ্ঠান।[4]

মাজুলীৰ মিচিং সম্প্ৰদায়ৰ এটি চাং ঘৰ

অসমীয়া ভাষাৰ ডেকা চাং শব্দটো ডেকা আৰু চাং দুয়োটা শব্দ লগ হৈ হৈছে। উঠি অহা ল'ৰা সমূহক ডেকা বোলা হয়। সেইদৰে কাঠ বাঁহেৰে মাটিৰ পৰা ওখকৈ সজা সমতল পৃষ্ঠক চাং বোলে। জনজাতীয় লোকসকলৰ মাজত চাং ঘৰৰ প্ৰচলন থকা বাবে জনজাতীয় ডেকা চাং সমূহো চাং ঘৰ। ইয়াত সাধৰণতে উঠি অহা শিশুৰ পৰা কিশোৰ সকলে জীৱনৰ পাঠ শিকে। পৃথিৱীৰ ভিন ভিন ঠাইত ডেকা চাং ভিন ভিন নামেৰে জনাজাত। উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতি সমূহৰ মাজতো ডেকা চাং নাম আছে। যেনে মিচিং সকলৰ 'মৰংঘৰ’ বা 'মুৰংঘৰ', ডিমাছা সকলৰ 'নড্ৰেং', নক্টে নগা সকলৰ 'মৰাং', মিজোসকলৰ 'জালবুক', গাৰোসকলৰ 'নোকপান্থে', কন্যাক নগাসকলৰ ‘আৰিজু’, লোঠাসকলৰ ‘চ্যাংলা’, অৰুণাচলৰ আওসকলৰ ‘য়েনচি’ বা ‘আজুঘু’, আদি সকলৰ 'মুচুপ', কাৰ্বিসকলৰ ‘ফাৰ্লা’ আদি উল্লেখযোগ্য ডেকা চাং।[5] টাংচাসকলৰ ’লুপপং’, আদি বা আবৰসকলৰ ’মচুপ’, টাংখুল নগাসকলৰ ’লংনাই’, মণিপুৰীসকলৰ ’পাখানলা’, আটংসকলৰ ’লোকফাণ্ডে’ আদি বিভিন্ন ডেকা চাঙৰ নাম৷ মধ্যভাৰতৰ জনজাতিসকলৰ ডেকা চাংবোৰক ’ঘৌটাল’ বোলা হয়৷[6]

ডেকাচাং সমূহ গাঁৱৰ মাজত প্ৰতিষ্ঠা কৰা হয়। ডেকাচাঙৰ ডেকাসকলে গাঁৱৰ সুৰক্ষাৰ দায়িত্ব পালন কৰে। সাধাৰণতে ৬ বছৰৰ পৰা ১৬ বছৰ মান বয়সলৈকে[4] শিশুৰ পৰা কিশোৰসকল ডেকা চাঙত থাকে। ইয়াত তেওঁলোকে দৈনন্দিন জীৱনৰ আহিলা-পাতি নিৰ্মাণৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। এই প্ৰশিক্ষণ ডেকাচাঙৰ বয়সিয়াল ডেকাসকলে তদাৰক কৰে। ইয়াৰ লগতে ডেকা চাঙত সংগীত, জনজাতীয় সাহিত্য আৰু বাদ্যযন্ত্ৰৰো প্ৰশিক্ষণ দিয়া হয়। পূজা আৰু অন্যান্য অনুষ্ঠানৰ নীতি-ৰীতি সমূহো ইয়াতেই শিকোৱা হয়। তদুপৰি ডেকা চাঙৰ ডেকা সকলে গাঁৱৰ ৰাজহুৱা কাম-কাজত সহায় কৰে। যেনে ঘৰসজা, খেতিৰ বাবে ঝুমতলি তৈয়াৰ কৰা, ধানদোৱা, মৰণামৰা আদি কামবোৰত ডেকা চাঙৰ ডেকা সকলে আগভাগ লয়।[4]

কাৰ্বি সকলৰ ‘ফাৰ্লা’ৰ ডেকাসকলে সমবায় নিচিনা এটা অনুষ্ঠান আছে। তেওঁলোকে সমূহীয়াকৈ কাম কৰি ভঁৰালত ধান সাঁচি থয়। কাৰোবাৰ যদি ধানৰ নাটনি হয় তেতিয়া এই সমবায়ৰ পৰা ধান নিব পাৰে। কিন্তু যিজনে ধান ধাৰলৈ নিয়ে তেওঁ মূলৰ লগত শতকৰা পঞ্চাশ ভাগ ধান ঘূৰাই দিব লাগে।

তদুপৰি ডেকা চাং সমূহত জনজাতি সমাজত ডেকাসকলক যৌন শিক্ষাও দিয়া হয়।[4]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "ডেকা চাং". http://www.xobdo.org/dic/%E0%A6%A1%E0%A7%87%E0%A6%95%E0%A6%BE-%E0%A6%9A%E0%A6%BE%E0%A6%82. 
  2. অসমৰ জনজাতি, প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্য, পৃ:নং; ১৭৮, লয়াৰ্ছ বুক ষ্টল৷ ১৯৯১
  3. দাস, নাৰায়ণ (মুখ্য সম্পাদক) আৰু ৰাজবংশী, পৰমানন্দ (সম্পাদক) (২০০৯). অসমৰ সংস্কৃিত কোষ. প্ৰকাশক পাবজাৰ, গুৱাহাটী-১: প্ৰাগজ্যোজ্যোতিষ মহাবিদ্যলয়ৰ হৈ জ্যোতি প্ৰকাশন. পৃষ্ঠা. ১৭১, ১৭২. 
  4. 4.0 4.1 4.2 4.3 বৰা, অৰূপজ্যোতি. "জনজাতি সকলৰ শিক্ষাকেন্দ্ৰ : ডেকা চাং". http://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/99c9a899c9be9a49bf-9b89959b29f0-9b69bf9959cd9b79be9959c79a89cd9a69cd9b0-9a19c79959be-99a9be982. 
  5. শশী শৰ্মা, নলবাৰী, ডেকা আৰু ডেকা (সম্পাদকদ্বয়) (২০০৮). অসমীয়া সংস্কৃতিত জনজাতীয় উপাদান, ৰচনা প্ৰৱাহ. প্ৰকাশক তিনিচুকীয়া, অসম: মিত্ৰ এজেঞ্চি এণ্ড কোং. পৃষ্ঠা. ২৬৮, ২৭০. 
  6. জনজাতি আৰু গাৰো জনজাতি, ড° বিমল মজুমদাৰ, বীণা লাইব্ৰেৰী, ২০১৫, পৃ:নং; ২০