ডেন ব্ৰাউন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডেন ব্ৰাউন
জন্ম ডেনিয়েল গেৰাৰ্ড ব্ৰাউন
২২ জুন,১৯৬৪
এক্সিটাৰ, নিউ হাম্পশ্বায়াৰ,
আমেৰিকা যুক্তৰাষ্ট্ৰ
পেচা ঔপন্যাসিক
ভাষা ইংৰাজী
ৰাষ্ট্ৰীয়তা আমেৰিকান
মাতৃশিক্ষায়তন Amherst College
ধৰণ Thriller, adventure, mystery, conspiracy
উল্লেখনীয় কৰ্মৰাজি Digital Fortress
Deception Point
Angels & Demons
The Da Vinci Code
The Lost Symbol
Inferno
দাম্পত্যসংগী Blythe Newlon

প্ৰভাবিত হয়

স্বাক্ষৰ
ৱেবছাইট www.danbrown.com

ডেনিয়েল গেৰাৰ্ড "ডেন" ব্ৰাউন (ইংৰাজী: Dan Brown, জন্ম:২২ জুন,১৯৬৪ চন) এজন আমেৰিকান ৰহস্য ঔপন্যাসিক। ২০০৩ চনত প্ৰকাশ পোৱা উপন্যাস দ্য ডা ভিঞ্চি কোড (ইংৰাজী: The Da Vinci Code)ৰ বাবে তেওঁ বিখ্যাত। ব্ৰাউনৰ উপন্যাসৰ ঘাই উপজীব্য হৈছে ২৪ ঘণ্টাত শেষ হোৱা এটা কাহিনী, পৌণঃপৌণিক গোপন সংকেতৰ অৱতৰণ, ৰহস্যৰ ছাবি, গোপন চিহ্ন, সংকেত আৰু ষড়যন্ত্ৰৰ থিয়ৰি।[1] তেওঁৰ উপন্যাসমূহ পৃথিৱীৰ প্ৰায় ৫২টা ভাষালৈ অনূদিত হৈছে আৰু ২০১২ চনলৈ প্ৰায় ২০০ মিলিয়ন কপি বিক্ৰী হৈছে। ইয়াৰে The Da Vinci Code আৰু Angels & Demons উপন্যাস দুখনৰ কাহিনীৰে একে নামৰ কথাছবি দুখনো নিৰ্মাণ হৈছে।

ব্ৰাউনৰ উপন্যাস সমূহৰ মুখ্য চৰিত্ৰ হ'ল ৰবাৰ্ট লেংডন। খ্ৰীষ্টান ধৰ্মৰ কিছুমান (বাস্তৱ আৰু কাল্পনিক) ঐতিহাসিক প্ৰথা, সংগঠন আদিক সমল হিচাপে লৈ ৰচনা কৰা এই শিহৰণকাৰী ৰোমাঞ্চকৰ উপন্যাস সমূহে কিছু পৰিমাণে বিতৰ্কৰ সূত্ৰপাত নকৰাকৈ থকা নাই। ব্ৰাউনে তেওঁৰ ৱেৱচাইটত কৈছে যে তেওঁৰ উপন্যাস সমূহ খ্ৰীষ্টান বিৰোধী নহয়, তেওঁৰ মতে তেওঁৰ উপন্যাস The Da Vinci Code কেৱল এটা মনোৰঞ্জনধৰ্মী কাহিনী যিয়ে আধ্যাত্মিক আলোচনা আৰু বিতৰ্কক উৎসাহিত কৰে।

প্ৰায় ২০০ মিলিয়ন কপি বিক্ৰীৰে মাত্ৰ ৬খন কিতাপ লিখিয়ে সৰ্বাধিক বিক্ৰী হোৱা লিখক সকলৰ মাজৰ হিচাপে স্বীকৃতি পাবলৈ ব্ৰাউন সক্ষম হৈছে। তেওঁৰ এই ৰবাৰ্ট লেংডন শৃংখলাটো সৰ্বাধিক বিক্ৰী হোৱা শৃংখলাবোৰৰ ভিতৰত বৰ্তমান সপ্তম স্থানত আছে।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

আমেৰিক যুক্তৰাষ্ট্ৰৰ নিউ হাম্পশ্বায়াৰৰ এক্সিটাৰত জন্ম আৰু ডাঙৰ দীঘল হোৱা ডেন ব্ৰাউন পৰিয়ালটোৰ তিনিজন সন্তানৰ ভিতৰত আটাইতকৈ ডাঙৰ আছিল। তেওঁ ফিলিপচ্‌ এক্সিটাৰ একাডেমীৰ চৌহদত ডাঙৰ দীঘল হৈছিল,য'ত তেওঁৰ দেউতাক ৰিছাৰ্ড ব্ৰাউন এজন গণিতৰ শিক্ষক আছিল আৰু লগতে তেওঁ ১৯৬৮ চনৰ পৰা ১৯৯৭ চনত তেওঁৰ অৱসৰৰ সময়লৈকে গণিতৰ পাঠ্যপুথি লিখিছিল।[2][3] ব্ৰাউনৰ মাক-দেউতাক দুয়ো সংগীতজ্ঞ আছিল আৰু গীৰ্জাত সমৱেত সংগীত পৰিৱেশন কৰিছিল।[4] ব্ৰাউন Episcopalian হিচাপে ডাঙৰ-দীঘল হৈছিল, কিন্তু তেওঁ কোৱা মতে ধৰ্ম বিষয়ত ৰস পোৱাৰ আগতেই তেওঁ খ্ৰীষ্টানৰ পৰা আঁতৰি আহিছিল।

গোপন সংকেত, পাজল আদিলৈ ব্ৰাউনৰ আকৰ্ষণ ল'ৰালিতে গঢ় লৈ উঠিছিল। ব্ৰাউনৰ ঘৰত কোড, গোপন সাংকেতিক বাৰ্তা আদিয়ে তেওঁৰ পিতৃ-মাতৃৰ কৰ্মক্ষেত্ৰ গণিত,ভাষা আৰু সংগীতক বান্ধি ৰাখিছিল। ব্ৰাউনে ঘণ্টাৰ পিছত ঘণ্টা এনাগ্ৰাম আৰু শব্দৰ পাজল সমাধান কৰি কটাইছিল। তেওঁ আৰু সহোদৰ কেইজন বন্ধৰ দিন বা জন্মদিনবোৰত দেউতাকে আয়োজন কৰা গোপন খাজনা সন্ধান কৰা অভিযানত অংশগ্ৰহণ কৰিছিল। উদাহৰণস্বৰূপে দেউতাকে বৰদিনত উপহাৰ পোনপটীয়াকৈ নিদি লুকাই ৰাখিছিল আৰু তেওঁ তৈয়াৰ কৰা আৰু গোটেই ঘৰ বা চহৰৰ কিছু অংশত লুকাই ৰখা পাজল,ক্লু, খাজনাৰ মেপ আদি অনুসৰণ কৰি বিচাৰি উলিয়াব লগা হৈছিল। The Da Vinci Codeৰ ছফী ন্যেভু (Sophie Neveu) আৰু জ্যাকাচ চ'নিয়ে (Jacques Sauniere) চৰিত্ৰ দুটাত ব্ৰাউন আৰু তেওঁৰ দেউতাকৰ মাজৰ সম্পৰ্কৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে আৰু ২৩ নং অধ্যায়টো শৈশৱৰ এটি খাজনা সন্ধান অভিযানৰ দ্বাৰা প্ৰভাৱিত হৈছে।


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]