ডেভিদ হিলবাৰ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডেভিদ হিলবাৰ্ট
জন্ম ১৮৬২ চন, ২৩ জানুৱাৰী
প্ৰুছিয়াৰ কনিগছবাৰ্গ
মৃত্যু ১৯৪০ চন
সহযোগী কেথে জেৰছ
সন্তান ফ্ৰাঞ্জ

ডেভিদ হিলবাৰ্ট (ইংৰাজী: David Hilbert) হৈছে উনবিংশ আৰু বিংশ শতিকাৰ আটাইতকৈ প্ৰভাৱশালী গণিতজ্ঞসকলৰ মাজৰ এজন। গণিত-বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত তেওঁৰ গুৰুত্বপূৰ্ণ অৱদান থাকিলেও 'ইনভেৰিয়েণ্ট থিয়ৰী' আৰু 'গৰ্ডন সমস্যা' সমাধানৰ বাবে হিলবাৰ্ট বেছি প্ৰখ্যাত।

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

১৮৬২ চনৰ ২৩ জানুৱাৰীত প্ৰুছিয়াৰ কনিগছবাৰ্গত হিলবাৰ্টৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম আছিল অটো হিলবাৰ্ট আৰু মাকৰ নাম মাৰিয়া থেৰেছে। তেওঁলোক বৰ ধনী নহ'লেও সন্মানীয় ব্যক্তি আছিল। অটো হিলবাৰ্ট এজন বিচাৰক আছিল আৰু মাৰিয়া দৰ্শন আৰু জ্যোতিবিজ্ঞানৰ প্ৰতি আগ্ৰহী এগৰাকী বিদুষী মহিলা আছিল। মাৰিয়া মৌলিক সংখ্যা আৰু বিভিন্ন আকাৰ-আকৃতিবোৰ লৈও বৰ আকৰ্ষিত আছিল। মাকৰ সেই বেশিষ্ট্যই হিলবাৰ্টকো গণিত আকৃষ্ট কৰি তুলিলে। ১৮৯২ চনৰ ১২ অক্টোবৰত হিলবাৰ্টে তেওঁৰ সম্পৰ্কীয় ভগ্নী কেথে জেৰছক বিয়া কৰালে। পিছৰ বছৰ তেওঁলোকৰ প্ৰথম সন্তান ফ্ৰাঞ্জৰ জন্ম হ'ল। [1]

শিক্ষা[সম্পাদনা কৰক]

১৮৭২ চনত গিলবাৰ্ট ফ্ৰেডৰিস্ক কলেজ জিমনাছিয়ামত ভৰ্তি হয়। তাত তেওঁ ১৮৭৯ চনলৈকে পঢ়িছিল। ১৮৭৯-৮০ চনত তেওঁ উইলহেল্ম জিমনাছিয়ামত শিক্ষা গ্ৰহণ কৰে। ১৮৮০ চনত তেওঁ স্নাতক মহলাৰ ছাত্ৰ হিচাপে কনিগছবাৰ্গ বিশ্ববিদ্যালয়ত ভৰ্তি হয়। [2]

কৰ্মজীৱন[সম্পাদনা কৰক]

হিলবাৰ্টে ডিগ্ৰী লাভ কৰাৰ পাছত কি কৰিব সেই কথা চিন্তা কৰি থাকোঁতে হাৰউইটজ নামৰ এজন বন্ধুৱে তেওঁক পৰামৰ্শ দিলে যে তেওঁ ইউৰোপলৈ গৈ তাৰ বিখ্যাত গণিতজ্ঞসকলক লগ ধৰি, পাৰিলে উচ্চতৰ অধ্যয়ন কৰ‌া উচিত। হিলবাৰ্টে সেই উপদেশ মানি লিপজিগ, পেৰিছ, বাৰ্লিন আদি ঠাইৰ কেইবাজনো প্ৰখ্যাত গণিতজ্ঞক লগ ধৰিলে, কিন্তু কাৰো পৰা উৎসাহজনক সঁহাৰি নাপালে। গতিকে তেওঁ ঘূৰি আহি চাকৰি বিচৰাত লাগিল। বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানত যোগাযোগ কৰা পাছত হিলবাৰ্টে গোটিনজেন বিশ্ববিদ্যালৰ পৰা প্ৰবক্তাৰ চাকৰিৰ এক প্ৰস্তাৱ পালে। বিশ্ববিদ্যালয় ফালৰ পৰা কোৱা হৈছিল যে তাত হিলবাৰ্টে তেওঁৰ ওচৰত শিক্ষা গ্ৰহণ কৰিবলৈ অহা ছাত্ৰসকলৰ ফীজৰ পৰা দৰমহা পাব, আৰু যদি ছাত্ৰ কম হয় বা ফীজ দিয়াটো অনিয়মীয়া হয়, তেন্তে দৰমহাও কমি যাব বা অনিয়মীয়া হ'ব। হিলবাৰ্টে সেই চৰ্ত গ্ৰহণ কৰিবলৈ টান পালে। তেওঁ আকৌ বিশ্ব গণিতজ্ঞসকলক লগ পাবলৈ ওলাল। এইবাৰ অৱশ্যে আগৰবাৰৰ দৰে নহয়, পৰিকল্পিতভাৱে। এই ভ্ৰমণত হিলবাৰ্টে পল গৰ্ডন, ৱেয়াৰষ্ট্ৰাছ, স্কোৱাৰ্টজ আদি প্ৰখ্যাত গণিতজ্ঞক লগ পালে আৰু তেওঁলোকৰ লগত গণিতবিষয়ক কথা পাতি বেছ অনুপ্ৰাণিতো হ'ল। [3]
কনিগছবাৰ্গলৈ ঘূৰি আহি হিলবাৰ্ট পল গৰ্ডনে ইতিমধ্যে উল্লেখ কৰা সসীম আধাৰৰ নিয়ম সম্পৰ্কীয় এক সমস্যাৰ সমাধান কৰাত ব্যস্ত হৈ পৰিল। কেইমাহমান কঠিন চেষ্টা কৰাৰ পাছত হিলবাৰ্টে উপলব্ধি কৰিলে যে তেওঁ এক সমাধানত উপনীত হৈছে। হিলবাৰ্টে বেছ উৎসাহেৰে সেই সমাধান আন গণিতজ্ঞক দেখুৱালে, কিন্তু সেইসমাধানে বেছিভাগ গণিতজ্ঞক প্ৰভাৱান্বিত কৰিব নোৱাৰিলে। আনকি স্বয়ং গৰ্ডনেও সেয়া গ্ৰহণ কৰিবলৈ টান পালে। কিন্তু এজন প্ৰখ্যাত গণিতজ্ঞ ফেলিক্স ক্লেইনে সেই সমাধান গ্ৰহণযোগ্য ভ‌বুলি উপলব্ধি কৰিলে। তেওঁ হিলবাৰ্টক গোটিনজেনলৈ মাতি তাত কাম কৰাৰ সুযোগ দিলে আৰু হিলবাৰ্টৰ সমাধানটোৰ সম্পৰ্কত কিছু পৰামৰ্শ আগবঢ়ালে। সেই উপদেশমতে কাম কৰি হিলবাৰ্টে ১৮৮২চনত সেই সমাধান নিখুঁত কৰি তুলিলে। এইবাৰ গৰ্ডন সমাধানটোত সন্তুষ্ট হ'ল। বিশ্বৰ গণিতজ্ঞসকলেও হিলবাৰ্টক স্বীকৃতি দিবলৈ বাধ্য হ'ল।
এই প্ৰখ্যাত আৱিষ্কাৰৰ পাছত হিলবাৰ্টৰ জীৱনলৈ বহুত পৰিবৰ্তন আহিল। হিলবাৰ্টৰ বন্ধু হাৰউইটজ জুৰিখৰ 'ছুইছ ফেডাৰেল ইন্সটিটিউট অৱ টেকনলজি'ৰ পূৰ্ণকালীন অধ্যাপক পদত নিযুক্ত হ'ল আৰু হিলবাৰ্টে কনিগছবাৰ্গত তেওঁৰ স্থানত সহকাৰী অধ্যাপক হিচাপে কাম কৰাৰ সুবিধা পালে। তাৰ পাছত হিলবাৰ্টক 'জাৰ্মান মেথেমেটিকেল ছচাইটি'য়ে সংখ্যা তত্ত্বৰ বিকাশৰ ক্ষেত্ৰত এক বিস্তৃত অধ্যয়ন কৰিবলৈ নিযুক্তি কৰিলে। 'π' আৰু 'e' ৰ ক্ষেত্ৰত তেওঁৰ গুৰুত্বপূৰ্ণ অধ্যয়নৰ স্বীকৃতিৰূপেই গিলবাৰ্টে সেই সুবিধা লাভ কৰিছিল। তেওঁ অধ্যয়নৰ কামবোৰ আন এজন গণিতজ্ঞ মিনকউক্সিৰ লগত ভাগ কৰি ল'লে। মিনকউক্সিক সংখ্যা তত্ত্বৰ জ্যামিতিক দিশ চাবলৈ দি তেওঁ নিজে বীজগণিতীয় দিশ অধ্যয়ন কৰিবলৈ ল'লে। মিনকউক্সিয়ে সেই দায়িত্ব পালন কৰাত ব্যৰ্থ হ'ল। হিলবাৰ্টে নিছৰ অংশখিনি ভালদৰে বিশ্লেষণ কৰি এখন গৱেষণা গ্ৰন্থ প্ৰস্তুত কৰিলে। সেই গ্ৰন্থখন প্ৰকাশ হোৱাৰ আগতেই ফেলিক্স ক্লেইনে হিলবাৰ্টৰ প্ৰতিভা অনুধাৱন কৰি এখন টেলিগ্ৰাফ কৰি তেওঁক গোটিনজেন বিশ্ববিদ্যালয়ৰ পূৰ্ণকালীন অধ্যাপকৰ পদ যাচিলে। [4] গোটিনজেনত হিলবাৰ্টে তেওঁৰ 'ইনভেৰিয়েণ্ট থিয়ৰী' আৰু 'গৰ্ডন সমস্যা' সম্পৰ্কত অধিক কাম কৰিলে আৰু বিশ্বৰ লব্ধপ্ৰতিষ্ঠ গণিতজ্ঞসকলৰ মাজৰ এজন হৈ পৰিল।
ডেভিদ হিলবাৰ্ট এজন অতিশয় প্ৰতিভাসম্পন্ন গণিতজ্ঞ আছিল। তেওঁৰ কামে কুৰি শতিকাৰ আধুনিক গণিতৰ গৱেষণাৰ পথ প্ৰশস্ত কৰিছিল। 'মেথেমেটিক্স' আৰু 'মেটামেথেমেটিক্স'ৰ মাজৰ পাৰ্থক্য দূৰ ক‌ৰাসকলৰ ভিতৰত তেৱেঁই প্ৰথম শাৰীত আছিল। 'ইনভেৰিয়েণ্ট থিয়ৰী'ৰ বিষয়ে জানিবলৈ দিয়া তেওঁ প্ৰথম গণিতজ্ঞ আছিল। ১৯২০ চনৰ পৰা ১৯৩৯ চনলৈকে তেওঁ এখন প্ৰখ্যাত গাণিতিক আলোনীৰ সম্পাদক আছিল। [5]


তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, সম্পা:অভিজিত শৰ্মা বৰুৱা, দ্ধিতীয় প্ৰকাশ: জুলাই২০১৮, পৃষ্ঠা নং ৬২
  2. বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, সম্পা:অভিজিত শৰ্মা বৰুৱা, দ্ধিতীয় প্ৰকাশ: জুলাই২০১৮, পৃষ্ঠা নং ৬০
  3. বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, সম্পা:অভিজিত শৰ্মা বৰুৱা, দ্ধিতীয় প্ৰকাশ: জুলাই২০১৮, পৃষ্ঠা নং ৬১
  4. বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, সম্পা:অভিজিত শৰ্মা বৰুৱা, দ্ধিতীয় প্ৰকাশ: জুলাই২০১৮, পৃষ্ঠা নং ৬২
  5. বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, সম্পা:অভিজিত শৰ্মা বৰুৱা, দ্ধিতীয় প্ৰকাশ: জুলাই২০১৮, পৃষ্ঠা নং ৬৩