ঢুলীয়া ভাওনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

লোকনৃত্য আৰু লোক অভিনয় উভয়ৰে দাবী পূৰণ কৰি অহা ঢুলীয়া ভাওনা পৰম্পৰাগতভাৱে অতি প্ৰাচীন কালৰে পৰা বৰ্তমানলৈ অসমত বিভিন্ন জনগোষ্ঠীৰ মাজত সমাদৃত হৈ আহিছে। ঢুলীয়া দলে সভা-মেলা, বিয়া-বাৰু আদিৰ প্ৰসংগত নৃত্য গীত সহ ঢোল বজোৱাৰ উপৰিও চাৰ্কাছ, কুষ্টি আদি প্ৰদৰ্শন কৰে। ঢুলীয়া ভাওনাৰ দলত কিমান শিল্পী থাকে তাৰ নিদিষ্ট জোখ নাই। চাৰি পাঁচ জনৰ পৰা ৬০/৭০জন পৰ্যন্ত থাকিব পাৰে। ঢুলীয়া ভাওনাৰ প্ৰচলিত ঠাই হৈছে কামৰূপ আৰু দৰং


ঢুলীয়া দলৰ শিল্পী আৰু বাদ্য[সম্পাদনা কৰক]

ঘাই ঢুলীয়া, ঢুলীয়া, বায়ন বা বাইন, গায়ন বা গাইন, তালুৱৈ, ভাউৰীয়া বা ভাৱৰীয়া আদি। তেওঁলোকে ঘাইকৈ ঢোল, ভোৰতাল আৰু কালিৰ ব্যৱহাৰ কৰে। স্থান বিশেষে ঢুলীয়া নাচত মৃদংগ, বাঁহী, দোতোৰা, আদিও বজোৱা দেখা যায়।

দৰঙৰ ঢুলীয়া ভাওনা[সম্পাদনা কৰক]

দৰং অঞ্চলত চেপা ঢুলীয়া এবিধ বিশেষ ধৰণৰ নৃত্য সংগীত অনুষ্ঠান। দৰঙৰ বৰ ঢুলিয়াই নৃত্য ভংগী প্ৰদৰ্শন কৰাৰ প্ৰসংগত ঢোলৰ বাদীৰ ছেৱে ছেৱে বান্দৰৰ পুতলা নচুৱাই বিদ্ৰূপাত্মক গীত-পদ আবৃত্তি কৰে। এই নৃত্য ভংগী সমূহৰ ভিতৰত ' বোৱনী',' ৰোৱনী',' খুটি',' গড়িয়া',' সৰকি',' তঙল মোচৰা,' উঘা ঘূৰণি,'ভেকুলী জাপ',' শিয়াল ভূমুকি',' নেউল ভূমুকি বা বুলনি',' বহিনাচন',' চকোৱা পাক',' বোন্দা পাক', আদি নাচ উল্লেখযোগ্য। এই বিধ ঢুলীয়াই নাচৰ ভিন্নতা অনুসৰি ঢোলত বিভিন্ন বাদীৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে দেৱ বাদী, গোৰবাদী, পাতালবাদী, খৰবাদী, খেদাবাদী,খুন্দা বাদী, গল মোচৰা বাদী, নাককট বাদী, কাণ কটা বাদী ইত্যাদি।

কামৰূপৰ ঢুলীয়াৰ দৰে দৰঙৰ ঢুলিয়াই অভিনয় নকৰে।

সহায়ক গ্ৰন্থ[সম্পাদনা কৰক]

  • ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰিবেশ্য কলা: শৰ্মা, ড°নবীন চন্দ্ৰ, তৃতীয় সংস্কৰণ জুলাই,২০১৯
  • অসমীয়া সাহিত্য সংস্কৃতিৰ দাপোন: ৰাজখোৱা, ৰাজীৱ
  • গোহাঁই, পুণ্যলতা, দ্বিতীয় প্ৰকাশ, মে' ২০১৪

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]