তক্ষশিলা
এই প্ৰবন্ধটো শেহতীয়াভাৱে এজন নবাগত সদস্যই সৃষ্টি কৰিছে। প্ৰবন্ধটোৰ গুণগত মান উন্নত কৰিবৰ বাবে অধিক সম্পাদনাৰ প্ৰয়োজন আছে, কিন্তু অনুগ্ৰহ কৰি বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি আৰু ভাল ভাব পোষণ কৰি এটা গঠনমূলক পৰামৰ্শ সৃষ্টিকৰ্তা সদস্যজনৰ বাৰ্তা পৃষ্ঠাত প্ৰেৰণ কৰক। এই প্ৰবন্ধ কোনোবা এজন অভিজ্ঞ ৱিকিপিডিয়ানে (প্ৰবন্ধৰ লিখকজনৰ বাহিৰে) নিৰীক্ষণ কৰাৰ পাছত এই সাঁচটো আঁতৰাই দিব পাৰে। |
তক্ষশীলা (ইংৰাজী: Taxila) পাকিস্তানৰ পাঞ্জাব প্ৰদেশৰ ৰাৱালপিণ্ডি জিলাত অৱস্থিত এখন চহৰ। তক্ষশীলা এখন গুৰুত্বপূৰ্ণ প্ৰত্নতাত্বিক স্থান। পাকিস্তানৰ ৰাজধানী ইছলামাবাদ আৰু পাঞ্জাবৰ ৰাৱলপিণ্ডি অঞ্চলৰ পৰা প্ৰায় ৩২ কিলোমিটাৰ (২০ মাইল) উত্তৰ পশ্চিম দিশত অৱস্থিত। এই ঠাই গ্ৰাণ্ড ট্ৰাঙ্ক ৰ'ডৰ নিকটবৰ্তী। তক্ষশীলা সমুদ্ৰপৃষ্ঠৰ পৰা ৫৪৯ মিটাৰ (১৮০১ ফুট) উচ্চতাত অৱস্থিত। ভাৰত বিভাজন হৈ পাকিস্তান সৃষ্টিৰ আগত এই অঞ্চল ভাৰতৰ অন্তৰ্ভুক্ত আছিল।[1][2]
ইতিহাস
[সম্পাদনা কৰক]তক্ষশীলা বিশ্বৰ প্ৰথম বিশ্ববিদ্যালয় আৰু ই খ্ৰীঃপূঃ ৭ম শতিকাত প্ৰতিষ্ঠা কৰা হৈছিল। গান্ধাৰ জনপদৰ ৰাজধানী আছিল তক্ষশীলা। বাল্মিকীৰ ৰামায়নৰ মতে ৰামৰ ভায়েক ভৰতৰ পুত্ৰ তক্ষই এই বিশ্ববিদ্যালয় স্থাপন কৰিছিল।[3] অৱশ্যে চহৰখনৰ আধুনিক নামটো টলেমীৰ জিয়'গ্ৰাফীত (গ্ৰীক) উল্লেখ থকা প্ৰাচীন চহৰখনৰ প্ৰাচীন নামৰ পৰা উদ্ভৱ হৈছে।[4] এই বিশ্ববিদ্যালয়ত ষাঠীটাতকৈ অধিক বিষয় দুই হাজাৰতকৈ অধিক আচাৰ্য উপাচাৰ্য আছিল। এই বিশ্ববিদ্যালয়ত একেলগে প্ৰায় দহ হাজাৰ পাচঁশ ছাত্ৰ-ছাত্ৰী পঢ়িব পাৰিছিল। এই বিশ্ববিদ্যালয়ত ১২বছৰ বা এক যুগ সময় অধ্যয়ন কৰাৰ পাছত দীক্ষা লাভ কৰিব পাৰিছিল। তক্ষশীলা বিশ্ববিদ্যালয়ৰ বিষয় সমূহ আছিল আয়ুৰ্বেদ বিজ্ঞান, জ্যোতিষ বিজ্ঞান, সমুদ্ৰ শাস্ত্ৰ, সমৰকলা, শস্ত্ৰসঞ্চালন,দৰ্শন, অৰ্থনীতি,ৰাষ্ট্ৰনীতি সৰ্পবিদ্যা, তন্ত্ৰবিদ্যা, মন্ত্ৰবিদ্যা,মনোবিজ্ঞান, ললিতকলা, চিত্ৰকলা আদি। আচাৰ্যসকলৰ নিজৰ নিজৰ আশ্ৰম আছিল। ছাত্ৰসকলে নিজৰ ৰুচি অনুযায়ী বিষয় নিৰ্বাচন কৰি গুৰুৰ আশ্ৰমলৈ গৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ http://www.pbs.gov.pk/sites/default/files/population_census/Administrative%20Units.pdf সাঁচ:Bare URL PDF
- ↑ The name for the city of Taxila as it appears on the Heliodorus Pillar inscription, circa 100 BCE.
- ↑ "Taxila, ancient city, Pakistan" (en ভাষাত). Encyclopædia Britannica. https://www.britannica.com/place/Taxila। আহৰণ কৰা হৈছে: 16 May 2017.
- ↑ Lahiri, Nayanjot (2015) (en ভাষাত). Ashoka in Ancient India. প্ৰকাশক Chapter 3: Harvard University Press. ISBN 9780674915251. https://books.google.com/books?id=JaVRCgAAQBAJ.