সমললৈ যাওক

তাপাঘাত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তাপাঘাত
অন্য নাম হিট ষ্ট্ৰ'ক (Heat stroke), ছান ষ্ট্ৰ'ক (Sun-stroke), ছিৰিয়েছিছ (siriasis)[1]
১৯৪৩ চনত ইৰাকত চেঁচা পানী ছটিয়াই তাপাঘাতত ভোগা লোকক কৰা চিকিৎসা
বিভাগ আকস্মিক ৰোগ
লক্ষণ হাইপাৰথাৰ্মিয়া,ছাল ৰঙা পৰা, মূৰৰ বিষ, মূৰ ঘূৰণি বিভ্ৰান্তি, বমি[2]
জটিলতা ছিজাৰ, ৰেব্‌ড’মায়’লাইছিছ, বৃক্ক অসাৰ
প্ৰকাৰ দ্ৰুপদী, শ্ৰমজনিত/>
কাৰণ উচ্চ পাৰিবেশিক তাপ, অত্যাধিক শ্ৰম[3][4]
আশংকাৰ কাৰণ শিশু বা বৃদ্ধ, হিট ৱেভ, অতিপাত আৰ্দ্ৰতা, কিছুমান ঔষধ, হৃদৰোগ, ছালৰ ৰোগ[3]
ৰোগ নিৰূপণ লক্ষণক ভিত্তি কৰি[3]
একেধৰণৰ ৰোগ নিউৰ’লেপ্টিক মেলিগ্‌নেণ্ট ছীণ্ড্ৰ’ম, মেলেৰিয়া, মেনিন্‌জাইটিছ[3]
চিকিৎসা শৰীৰৰ দ্ৰুত শীতলতা আৰু সহায়ক যত্ন[4]
আৰোগ্য সম্ভাৱনা মৃত্যুৰ আশংকা <৫% (শ্ৰমজনিত), ৬৫% লৈকে (অশ্ৰমজনিত)[3]
মৃত্যু ভাৰতত বছৰি প্ৰায় ১১০০ লোক

তাপাঘাত বা হিট ষ্ট্ৰ'ক এক গুৰুতৰ তাপজনিত ৰোগ যাৰ ফলত শৰীৰৰ তাপমাত্ৰা ৪০° চেণ্টিগ্ৰেডতকৈ অধিক হয়[4] লগতে ছাল ৰঙা পৰা, মূৰৰ বিষ, মূৰ ঘূৰণি আৰু বিভ্ৰান্তিৰ সৃষ্টি হয়।[2] সাধাৰণতে শ্ৰমজনিত তাপাঘাতত ঘাম ওলায়, কিন্তু দ্ৰুপদী তাপাঘাতত নহয়।[5] হিট ষ্ট্ৰ'কৰ আৰম্ভণি আকস্মিক বা ক্ৰমান্বয়ে হ'ব পাৰে।[3] ইয়াৰ ফলত বহু-অংগ বিকল হৈ জীৱনলৈ ভাবুকি আহিব পাৰে[6] আৰু চিজাৰ বা বৃক্ক অসাৰৰ দৰে জটিলতা হ’ব পাৰে৷[3]

উচ্চ বাহ্যিক উষ্ণতা আৰু/বা শাৰীৰিক শ্ৰমৰ বাবে তাপাঘাত হয়।[3][4] ই সাধাৰণতে প্ৰতিৰোধযোগ্য অত্যাধিক পৰিৱেশগত বা অত্যাধিক শ্ৰমজনিত তাপৰ দীৰ্ঘম্যাদী সংস্পৰ্শত সংঘটিত হয়।[6] অৱশ্যে, কিছুমান স্বাস্থ্যজনিত অৱস্থাই তাপাঘাতৰ আশংকা বৃদ্ধি কৰিব পাৰে বিশেষকৈ কিছুমান জিনগত প্ৰবৃত্তি থকা শিশু তুলনামূলকভাৱে মৃদু পৰিস্থিতিত তাপাঘাতৰ প্ৰতি সংবেদনশীল হয়।[7]

প্ৰতিৰোধমূলক ব্যৱস্থাসমূহৰ ভিতৰত আছে পৰ্যাপ্ত পৰিমাণৰ তৰল পদাৰ্থ সেৱন কৰা আৰু অত্যাধিক তাপ পৰিহাৰ কৰা।[8] শৰীৰটোৰ দ্ৰুত শীতলতা আৰু সহায়ক যত্ন ইয়াৰ চিকিৎসা।[4] ব্যক্তিজনক পানী ছটিয়াই দিয়া আৰু ফেন ব্যৱহাৰ কৰা, ব্যক্তিক বৰফৰ পানীত ভৰাই দিয়া, বা চেঁচা আন্তঃশিৰা তৰল দিয়া আদি কামৰ পৰামৰ্শ দিয়া হয়।[4] এজন ব্যক্তিৰ চাৰিওফালে বৰফৰ পেক যোগ কৰাটো যুক্তিসংগত কিন্তু ই নিজেই দ্ৰুততম শীতলীকৰণ কৰিব নোৱাৰে।[4]

২০১২ চনৰ পৰা ২০২১ চনলৈকে ভাৰতত হিট ষ্ট্ৰ’কৰ ফলত ১১০০০ৰো অধিক লোকৰ মৃত্যু হৈছে৷ কেৱল ২০১৫ চনতে ১,৯০৮ গৰাকী লোকৰ এই কাৰণত মৃত্যু হৈছিল৷[9] সম্পূৰ্ণৰূপে ব্যায়াম-প্ৰণোদিত হিট ষ্ট্ৰ'ক যদিও এক চিকিৎসা জৰুৰীকালীন অৱস্থা, ই স্ব-সীমিত হোৱাৰ প্ৰৱণতা থাকে (ৰোগীয়ে ক্ৰেম্প বা ক্লান্তিৰ বাবে ব্যায়াম কৰা বন্ধ কৰে আৰু ৫% তকৈ কম ক্ষেত্ৰত মাৰাত্মক হয়। ক্লান্তি নোহোৱা হিট ষ্ট্ৰ'ক মাৰাত্মক৷ আনকি স্বাস্থ্যৱান ব্যক্তিজনক যদি চিকিৎসাৰ সহায় অবিহনে হিট ষ্ট্ৰ’ক হ’ব পৰা পৰিৱেশত এৰি দিয়া হয়, তেন্তে স্বাস্থ্যৰ অৱনতি হৈ থাকিব আৰু গুৰুতৰ ৰোগীৰ ৬৫%ই চিকিৎসা লাভ কৰিলেও মৃত্যু হ’ব৷[3]

চিহ্ন আৰু লক্ষণ[সম্পাদনা কৰক]

হিট ষ্ট্ৰ'কত সাধাৰণত ৪০.৬°C (১০৫ °F) ৰ অধিক হাইপাৰথাৰ্মিয়াৰ লগতে ব্যক্তিজনে হিতাহিত জ্ঞান হেৰুৱাই পেলায়৷[5][10] সাধাৰণতে ক্লাছিক হিট ষ্ট্ৰ'কত ঘাম নোলায়, আনহাতে সাধাৰণতে শ্ৰমজনিত হিট ষ্ট্ৰোকত প্ৰচুৰ ঘাম ওলায়৷[5]

হিট ষ্ট্ৰ'কৰ প্ৰাৰম্ভিক লক্ষণসমূহৰ ভিতৰত আছে আচৰণগত পৰিৱৰ্তন, বিভ্ৰান্তি, অস্থিৰতা, মূৰ ঘূৰোৱা, দুৰ্বলতা, উত্তেজনা, অস্পষ্ট কথা, বমি বমি ভাব আৰু বমি।[5] শ্ৰমজনিত হিট ষ্ট্ৰ'কত ভোগা কিছুমান ব্যক্তিৰ ক্ষেত্ৰত ছিজাৰ আৰু প্ৰস্ৰাৱ বা শৌচ ওলোৱাৰো তথ্য আছে।[5] ইয়াৰ উপৰিও শ্ৰমজনিত হিট ষ্ট্ৰ'কত আক্ৰান্ত ব্যক্তিজনৰ অত্যাধিক ঘাম ওলাব পাৰে।[11] পেশী বিকল হৈ ওলোৱা উপাদানবোৰ ৰক্ত প্ৰৱাহত সোমাই অংগৰ বিকলতা সৃষ্টি কৰিব পাৰে৷ ৰেব্‌ড’মায়’লাইছিছ বোলা এই অৱস্থা শ্ৰমজনিত হিট ষ্ট্ৰ’কত দেখা যায়।[5]

যদি চিকিৎসা বিলম্বিত হয়, ৰোগীৰ গুৰুত্বপূৰ্ণ অংগৰ ক্ষতি, অচেতনতা আৰু আনকি অংগ বিকল হ’ব পাৰে। দ্ৰুত আৰু পৰ্য্যাপ্ত চিকিৎসাৰ অভাৱত হিট ষ্ট্ৰ’ক মাৰাত্মক হ’ব পাৰে৷[12]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Heat illness in the athlete: siriasis is serious". Alabama Medicine খণ্ড 55 (10): 28, 33-28, 37. April 1986. PMID 3706086. 
  2. 2.0 2.1 "Warning Signs and Symptoms of Heat-Related Illness" (en-us ভাষাত). www.cdc.gov. https://www.cdc.gov/disasters/extremeheat/warning.html। আহৰণ কৰা হৈছে: 17 July 2017. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 3.7 3.8 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Le2015 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  4. 4.0 4.1 4.2 4.3 4.4 4.5 4.6 "Cooling Methods in Heat Stroke". The Journal of Emergency Medicine খণ্ড 50 (4): 607–616. April 2016. doi:10.1016/j.jemermed.2015.09.014. PMID 26525947. 
  5. 5.0 5.1 5.2 5.3 5.4 5.5 "Heatstroke". The New England Journal of Medicine খণ্ড 380 (25): 2449–2459. June 2019. doi:10.1056/NEJMra1810762. PMID 31216400. 
  6. 6.0 6.1 "Heat stroke". The New England Journal of Medicine খণ্ড 346 (25): 1978–1988. June 2002. doi:10.1056/nejmra011089. PMID 12075060. 
  7. "Adaptive thermogenesis enhances the life-threatening response to heat in mice with an Ryr1 mutation". Nature Communications খণ্ড 11 (1): 5099. October 2020. doi:10.1038/s41467-020-18865-z. PMID 33037202. 
  8. "Tips for Preventing Heat-Related Illness|Extreme Heat" (en-us ভাষাত). www.cdc.gov. 19 June 2017. https://www.cdc.gov/disasters/extremeheat/heattips.html। আহৰণ কৰা হৈছে: 17 July 2017. 
  9. 23 June 2023. "In numbers: Heat strokes killed more than 2,500 people in UP, Bihar in 10 years". India Today. https://www.indiatoday.in/diu/story/heat-strokes-killed-more-than-2500-people-in-up-bihar-ten-years-2396923-2023-06-23। আহৰণ কৰা হৈছে: 25 May 2024. 
  10. "Hyperpyrexia in the emergency department". Emergency Medicine খণ্ড 13 (1): 116–120. March 2001. doi:10.1046/j.1442-2026.2001.00189.x. PMID 11476402. 
  11. "InfoSheet: Protecting Workers from Heat Illness". OSHA–NIOSH. 2011. https://www.cdc.gov/niosh/docs/2011-174/pdfs/2011-174.pdf। আহৰণ কৰা হৈছে: February 10, 2015. 
  12. Fauci, Anthony (2008). Harrison's Principles of Internal Medicine (17th সম্পাদনা). McGraw-Hill Professional. পৃষ্ঠা. 117–121. ISBN 978-0-07-146633-2. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

বৰ্গীকৰণ
বাহ্যিক সমল