তাম্ৰেশ্বৰ দেৱালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা

তাম্ৰেশ্বৰ দেৱালয় হৈছে অসমৰ ওদালগুৰি জিলাৰ খৈৰাবাৰী অঞ্চলৰ এক অন্যতম পৌৰাণিক স্থান। প্ৰত্নতত্ত্ব বিভাগৰ গৱেষণা মতে তাম্ৰেশ্বৰ দেৱালয় আনুমানিক ১১-১২ শতিকাৰ ভিতৰত ওদালগুৰি জিলাৰ খৈৰাবাৰীত নিৰ্মাণ কৰা হৈছিল। জনশ্ৰুতি অনুসৰি এই প্ৰাচীন শৈৱপীঠ সপ্তম- নৱম শতিকাৰ ভিতৰত নিৰ্মাণ কৰা বুলি ধাৰণা কৰা হয়। প্ৰকৃতিৰ নান্দনিক পৰিৱেশৰ মাজত অৱস্থিত উক্ত দেৱালয়ত তামৰ ফলি,পুৰণি দেৱালয়ৰ ভগ্নাৱশেষ, শিৱ -পাৰ্বতীৰ মূৰ্তি আৰু এটি প্ৰাচীন পুখুৰী আছে। ঐতিহাসিক গুৰুত্ব থকা দেৱালয়খনত ঈশ্বৰিক শক্তি বিৰাজিত বুলি বিশ্বাস কৰা হয়। তাম্ৰেশ্বৰ দেৱালয় অসমৰ ঐতিহাসিক পৰিচয় বহনকাৰী এক সম্পদ হিচাপে পৰিগণিত।[1]

তথ্য সংগ্ৰহ: দৈনন্দিন বাৰ্তা কাকতৰ ডিজিটেল সংস্কৰণ ইন্টাৰনেট পেজত প্ৰচাৰিত বাতৰিৰ পৰা-https://www.dainandinbartagroup.in/tamreswar-temple-through-the-path-of-history/