সমললৈ যাওক

তাৱাক্কল কাৰমান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তাৱাক্কল কাৰমান
Tawakkol Karman
توكل كرمان
Tawakel Karman
স্থানীয় নাম توكل كرمان
জন্ম ০৭ ফেব্ৰুৱাৰী, ১৯৭৯ (৪৭ বছৰ)
তাজিজ, য়েমেন আৰৱ গণতন্ত্ৰ
ৰাষ্ট্ৰীয়তা য়েমেনী
নাগৰিকত্ব য়েমেনী/তুৰ্কী[1][2]
শিক্ষানুষ্ঠান চান্না বিশ্ববিদ্যালয়
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়, য়েমেন
পেচা সাংবাদিক, ৰাজনৈতিক নেত্ৰী, মানৱ অধিকাৰ কৰ্মী
ৰাজনৈতিক আন্দোলন জেচমিন বিপ্লৱ
ধৰ্ম চুন্নি ইছলাম
দাম্পত্যসঙ্গী মহম্মদ আল নেহমি
পিতৃ-মাতৃ আব্দুলচালাম খালেদ কাৰমান (পিতৃ)
অনিশ হুছেইন আল আচ্ছাদি (মাতৃ)
সন্তান তিনি
আত্মীয়-স্বজন ইশ্ৰাক কাৰমান (ভগ্নী)
এন্তেছাৰ কাৰমান (ভগ্নী)
মহম্মদ কাৰমান (ভাতৃ)
খালেদ কাৰমান (ভাতৃ)
হাকিমাহ কাৰমান (ভগ্নী)
তাৰিক কাৰমান (ভাতৃ)
খাদেজাহ কাৰমান (ভগ্নী)
হুডা কাৰমান (ভগ্নী)
চাফা কাৰমান (ভগ্নী)
বঁটা, সন্মান, পুৰস্কাৰ আদি শান্তিৰ নোবেল বঁটা (২০১১)

তাৱাক্কল আব্দেল-চালাম কাৰমান (জন্ম: ৭ ফেব্ৰুৱাৰী ১৯৭৯) এগৰাকী য়েমেনৰ সাংবাদিক, ৰাজনীতিক আৰু য়েমেনৰ আল-ইছলাহ ৰাজনৈতিক দলৰ প্ৰবীণ সদস্য। তদুপৰি কাৰমান এগৰাকী মানবাধিকাৰ কৰ্মী হিচাপেও দীৰ্ঘদিন ধৰি কাম কাজ চলাই আছে। তেওঁ “ৱমেন জাৰ্ণালিষ্ট উইথআউট চেইন্স” নামৰ নাৰী সাংবাদিকদৰ এটি দলক নেতৃত্ব দিয়ে। ২০০৫ চনত তেওঁ এই অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল।[3] ২০১১ চনৰ য়েমেনৰ বিদ্ৰোহৰ সময়ত কাৰমান অন্তৰ্জাতিকভাৱে পৰিচিত হৈ পৰে। তেওঁক য়েমেনৰ জনগণে “লৌহ মানৱী” আৰু “বিদ্ৰোহৰ মাতৃ” বুলি অভিহিত কৰে।[4][5] তেওঁ ২০১১ চনৰ শান্তিৰ নোবেল বঁটা লাভ কৰে।[6] তেওঁ প্ৰথম য়েমেনীয় আৰু প্ৰথম আৰৱীয় নাৰী হিচাপে এই বঁটা লাভ কৰে।[7] তদুপৰি তেওঁ দ্বিতীয় মুছলমান নাৰী আৰু দ্বিতীয় সৰ্বকনিষ্ঠ ব্যক্তি হিচাপে নোবেল বঁটা লাভ কৰে।[8]

২০০৫ চনত সাংবাদিক হিচাপে কাৰমান য়েমেনত পৰিচিত হৈ উঠে। তাৰ লগতে তেওঁ এক মোবাইল ফোন সংবাদ সেৱাৰ প্ৰবক্তা আছিল। ২০০৭ চনত এই মোবাইল ফোন সংবাদ সেৱাৰ লাইচেন্স বাতিল কৰা হয়। তাৰপিছত তেওঁ গণমাধ্যমৰ স্বাধীনতাৰ পক্ষে আন্দোলন আৰম্ভ কৰে। ২০০৭ চনৰ মে মাহত কাৰমান সাপ্তাহিকভাবে প্ৰতিবাদ সভাৰ আয়োজন কৰে। একসময়তে তেওঁ এই প্ৰতিবাদৰ মাধ্যমৰে গণমাধ্যমৰ সংস্কাৰৰ দাবী তোলে।[9] তেওঁ আৰৱ বিদ্ৰোহৰ সপক্ষেও বিদ্ৰোহ কৰে। তেওঁ য়েমেনৰ ৰাষ্ট্ৰপতি আলি আবদুল্লাহ চালেহৰ বিপক্ষে প্ৰবল প্ৰতিবাদী হৈ পৰে।

২০১৪ চনত ছুইডেনৰ ষ্টক'হম চহৰত কাৰমান

প্ৰথমিক জীৱন

[সম্পাদনা কৰক]

কাৰমান ১৯৭৯ চনৰ ৭ ফেব্ৰুৱাৰীত য়েমেনৰ মেখলাফ নামৰ ঠাইত জন্মগ্ৰহণ কৰে। মেখলাফ তাজিজ চহৰৰ নিকটত অৱস্থিত। তাজিজ য়েমেনৰ তৃতীয় বৃহত্তম চহৰ আৰু ইয়াত অনেক প্ৰখ্যাত শিক্ষা প্ৰতিষ্ঠান আছে। কাৰমান তাজিজ চহৰতে শিক্ষাগ্ৰহণ কৰে। তেওঁৰ পিতৃ আব্দেল চালাম কাৰমান, এজন আইনজীৱী আৰু ৰাজনীতিক। আব্দেল চালাম এসময়ত আইন বিষয়ক মন্ত্ৰী আছিল। তাৱাক্কল কাৰমানৰ এজন ভায়েক তাৰিক কাৰমান য়েমেনৰ বিখ্যাত কবি।[10] তাৱাক্কল কাৰমানৰ এগৰাকী ভগ্নী চাফা কাৰমান আল-জাজিৰাত সাংবাদিক হিচাপে কাম কৰে।[11] কাৰমানৰ স্বামীৰ নাম মহম্মদ আল-নাহমী।[12] তেওঁলোকৰ তিনিটা সন্তান আছে।[13]

কাৰমান বাণিজ্য বিভাগত স্নাতক আৰু ৰাজনৈতিক বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ২০১২ চনত তেওঁ কানাডাৰ ইউনিভাৰ্চিটি অফ আলবাৰ্তাৰ পৰা আন্তৰ্জাতিক আইন বিষয়ত সন্মানজনক ডক্টৰেট ডিগ্ৰী লাভ কৰে।[14][15]

২০১০ চনত এক প্ৰতিবাদ সভাত এজন মহিলায়ে কাৰমানক ছুৰীকাঘাত কৰাৰ চেষ্টা চলায়, এই ঘটনা কাৰমানৰ সমৰ্থক সকলে প্ৰতিহত কৰিবলৈ সক্ষম হয়।[12][16] তাৰিক কাৰমানৰ উদ্ধৃতিৰ পৰা জনা যায় যে, এজন প্ৰবীণ য়েমেনীয় আমোলা তেওঁৰ ভগ্নী তাৱাাক্কল কাৰমানক ২০১১ চনৰ জানুৱাৰীত হত্যাৰ ভাবুকি দিছিল। লগতে তেওঁক প্ৰতিবাদ সভাত অংশগ্ৰহণ কৰাৰ পৰা নিষিদ্ধ কৰিছিল। দা নিউয়ৰ্ক পত্ৰিকাৰ এটি প্ৰতিবেদন অনুসাৰে সেই আক্ৰমণকাৰী হল য়েমেনৰ ৰাষ্ট্ৰপতি চালেহ।

কাৰমনে তেওঁৰ পৰিয়ালৰ পূৰ্ব-পুৰুষ সকল তুৰস্কৰ আনাতোলিয়া কাৰামান নামৰ অঞ্চলৰ বাসিন্দা বুলি জনায়। তুৰস্ক চৰকাৰে কাৰমনাক তুৰস্কৰ নাগৰিকত্ব প্ৰদান কৰে। তেওঁ ২০১২ চনৰ অক্টোবৰ মাহত আনুষ্ঠানিকভাবে এই নাগৰিকত্ব গ্ৰহণ কৰে।[1][17][18]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1 2 "Turkish fm receives winner of Nobel peace prize". Anadolu Agency. 2012-10-11. http://www.aa.com.tr/en/world/89801--turkish-fm-receives-winner-of-nobel-peace-prize আহৰণ কৰা হৈছে: 2012-10-11.
  2. "Barış Nobeli sahibi Yemenli, TC vatandaşı oldu". Posta. http://www.posta.com.tr/yasam/HaberDetay/Baris-Nobeli-sahibi-Yemenli--TC-vatandasi-oldu.htm?ArticleID=143699 আহৰণ কৰা হৈছে: 11 October 2012.
  3. Al-Sakkaf, Nadia (17 June 2010). "Renowned activist and press freedom advocate Tawakul Karman to the Yemen Times: "A day will come when all human rights violators pay for what they did to Yemen"". Women Journalists Without Chains. Archived from the original on 19 August 2011. https://web.archive.org/web/20110819045811/http://womenpress.org/articles.php?id=309 আহৰণ কৰা হৈছে: 30 January 2011.
  4. Macdonald, Alastair (7 October 2011). "Nobel honours African, Arab women for peace". Reuters. http://www.reuters.com/article/2011/10/07/us-nobel-peace-idUSTRE7963KM20111007 আহৰণ কৰা হৈছে: 16 November 2011.
  5. Al-Haj, Ahmed; Sarah El-Deeb (7 October 2011). "Nobel peace winner Tawakkul Karman dubbed 'the mother of Yemen's revolution'". Associated Press. Sun Sentinel. http://mobile.sun-sentinel.com/p.p?m=b&a=rp&id=961114&postId=961114&postUserId=42&sessionToken=&catId=6565&curAbsIndex=1&resultsUrl=DID%3D6%26D আহৰণ কৰা হৈছে: 8 October 2011.
  6. "Nobel Peace Prize awarded jointly to three women". BBC Online. 7 October 2011. http://www.bbc.co.uk/news/world-15211377 আহৰণ কৰা হৈছে: 16 November 2011.
  7. "Profile: Nobel peace laureate Tawakul Karman". BBC Online. 7 October 2011. http://www.bbc.co.uk/news/world-middle-east-15216473 আহৰণ কৰা হৈছে: 16 November 2011.
  8. "Yemeni Activist Tawakkul Karman, First Female Arab Nobel Peace Laureate: A Nod for Arab Spring". Democracynow.org. http://www.democracynow.org/2011/10/7/yemeni_activist_tawakkul_karman_first_female আহৰণ কৰা হৈছে: 10 December 2011.
  9. "Renowned activist and press freedom advocate Tawakul Karman to the Yemen Times:"A day will come when all human rights violators pay for what they did to Yemen."". Yemen Times. 3 November 2011. Archived from the original on 1 January 2012. https://web.archive.org/web/20120101154044/http://www.yementimes.com/defaultdet.aspx?SUB_ID=34255 আহৰণ কৰা হৈছে: 15 November 2011.
  10. Filkins, Dexter (1 August 2011). "Yemen’s Protests and the Hope for Reform". The New Yorker. http://www.newyorker.com/reporting/2011/04/11/110411fa_fact_filkins আহৰণ কৰা হৈছে: 16 November 2011.
  11. www.memri.org. "Nobel Peace Prize Laureate Tawakkul Karman – A Profile". Memri.org. http://www.memri.org/report/en/0/0/0/0/0/0/5744.htm#_edn1 আহৰণ কৰা হৈছে: 16 November 2011.
  12. 1 2 Finn, T. (25 March 2011). "Tawakul Karman, Yemeni activist, and thorn in the side of Saleh". The Guardian. http://www.theguardian.com/world/2011/mar/25/tawakul-karman-yemeni-activist-saleh আহৰণ কৰা হৈছে: 13 August 2013.
  13. Karman, Tawakkol (18 June 2011). "Yemen’s Unfinished Revolution". New York Times. http://www.nytimes.com/2011/06/19/opinion/19karman.html আহৰণ কৰা হৈছে: 15 November 2011.
  14. Shephard, Michelle (2012-11-25). "Nobel Peace Prize winner Tawakkol Karman tours Canada". Toronto Star. http://www.thestar.com/news/insight/article/1292350--nobel-peace-prize-winner-tawakkol-karman-tours-canada আহৰণ কৰা হৈছে: 2012-12-16.
  15. Townsend, Sean (2012-10-19). "Honorary degrees recognize inspirational leaders". University of Alberta. Archived from the original on 2012-10-23. https://web.archive.org/web/20121023182431/http://www.news.ualberta.ca/article.aspx?id=B0D12B8ED17F41ABBED23A1193041973 আহৰণ কৰা হৈছে: 2012-12-16.
  16. Blomfield, Adrian (7 October 2011). "Nobel peace prize: profile of Tawakul Karman". প্ৰকাশক London: Telegraph. http://www.telegraph.co.uk/news/worldnews/middleeast/yemen/8813170/Nobel-peace-prize-profile-of-Tawakul-Karman.html আহৰণ কৰা হৈছে: 16 November 2011.
  17. "Turkey hopes to grant citizenship to Karman". Hurriyet Daily News. 2012-03-19. http://www.hurriyetdailynews.com/turkey-hopes-to-grant-citizenship-to-karman.aspx?pageID=238&nID=16303&NewsCatID=338 আহৰণ কৰা হৈছে: 2012-10-11.
  18. "Turkish ID more important than Nobel, Karman says". Hurriyet Daily News. 2012-10-12. http://www.hurriyetdailynews.com/turkish-id-more-impotant-than-nobel-karman-says.aspx?pageID=238&nID=32246&NewsCatID=338 আহৰণ কৰা হৈছে: 2012-10-16.

বহিঃসংযোগ

[সম্পাদনা কৰক]