তিল পিঠা
খোলাৰ ওপৰত তৈয়াৰ হৈ থকা অৱস্থাত খোলাচপৰীয়া বা তিল পিঠা | |
অন্য নাম | খোলাচপৰীয়া পিঠা |
---|---|
প্ৰকাৰ | জলপান বা আংগিক খাদ্য (dessert) |
উৎপত্তিৰ স্থান | ভাৰত |
অঞ্চল | অসম |
পৰিবেশনৰ উষ্ণতা | বিহু |
মুখ্য উপাদান | বৰা চাউলৰ গুৰি |
ভিন্ন প্ৰকাৰ | তিল বা নাৰিকল দিয়া পিঠা |
তিল পিঠা বা খোলাচপৰীয়া পিঠা হৈছে অসমীয়া লোকসকলে বিহু বা অন্যান্য অনুষ্ঠানত খাবৰ বাবে তৈয়াৰ কৰা এক পিঠা বিশেষ। এই পিঠাৰ বৰণ বগা, ভিতৰত তিল, গুৰ, নাৰিকলৰ প্ৰলেপ এটা থাকে। ইয়াৰ আকৃতি চুঙা বা অৰ্ধচন্দ্ৰৰ দৰে। শুকান পিঠাগুৰিৰে তৈয়াৰ কৰা ই এক তেল বিহীন খাদ্য।
প্ৰয়োজনীয় সামগ্ৰী
[সম্পাদনা কৰক]- মিহিকৈ খুন্দা বৰা চাউলৰ গুৰি,
- গুৰ বা চেনি,
- নাৰিকল বা তিল[1]
প্ৰস্তুত কৰণ পদ্ধতি
[সম্পাদনা কৰক]কেঁচা পিঠাগুৰিৰ এটা পাতল প্ৰলেপ গৰম টাৱা, কেৰাহী বা তেনে জাতীয় ৰন্ধন পাত্ৰৰ ওপৰত মেলি তাৰ মাজত তিল আৰু গুড়ৰ মিশ্ৰণ দি দুয়োফালৰ পৰা ভাঁজ কৰি নুৰা বান্ধি এই পিঠা প্ৰস্তুত কৰা হয়। পিঠাগুৰিৰ এই ভাঁজ নুৰা বন্ধা বা চুঙাৰ দৰে হ’লে তাক তিল পিঠা আৰু অৰ্ধচন্দ্ৰাকাৰ হ’লে তাক জোন পিঠা বোলে। মাজত দিয়া মিশ্ৰণটো সলাই চেনি আৰু নাৰিকলৰ মিশ্ৰণো দিয়া হয়। তেতিয়া এই পিঠাক নাৰিকল দিয়া তিল পিঠা বুলিও কোৱা হয়। তিল পিঠাৰ পিঠাগুৰি খুন্দি মিহি চালনিৰে চলাৰ পাছত সেমেকা ভাৱটো নাযাবৰ বাবে সাৱধান হ’ব লাগে। পিঠাগুৰিখিনি শুকাই গ'লে বা খৰচীয়া হ'লে পিঠা সাজিবলৈ অসুবিধা হয়। পুৰণি বৰা চাউল হ'লেও তিল পিঠা সাজিবলৈ অসুবিধা। টিলখিনি প্ৰথমে ভাজি লৈ সামান্য খুন্দি লোৱা হয়। এই তিলৰ গুৰাৰ সৈতে বালি অঁহিয়া গুৰ মিহিকৈ কাটি মিশ্ৰণ কৰা হয়। নতুবা নাৰিকল ৰুকি ইয়াৰ পৰা ৰসখিনি চেপি উলিয়াই লৈ চেনিৰ সৈতে মিশ্ৰণ কৰা হয়। অতীজত ইয়াক মাটিৰ খোলাত বনাইছিল বাবে ইয়াক খোলাচপৰীয়া পিঠাও বোলা হয়। কাঠ খৰিৰ জুইত বনোৱা হয় বাবে তিল পিঠাত এক জুইৰ ধোঁৱাৰ বিশেষ সোৱাদ মিহলি হয়। তেল নোহোৱাকৈ বনোৱা হয় বাবে পিঠা গুৰিৰ আৱৰণটো খাবলৈ মচমচিয়া হয় আৰু ভিতৰৰ তিল গুৰ বা নাৰিকল চেনিৰ মিশ্ৰণটোৱে জিভালৈ মিঠা সোৱাদ আনে।[2]
চিত্ৰ বিথিকা
[সম্পাদনা কৰক]-
চেপেটাকৈ বনোৱা তিল পিঠা
-
নাৰিকল দিয়া খোলাচপৰীয়া পিঠা
-
লাড়ু আৰু তিল পিঠাৰে এখন প্লেট
-
মাঘ বিহুৰ সময়ত এগৰাকী অসমীয়া মহিলাই পিঠা বনাই থকা দৃশ্য
-
তিল পিঠাৰে সজ্জিত এখন কাঁহৰ কাঁহী
-
বৰা চাউলৰ পিঠাগুৰি
-
তিল পিঠা বনাবলৈ ব্যৱহাৰ কৰা তিল আৰু গুৰৰ মিশ্ৰণ
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ উমেশ বৈশ্য (১৯৭৭). তিল পিঠা. পূৰ্বাঞ্চল প্ৰকাশনী. পৃষ্ঠা. ৭৫/৮৫. https://as.wikisource.org?curid=51067.
- ↑ "10 traditional sweets from across India: Kharvas to Til Pitha, Ghevar to Unnakai". https://indianexpress.com/photo-news/lifestyle/kharvas-to-til-pitha-ghevar-to-unnakai-a-look-at-sweets-from-across-india/6/। আহৰণ কৰা হৈছে: 7 April 2021.